Monday, February 20, 2017

== শ্ৰী মাইকেল কুমাৰ ফেল্পচৰ জীৱন গাঁথা ==


শ্ৰী মাইকেল কুমাৰ ফেল্পচৰ জন্ম হৈছিল অসমৰ এখন মচফলীয় চহৰত। অলপ খেলা ধুলাৰ পৰিবেশ থকা চহৰখনত এটা ৰজাদিনীয়া পুখুৰী আছিল। কেইজনমান লোকে মিলি পুখুৰীটোৰ এটা অংশ বেৰি কুৰি চুইমিংপুলৰ দৰে গঢ়ি তুলিছিল। চহৰৰ সৰু সৰু ল'ৰা ছোৱালী কিছুমানে তাতে সাঁতোৰ শিকিছিল। তাতে স্থানীয় প্ৰাক্তন সাঁতোৰবিদ এজনক প্ৰশিক্ষক হিচাপেও নিয়োগ কৰা হৈছিল।

সৰুৰে পৰা মাইকেলৰ শৰীৰৰ বিকাশ অলপ খৰতকীয়া আছিল, দীৰ্ঘদেহী মাইকেলৰ হাত ভৰি বোৰ অলপ জোখতকৈ ডাঙৰ হোৱাৰ বাবে লগৰীয়া সকলে তেওক ইতিকিঙো কৰিছিল। তাৰোপৰি মাইকেলে জিভাত থকা এটা জন্মগত অসুবিধাৰ বাবে কথা কওতেও অলপ অসুবিধা হৈছিল। গতিকে স্কুলৰ শিক্ষক আনকি মাক দেউতাকেও মাইকেলৰ ভৱিষ্যতৰ প্ৰতি সন্দিহান আছিল, তেওৰ ওপৰত বৰ বেছি আশা নকৰিছিল। লগৰীয়াৰ ইতিকিং, মাক-দেউতাক আৰু শিক্ষকৰ উপেক্ষা, আৰু কথা কোৱাৰ অসুবিধাৰ বাবে মাইকেল প্ৰায় নিসংগ হৈ পৰিছিল। 

মাইকেলৰ ঘৰ আছিল সেই চুইমিং পুল সজোৱা পুখুৰীটোৰ ওচৰতে। এদিন হঠাতে মাইকেলৰ দেউতাকে ভাৱিলে যে মাইকেলে সাঁতোৰ শিকা ভাল, স্বাস্থ্যও ভালে থাকে, কেতিয়াবা পানীত পৰিলে জীৱনো ৰক্ষা পৰে। গতিকে তেও মাইকেলক নি সেই সাঁতোৰৰ স্কুলত নাম লগাই দিলে। 

সেইদিনাৰ পৰাই মাইকেলৰ জীৱন সলনি হৈ গ'ল। মাইকেলৰ জন্ম যেন সাঁতুৰিবৰ বাবেই হৈছিল। তেওৰ বৈশিষ্টপূৰ্ণ শাৰীৰীক গঠনেও তেওক সহায় কৰিলে, কেই সপ্তাহ মানৰ ভিতৰতে মাইকেল সাঁতোৰ স্কুলৰ সকলোতকৈ সম্ভাৱনা পূৰ্ণ ছাত্ৰ হিচপে পৰিগণিত হ'ল। তেতিয়া মাইকেলৰ বয়স মাত্ৰ সাত বছৰ। 

ন বছৰ মান বয়সৰে পৰা মাইকেলে বিভিন্ন প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিবলৈ ধৰিলে, আৰু কিছুদিনৰ পাছতে কেইবাখনো প্ৰতিযোগীতা জিকিও আহিল। খবৰ কাগজৰ শে‍ষ পৃষ্ঠাত মাজে মাজে মাইকেলৰ নাম আৰু ছৱি ওলাই থকা হ'ল। সম্ভাৱানাপূৰ্ণ সাঁতোৰবিদ হিচাপে মাইকেলৰ নাম জনাজাত হৈ গ'ল। এদিন এনেদৰেই অসমৰ জাতীয় জুনিয়ৰ দলত মাইকেলৰ নাম অন্তৰ্ভূক্ত হ'ল। মাইকেলে ইমানবোৰ প্ৰতিযোগীতা জিকিলে যে কতৃপক্ষৰ ইচ্ছা নেথাকিলেও তেওলোকে মাইকেলক জাতীয় দলত স্থান দিবলৈ বাধ্য হ'ল। তাৰ বাবে তেওলোকে উৰ্ধতন মহলৰ ৰোষতো পৰিব লগা, মাইকেলৰ বাবে তেওলোকে এজন প্ৰভাৱশালী ব্যক্তিৰ তথাকথিত 'খেলুৱৈ' পুত্ৰক জাতীয় দলত লব নোৱাৰিলে। 

১১ৰ পৰা ১৪বছৰ বয়সলৈকে মাইকেলে সৰ্বভাৰতীয় প্ৰতিযোগীতা সমূহত সাতোৰৰ প্ৰায়বোৰ শাখাতে শীৰ্ষস্থান লাভ কৰি থাকিল, ভাৰতত তেও ইতিমধ্যে এক অপ্ৰতিদ্বণ্ডী খেলুৱৈ হিচাপে পৰিচিতি লাভ কৰিলে। কোনো কোনোৱে তেওক ভাৰতলৈ সাঁতোৰৰ প্ৰথমটো অলিম্পিক পদক অনাৰ গুৰুদ্বায়িত্বও অৰ্পণ কৰিলে। টিভিটো কেইবাটাও সক্ষাৎকাৰ ওলাল তেওৰ।
পিছে এইখিনিৰ বাবে মাইকেলৰ দেউতাকে বহু ত্যাগ কৰিব লগা হ'ল। মাইকেলক ইফালে সিফালে লৈ যাওতে তেওৰ জমা টকা আৰু জমা ছুটি সকলো শেষ হ'ল।চাকৰিত বৰ চিন্সিয়েৰ বুলি জনাজাত লোকজনৰ নিজৰ কেৰিয়াৰ প্ৰায় শেষ হৈ গ'ল। প্ৰমোচন আদিৰ কথা তো বাদেই তেওক প্ৰতিবছৰে ইফালে সিফালে বদলি কৰি থকা হ'ল, ডিপাৰ্টমেণ্টৰ সকলোৱে তেওক বেয়া পোৱা হ'ল। এবাৰ এখন বাতৰি কাকতত তেও সদায় অন্যায়ভাৱে ছুটিত থাকে বুলি এটা বাতৰিও ওলাল, 'এনকোৱাৰি কমিটি' বহিল। 

মাইকেলে সাতোৰাৰ মাজতে যেনে তেনে পঢ়াশুনাও থিকমতেই চলাই আছিল। ইতিমধ্যে মাইকেল ১৫ বছৰত সোমাল। মানে অহাবছৰ ক্লাছ টেনৰ চুড়ান্ত পৰীক্ষা দিব লাগিব। মাইকেলৰ সকলো সম্পৰ্কীয় লোক, ওচৰ চুবুৰীয়া- শিক্ষক আদি আহি মাক দেউতাকক বুজালে যে কিছুদিনৰ বাবে সাঁতোৰ বাদ দি পঢ়া-শুনাত মনোনিবেশ কৰিব লাগে। দেউতাকেও কথাটো উপলব্ধি কৰিলে, মাইকেলক সকলো কথা পাহৰি পঢ়াত লাগিবলৈ আদেশ দিয়া হ'ল।

মাইকেলে ভালদৰেই 'ক্লাছ টেন' পাছ কৰিলে, পিছে বিপদ বাঢ়িলহে। কাৰণ সকলোৱে গম পাই গ'ল যে মাইকেলে অলপ চেষ্টা কৰিলেই 'ইঞ্জিনিয়াৰিঙ' বা 'মেডিকেলত' ছিট পাই যাব। গতিকে পঢ়া শুনাৰ ম্যাদ আৰু দুবছৰ বঢ়াই দিয়া হ'ল। হব সাতুৰিবলৈ আৰু বহুত সময় আছে। "কেৰিয়াৰ এক্সিলাৰেটৰ" নামৰ এটা কচিঙ ক্লাছতো নাম লগাই দিয়া হ'ল। এই দুবছৰ কেনেকৈ পাৰ হৈ গ'ল মাইকেলে গমেই নেপালে। বহি বহি পঢ়ি থাকোতে মাইকেলৰ পেটত অলপ চৰ্বিও জমা হ'ল।
পিছে এই ক্ষেত্ৰত মাইকেলৰ ভাগ্যই সহায় নকৰিলে। সেইবছৰ নেলাগে তাৰ পিছৰ দুবছৰ চেষ্টা কৰিও তেও কোনো মেডিকেল বা ইঞ্জিনিয়াৰিঙ কলেজত নাম ভৰ্তি কৰিব নোৱাৰিলে। শেষত তেওৰ পঢ়াৰ ইচ্ছা একেবাৰে নাইকিয়া হ'লগৈ। তেও গুৱাহাটীৰ এখন কলেজত এনেই চলি থাকক বুলি বি এত নাম লগাই ল'লে। 

মাইকেল চেম্পিয়ন হৈ থকাৰ দিনতেই তেওৰ এটা বৰ বেয়া অভ্যাস গঢ় লৈ উঠছিল। দুজন মান জ্যেষ্ঠ খৈলুৱৈয়ে তেওক মদ আৰু চিগাৰেটৰ সোৱাদ লবলৈ শিকাইছিল, মানে প্ৰায় বাধ্যই কৰিছিল। এইদৰে জ্যেষ্ঠ খেলুৱৈয়ে অনুজ খেলুৱৈক বেয়া অভ্যাস বোৰ শিকোৱা একধৰণৰ প্ৰচলিত পৰম্পৰা। তেতিয়াহে দলত নিজৰ স্থান বহুদিন দৰি সুৰক্ষিত হৈ থাকিব।
আজিকালি মাইকেলে সেই দুবিধ নহ'লে চলিবই নোৱাৰে। বি এ পাছ কৰাৰ পাছত মাইকেল বহু বছৰ ধৰি নিবনুৱা হৈ থাকিল। বহুদিনৰ মূৰত মেডিয়াৰ সহায় আৰু সেই নেচনেল গেমছৰ চাৰ্টিফিকেট কেইখনৰ জোৰত তেও এটা সৰু চৰকাৰী চাকৰি এটা পালেগৈ, তেওৰ বয়স তেতিয়া ৩২ বছৰ।

নিজে প্ৰথম সাঁতোৰ শিকা চুইমিঙ পুলটোতে (এতিয়া চৰকাৰীকৰণ হ'ল) মাইকেলে এতিয়া সাঁতোৰ শিকায়। মাইকেলৰ এতিয়া এটা ইচ্ছাই বাকী আছে। জীৱনত পইচা পাতি গোটাই এবাৰ অলিম্পিক চাবলে যাব, সকলো নহ'লেও ১০০ মিটাৰ বেকষ্ট্ৰ'কৰ ফাইনেলখন চাবই চাব। 

(Quora.com ত অৰ্জুন চন্দৰৰ এটা উত্তৰৰ আধাৰত)

No comments:

Post a Comment