Monday, December 18, 2017

=নিয়ম ভঙাৰ নিয়ম=

আমি বাৰু কাৰিকৰী মানুহ, আমি যিবোৰ কাম কৰো, সেইবোৰৰ সুফল বৰ বেছি মানুহে প্ৰত্যক্ষ ভাৱে নেপায়। হয়তো খুব কম সংখ্যক দুই এজনে পায়। আমাৰ কামবোৰৰ ফলাফলে মানুহক শাৰীৰিক আৰু বৈষয়িক সুখ প্ৰদান কৰে, সেইটোও বাৰু দৰকাৰী কামেই।

কিন্তু কলা বা আৰ্টৰ ক্ষেত্ৰখন বহুত বেছি বিশাল। কলাই মানুহক মানসিক তৃপ্তি দিয়াৰ লগতে বহুতো লোকক চিন্তা চৰ্চাৰ সুবিধা দিয়ে, জনমত গঢ়ি তোলে, সামগ্ৰিক ভাৱে এখন সমাজৰ চিন্তাধাৰা গঢ় দি পালন পোষণ কৰে, এক নিৰ্দিষ্ট গতি দিয়ে। কলাইহে জীৱনক পৰিপূৰ্ণ কৰি সম্পূৰ্ণ মানুহ কৰি গঢ়ি তুলিব পাৰে। এজন ভাল চিকিৎসকে যিমান মানুহক সু্স্থ কৰি তুলিব পাৰে, এজন ভাল সাহিত্যিকে তাতকৈ বহু হেজাৰ গুণ বেছি মানুহক সুখী কৰিব পাৰে।


মানৱ সভ্যতাই যোৱা দুটা শতিকা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নামতে ব্যয় কৰিলে। হয় বহুত উন্নতিও হ’ল, কিন্তু সমস্যা বাঢ়িল, অসুখী মানুহৰ সংখ্যা বাঢ়িল। গতিকে বহুতে কথাবোৰ আন ধৰণে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে আজিকালি। গতিকে আৰম্ভ হৈছে “লিবাৰেল আৰ্ট কলেজ” বিলাক, যি প্ৰফেচনেল শিক্ষাৰ পৰিৱৰ্তে মানুহৰ সামগ্ৰিক বুদ্ধিমত্তা আৰু জ্ঞান বৃদ্ধিৰ পোষকতা কৰে।

শেহতীয়া সময়চোৱাত, বিশেষকৈ ভাৰতত, কলাৰ শিক্ষাই যথোপযুক্ত গুৰুত্ত্ব নেপালে,ভাল ছাত্ৰ-ছাত্ৰীসকলে কেৱল প্ৰফেচনেল শিক্ষাৰ প্ৰতি আকৰ্ষিত হ’ল। তাৰ ফলাফল আজি আমাৰ চকুৰ আগত।

আজি কালি কলাৰ যি শিক্ষা দিয়া হয়, সি প্ৰায় উদ্দেশ্যবিহীন হৈ পৰিছে বুলি ধাৰণা হয়, কাৰণ আজিকালি শিক্ষাৰ একমাত্ৰ উদ্দেশ্য কেৱল উপাৰ্জন কৰা, চাকৰি কৰা। এজন সাধাৰণ ছাত্ৰই ৰাজনীতি বিজ্ঞানত মেজৰ লৈ পঢ়ি, এৰিষ্টটল, মাৰ্ক্স, হৃদয়ংগম কৰি যদি DTO অফিচৰ সহকাৰীৰ চাকৰি এটা পায়, তেও সেই কলেজলব্ধ জ্ঞানেৰে কি কৰিব(শিক্ষকতালৈ যোৱাখিনিৰ কথা বাদ দিলো, তেওলোকে আকৌ সেইখিনিকে অনাগত প্ৰজন্মক শিকাব, গৱেষণাৰ অৱস্থাও তথৈবচ যদিও ইয়াত দুই এটা ভাল কাম কৰাৰ সুযোগ নথকা নহয়) ? তাতকৈ তেও ফাইলিং কৰা, নোট লিখা, মেম নাম্বাৰ দিয়া আদি কামবোৰেই কলেজত শিকিলে ভাল আছিল। এইবোৰ ভকেচনেল শিক্ষা, মানুহক যদি কেৱল চাকৰি কাৰিবৰ কাৰণেই শিক্ষা লাগে, তেন্তে বাকীবোৰ বন্ধ কৰি কেৱল প্ৰফেচনেল শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হওক, ৰাজনীতি, দৰ্শন, সমাজবিদ্যা আদি পঢ়ি নিজৰ লগতে সমাজৰ সময় আৰু অৰ্থ ব্যয় কিয় কৰিব লাগে।

শিক্ষা মানুহৰ কামত আহিবই লাগিব, অৰ্থাৎ ব্যৱহাৰিক হবই লাগিব। নহ’লে সেই শিক্ষা মূল্যহীন। (ব্যৱহাৰিক বোলোতে মই প্ৰফেচনেল শিক্ষাৰ কথা কোৱা নাই, মানুহ বা সমাজৰ কামত অহাৰ কথা কৈছো)

কথাটো হ’ল কলাৰ শিক্ষাই ভেলু এডিচন কৰিব লাগিব। চাকৰি বাকৰিৰ কথা বাদ, কিন্তু কলাৰ শিক্ষাই সমাজকখনক সামগ্ৰিক ভাৱে আগুৱাই নিয়াত অৰিহণা যোগাবই লাগিব, বৰ্তমান সেইটো হোৱা নাই যেন ধাৰণা হয়।

আমি ভাবিবলৈ লৈছো, কলানো আৰু পঢ়িব লগা বস্তুনে, সেইবোৰ পঢ়ি কি লাভ হব? কি কামত আহিব? সেইবোৰ দেখোন সকলোৱেই জানেই.....কিন্তু কথাটো তেনেকুৱা নহয়, সাহিত্য, সংগীত, চিত্ৰকলা, চিনেমা, অভিনয় আদি যিয়েই নহওক, ইয়াত নিয়ম আছে, কিবা কৰিবলৈ প্ৰথমতে সেইবোৰ শিকি লোৱাৰ প্ৰয়োজন আছে, কঠোৰ অনুশীলনৰ প্ৰয়োজন আছে।

আচলতে বেলেগ এটা কথা কবলৈ গৈ আন কিবাহে ক’লোগৈ.........

কথাটো আৰম্ভ হৈছিল ইনবক্সত এখন চিনেমাৰ আলোচনাৰ মাজেৰে। আজিকালি মানুহে পইচা দুটামান হ’লেই চিনেমা কৰিবলৈ আগবাঢ়ে, লাগিলে চিনেমাৰ ভাষাটোৰ ওপৰত নূন্যতম জ্ঞানখিনি নেথাককেই লাগে। তাৰ পৰা চিনমা উদ্যোগটোৰ একো লাভ নহয়, আৰু সামগ্ৰিক ভাৱে বেয়া প্ৰভাৱ হে পৰে। বহুতো গল্পকাৰ, কবি ওলাল, তেওলোকৰ এই বিষয়ে কেইটাৰ ওপৰত নূন্যতম জ্ঞানখিনিও নথকা যেন লাগে।

হয়, কলাত নিয়ম ভঙাৰ অধিকাৰ আছে, ডিকনষ্ট্ৰাকচন কৰিব পাৰি, কল্পনাৰ ঘোঁৰাৰ লেকাম খুলি দিব পাৰি....

পিছে সি নিয়ম ভঙাৰ নে নিয়ম, নিয়মহীনতাৰ নহয়।

No comments:

Post a Comment