Saturday, February 25, 2017

== সকলো শুভলক্ষ্মী সুৰক্ষিত হওক==

শুভলক্ষ্মী কোন দলৰ সমৰ্থক, কোন ষ্টুডেণ্ট ফেডাৰেচনৰ সভ্য, তেওৰ বন্ধুসকলৰ ৰাজনৈতিক ভাৱধাৰা কেনে, এই গোটেইবোৰ একেবাৰে অপ্ৰাসংগিক কথা। প্ৰথম কথা, তেও আমাৰে এজনী ভগ্নী, তেওৰ সৈতে আমি সকলো থিয় হব লাগে, কোনো মহিলাৰ ওপৰতে এনে ব্যৱহাৰৰ প্ৰতিবাদ হব লাগে। 


আৰু এইখিনি হৈছিল ও। তেওৰ আপডেটটোৰ পিছতে লক্ষ লক্ষ জনতা তেওৰ সপক্ষে ঠিয় হৈছিল, আৰু প্ৰত্যেকজন সংবেদনশীল মানুহ আজিও সেই স্থানতে আছে। আমাৰ দৰে প্ৰায়বোৰ লোকেই বিচাৰিছিল, কেৱল এই ঘটনাই নহয়, এনেধৰণৰ সকলো ঘটনাকে দৃঢ়মুষ্ঠিৰে নিঃশেষ কৰিব লাগে। এনে অত্যাচাৰৰ বিৰূদ্ধে মাত মতাৰ সাহসখিনিৰ বাবে সেই সৰু ছোৱালীজনীক আমি কৃতজ্ঞতা জনাইছিলো- আৰু আশা কৰিছিলো পুলিচ প্ৰশাসনে লগে লগে দৃঢ় পদক্ষেপ লব। (মই এই বিষয়ক প্ৰতিটো আপডেটতে এইটো কথা লিখিছিলো- যে চিন্তা কৰিব নেলাগে, একচন হবই এইবাৰ) 


নোলোৱাও নহয়। শুনা মতে যোৰহাটৰ সাংসদ, পুলিচ অধীক্ষককে ধৰি যোৰহাট লগতে অসমৰ বহু সচেতন লোকে নিজ নিজ ক্ষমতাৰে শুভলক্ষ্মীক সহায় কৰিবলৈ ওলাই আহিল। এয়া কোনোপধ্যেই বেয়া বুলিব পৰা ঘটনা নহয়। আজি যে এখন গেলি-পঁচি যোৱা সমাজত বাস কৰা নাই, পুলিচ প্ৰশাসন একেবাৰে অকৰ্মণ্য হৈ যোৱা নাই বা মানুহৰ মাজৰ পৰা মানবীয়তা একেবাৰে নিঃশেষ হৈ যোৱা নাই তাৰ প্ৰমাণ আকৌ ঘটনাটোত পালো। হয়তো অসমত চচিয়েল মেডিয়াৰ পৰা হোৱা গুৰুত্ত্বপূৰ্ণ ঘটনাবোৰৰ ইয়ো অন্যতম।অসমত ফেচবুকৰ আপডেটৰ যোগেদি ইমান মানুহ একেলগ হোৱা মই আগতে প্ৰত্যক্ষ কৰা নাই। 

মানুহখিনি একগোট হ’ল - প্ৰতিবাদ কৰিলে, চৰকাৰৰ পৰা সুবিচাৰ আশা কৰিলে- তাৰ কাৰণ এটাই! কাৰণ আজিও আমাৰ মাজৰ পৰা মানবীয়তা নোহোৱা হোৱা নাই। 

কিন্তু ইয়াৰ পাছৰ কথাখিনি কিন্তু একেবাৰে ঋণাত্মক হৈ গ’ল। পুলিচ থানা ঘেৰাও কৰা ঘটনাটোকো ‘ম’ব চেণ্টিমেণ্ট’ বুলি ধৰি লব পাৰি, মানসিক অশান্তিৰ বাবে এম পি ৰ ফোন নুঠোৱা ঘটনাটোকো বুজিব পাৰি। কিন্তু তাৰ পাছত? তাৰ পাছত আৰম্ভ হ’ল এক সুচিন্তিত ৰাজনৈতিক খেলা। ইয়াত দুটা পক্ষ হ’ল- এটা কংগ্ৰেছ দলৰ প্ৰায় মুখপাত্ৰ বুলি কব পৰা কেম’ফ্লেজ পিন্ধা 'বাওপন্থী’ আৰু আনটো হ’ল বৰ্তমানৰ শাসক দলৰ সমৰ্থক তথাকথিত সোপন্থী। দুই দলে এই ঘটনাটোক লৈ যি ৰাজনৈতিক খেল খেলিলে, সেই খেলত আমাৰ দৰে আন্তৰিকতাৰে এনেবোৰ ঘটনা বন্ধ হোৱাৰ আশা পালি থকা মানুহবোৰ কনফিউজড হৈ গ’লো- কোন শুদ্ধ কোন ভুল বুজিব নোৱাৰা হ’লো। যিটো সদায় হৈ থাকে। সকলোৱে নিজ নিজ সুবিধামতে ঘটনাটোৰ সঁচাই মিছাই নানান ৰূপ আমাক অহৰহ দেখুৱাই থাকিল- আমি কেতিয়াবা ইফালে গ’লো, কেতিয়াবা সিফালে গ’লো। মাজতে আচল ঘটনাটোৱে নিজৰ গুৰুত্ত্ব হেৰুৱালে। দুই মহৰ যুঁজত শুভলক্ষ্মীৰ লগতে আমাৰ দৰে মানুহবোৰো বিৰিণা হ’ল। দুই দলে দাবী কৰিছে তেওলোকে হেনো ইদলৰ মুখা খুলি দিলে। 

মোৰ বিচাৰ মতে এইটো এক অতি লজ্জাজনক ঘটনা। 

আপোনালোকে যুঁজি থাকক, আমাৰ কোনো কবলগীয়া নাই। আমি এতিয়াই একো কৰিব নোৱাৰো যদিও পাঁচ বছৰৰ পাছত আকৌ নিৰ্বাচন আহিব, তেতিয়া আমি আমাৰ সিদ্ধান্ত দিম। কিন্তু আমাৰ মনত কেইটামান প্ৰশ্ন আছে- সেইকেইটাৰ উত্তৰ আমাৰ প্ৰাপ্য। 

১। শুভলক্ষ্মীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰূদ্ধে প্ৰশাসনে কি কি ব্যৱস্থা ল’লে?

২। দোষী ধৰা পেলোৱা কঠিন বুলি বুজা যায়, কিন্তু যোৰহাটত এনে ঘটনা ৰোধ কৰিবলৈ কিবা বিশেষ ব্যৱস্থা লোৱা হ’লনে?

৩। শুভলক্ষ্মী ভালে আছেনে? তাই আৰু তাইৰ লগৰ ছোৱালীবোৰ(লগতে ল’ৰাবোৰো) আজিকালি আবেলি চাৰি বজাৰ পাছত নিসংকোচে সেই বাটেৰে যাব পাৰেনে?

৪। অসমত দৈনিক এনে ঘটনা হৈ থাকে বুলি বুজিব পাৰিছো, কিন্তু এই ঘটনাবোৰৰ সমাধানাৰ্থে কিবা হস্ৰ বা দীৰ্ঘম্যাদী পৰিকল্পনা আছে নে। 

এইকেইটা প্ৰশ্ন কেৱল চৰকাৰৰ প্ৰতিয়েই নহয়, লগতে আন্দোলনমুখী ছাত্ৰ সংগঠন আৰু অসমৰ সমূহ সচেতন ৰাইজৰ প্ৰতিও।

আকৌ কও- অসমৰ ১০০% আমাৰ দৰে সাধাৰণ লোকে এনে ঘটনাৰ বিৰোধিতা কৰে- আৰু সেই বিৰোধ তেওলোকৰ অন্তৰৰ পৰা আহিছে। এইকণ মানবীয়তাৰ বাবে আমাক কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাৰ প্ৰয়োজন নাই। এগৰাকী মহিলা- তেও লাগিলে বেশ্যাই হওক, ৰাজপথত আনকি ঘৰৰ ভিতৰতো নিৰ্যাতিতা হব নেলাগে।লগতে কোনো পুৰুষো নিৰ্যাতিত হব নেলাগে। 

এইয়া আমাৰ অন্তৰৰ আশা- সকলো নিৰপেক্ষ সচেতন অসমীয়া মানুহৰ আশা। সকলো মানুহৰ আশা!

বি. দ্ৰ. :- ই ঘটনাটো এজনী শুভলক্ষ্মীৰ ওপৰত হোৱা অত্যচাৰতকৈ বহু বেছি ভয়ংকৰ আৰু সুদূৰপ্ৰসাৰী। শুভলক্ষ্মী সঁচাই হওক, মিছাই হওক, সি এই সত্যটোৰ ওপৰত কোনো প্ৰভাৱ নেপেলাই যে আজি অসমৰ বাটে ঘাটে শত সহস্ৰ নাৰী লাঞ্চিতা, প্ৰতি মুহুৰ্ততে।

মোৰ এজনী ছোৱালী আছে, মনৰ মানুহজনী আ
ছে, ভণ্টী আছে, ভাগিণী আছে, ভতিজী আছে, বান্ধৱী আছে। তেওলোকৰ বাবে প্ৰতিদিনে অসহায় অনুভৱ কৰো, আজি তেওলোক সুৰক্ষিত নহয় বুলি মই পলে পলে অনুভৱ কৰো। তেওলোক ঘৰৰ পৰা ওলাই গ'লে ঘুৰি নহালৈকে শান্তি নেপাও। লগত থাকিলেও চাৰিওকাষৰ লোলোপ দৃষ্টিবিলাক মনতে গুজৰি গুমৰি হলেও সহি থাকিব লগা হয়। নুপুংসক যেন লাগে নিজকে।

মোক ইয়াৰ সমাধান লাগে, মোৰ শান্তিৰে থাকিবলৈ লাগে। আৰু তথাকথিত সমাজসেৱীৰ এই বিষয়ক পলিটিকেল আলোকপাত (বাঁও, সোঁ, উৰ্ধঃ,অধঃ সকলোকে সামৰি) শুনিবলৈ মোৰ এতিয়া ধৈৰ্য নাই

No comments:

Post a Comment