Thursday, December 14, 2017

==ফচং==




ফচং পঢ়িলো। তাৰে দুই এটা কাহিনী আগতে পঢ়িছো, গতিকে লাহে লাহে পঢ়িম বুলি থৈ দিছিলো। পিছে ভয় কৰাতোৱেই হ, একেবহাতে পঢ়ি শেষ কৰিব লগা হল।
অসমীয়াত শিশুৰ উপযোগী কিতাপৰ সংখ্যা একেবাৰে কম, মোৰ ছোৱালীজনীৰ মনযোগোৱা অসমীয়া কিতাপ বিছাৰি মই আজিও হাহাকাৰ কৰি ফুৰিছো। তাৰ মাজতে ফচঙে এটা সুন্দৰ ব্যতিক্ৰম লৈ আহিছে।
মোৰ হিচাপত ফচঙৰ কেইটামান উল্লেখযোগ্য দিশ এনেধৰণৰ,

১। মাধুৰিমা ঘৰফলীয়াৰ কলমত অসমৰ গ্ৰাম্য পৰিবেশৰ অনন্য বৰ্ণনা। এইটো কথাটো মোৰ সদায় প্ৰিয়। তেওৰ ভাষা, পৰিবেশৰ বৰ্ণনা, কাহিনীৰ গতি সকলোতে বৰ্তমান হেৰাই যাবলৈ ওলোৱা অসমৰ গাঁৱলীয়া পৰিবেশটো জীৱন্ত হৈ উঠে। আজিকালিৰ লৰা-ছোৱালীয়ে হয়তো সেই পৰিবেশ কমেই দেখিছে। মূলতঃ শিশু গ্ৰন্থ হলেও ডাঙৰ সকলেও ফচং পঢ়ি এক নষ্টালিজিকভ্ৰমণ কৰি আহিবগৈ সেয়া নিশ্চিত। আশাকৰো লেখিকাই এই বিশেষত্ব সদায় বজাই ৰখাত গুৰুত্ব দিব।

২। ফচং এটা বদমাছ মেকুৰীৰ কাহিনী। লগতে ঘৰৰ আৰু ওচৰে পাজৰে থকা জন্তুবোৰৰো কাহিনী। কুকুৰটো, হাঁহজনী, কাউৰী, নেউল, ফেঁচুকে ধৰি গিনিপিগলৈকে। তাতে আকৌ খটাসুৰ মানুহৰ পোৱালী দুটামান। গুণ্ডী জাঁইজনীৰ লগত ফচঙৰ বিবাহ। শিশুৰ বাবে হয়তো এইবিলাক কাহিনী, কিন্তু আমাৰ দৰে মানুহৰ বাবে ই এক ফেইৰী লেণ্ডৰ যাত্ৰা। প্ৰাত্যহিকতাৰ মাজত এক নান্দনিক ব্যতিক্ৰম। ফচং পঢ়ি থকা সময়খিনিত মোৰ সৰুকালৰ সঁফুৰা বা মৌচাক পঢ়ি থকা যেন লাগিল- এই সুন্দৰ সময়খিনিৰ বাবে মাধুৰিমাক ধন্যবাদ।  

৩। গোটেইকেইটা কাহিনীয়েই শিশুৰ উপযোগী, শিশুৰ কল্পনাক পাখি লগোৱাৰ লগতে লেখিকাই কৌশলেৰে কিছুমান বিশেষ কথাও কৌশলেৰে উনুকিয়াইছে। পশুৰ মাজত হিংসা এক কঠিন বাস্তৱ, ইটোৱে সিটোক খাদ্য হিচাপে গ্ৰহণ কৰে- ইটোৱে সিটোক দেখিলেই আক্ৰমণ কৰে। তাৰ মাজতো সিহঁতৰ মাজৰ বন্ধুত্বৰ সম্পৰ্ক দেখুৱাবলৈ লেখিকাই কিমান কষ্ট স্বীকাৰ কৰিব লগা হৈছে সি সহজেই অনুমেয়।এইক্ষেত্ৰত লেখিকা সম্পূৰ্ণ সফল বুলিব পাৰি, জন্তুবোৰৰ মাজৰ এই LOVE-HATE সম্পৰ্ক অতি সুন্দৰকৈ প্ৰতিফলিত কৰা হৈছে।

৩।প্ৰতিটো বেয়া কামৰ বাবেই ফচঙে শাস্তি পাইছে- তাৰ পাছত ভাল হম বুলি প্ৰতিজ্ঞাও কৰিছে।পিছে কেইদিন মানৰ পিছতে পূণৰ্মুচিকো ভৱঃ- লোভ আৰু প্ৰাকৃতিক প্ৰৱণতাক জয় কৰিব পৰা নাই। মই মনে মনে আশা কৰিছিলো যে এদিন ফচঙ সঁচাকৈয়ে ভাল হৈ যাব। আৰু যদি সঁচাকে ফচং ভাল হৈ গলেহেতেন- মই হয়তো বেয়াহে পালোহেতেন, কাহিনী ষ্টেৰিঅটাইপ হৈ গলহেতেনে। শিশু গ্ৰন্থ হিচাপে এইটো অলপ ব্যতিক্ৰম পালো, মোৰ হিচাপত।

৪। কাহিনীৰ পাত্ৰবিলাকৰ নাম অতি আকৰ্ষণীয়, আৰু চৰিত্ৰবোৰৰ লগত একেবাৰে মিল খাই পৰা। মোৰ বোধেৰে কোনোবাই শিশু উপযোগী এনিমেচন ছবি কৰিব বিছাৰিলে ফচং এটা বৰ উপযুক্ত চৰিত্ৰ হব পাৰে।

৫। সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰা কিতাপখনৰ সাজসজ্জা, বেটুপাত, আকাৰ, চপা আদি অতি সুন্দৰ হৈছে। ভিতৰত দিয়া চিত্ৰ সমূহে ফচঙৰ আৰু বেছি জীৱন্ত কৰি তুলিছে।

মুঠতে কবলৈ গলে ফচঙ মোৰ বাবে এক সুন্দৰ অভিজ্ঞতা। আৰু তাৰ বাবে লেখিকা আৰু প্ৰকাশন গোষ্ঠীক ধন্যবাদ জনাইছো।

No comments:

Post a Comment