Saturday, February 25, 2017

== শংকৰদেৱ কেতিয়া জগৎগুৰু হবগৈ==


মই নিজে অসমীয়া, ভাৰতীয় আৰু আনকি মানুহ হিচাপে গৌৰৱবোধ কৰাৰ যিকেইটা প্ৰধান কাৰণ আছে তাৰ ভিতৰত অন্যতম হ’ল মহাপুৰুষ শংকৰদেৱ। গুৰুজনাৰ বিষয়ে যিমানকণেই জানিছো, দিনে দিনে মুগ্ধ হৈ পৰিছো। কিন্তু এটা কথা, মিছা মাতি লাভ নাই, সামগ্ৰিক ভাৱে আজি আমি নিজেই গুৰুজনাৰ বিষয়ে বিশেষ নেজানো, তেওৰ আদৰ্শ অনুসৰণ নকৰো, আনকি আন্তৰিক শ্ৰদ্ধাও বৰ বেছি নাই, আৰু তেওৰ বিষয়ে আমি আনক একো বিশেষ জনাব পৰা নাই। জনাবলৈ যিবিলাক উপায়ৰ কথা আমি চিন্তা কৰিছো ব্যৱহাৰ কৰিছো, সেইবিলাক একেবাৰে ফলপ্ৰসু হোৱা নাই। তাৰে এটা উদাহৰণ দিও, ১৯৮৮ চনত যেতিয়া সত্যজিত ৰায়ক শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল, তেতিয়া তেও এনেধৰণৰ কিবা এটা কোৱা মনত পৰে-

“কোন শংকৰদেৱ? মোক এই বঁটাৰ বাবে কিয় মনোনীত কৰা হ’ল?” 

একেবাৰে সত্য কথা, চিনি জানি নোপোৱা মানুহৰ নামেৰে কিবা বঁটা এটা ঘোষণা কৰি তেওক আহক, বঁটা লওক বুলি মাতিলে তেও কিয় আহিব?কিন্তু অসমীয়া হিচাপে বৰ দুখ লাগিছিল তেতিয়া, কোনোবাই ৰাজহুৱা স্থানত মোৰ গালত প্ৰচণ্ড চৰ এটা মাৰি দিয়াৰ দৰে লাগিছিল।

আজি বহু বছৰৰ পৰাই হেনো চৰকাৰে বঁটা বিজয়ীসকলক শংকৰদেৱ বঁটা লবলৈ মাতি আনিব পৰাই নাই, তেওলোক উৎসুক নহয়। ইয়াত এটা কাৰিকৰী বিজুতিও আছে, বঁটাটো দিয়া হয়, একেলগে দুজন লোকক। এজন সৰ্বভাৰতীয় খ্যাতিসম্পন্ন, আনজন ৰাজ্যিক ক্ষেত্ৰখনত অৱদান যোগোৱা ব্যক্তি। কিন্তু এই ৰাজ্যিক ক্ষেত্ৰৰ মানুহজন যদি সৰ্বভাৰতীয় পৰ্যায়ত চিনাকী লোক নহয়, তেন্তে প্ৰথমজনে এই বঁটা গ্ৰহণ কৰিবলৈ হেহোঁকা-পিচলা কৰা স্বাভাৱিক। একেটা বঁটাকে দুজনে পাইছে মানে দুইজন সমান পৰিসৰৰ লোক।

সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা এই কথাটো ধেমেলীয়াকৈ কবলৈ গ’লে - আপুনি যদি একেটা বঁটাকে তপন কুমাৰ ভড়ালী আৰু ৰতন টাটাক দিব খোজে, ৰতন টাটাই সেইটো বঁটা কিয় লব? কথাটো বুজাবৰ কাৰণে এনেই উদাহৰণটো ব্যৱহাৰ কৰিছো, অসমৰ ৰাজ্যিক ক্ষেত্ৰখনত কাম কৰি থকা লোকসকলক উপলুঙা কৰিবলৈ নহয়। ৰাজ্যিক ক্ষেত্ৰখনতো বহু লোকে আত্মোৎসৰ্গাৰ মনোভাৱেৰে বহুত ভাল কাম কৰি আছে, আৰু তেওলোকৰ বাবেই আজি আমি যেনে তেনে নিজৰ চিনাকীটো বজাই ৰাখিব পাৰিছো। 

কিন্তু সমস্যাটো হ’ল, তেওলোকে সৰ্বভাৰতীয় ক্ষেত্ৰখনত ইমানে বেছি পৰিচিতি লাভ কৰা নাই, তেওলোকৰ কৰ্মক্ষেত্ৰ অসমতে সীমিত, আৰু অসমৰ বাহিৰৰ লোকসকলক আমি অসমৰ ভিতৰত কি হৈ আছে জনাবলৈ সমৰ্থ হোৱা নাই। তাৰে উদাহৰণ শংকৰদেৱকো অসমৰ বাহিৰৰ ৰাইজে চিনি নেপায়। দো‍ষ শংকৰদেৱৰ নহয়, আমি উত্তৰসুৰী বিলাকৰ। 

****

কিছুদিনৰ আগতে এঘৰত আলহী খাবলৈ যাওতে অসমীয়া নিউজ চেনেল এটা চাব লগা হ’ল। নিতুমণি শইকীয়াই পীতাম্বৰ দেৱগোস্বামী দেৱৰ সাক্ষাৎকাৰ লৈ আছে।শংকৰী সংস্কৃতিক, গুৰুজনাৰ শিক্ষাক বিশ্বাবাসীৰ আগলৈ আগবঢ়াই দিয়াৰ কথা আলোচনা হৈ আছে। দেৱগোস্বামীদেৱৰ পৃষ্ঠপোষকতাত আমেৰিকাত এটা নামঘৰ গঢ়ি তোলা হৈছে। অধিকাৰে নিজে গৈ সেই নামঘৰৰ ভেঁটি প্ৰতিস্থা কৰিছে, অক্ষয় বন্তি প্ৰজ্বলন কৰিছে, আৰু আমেৰিকাবাসী অসমীয়া সকলেও এই উদ্যোগক আগবঢ়াই নি আমেৰিকাত মহাপুৰুষৰ চিনাকী প্ৰতিষ্ঠা কৰিবলৈ সংকল্পবদ্ধ হৈছে।
অনুষ্ঠানটো চাই মই উৎসাহ পালো, ঘৰগোণা অসমীয়াই এনে এটা উদ্যোগ লোৱাতো সঁচাকে ভাল সংকেত। মই নিতুমণি শইকীয়াৰ মোটামোটি ফেন, তেও দুই এটা অতি সংবেদনশীন প্ৰশ্ন বৰ বুদ্ধিৰে উত্থাপন কৰিলে। উত্তৰত অধিকাৰজনাই যি ক’লে সেয়া মোৰ অনুসন্ধিৎসাৰ তৃষ্ণা পুৰণ কৰিবলৈ সমৰ্থ নহ’ল। সিয়ে এই লেখনিটোৰ উদ্দেশ্য। 

ভালকৈ মনত নাই যদিও এটা প্ৰশ্ন আছিল এনেধৰণৰ - আমি যে শংকৰদেৱক জগত গুৰু বুলি কৈ থাকো, শংকৰদেৱৰ সেই জগৎগুৰু গুণবিলাকৰ কোনবোৰ দিশ আমি বিশ্ববাসীক দেখুৱাব খুজিছো। উত্তৰত অধিকাৰজনাই দুটা বিশেষ কথা উল্লেখ কৰিলে। প্ৰথম তেও একেশ্বৰবাদৰ কথা ক’লে, দ্বিতীয়তে সাম্যবাদী চিন্তাৰ কথা। 

মই লগে লগে নিজকে এজন খ্ৰীষ্টধৰ্মী ককেচিয়ান আমেৰিকান বুলি ধৰি ললো, ভাবিলো মই এই মাত্ৰ ফেক্টৰীৰ কামৰ পৰা আহি, দুবটল বিয়েৰ পান কৰি, টিভিত বেছবল খেল চাই আছো। আৰু ধৰি ললো, অধিকাৰ জনাই মোক শংকৰদেৱৰ শিকনি বিলাকৰ কথা কৈ আছে। (ধেমেলীয়াকৈ কৈছো যদিও শংকৰদেৱত জগৎগুৰু বুলি প্ৰতিষ্ঠা কৰাৰ মানস কৰিলে আমাৰ 'টাৰ্গেট অডিয়েন্স' এনেধৰণৰ মানুহেই হব)

প্ৰথমে তেও মোক ক’লে গুৰুজনাই কৈ গৈছে, - “এক দেও এক সেও এক বিনে নাই কেও।“ মানে মাত্ৰ এজন নিৰাকাৰ ভগৱানকে আমি উপাসন কৰিব লাগে, আৰু এই জগতত আমাৰ কোনো উপাস্য নাই!

এইকথাখিনি শুনি মই খ্ৰীষ্টধৰ্মী আমেৰিকান জনে কি বুলি প্ৰতিক্ৰিয়া দেখুৱাম? মই নিশ্চয় ক’ম- আৰে সেইটোনো কি নতুন কথা? তোমাৰ শংকৰদেৱ ১৫ শতিকাতহে জন্ম হৈছে, আমাৰ জেচাচে দেখোন তাৰ ১৫০০ বছৰৰ আগতেই কৈছে যে ভগৱান এজনেই আৰু তেও নিৰাকাৰ! আমি দুহেজাৰ বছৰ ধৰি তাকে মানি আহিছো। অকল আমিয়েই নহয়, ইছলামকে ধৰি পৃথিৱীৰ সকলো আধুনিক ধৰ্মই এই ধাৰণা মানে। আনকো তোমালোকৰ হিন্দুসকলৰ গীতাতো “একমেৱ-অদ্বিতীয়ম” বুলি এজন সৰ্বব্যাপী নিৰাকাৰ ভগৱানৰ কথা কোৱা হৈছে। ইয়াত তুমি বুজাব বিছৰা জগতগুৰুজনৰ কি উদ্ভাৱন আছেনো? তেও দেখোন আনে বহু আগতে কোৱা বা লিখা কথা কেইটাকে আকৌ কৈছে। 

অধিকাৰজনাই আবেগিক ভাৱে দ্বিতীয় যুক্তিটো দিলে যে শংকৰদেৱে কৈ গৈছে- “কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম” , মানে ঈশ্বৰৰ সৃষ্টি সকলো জীৱ সমান, ইয়াত উচ্চ নীচৰ, আপোন পৰৰ ভেদ কৰিব নেপায়। আৰু ক’লে যে এই ধুনীয়া তত্ত্বষাৰ পৃথিৱীৰ সকলো মানুহে উপলব্ধি কৰিলে পৃথিৱীত অসূয়া অপ্ৰীতি নোহোৱা হব, যুদ্ধ-বিগ্ৰহ নোহোৱা হৈ পৃথিৱীখন শান্তিময় হৈ পৰিব। তেওলোকে এই শিকনিকে পৃথিৱীৰ আগত ডাঙি ধৰিব বিছাৰিছে।

মোৰ ভিতৰত থকা যুক্তিবাদী খ্ৰীষ্টিয়ান আমেৰিকান জনে আকৌ আপত্তি কৰিলে। তেওৰ মতে এইটো কথা কেৱল শংকৰদেৱে কোৱা নাই, এনে কথা এই পৃথিৱীৰ বুকুত নাই কমেও এহেজাৰজন মনি‍ষীয়ে কৈ বা লিখি গৈছে। সাম্যবাদ নামৰ ৰাজনৈতিক ধাৰণাটো দেখোন ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত। তুমি আজিহে মোক কোনোবা শংকৰদেউৰ কথা কবলে আহিছা, মই আজি বহুবছৰৰ আগতেই নানান ধৰ্মগুৰু, নানান চিন্তানায়কৰ লেখনিত এইটো কথা পঢ়িলো। তুমিনো আজি নতুনকৈ কি যুক্তিত তোমাৰ শংকৰদেৱক জগৎ গুৰু বুলি মোক বুজাবলৈ আহিছা? 

অধিকাৰজনাই আৰু ক’লে যে তেওলোকে আমেৰিকাত প্ৰতিষ্ঠা কৰা নামঘৰটোত যিগছি বন্তি প্ৰতিষ্ঠা কৰা হ’ল, তেওলোকে তাৰ লোকসকলক দঢ়াই দঢ়াই কৈ আহিছে, এই বন্তিগছি যাতে নুনুমাই। তেওলোকে স্থায়ী নামঘৰৰ প্ৰতিষ্ঠা কৰিলে এইগছি বন্তিকে প্ৰজ্বলিত কৰি ৰাখিব লাগিব! 

মোৰ মনৰ মাজৰ বদমাছ, শ্ৰুদ আমেৰিকান জনে আকৌ নিজৰ ষ্টাইলত ক’লে- “অহহ..ক্ৰেপ..ডেট অ’ল্ড গিমিক!!”

ক্ষমা বিছাৰিছো, ওপৰৰ কথাখিনিয়ে হয়তো কাৰোবাৰ অনুভূতিত আঘাত কৰিব, আৰু কোনো লোকে খঙতে কব- তই নিজেনো কিডাল কৰিছ? এইখিনি খং ৰাগ- গালি শপনি মোৰ প্ৰাপ্য। কিন্তু মোৰ জ্ঞান বুদ্ধিৰে কব বিছাৰো, এইখিনি কথাৰে আমি বিশ্ববাসীৰ আগত শংকৰদেউক জগতগুৰু বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰো।
তেন্তে, হয় জানো শংকৰদেউ জগতগুৰু? তেৰাই এনে কিবা দিছেনে, যাৰ বাবে তেও জগতৰ সকলো ধৰ্মগুৰুতকৈ পৃথক? আছেনে এনে কোনো বৈশিষ্টমূলক শিক্ষা, যি বাকী পৃথিৱীয়ে আজিও দেখা বা শুনা নাই? আছেনে এনে জ্ঞান যাৰ বাবে তেওৰ কথা গম পোৱাৰ পাছত কব- হয় হয়, শংকৰেই জগতগুৰু, তেওৰ দৰে আন কোনো নাই। তেওৰ শিকনি প্ৰচাৰ কৰিলে মানৱ জাতিয়ে পাবনে কিবা নতুনত্বৰ সন্ধান? পাবনে শান্তি-পথৰ সন্ধান? 

স্বীকাৰ কৰিছো, মই অধিকাৰজনাৰ লিখনি বা বক্তব্য সমূহৰ কথা বৰ ভালকৈ নেজানো, মোৰ এই লিখা কেৱল সেই সাক্ষাৎকাৰটোত তেখেতে কোৱা কথাখিনিৰ ওপৰতে প্ৰতিষ্ঠিত। দৈনন্দিন জীৱনৰ পাকচক্ৰত হাবুডুবু খাই, দিনে ৰাতিয়ে হাইড্ৰ-টাৰ্বাইন কিছুমান মেৰামতি কৰি পেটৰ ভাতমুঠি মোকলোৱা এজন মানুহ হিচাপেহে মোৰ এই পৰ্যালোচনা। হয়তো কোনোবাই কৰবাত গুৰুজনাৰ চৰিত্ৰৰ সকলো দিশ তুলি ধৰিছে, আৰু তেওক জগতগুৰু হোৱাৰ যথোপযুক্ত কাৰণ ডাঙি ধৰিছে! সেয়া মোৰ দৰে সাধাৰণ, অধ্যয়ন-অপুষ্ট, উচ্চাকাংখ্যাহীণ মানুহ এটাৰ জ্ঞাত নহয়। 

****

মোৰ সামান্য বিচাৰ বুদ্ধিৰে যিখিনি বুজিছো বা দেখিছো, সমস্যাটো সৃষ্টি হৈছে আমি শংকৰদেৱক কেৱল ধৰ্ম প্ৰচাৰক হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টাটোৰ বাবেই। আমি একশৰণ নামধৰ্মৰ কথা কও- মোৰ সামান্য জ্ঞান বুধি মতে, গুৰুজনাই সেয়া প্ৰচাৰহে কৰিছিল, নিজস্ব কোনো ধৰ্মমত তেৰাই আৱিষ্কাৰ কৰা নাছিল।
কিন্তু তেৰাই এনে কিছু কাম কৰিছিল, শিক্ষা দিছিল যিবিলাক হয়তো আজিও বিশ্বমানৱৰ দৃষ্টিগোচৰ হোৱা নাই, গতিকে বোধগম্যও হোৱা নাই। 

মোৰ বোধেৰে শংকৰদেৱ এজন ধৰ্ম প্ৰচাৰক নাছিল, ধৰ্মৰ মাধ্যমেৰে তেও এখন সমাজ প্ৰতিষ্ঠা কৰিছিল। ভিন্নতাৰে ভৰা এখিনি মানুহক এটা বৈশিষ্টমূলক একক সাংস্কৃতিক পৰিচয় প্ৰদান কৰিছিল, ধৰ্মীয় সংস্কাৰ সাধন কৰিছিল, সহনশীলতা আৰু সমতাৰ বাণীক এখন উতনুৱা সামাজৰ মেৰুদণ্ডৰ মাজৰে প্ৰবাহিত কৰিছিল, জীৱনৰ প্ৰতিটো দিশতে এক সুনিৰ্দিষ্ট পথৰ সন্ধান দিছিল, মহামাৰী অধ্যুষিত এক অঞ্চল বাসপোযোগী কৰি তুলিছিল, সকলোতকৈ ডাঙৰ কথা- সাধাৰণ জীৱন ধাৰণৰ প্ৰক্ৰিয়া মানি চলিও এক আধ্যাত্মিক ভাৱে সংপৃক্ত এই জীৱন পথৰ সন্ধান দিছিল, মানে সুখী হোৱাৰ উপায় দিছিল। 

গুৰুজনাই শ্বেকছপিয়েৰৰ জন্মৰ বহু শতিকা আগতেই, মুকলি মঞ্চ ব্যৱহাৰ কৰি পূৰ্ণাংগ নাটক কৰিছিল, তাত চিত্ৰপটৰ ব্যৱহাৰ কৰিছিল। আৰ্য জীৱনধাৰা বা সংস্কৃতিকৰ লগত অনাৰ্যৰ সমাজৰ মিলন ঘটোৱাৰ সময়ত, সেই সময়ৰ অসমৰ ক'লা-কৃষ্টি, প্ৰকৃতিপ্ৰদত্ত জ্ঞান আৰু চিন্তাধাৰাক নস্যাৎ নকৰি এক বুদ্ধিদ্বীপ্ত আৰু সৰ্বগ্ৰহণযোগ্য সংমিশ্ৰন আৱিষ্কাৰ কৰিছিল। আৰ্য সংস্কৃতিৰ তুলনামূলক ভাৱে উন্নত চিন্তাচৰ্চা খিনিৰ লগত এইখিনি মানুহৰ পৰিচয় কৰি দিয়াৰ সময়তে তেও কৌশলপূৰ্ণ ভাৱে আৰ্যসমাজৰ মাজত প্ৰচলিত (প্ৰায় অমানৱীয়) বেয়া ৰীতি নীতি বোৰৰ পৰা আঁতৰাই ৰাখিবলৈ প্ৰযত্ন কৰিছিল। 

গুৰুজনাৰ সাগৰসম সংস্কাৰৰ কাহিনীবোৰৰ মাজত মোৰ অন্যতম প্ৰিয় বিষয়টো হ'ল, ব্ৰজাৱলী ভাষাৰ আৱিষ্কাৰ। গুৰুচৰিতৰ মতে সৰ্দশাস্ত্ৰবিষাৰদ শংকৰদেৱে তীৰ্থভ্ৰমণৰ কালচোৱাত লক্ষ্য কৰিছিল যে, সেই সময়ত ভাৰতত প্ৰচলিত হিন্দু ৰীতি নীতি বিলাক আচলতে শাস্ত্ৰ-প্ৰদত্ত নহয়, কিছুমান স্বাৰ্থান্বেষী লোকে নিজৰ সুবিধা আৰু ক্ষমতা বৃদ্ধিৰ বাবে গঢ়ি লোৱা কিছু অনৰ্থক পৰম্পৰাহে। আনকি পুৰীৰ জগন্নাথ মন্দিৰৰ পাণ্ডাসকলেও কৃষ্ণ, সুভদ্ৰা, বলৰামৰ কাহিনীকে ভালদৰে নেজানিছিল। (শংকৰদেৱে পাণ্ডা সকলক সেই কাহিনীবোৰ ভালদৰে বুজাই দিয়াৰ বাবে তেওলোকে শংকৰদেৱক পৰমগুৰু বুলি মানিছিল। গুৰুজনাৰ জীৱনৰ আধাৰত প্ৰথমখন গুৰুচৰিত উড়িয়া ভাষাতে লিখা হৈছিল, "শংকৰ গোঁসাই" নামৰ সেইখন চৰিতপুথি কিছুদিন আগতে উদ্ধাৰ হৈছে)। 

সেইসময়ত অসমীযা ভাষাই ইতিমধ্যে পুৰ্ণাংগ ৰূপ পাইছিল, ১২ শতিকাতে কানাই বৰশীবোৱা শিলৰ তৃতীয়খন শিলালিপিত অসমীয়া (কামৰূপী) লিপিয়ে প্ৰায় আধুনিক ৰূপ পাইছিল। শংৰকৰদেৱৰ পূৰ্বসূৰী অনন্ত কন্দলী, হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, মাধৱ কন্দলী, ভট্টদেৱ (Edit 3:- দুজন উত্তৰসুৰীহে হব চাগে, কিন্তু সেই সময়লৈ অসমীয়া ভাষা প্ৰতিষ্ঠিত সাহিত্য শক্তি হোৱাক লৈ কোনো সন্দেহ নাই। শংকৰী সাহিত্য সংস্কৃতিৰ গৱেষক, বিশিষ্ট লেখক ময়ুৰ বৰা, আৰু ভাই বন্ধু অংকুৰণ বৰালৈ ধন্যবাদ) আদিৰ লগতে চৰ্যাপদ, ডাকৰ বচন আদিয়ে অসমীয়া সাহিত্যক ভাৰতৰ অগ্ৰণী সাহিত্য শক্তিৰূপে প্ৰতিষ্ঠা কৰিছিল। শংকৰদেৱেও ইতিমধ্যে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰিছিল। 


কিন্তু তেনে সময়তে গুৰুজনাই উপলব্ধি কৰিলে যে, কেৱল অসমতে নহয়, সমগ্ৰ উত্তৰ ভাৰততে এক বৈষ্ণৱ নৱ-জাগৰণৰ প্ৰয়োজন আছে, যি নৱজাগৰণ ইতিমধ্যে দাক্ষিণাত্যৰ আৰম্ভ হ'লেই। তেওৰ শাস্ত্ৰলব্ধ প্ৰকৃত হিন্দুধৰ্মৰ জ্ঞানখিনি সমগ্ৰ উত্তৰ ভাৰতৰ মানুহে বুজা উচিৎ। 

লিপিৰ সমস্যা নাছিল, কাৰণ সেইসময়ত মিঠিলালৈকে মোটামোটি কামৰূপী লিপি বা তাৰ কিছু অপ্ৰভংসই একমাত্ৰ লিপি আছিল। সমস্যা আছিল কথিত ভাষাৰ, গতিকে তেও অসমীয়া ভাষা থকাৰ উপৰিও এনে এটা কৃত্ৰিম ভাষা আৱিষ্কাৰ কৰিলে যাতে মথুৰা, বৃন্দাবন, মিথিলাৰ পৰা আৰম্ভ কৰি উড়িষ্যা, বংগ আৰু অসমলৈকে সকলো সাধাৰণ লোকে তেওৰ শিকনি বুজি পায়, পুৰাণৰ প্ৰকৃত কাহিনীবোৰ জানে আৰু স্বাৰ্থপৰসকলৰ কৱলত পৰি প্ৰকৃত ধৰ্মৰ পৰা ভ্ৰষ্ট নহয়।
সেই ভাষাই ব্ৰজবুলি। (Edit :- ভাষাটোৰ নাম সম্পৰ্কে অলপ বিভ্ৰাট আছে মনত, সুধীজনে কেৱল বক্তব্যলৈ মন কৰিলে সুখী হম। )
আজিও অসমৰ কেইজন বুদ্ধিজীৱিৰ ইমান বহল মন আছে? কোনে অসমৰ বাদেও আন ঠাইৰ সমস্যাবোৰৰ কথা কৈছে বা চিন্তা কৰিছে? অতি বিৰল। আমাৰ মন ‍ছটা শতিকাৰ পাছতো গুৰুজনাৰ সমান বহল হোৱা নাই। 

মহামতি কবীৰ গুৰুজনাতকৈ কিছু আগৰ, কিন্তু শংকৰগুৰু খ্যাতিয়ে তেওকো প্ৰভাৱান্বিত কৰিছিল। এবাৰ শংকৰদেৱৰ তীৰ্থভ্ৰমণৰ কালত কবীৰে গুৰুজনাক লগ কৰবলৈ তীব্ৰ ইচ্ছা কৰিছিল, কিন্তু শাৰিৰীক কাৰণত লগ কৰিব নোৱাৰি, নিজৰ কন্যাক গুৰুজনাক লগ কৰি শাস্ত্ৰশিক্ষা লাভ কৰিবলৈ আদেশ দিছিল। শংকৰদেউক লগ নোপোৱাতো তেওৰ জীৱনৰ দূৰ্ভাগ্য বুলি কবীৰে নিজে লিখি গৈছে।

আৰু বহুত এনে উদাহৰণ আছে, যিবোৰৰ পৰা আমি দাবী কৰিব পাৰো যে, গুৰুজনাৰ দৰে লোক সঁচাকৈয়ে এই পৃথিৱীত বিৰল, আৰু তেনে লোক জগতগুৰু উপাধিৰ যোগ্য। 

কিন্তু বাহিৰৰ মানুহে আজি কি বুলি জানে? জানে যে শংকৰদেৱে চৈতন্যদেৱৰ পৰা বৈ‍ষ্ণৱধৰ্মৰ শিক্ষা লৈছিল, (কন্যাকুমাৰীৰ বিবেকানন্দ মেমৰিয়েলতো তাকে লিখা আছিল, এতিয়া বাৰু এজন সচেতন অসমীয়াৰ প্ৰতিবাদত সলনি কৰা হ'ল!); যি চৈতন্যদেৱৰ জন্ম হৈছিল শংকৰদেৱতকৈ ৭৩ বছৰ পিছত। জগন্নাথ মন্দিৰ আৰু কবীৰৰ দোহাত লিখা শংকৰ হ'লগৈ শংকৰাচাৰ্য, যাৰ জন্ম এক -দেড় শতিকাৰ পাছতহে হৈছিল। কিন্তু ৰাইজে তেনেকৈয়ে পঢ়িছে, বুজিছে, জানিছে, বিশ্বাস কৰিছে আৰু বহু উচ্চ পদবীধাৰী, ক্ষমতাশীল, স্বাৰ্থান্বেষী কিন্তু প্ৰকৃততে অশিক্ষিত লোকে বাহু তুলি প্ৰচাৰো কৰিছে। কোনেও আপত্তি কৰা নাই, আমাৰ মাজৰ বহুতেই তাকে শুদ্ধ বুলি ভাৱিছে, ভুল ভাঙিবলৈ কাৰো দৰকাৰ পৰা নাই, সময়ো নাই, প্ৰয়োজন আছে নে নাই সেয়াও নিশ্চিত নহয়। 


উপসংহাৰঃ

ইমানগাল লিখি উঠি ভাৱিছো, মই কোন এইবোৰ লিখিবলৈ? না মোৰ বিষয়নিষ্ঠ দখল আছে, না মোৰ কাম এইটো, না মই এই বিষয়টো গভীৰ ভাৱে চৰ্চা কৰিছো, না মোৰ সকলো কথা অধ্যয়ন কৰিবলৈ সময় আছে, না যথোপযুক্ত ডিগ্ৰী আছে, না গ্ৰহণযোগ্যতা আছে, আৰু অধিকাৰো হয়তো নাই! কি হব এইখিনি লিখি? যিখিনি মানুহে পঢ়িব, তেওলোকেচোন এইবোৰ কথা জানেই। যি নেজানে, বা স্বাৰ্থজনিত কাৰণত জানিও নজনাৰ ভাও ধৰে, তেওলোকে এইবোৰ পঢ়িব জানো? পঢ়িলেও কিয় গুৰুত্ব দিব? 

এইখিনি কথা (আচলতে তাৰ মাজৰ যিমানখিনি বিজ্ঞানসন্মত ভাৱে প্ৰমাণ কৰিব পাৰি), আচলতে অসমীয়া পঢ়িব নজনা, বিশ্বৰ চিন্তাবিদ সকলে পঢ়িব লাগে, জানিব লাগে আৰু বিশ্বাস কৰিব লাগে। মাৰাঠা একনাথজীয়েহে বাঙালী বিবেকানন্দৰ মতবাদক সৰ্বভাৰতীয় পৰ্যায়ত গ্ৰহণযোগ্যকৈ উপস্থাপন কৰিলে। তেনে এটা প্ৰয়োজন শংকৰদেৱৰ ক্ষেত্ৰতো আছে। 

কথা হ'ল, এইখিনি কথা চালেবেৰে কোবাই, আবেগিক ভাৱে উন্মত্ত হৈ, স্বাধীনতা ঘোষণা কৰি, জংগী আন্দোলন গঢ়ি তুলি, ক'লে একো ফল নহব; যুক্তি আৰু বিজ্ঞানসন্মত ভাৱে প্ৰতিষ্ঠা কৰিব লাগিব, যিদৰে ৰাজ্যপাল এচ কে সিনহাৰ  প্ৰচেষ্টাত লাচিতে সৰ্বভাৰতীয় পৰ্যায়ত অলপ হ'লেও নিজৰ মৰ্যাদা লাভ কৰিলে। 

আৰু সেইখিনি কাম কৰিব, বুজাব পৰা মানুহ এতিয়াও অসমত বহুত আছে, কিন্তু থাকিও একো লাভ হোৱা নাই। 

সেইটোহে সমস্যা, হয়তো আজি শংকৰদেৱ থাকিলে সেইটো সমস্যা নাহিলহেঁতেন।

লেখকৰ একাষাৰ:-


ফেচবুক পোষ্ট হিচাপে লিখা এই কথাখিনিয়ে চিন্তাশীল বিজ্ঞজনৰ ওচৰ পোৱাত নথৈ আনন্দিত। তাৰ বাবে শ্ৰীমতী বিজয়া বৰুৱালৈ অশেষ ধন্যবাদ। তেখেতৰ ভাষাৰেই,
 "ডিগবৈৰ শ্ৰীশ্ৰীশংকৰদেৱৰ ৫৭০তম জন্মোৎসৱৰ লগত সংগতি ৰাখি প্ৰতিবছৰে প্ৰৱন্ধ সংকলন হিচাপে এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ হয়.. এই স্মৃতিগ্ৰন্থখনিত এইবাৰ ৫২টা প্ৰৱন্ধ প্ৰকাশ হৈছে.. তাৰ ভিতৰত আটাইতকৈ যুক্তিনিষ্ঠ বিশ্লেষণেৰে এটি সুন্দৰ প্ৰৱন্ধ প্ৰকাশ হৈছে মোৰ প্ৰিয় লেখক অভিজিত কলিতা ডাঙৰীয়াৰ-' শংকৰদেৱ কেতিয়া জগৎ গুৰু হ'বগৈ ' শীৰ্ষক প্ৰৱন্ধটি lতেওঁলৈ অশেষ ধন্যবাদ প্ৰৱন্ধটি- 'প্ৰণিপাত'ত প্ৰকাশ কৰিবলৈ দিয়াৰ বাবে..."








ফেচবুকৰ মন্তব্যসমূহ
Riyan Raagini
ইমান গাম্ভীৰ্যতাপূৰ্ণ, তত্বগধুৰ তথা যুক্তিনিষ্ঠ ৰচনা এখনত মন্তব্য কৰিবলৈ গৈ থমকি ৰৈছো বাৰে বাৰে। আপুনি বাছি লোৱা অতি প্ৰয়োজনীয় কিন্তু প্ৰায় অৱহেলিত বিষয়বস্তু আৰু সেই বিষয়ে আপুনি দিয়া সমাধানে অসমীয়া জাতিটোৰ প্ৰতিজনৰে দৃষ্টি আকৰ্ষণ কৰিব বুলি আশা কৰিছো। এই লেখাটি ছপা মাধ্যমৰ জৰিয়তে পুনৰ পঢ়িবলৈ পোৱাৰ ইচ্ছা এটা থাকিল।
 দেৱব্ৰত বৰা
ধৰ্মৰ গণ্ডীৰ পৰা উলিয়াই আনিব নোৱাৰিলে শংকৰদেৱক বিশ্বমানৱ হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰি
Tarini Saikia
 
অতি সুক্ষ্মভাবে কৰা বিশ্লেষণ । ভাল লাগিল । ড° হীৰেণ গোহাই চাৰৰ "অসমীয়া জাতীয় জীবনত মহাপুৰুষীয়া পৰম্পৰা" গ্ৰন্থ খনত মহাপুৰুষজনাৰ সৃষ্টিৰ বিশ্লেষনাত্মক বিবৰন সফলভাবে প্ৰতিফলিত হৈছে । গ্ৰন্থখনে সাহিত্য অকাডেমী বটা কঢ়িয়াই অনাৰ কথা আমি সকলোৱে জানো ।
 Pabitra Das · 

সচাকৈয়ে ভাল লাগিল ৷ বহুতো নজনা কথা বৰ চিন্তাযুক্ত বিশ্লেষণৰে সুন্দৰভাৱে উপস্হাপন কৰিছে ৷ অত্যন্ত সাবলীল আৰু শালিনতা ৰক্ষা কৰি ইমান এটা স্শপ’কাতৰ বিষয় সুন্দৰ ভাষা আৰু মনস্তাটিক বিশ্নেষণেৰে প্ৰকাশ কৰিছে যে আমি সচাকৈয়ে বাস্তবৰ লগত সহমমি’তা কৰিবলৈ পৰা নাই যে এইয়া বাস্তৱ ৷ আগলৈও বহু আশাৰে বাট চাম আপোনাৰ পৰা বহুখিনি ৷ নতুন প্ৰজম্নক কিছু দিব পাৰিলে আমাৰ সকলোৰে জীৱন সাথ’ক হোৱা যেন নালাগিব জানো ৷
 Sujata Hati Baruah

ব্যক্তিগতভাৱে দৃঢ়ভাৱে বিশ্বাস কৰো তেখেতক ধৰ্মীয় গণ্ডীৰ পৰা বাহিৰত এজন প্ৰচন্ড প্ৰতিভাৱান আৰু পৰিৱৰ্তনৰ বাহক পুৰুষ হিচাপে স্বীকাৰ কৰি লব পাৰিলেহে জগৎ বিখ্যাত হ'ব।
আৰু সেই সময়ৰ প্ৰতিক্ৰিয়াশীল এচামৰ অমানৱীয় কাৰ্যৰ বিৰুদ্ধে তেখেতে প্ৰচন্ড সাহসেৰে ঠিয় দিছিল সেয়া বৰ্তমানতো প্ৰাসংগিক। তেখেতে প্ৰতিষ্ঠা কৰা ধৰ্ম বুলি কৈ আমি তেখেতৰ প্ৰগতিশীল মনটোক চূড়ান্ত অপমান কৰি তলা লগাই থৈছো। মই নিশ্চিত তেখেতৰ জন্ম এতিয়া হোৱা হ'লে তেখেতৰ ৰণ কৌশলো ভিন্ন হ'লহেঁতেন।Brahmananda Patiri
এটা সময়োচিত আলোচনা , আজিৰ সাহিত্য সভাৰ এনে ধৰনৰ উদ্দেশ্যে নথকাৰ বাবেই এই অৱস্থা । এটা জাতিৰ এটা উদ্দেশ্যে থকা বাঞ্ছনীয় । ভাল লাগিল ।আকৌ এবাৰ পঢ়িম
Rupankar Choudhury অনা-অসমীয়াৰ লগতেই বহুতো অসমীয়াই শংকৰদেৱক ভালদৰে চিনি নাপালে। ধাৰ্মিক, ৰাজনৈতিক স্বাৰ্থত তেখেতক ব্যৱহাৰ (শুনিবলৈ যদিও বেয়া) কৰি আছো আমি সৱে। যাৰ দ্বাৰা তেখেতৰ চৰ্চা ঠিকেই হৈছে কিন্তু সেই তাহানিতেই তেখেত দি যোৱা জ্ঞানৰ ভড়াঁ‌লৰ পৰা যেন আমি নিজকে বঞ্চিত কৰিছোঁ‌।
আশাকৰোঁ‌ আপোনাৰ এই নিৰ্মোহ বিশ্লেষণে এক নতুন বাট মোকোলাব। অন্ততঃ কেইজনমানৰো যদি চিন্তাধাৰা সলনি কৰিব পাৰে তাতেই লেখাটোৰ সাৰ্থকতা।
Akash Pradip Borah

আপোনাৰ লিখনি আকৌ এবাৰ একে উশাহত পঢ়িলো তাৰ পিছত কেইবাবাৰো পঢ়িলো । আপোনাক মানিবই লাগিব । শংকৰদেৱৰ জীৱন বা তেখেতৰ সৃষ্টিৰ বিষয়ে মই আগতে বহু প্ৰৱন্ধ , লিখনি আদি পঢ়িছো কিন্তু এনেকুৱা লিখনি পঢ়া মোৰ মনত নপৰে । মন , মগজু খুন্দিয়াই গল । আপুনি আকৌএবাৰ প্ৰমাণ কৰিলে যে মনৰ কথাবোৰ লিখিবলৈ কোনো ডিগ্ৰী বা কিবা এসোপামান অধ্যয়নৰ দৰকাৰ নাই । আপোনালৈ অনুৰোধ , অতি সোনকালে অসমৰ প্ৰতিজন অসমীয়াই এই লিখনি পঢ়িব পৰাকৈ ব্যৱস্থা কৰক । ধন্যবাদ ।Mayur Bora

Extremely well-written piece. Very incisive, objective and cogent analysis of the man and his times and also of the present times. You may think of enlarging its scope and then send to a newspaper or magazine for wider readership.

Moyurie Dutta
ছপামাধ্যমলৈ পঠিয়াওক । বহল পৰিসৰত পঢ়িবলগীয়া লিখা ।



Pranjit Kumar Sarma

Great writing....👍 Srimanta Sankardev ak dharmiya gandir bhitorat rakhatuwei sage axomiyar sabatukoi dangor bhul!

If West bengal's Ramkrishna Mission, ISKON or Gujrati's Swaminarayan can be popular all over the world... why axomiya Sankardev is not known even in our neighbor states !



Dhanjit Baruah

আমি খু দুৱাই ৰখা কথাবোৰ আপুনি সুন্দৰ কৰি নিয়ে ৷ ব্যক্তিগত ক্ষোভ : ভাৰতৰ ভক্তি আন্দোলনৰ সাধক আন সকলক আমি যি ধৰণে জানো( অৰ্দ্ধশিক্ষিত হৈ ও) , ভাৰতৰ আন ঠাইৰ লোকসকলে অধ্যয়ন নকৰে নেকি!!!! অসমীয়া সংখ্যাত অধিক হৈ প্ৰবজন কৰা হলে হয়তু দৃশ্য সলনি হল হেতেন ৷



Diganta Bora

Right direction. .. Good analysis. In this way we can make him jagatguru.....

No comments:

Post a Comment