Thursday, December 14, 2017

জলবিদ্যুৎ আৰু পৰিবেশ সম্পৰ্কে এটা নতুন অভিজ্ঞতা

২০১৫ চনত টাৱাঙলৈ গৈছিলো, অফিচৰ কামত। উত্তৰপূৱৰ বিদ্যুৎ ব্যৱস্থাটোৰ লগত জড়িত সকলো সংস্থাৰে এখন মাহেকীয়া মীটিং হয়, তাত কাৰিকৰী আৰু ব্যৱসায়ৰ একেবাৰে ব্যৱহাৰিক সিদ্ধান্ত বিলাক লোৱা হয়, সেই সমিতিখনক Operation Co-ordination Committee বা OCC বুলি কোৱা হয়। সেইবাৰ মীটিংখন আয়োজন কৰিছিল অৰুণাচল প্ৰদেশৰ ডিপাৰ্টমেণ্ট অৱ পাৱাৰে। 
প্ৰথমদিনা গৈ আমি ডিৰাঙত থাকিব লগা হ’ল। বহুতে হয়তো নেজানে বমডিলালৈ মাত্ৰ এটা পাৱাৰ লাইন আছে, সেইটো বেয়া হ’লে সকলো অন্ধকাৰ। টাৱাঙত বিদ্যুৎ যোগানৰ বাবে মাত্ৰ এটা আইচ’লেটেড মাইক্ৰ হাইডেল আছে,(নুৰানাং পাৱাৰ হাউচ) তাৰে নোজোৰে, ৫ মেগাৱাট পাৱাৰ লাগে, উৎপাদন হয় ২ মেগাৱাট। আৰু বাহিৰৰ পৰা পাৱাৰ নিবলৈ টাৱাঙলৈ কোনো লাইনো নাই। মাহ মাহ ধৰি তাত বিদ্যুৎ যোগান ব্যাহত হৈ থাকে। মুঠতে সেই অঞ্চলটোত বিদ্যুৎ যোগানৰ ব্যৱস্থা অতি শোচনীয়। সেই বাবেই তাত মিটীংখন পতাৰ সিদ্ধান্ত লোৱা হৈছিল।
ডিৰাঙতো সেইদিনা লাইন নাছিল, জেনেৰেটৰ চলাই যেনে তেনে কাম চলোৱা হৈছিল।
আমি থকা হোটেলখনতে এসোপা বিদেশী মানুহ আছিল, সকলো বয়সীয়া। তেওলোকে মটৰ চাইকেল চলাই আহিছিল, কমেও ২০ জন মানুহ। তাকে দেখি মোৰ তেওলোকৰ লগত চিনাকী হবলৈ মন গ’ল। কিন্তু নিজে আগবাঢ়ি যোৱা অসুবিধা, বগা ছালৰ মানুহবোৰ ভাৰতলৈ আহিলে হয়তো তেওলোকক দেশতে কৈ পঠাই- উপযাচি চিনাকী হবলৈ বা বন্ধুত্ব কৰিবলৈ অহা মানুহৰ পৰা সাৱধানে থাকিবি। নিজে আগবাঢ়িলে তেওলোকৰ পৰা ভাল ব্যৱহাৰ পোৱাৰ আশা কম। গতিকে মনে মনে থাকিলো। দুই এজনে সুৰাৰ ৰাগীত অৱশ্যে হাই হেল্ল বুলি নোকোৱা নহয়।

পিছদিনা পূৱা উঠিয়েই দেখো তেওলোক টাৱাঙলৈ যাবলৈ সাজু হৈছো। হোটেলখনত বেছি মানুহ নাছিল। তাৰে এজনে নিজে আহি মোক সম্ভাষণ জনালে- লগে লগে মই ইণ্টাৰভিউ আৰম্ভ কৰিলো।
তেওলোক আহিছে অষ্ট্ৰেলিয়াৰ পৰা, কলিকতালৈ আহি তাৰ পৰা বাইক ভাৰা কৰি টাৱাঙলৈ যাব। সকলো পঞ্চাশোৰ্ধৰ মানুহ। মোৰ ফেভৰিট ধৰণৰ মানুহ। তেৱো মোৰ সবিশেষ সুধিলে, মই ড্ৰাইভাৰে চলোৱা গাড়ীত উঠি আহিছো বুলি শুনি তেও আচৰিত হ’ল, ভাবিলে হয়তো মই প্ৰকাণ্ড ডাঙৰ মানুহ। কলৈ যাম বুলি সোধাত মই ৰাষ্টাত থকা বেনাৰ এখনলৈ আঙুলিয়াই দেখুৱালো। তাত লিখা আছিল 
Welcome to the delegates of OCC and PCC.
- “তাৰ মানে তুমি বিদ্যুত বিভাগৰ লগত জড়িত মানুহ”
- “হয়”
- “তেনে কোৱাচোন, এই চাৰিওফালে খৰস্ৰোতা নদীবোৰ থাকোতে ইয়াত বিদ্যুৎ কিয় নাই? কি কৰি আছা তোমালোকে? মানুহবোৰৰ কিমান কষ্ট হৈছে দেখিছা নে? পেথেটিক !কোন আহিব ইয়ালৈ।ইয়াৰ মানুহে কি সদায় প্ৰিমিটিভ জীৱনেই কটাই থাকিব নেকি? এয়া এক বেচিক প্ৰয়োজন! কি কৰা তোমালোকে? অকল মিটিং পাতি থাকা?”
গম পায়েই তেও জাউৰিয়ে জাউৰিয়ে প্ৰশ্ন আৰু অভিযোগেৰে মোক ব্যতিবস্ত কৰি তুলিলে। মই অপ্ৰস্তুত হ’লো- অলপ চালে বেৰে কোবাবলৈ চেষ্টা কৰিলো।
- “নাই মানে ইয়াত বহুত সমস্যা, ৰাজনৈতি সমস্যা- যোগাযোগ, ৰাইজৰ আপত্তি মানুহে নিবিছাৰে যে ইয়াত ডাঙৰ উদ্যোগ হৈ পৰিবেশ নষ্ট কৰক। তাতে বহুত মানুহ আঁতৰাব লগা হয়, খৰছ বাঢ়ে।“
- ‘কি সমস্যা কোৱাচোন? কিয় মানুহে ইয়াত উদ্যোগ হ’লে বেয়া পায়?আপত্তি কিয় কৰে?’
- ‘নানান কাৰণ আছে, নামনিৰ মানুহবিলাকৰ কষ্ট হয়, নদী শুকাই যায়।‘
- ‘কি কষ্ট হয়?’
- ‘কি কষ্ট হয় মানে, এইবোৰেই কষ্ট আৰু, জীৱন ধাৰণৰ প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ পৰে।‘
- ‘এতিয়া পৰা নাই নেকি?এতিয়াও তো মানুহ বহু কষ্টৰে জীয়াই আছে’
তেও মুঠতে নেৰে! কি কি সমস্যা হয় তেওক সবিশেষ বুজাই দিব লাগে। অলপ বিৰক্ত হৈ মই ক’লো-
- ‘চোৱা, এই ঠাইবোৰ বায়’-ডাইৰ্ভাচিটি হটস্প’ট! ইয়াত ৰিজাৰ্ভাৰ বনালে পৰিবেশত প্ৰভাৱ পৰিব বাবে প্ৰজেক্ট কৰিবলৈ অনুমতিয়ে পোৱা নেযায়।‘
- ‘হেহ! কি কি প্ৰভাৱ পৰিব নো?’
মই এইবাৰ সঁচাকৈয়ে বিৰক্ত হ’লো। পৰিবেশৰ ওপৰত এক্সেক্টলী কি কি প্ৰভাৱ পৰে মইয়ো ভালকে নেজানো। মই গেজেৰা মাৰি ক’লো
- ‘বায়’ ডাইভাৰ্চিটি হটস্প’টত কিবা সলনি কৰিলে সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰে। তুমি নুবুজিবা, সেইবোৰ পৰিবেশবিদ সকলেহে ভালকৈ জানে।‘
- ‘কিয় নুবুজিম। তুমি কোৱাচোন! কাৰণ ময়ো এজন প্ৰফেচনেল এণভাইৰনমেণ্টেলিষ্ট’
তেও মোক নিজৰ ভিজিটিং কাৰ্ড এখন আগবঢ়াই দিলে। মই উপায় পাই গ’লো। দোষখিনি জাপি দিবলৈ মানুহ পাই গ’লো
- ‘It’s you,not me. It’s because of you guys we can’t make projects here. Every time we come up with something, you guys say that it will destroy everything, it will spoil the nature. So the common people get agitated. And then the mass protests come, so we have to stop everything. If there is no electricity here, you are to be blamed, not me. We can make hundreds of projects here.’
- ‘ সেইটো সোধা নাই, মই সুধিছো, ইয়াত প্ৰজেক্টটো সাজিলে কি কি পৰিবেশ সম্পৰ্কীয় সমস্যা হব, সেই কেইটা কোৱা।‘
- ‘মই কি জানো কি কি হব? তুমিহে জানা!!’
তেও বাৰে বাৰে একেটা প্ৰশ্নকে সুধি থাকিল। মইয়ো একেটা উত্তৰকে দি থাকিলো, পৰিবেশবিদসকলৰ গাত দোষ দি থাকিলো।শেষত চাগে তেও মোৰ কথা বুজিব পাৰিলে।
পুৱাৰ কোমল ৰ’দজাকত তেও এটা সুন্দৰ কথা ক’লে মোক, তেনে কথা আমি ইয়াত কেতিয়াও শুনিবলৈ নেপাও। তেও ক’লে
- “ইয়াত হাইড্ৰ প্ৰজেক্ট কৰিলে পৰিবেশৰ সাল সলনি হবই। যিকোনো কাৰিকৰী প্ৰকল্পই পৰিবেশত প্ৰভাৱ পেলাবই পেলাব। কিন্তু সেইবুলি প্ৰজেক্ট নহব নে? আৰু তাৰ কাৰণেই আমি পৰিবেশবিদসকল আছো। তোমাৰ প্ৰজেক্টৰ কাৰণে পৰিবেশৰ যিখিনি লোকচান হয় সেইখিনি কেনেকৈ নোহোৱা কৰিব লাগে, সেইটো বিচাৰি উলিওৱা আমাৰ কাম। তোমাৰ প্ৰজেক্ট বন্ধ কৰা নহয়। প্ৰজেক্টো হব, আৰ্থ-সামাজিক উন্নতিও হব, আৰু পৰিবেশো সুৰক্ষিত থাকিব। সেইকাৰণেই মই তোমাক ইমান সবিশেষ সুধি আছিলো।
****
আমাৰ ইয়াত পৰিবেশ বা সমাজ বিজ্ঞান সম্পৰ্কত কাম কৰি থকা যিমান মানুহ লগ পাইছো, সকলোৰে মতে এই প্ৰজেক্টবোৰ হব নেলাগে, হ’লেই সৰ্বনাশ হব।
এইবোৰেই পাৰ্থক্য। Attitude is everything !!

No comments:

Post a Comment