Thursday, December 14, 2017

=মোৰ পিন্ধিবলৈ একোৱেই নাই= Original Rashmi Trivedi

Woman everything will be fine ৰ লেখিকা ৰশ্মি ত্ৰিৱেদীৰ “I HAVE NOTHING TO WEAR” ৰ কবিতাটো প্ৰতিভূদাৰ ৱালত পোৱাদিনাৰে পৰা অসমীয়াকৰণ কৰাৰ ধাণ্ডাটো মুৰলৈ আহি আছিল। অসমীয়াকৰণ, মানে একেবাৰে সঠিক অনুবাদ বুলি নহয়, মূল ভাৱটো আৰু কথা খিনি বজাই ৰাখি অলপ স্বাধীনতা লোৱা হৈছে। পঢ়ি ৰাইজৰ (বিশেষকৈ ...এহেম এহেম?) মুৰ গৰম হ'লেই শ্ৰম সাৰ্থক হোৱা বুলি ধৰিম।

=মোৰ পিন্ধিবলৈ একোৱেই নাই=

বন্ধুৰ ঘৰত পাৰ্টি আছে যাব লাগে লৰালৰিকৈ,
পিছে শ্বপিং যে কৰাই নহল, এতিয়া কি কৰো মই?
আইনাৰ আগত ৰৈ আছো, হাবাথুৰি খাই;
হে ভগৱান! মোৰ যে পিন্ধিবলৈ একোৱেই নাই।
ৱাৰড্ৰৱ খোলোতেই নতুনকৈ লোৱা ছু’টজোৰ পৰিল মাটিত,
আকৌ হেঁচি ভৰাই থলো, নধৰিছে আৰু আলমাৰিত,
এইজোৰ অলপ চিলাব লাগিব, (আৰু) হাত দুখন লগোৱাই নাই
মাই গ’ড! মোৰ যে আজি পিন্ধিবলৈ একো নাই।
যোৱা মাহত কিনা ৰঙা গাউনটোকে পাৰি চোন পিন্ধি যাব;

পিছে সেইটো পিন্ধি গ’লে জানো মানুহে নেহাঁহিব?
‘লালপৰী’ বুলি ‘ইনচাল্ট’ খাবলে মোৰ একেবাৰে মন নাই,
ইচ ৰাম! মোৰ যে পিন্ধিবলৈ একোটো নাই।
অহ! ডিচকাউণ্ট চে’লত কিনা ক’লা ড্ৰেছটো পিন্ধাই ভাল,
মোৰ গাৰ ৰঙৰ লগত সেইটোৰ মিলিব সুৰ-তাল,
কিন্তু সেইটো যে ‘শ্লীভলেছ’ আৰু মই ‘ৱেক্সিং’ কৰা নাই,
সঁচাকৈয়ে মোৰ পিন্ধিবলৈ আজি একোডালেই নাই।
মোৰ ছোৱালীজনীয়ে নতুনকৈ কিনা ‘এথনিক স্কাৰ্ট'টোলে দেখুৱাই,
সেইটো এতিয়ালৈকে শ্বপিং বেগৰ পৰা উলিওৱাই হোৱা নাই;
হলেও তাৰ লগত মেটচিং কৰা ‘টপ’ কত পাম ভাই?
কিযে কৰোঁ, মোৰ চোন পিন্ধিবলৈ একোৱেই নাই।
সেইবোৰ বাদ, কেজুৱেলকে পিন্ধো, জীনচ আৰু টী ছাৰ্ট,
কিন্তু পুৰণা জীনচবোৰ সোমাব জানো মোৰ গাত?
মিছানো কি কম? মই আগৰদৰে গাভৰুজনী হৈ থকা নাই,
বিশ্বাস কৰক, মোৰ পিন্ধিবলৈ একোৱেই নাই।
এমাজনত কিনা নীলা কুৰ্টীটো আকৌ ইস্ত্ৰী কৰাই নাই,
আৰু এইটো পাৰ্টীত শাৰী পিন্ধি মই ‘বেহেনজী’ সাজিবলে নাই,
মোৰ সঁচাকে ভয় লাগিছে এতিয়া, কি যে হব উপায়?
আজি মোৰ পিন্ধিবলৈ এটাও কাপোৰ নাই।
সাঁচি ৰখা কাপোৰ দুটামান আছে, পিছে চাইজ সৰু হব
ফিগাৰটো আকৌ ভাল হ’লে সেইবোৰ পিন্ধিব পৰা যাব,
কিছুমান আকৌ মৰমতে পেলাই দিয়া হোৱা নাই,
ভগৱান! মোৰ পিন্ধিবলৈ একোৱেই চোন নাই।
নাৰী হোৱা ইমান সহজ নহয়, নিজেই বুজিব চাগে,
সেইকাৰণেই আমাৰ ওলাবলৈ ইমান সময় লাগে,
নাৰীৰ বাবে সাজি কাঁচি ওলোৱা, দুঃস্বপ্ন ভৰা কাম,
বুজিব নোৱাৰি আপোনালোকে দিয়ে মিছা বদনাম,
ৱাৰড্ৰৱ ঠাঁহ খাই থাকিব পাৰে, পিছে সময়ত একো নাপায়,
বিশ্বাস কৰক বা নকৰক, মোৰ পিন্ধিবলৈ একো নাই।
মূল কবিতাটো
I HAVE NOTHING TO WEAR! 
 

 Rashmi Trivedi


I have a party to attend tonight
Since I didn't go shopping, I am in a position tight.
And in hopelessness I despair
Gosh! I have nothing to wear!

I open my wardrobe and down tumble the suit I picked a week back
I stuff it back into the overflowing rack
Oh, it's slightly loose and needs some tucks here and there.
Gosh! I have nothing to wear!
Yes, last month I had bought a daring red evening gown.
But if I wear that, the lady in red will be the talk of the town
Oh no, for such attention I do not care.
Gosh! I have nothing to wear!
How about the new black dress from the Christmas sale?
It sure will look good against my complexion pale.
But its sleeveless and I can't leave my unwaxed arms bare.
Gosh! I have nothing to wear!

My daughter points at the ethnic skirt still in the shopping bag.
It has to be beautiful with that exorbitant price tag.
But I have no top with which to pair.
Gosh!I have nothing to wear!

I better dress casually in a pair of jeans and t shirt.
But which jeans will I fit into, with my increasing girth?
Well, I am not in my prime, let's be honest and fair.
Gosh!I have nothing to wear!

My latest FabIndia kurta is out, for its not pressed.
And if I wear that new saree, I will look over dressed.
Now, I am really getting cold feet and a scare.
Gosh! I have nothing to wear!

Some dresses in the wardrobe are far too tight.
Saved for the day when my figure is again right.
Some are kept for sentimental reasons I can't share.
Gosh! I have nothing to wear!

Being a woman is so difficult, please appreciate
This is why, while getting ready,she makes you wait.
To a woman, getting dressed is a nightmare
For inspite of overflowing wardrobe out there
She will have nothing to wear.
Rashmi Trivedi

No comments:

Post a Comment