Monday, December 18, 2017

= মৃত্যুশৰ্য্যাত মোৰ বিবেক=

শ্মি ত্ৰিৱেদীৰ বহু কবিতা হোৱাটচএপত সন্ধালনিকৈ চলি আছে, লেখকৰ নাম নোলোৱাকৈ। এই লেখাটোও তেওৰ, মোৰ ওচৰলৈয়ো আহিছিল। তেওৰ পৰাই গম পালো এয়া তেওৰ লেখা।

কবিতাৰ ধৰ্ম, গুণ আদিৰ কথা নেজানো, কিনতু কবিতাটোৰ সৰলতাই মোক চুই গ'ল। হয়তো ইয়াত ৰূপকল্প, চিত্ৰকল্প নাই, নাই কঠিন শব্দৰ মায়াময় খেলা, কিন্তু বক্তব্য স্পষ্ট। হয়তো এক ডিকনষ্ট্ৰাকচন। যি হয় হওক বুলি অনুবাদ কৰি দিলো, কি হৈছে নেজানো।
কবিতাৰ কথা বাদ দিও, বক্তব্যৰ বাবেই এইটো লিখা গ্ৰহণযোগ্য হব বুলি ভাৱিছো।

Original By *Rashmi Trivedi *
Author of Woman everything will be fine!


মাজনিশা কেতিয়াবা উঠি
মই এন্ধাৰতে তাৰ কাষলে যাও,
নাকত হাত দি চাও,
উশাহ লৈছেনে নে নাই সি !
সি এটা নিশ্চিত মৃত্যুপথৰ পথিক,
দিনে, দিনে, ধীৰে, ধীৰে; মৃত্যুয়ে তাক গ্ৰাস কৰি আনে।
দামী ৰেষ্টুৰেণ্টখনৰ এসাজৰ দাম,
মই জানো, মোক ৰেষ্টুৰেণ্টৰ দুৱাৰ খুলি দিয়া
তজবজীয়া ল'ৰাটোৰ এমাহৰ 'ইনকাম'।
মুহুৰ্ততে যেতিয়া মই এই আপদীয়া চিন্তাটো দলিয়াই পেলাও,
সি আৰু অলপ মৰে।

বজাৰৰ শাক-পাচলিৰ বেপাৰী জনৰ
১২ বছৰীয়া ল'ৰাটোৱে হাঁহিমুখে আলু জুখি দিয়ে,
'ছোটু' তাৰ নাম!! সি বা স্কুললে যায় নে নেযায়?
মই আঁতৰি আহো, আন কামো যে আছে মোৰ!
সি আৰু অলপ মৰে।
ডিজাইনাৰ ড্ৰেছটোৰে সাজি কাছি,
পাৰ্টিলৈ যাওতে মই ৰাষ্টাত দেখো মানুহ এজনী,
লাজ ঢাকিবলৈ তাইৰ ন্যূনতম কপোৰকণৰো নাটনি,
আস!! বৰ গৰম পৰিছে!! এচি চলাই মই গাড়ীৰ খিৰিকী উঠাও,
সি আৰু অলপ মৰে।
বৰদিনত মোৰ লৰা-ছোৱালীৰ বাবে উপহাৰ কিনিবলৈ যাওতে
ট্ৰেফিক চিগনেলত আধা নঙঠা ল'ৰা দুটামানে,
ৰঙা ৰঙা ছাণ্টা কেপ কিনিবলৈ মোক জোৰ কৰে,
সিহঁতৰ আধাপেটীয়া দেহটোলৈ চাই,
দুটামান টুপী কিনি মই মোৰ মানৱীয়তাৰ পৰিচয় দিও; তথাপিও চোন
সি আৰু অলপ মৰে।
ঘৰত কাম কৰা মনুহজনীৰ অসুখ, গতিকে তাইৰ ছোৱালীজনী আহে,
সেইদিনা তাইৰ স্কুল ক্ষতি হয়,
ভাৱো তাইক ঘুৰাই পঠাও,
কিন্তু চিংকত জমা হৈ থকা লেতেৰা বাচনবোৰলৈ চাই,
ভাৱো! বচ এদিনহে, একো নহয় এদিন স্কুল নগ'লে তাই।
সি আৰু অলপ মৰে।
মোৰ ল'ৰাটো ৰাতি দেৰিকৈ পাৰ্টীৰ পৰা আহে,
ল'ৰাই অলপ-চলপ ফুৰ্তি কৰিবই।
মোৰ ছোৱালীজনীক পিছে মই সেয়া কৰিবলৈ নিদিও,
তাই সুধিলেও, প্ৰচণ্ড ধমকিৰে তাইক চুপ কৰি থও,
সি আৰু অলপ মৰে।
বাতৰি কাকতত পাও নাবালিকাৰ গণ ধৰ্ষণৰ খবৰ
বা হত্যাৰ বাতৰি এক নিস্পাপ শিশুৰ,
দুখ লাগে!! কিন্তু লগতে ধন্যবাদো দিও,
মোৰ ঘৰত যে এনে একো হোৱা নাই।
আইনাত মুখ চাবলৈ মোৰ সংকোচ হয়! যদিও,
সি আৰু অলপ মৰে।
জাত-পাত, দল-পাৰ্টিৰ প্ৰচণ্ড কাজিয়াবোৰত,
মই হতাশ হও, নিঃসহায় হও।
কও, সকলোৱে মিলি দেশখন শেষ কৰি দিলে,
চাল্লা এই ৰাজনীতিক বোৰেই 'মেইন কালপ্ৰিট।'
মোৰ দৰে অবলা এজনীয়েনো কি কৰিব পাৰো?
সি আৰু অলপ মৰে।
মোৰ চহৰত আজি উশাহ লব নোৱাৰি,
দিল্লীৰ প্ৰদূষিত বতাহে নাক সোপা মাৰি ধৰে,
তথাপিও গাড়ীখন নহ'লেনো অফিচলৈ কেনেকৈ যাও?
ইমান ভিৰৰ মাজত মোৰ এখন গাড়ীয়েনো
কি আনিব পৰিবৰ্তন? নিজকে বুজাও!
সি আৰু অলপ মৰে।
সেয়ে, প্ৰায়ে নিশা অন্ধকাৰত,
মই তাৰ শেতেলীৰ ওচৰলে যাও,
হাত দি চাও সি উশাহ লয় নে নলয়!
আচৰিত হও মই,
নিজ হাতে তিল তিলকৈ হত্যা কৰাৰ পিছতো,
সি কেতিয়াবা কেতিয়াবা উশাহ কেনেকৈ লয়??

ৰশ্মিৰ মূল কবিতাটো
MY DYING CONSCIENCE
By *Rashmi Trivedi *
Sometimes in the dark of the night
I visit my conscience
To see if it is still breathing
For its dying a slow death
Every day.
When I pay for a meal in a fancy place
An amount which is perhaps the monthly income
Of the guard who holds the door open
And quickly I shrug away that thought
It dies a little
When I buy vegetables from the vendor
And his son "chhotu" smilingly weighs the potatoes
Chhotu, a small child, who should be studying at school
I look the other way
It dies a little.
When I am decked up in a designer dress
A dress that cost a bomb
And I see a woman at the crossing
In tatters,trying unsuccessfully to save her dignity
And I immediately roll up my window
It dies a little
When at Christmas I buy expensive gifts for my children
On return, I see half clad children
With empty stomach and hungry eyes
Selling Santa caps at red light
I try to salve my conscience by buying some, yet
It dies a little
When my sick maid sends her daughter to work
Making her bunk school
I know I should tell her to go back
But I look at the loaded sink and dirty dishes
And I tell myself that is just for a couple of days
It dies a little
When I give my son the freedom
To come home late from a party
And yet when my daughter asks
I tell her it is not safe
I raise my voice when she questions why
It dies a little
When I hear about a rape
or a murder of a child,
I feel sad, yet a little thankful that it's not my child
I can not look at myself in the mirror
It dies a little
When people fight over caste creed and religion
I feel hurt and helpless
I tell myself that my country is going to the dogs
I blame the corrupt politicians
Absolving myself of all responsibilities
It dies a little
When my city is choked
Breathing is dangerous in the smog ridden Delhi
I take my car to work daily
Not taking the metro,not trying car pool
One car won't make a difference, I think
It dies a little
So when in the dark of the night
I visit my conscience
And find it still breathing
I am surprised
For, with my own hands
Daily,bit by bit, I bury it.

No comments:

Post a Comment