Monday, February 20, 2017

== চোৰ-পুলিচ ==


আগকথাঃ- 

সাধুটো কাল্পনিক, কিন্তু এনে ঘটনা কৰবাত ঘটি থকাৰ সম্ভাৱনা নোহোৱা নহয়। অৱশ্যে কোনো সঁচা ঘটনা বা ব্যক্তিৰ লগত কিবা মিল ওলালে সেয়া নিতান্তই কাকতালীয় বুলি মাৰ্জনা কৰে যেন। জয়ন্ত তালুকদাৰ আৰু প্ৰতিভূ দত্তলৈ অশেষ ধন্যবাদেৰে।

(১) কলিতা হোটেল ! আচলতে কি আৰু হোটেল ? থানাখনৰ দেৱালৰ বাহিৰত কোনো মতে এচলীয়াকৈ ঘৰ এটা সাজি দুজোৰ চকী বেঞ্চৰ সৈতে হোটলখন খুলিছে ৷ থানাৰ পুলিছকেইজনৰ লগতে থানালৈ অহা দুই এজনে মাজে সময়ে চাহ একাপ, ৰুটি তৰকাৰি দুই প্লেট খায় ৷ দিনটোত বিক্ৰী বুলিবলৈ সিমানেই হয় ৷ পাছে আজি দুপৰীয়াৰে পৰা থানাত যেন মেলা লাগিছে ৷ থানালৈ ওপৰৱালা বিষয়াৰ গাড়ী আহিছে আৰু গৈছে ৷ দুজন বিষয়া দুপৰীয়াতে আহি থানাৰ ভিতৰত যি সোমালে ভিতৰতে আছে ৷ সেই বিষয়াসকল অহাৰ লগে লগে আহি থানত হাজিৰ হ’ল টি.ভি. ছেনেলৰ ৰিপোৰ্টাৰসকল ৷ অকল ৰিপোৰ্টাৰেই নে ? তেওঁলোকৰ লগত আহিছে কেমেৰামেন, ওপৰত এন্টেনা লগোৱা ও.বি. ভেনবোৰ ৷ তাৰোপৰি আছে উৎসুক জনতাৰ ভিৰ ৷

প্ৰথমে ‘‘আজি ইনকাম হ’ব !’’ বুলি উৎসাহিত হোৱা মহেশ কলিতাই চাহ গৰম কৰি কৰি, ৰুটি সেকি সেকি এটা সময়ত অতিস্থ হৈ গৈছে ৷

- ‘‘হেই .. আৰ নৰো দে , কোকাল বিহেই গেছি ! কি যি পাতছি এখান ! এহাতো নাযই , ঘুমবাও নৰা হ'লু ! হলাক বুলি আৰ চাহ বনেইয়ি থাকিম না!’’, মহেশ কলিতাই বিষোদগাৰ কৰিলে ৷

হোমগাৰ্ড কমল ঠাকুৰীয়াই ধমক দিলে, - " সিগলা বাদ দি , আজিই চাঞ্চ .. যিমান পাৰা থুপৰেই ল ! আৰু ইত্যেই চাইৰ কাপ ইস্পেচেল চাহ বনোও জল্দি , এচ পি চাৰোক লাগে !’’

(২) একে সময়তে থানাৰ ভিতৰত এছ.পি. ব্ৰজেন বৰুৱায়ো চিঞৰি উঠিল,

- ‘‘চাল্লা পাগল হৈ যাম ! আৰু নোৱাৰিছো ! একো নহয়ো, মানুহবোৰো নাযায়, শুবও নোৱাৰা হ’লো ৷ হ’ল বুলি আৰু কিমান ডিউটি কৰিম ?’’ 


প্ৰকৃততে এছ.পি. বৰুৱাৰ আচৰণত এডিছনেল এছ.পি. পৰমানন্দ হালৈ বাৰুকৈয়ে আচৰিত হৈছে ৷ হালৈয়ে এছ.পি. বৰুৱাৰ সৈতে কেইবা বছৰ একেলগে কাম কৰিছে, লেখ জোখ নোহোৱাকৈ বিভিন্ন অপাৰেচনত অংশ গ্ৰহণ কৰিছে ৷ পাছে আজিৰ কেছটোত এছ.পি. বৰুৱাৰ আচৰণ যিমান আচহুৱা যেন লাগিছে তাতকৈ এডিছনেল এছ.পি. হালৈৰ বাবে বিৰক্তিকৰ হৈ পৰিছে ৷ দুপৰীয়াৰ পৰা আৰম্ভ কৰি বিয়লি ছয়মান বজামানলৈ প্ৰাৰম্ভিক দৌৰাদৌৰি, অনুসন্ধানত এছ.পি. বৰুৱা পূৰ্ণোদ্যমে লাগি আছিল ৷ পাছে অনুসন্ধানত যিমানেই তথ্য বাহিৰ হ’বলৈ ধৰিলে এছ.পি. বৰুৱাৰ উদ্যম যেন কমি আহিল ৷ তেওঁ থানাৰ চকীত বহি বহিয়ে সময়বোৰ পাৰ কৰিবলৈ ধৰিলে ৷ মাজে মাজে ফেছবুক, হোৱাটছআপত ব্যস্ত হৈ পৰে, দুই এটা ফোন কৰে, আহে৷ অত দিনৰ অভিজ্ঞতাত এডিছনেল এছ.পি. হালৈৰ মনত পৰা নাই কৰ্তব্যৰ সময়ত এছ.পি. বৰুৱাক এনেদৰে ব্যৱহাৰ কৰা মনত নপৰে৷ চেলেঞ্জিং কেছ পালে মানুহটোৱে শোৱন-খাৱন পাহৰি যায়, আৰু তেওৰ অধীনস্থ অফিচাৰ, কনিষ্টবল সকলৰো চূৰ্তি নাইকিয়া হয়। পুলিছৰ মাজত টাফ টাস্কমাষ্টাৰ, টাইগাৰ আদি বিভিন্ন উপনামেৰে জনাজাত এছ.পি বৰুৱাৰ আজিৰ ব্যৱহাৰ খুবেই অস্বাভাবিক ৷

(৩) একে সময়তে থানাৰ বাহিৰত জুম বান্ধি থকা সাংবাদিকসকলৰো ধৈৰ্য্যৰ বান্ধ খোল খাই আহিবলৈ ধৰিছে ৷

- ‘‘চাল্লা ! পাগল কৰি দিব ঔ ! লাইভ কৰিম বুলি কিমান আৰু বোন্দাপৰ দিম ? একো নহয়েই দেখোন ?’’, ডেইলি নিউজৰ অনিল ৰতন বৰাই ভোৰভোৰাবলৈ ধৰিলে ৷ নিউজ ২৪ৰ যুৱতী সাংবাদিক ৰশ্মিৰেখাৰ সাংবাদিক সমাজত নাম আছে ধৈৰ্য্যশীলা বুলি ৷ সেই ৰশ্মিৰেখাৰো মুখমণ্ডলত বিৰক্তি তথা হতাশাৰ চিন স্পষ্টকৈ ফুটি উঠিছে ৷

-‘‘অ’ অনিল দা, এনেকৈ কিমান ৰ’ম আৰু ? আজি কিবা হ’ব জানো ?’’, 

ৰশ্মিৰেখাই জ্যেষ্ঠ সাংবাদিক অনিল ৰতন বৰাৰ ওচৰলৈ গৈ প্ৰশ্ন কৰিলে ৷ কাষতে ঠিয় হৈ ফোনত ব্যস্ত হৈ থকা আন এজন সাংবাদিক বিনয় বৰুৱাৰ আকৌ এছ.পি. বৰুৱাৰ সৈতে অলপ ঘনিস্থতা আছে, 

- ‘‘এটা কথা ব্ৰজেন বৰুৱাই হৈছে মেইন মানুহ ৷ অপাৰেচনলৈ তেওঁ যাব যে মই জানো ৷ আজিলৈ তেওঁক কেতিয়াও ইমান পৰ এনেকৈ ৰৈ থকা দেখা নাই ৷ আজি কি হৈছে একো পাত্তাই পোৱা নাই ৷ আকৌ এবাৰ ব্ৰজেনদাক কথাটো সুধি আহোঁ হৈ ৷’’, 

বিনয় বৰুৱাই কথাখিনি কওঁতে ইচ্ছা কৰিয়েই ‘ব্ৰজেনদা’ বুলি অলপ লগাতকৈ জোৰকৈ উচ্ছাৰণ কৰিলে ৷ বিনয় বৰুৱাই সহ সাংবাদিক সকলৰ আগত দেখুৱাব খুজিলে তেওঁৰ এছ.পি. বৰুৱাৰ সৈতে কিমান ঘনিস্থতা ৷

কথাখিনি কৈয়ে বিনয় বৰুৱাই থানাৰ ভিতৰলৈ খোজ দিলে ৷

(৪) "নাই হে,.. এই চাইবাৰ চেলৰ কেইটাৰ দ্বাৰা একো নহ'ব, ফোন নাম্বাৰ এটাকে ট্ৰেচ কৰিব পৰা নাই, এই চাৰিঘণ্টা হ'ল। চাওচোন ৰবা কি হয়?"

বিনয় বৰুৱাৰ "দাদা কিবা খবৰ আছেনে?" বুলি সোধা প্ৰশ্নটোৰ উত্তৰত এছ পিয়ে এনেকৈ ক'লে। থানাৰ অ. চি. ৰ চকীখনতে মানুহজন বহি আছে, অলপ বেঁকাকৈ। টেবুলত এটা মোবাইল ফোন পৰি আছে, এটা এচ পিৰ হাতত। দুইটা ফোনতে 'ৰাফ ইউজ'ৰ চিন বিদ্যমান। হাতত থকা মোবাইলটোত দুই হাতৰ আঙুলিৰে অহৰহ কিবা কিবি টিপি আছে। হয়তো কোনো বন্ধুৰ লগত হোৱাটচ এপত চাট কৰাত মগ্ন।

বিনয়ে কিন্তু অংকটো মিলাব পৰা নাই, ব্ৰজেন বৰুৱাই এনে সংকটৰ সময়ত 'চাট' কৰি আছে? কিবা পৰকীয়া কথা নাইতো? বিনয়ৰ ওঁঠৰ কাষত জান নিজান কৈ এটা হাঁহিৰ ৰেখা দেখা দিলে। ব্ৰজেন বৰুৱাৰ সেইবোৰলৈ কোনো মনকাণ নাই। এনেয়ো মানুহটোৱে কি ভাৱি আছে ধৰিব নোৱাৰি, 'টেনচনে'ই হৈ আছে, নে ফুৰ্তিতে আছে মুখ চাই কোৱা অসম্ভৱ। পুলিচী পোচাকজোৰো অযত্নপালিত। 

মাজে মাজে দুই এটা ফোন কৰিছে, সিমুৰত থকা কাৰোবাক সাজু হৈ থাকিবলৈ কৈছে, কাৰোবাক আমিনগাঁৱৰ ফালে অলপ আগুৱাবলৈ কৈছে, আকৌ ঘুৰি আহিবলে কৈছে। কাৰোবাৰ ধমকি মাৰিছে, কেতিয়াবা হাঁহিছেও। ইমান দিনৰ সাংবাদিকতাৰ অভিজ্ঞতাৰে বিনয়ে বুজিছে, আজি ৰাতিয়েই কিবা এটা হব। শ্বাৰ্প শ্বুটাৰ সকলোকো সাজু হৈ থকা দেখিছে।
এটা নোহোৱা নোপোজা 'ব্ৰেকিঙৰ' সম্ভাৱনা পুৰাদমেই আছে, এই সুবিধা মেডিয়াই এৰিব নোৱাৰে। অকল বিনয়েই নহয়, মহানগৰীৰ ইলেক্ট্ৰনিক মেডিয়া, প্ৰিণ্ট মেডিয়া, সকলোৱেই এইটো ব্ৰেকিঙৰ অপেক্ষাত টোপনি খতি কৰি বহি আছে। কোনে বেছি ভাল ভিজুৱেল দেখুৱাব পাৰে, তেওৱেই বিজয়ী হব। ভাৰতবৰ্ষতে এনে 'ব্ৰেকিঙে' তোলপাৰ লগাই দিব তাত কোনো সন্দেহ নাই। 

পুলিচ আৰু মেডিয়াৰ সদায়েই 'লাভ-হেট' সম্পৰ্ক। ভয়ো কৰে, ভালো পাই কিন্তু ইটোৱে সিটোক এৰি থাকিব নোৱাৰে। বিনয়ে এইটোও নুবুজাকে থকা নাই যে, পুলিচে মেডিয়াৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছে।কিন্তু মেডিয়াও হাত সাৱটি বহি থকা নাই। পুলিচৰ প্ৰতিটো পদক্ষেপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। পুলিচ কনিষ্টবল এজনো মেডিয়াৰ দৃষ্টিৰ পৰা সাৰিব পৰা নাই। ব্ৰজেন বৰুৱা তো চিটি এচ পি। 

৫) এই হাই প্ৰফাইল কিডনেপিঙৰ ঘটনাটোৱে দৈনন্দিন জীৱন জোখতকৈ বেছি অভ্যস্ত হৈ পৰা মহানগৰ বাসীক জোকাৰি পেলালে। এনেকুৱাও হব পাৰে নেকি? মানুহ ইমান তললে নামিব পাৰে নেকি? বিশ্বাস বোলা বস্তুটো ইমান মূল্যহীন হৈ পৰিল নেকি? স্বাভাৱিক ভাৱেই মেডিয়াত এই ঘটনাটোৱে যথাযোগ্য গুৰুত্ব পালে। ৰাইজৰ মনত অপহৃতজনৰ লগতে পৰিয়ালৰ প্ৰতি অনুকম্পা থাকেই, তেওলোকো ৰৈ থাকে ভাল বাতৰি এটা শুনিবলৈ। গতিকে ৰাইজক প্ৰতিমুহুৰ্তৰ খবৰ জনাই থকা মেডিয়াৰ দ্বায়িত্বৰ ভিতৰতে পৰে। নিশ্চিত খবৰ আহিছে যে আজি ৰাতিয়েই এই সমগ্ৰ ঘটনাটোৰ ওপৰৰ পৰা আঁৰকাপোৰ আঁতৰাৰ সম্ভাৱনা আছে, গতিকে মেডিয়া এতিয়া শুই থাকিলে নহব। 

কিন্তু কথাবোৰ বিনয়ে ভৱামতে আগবঢ়া নাই। পুলিচে মেডিয়াক মিছা কথা কৈ বিভ্ৰান্ত কৰাৰ চেষ্টা কৰি আছে বুলি বিনয়ে কি সকলোৱেই নজান নহয়। কিন্তু এই পৰিবেশত মেডিয়াৰ চকু এৰাই পুলিচে খোজ এটাও দিব নোৱাৰে বুলি বিনয় নিশ্চিত। কিন্তু পুলিচো কম নহয়, কোন মুহুৰ্তত কেনি ওলাই যায় ঠিক নাই, গতিকে সতৰ্ক হৈ থকাৰ প্ৰয়োজনো আছে। 

বিনয়ে আৰু ভালকৈ জানে, চৰকাৰৰ ফালৰ পৰা পুলিচৰ ওপৰত অসম্ভৱ 'প্ৰেচাৰ' আছে, সচিবালয়ত এই ঘটনাৰ গতিবিধি লক্ষ্য ৰাখিবলৈ এজন বিষয়াক বিশেষ দ্বায়িত্ব দিয়া হৈছে। গৃহমন্ত্ৰীয়ে এঘণ্টাৰ মুৰে মুৰে 'আপডেট' বিছাৰি আছে। পুলিচৰ সকলো 'ৱিঙক' এই ঘটনা 'উচ্চতম প্ৰায়'ৰিটি'ত লবলৈ আদেশ দিয়া হৈছে। 

তাৰ ফলতেই আজি চিটি এচ পি, এডিচনেল এচ পি, আৰু কমাণ্ডো বাহিনী আজি এই থানাত। লগত মেডিয়া, আৰু উৎসাহী জনতা। সকলোৱে মনে প্ৰাণে প্ৰাৰ্থনা কৰিছে এই অপহৰণৰ ঘটনাৰ এক যোগাত্মক সমাপন হওক। মানবীয়তা বোলা বস্তুটো আজিও জীয়াই আছে, সোয় প্ৰমাণ হওক, পুলিচে নিজৰ কৰ্মদক্ষতাৰ প্ৰমাণ দিয়ক, অপৰাধীৰ শাস্তি হওক। 

সকলো নিয়ম মতেই চলি আছে, মাত্ৰ ব্ৰজেন বৰুৱাৰ বাদে। সমগ্ৰ অপাৰেচনটোৰ মূল দ্বায়িত্বত থকা মানুহজন এই মুহু্ৰ্তত হোৱাটচএপত ব্যস্ত। এনেই ওপৰৰ নিৰ্দেশ আছে বাবে থানত বহি 'টাইম পাছ' কৰি আছে নেকি তেও? কিন্তু কিয় এনেকুৱা কৰিছে মানুহজনে? বিনয়ে জানে তেও এনেকুৱা মানুহ নহয়। বিশ্বাসেই কৰিবলে টান যে এচ পি ব্ৰজেন বৰুৱাৰ দৰে মানুহে এই ঘটনাটোত যথোপযুক্ত গুৰুত্ব দিয়া নাই।

নহয়, নহয়, বোধহয় কথাবোৰ ইমান জটিল নহয়। এচ পি হয়তো কিবা ভাইটেল ইনফৰ্মেচনৰ অপেক্ষাত। সেইটো পালেই অপাৰেচন আৰম্ভ হব। আৰু পাৰিলে পুলিচে মেডিয়াৰ চকুৰ আঁৰতে কামটো কৰিব বিছাৰিব। তাৰ বাবে অৱশ্যে সকলো সাজু।

৬) ঘড়ীত বাৰ বাজি গ'ল। হঠাতে এচ পিয়ে কাৰোবাক উদ্দেশ্য কৰি কৈ উঠিল

- "কিবা খাবলে যোগাৰ হব নেকি হে? বাট চাই চাই পেটৰ ভোকৰ কথা পাহৰিয়েই আছিলো।"

এচ পি চাৰে ৰাতি বাৰ বজালেকৈ একো খোৱা নাই বুলি থানাৰ সকলোৱে জানে, গতিকে অচিয়ে আগতেই কলিতা হোটেলৰ পৰা ৰুটি, তৰকাৰী, অমলেট আদি অনাই ৰাখিছিল। কনিষ্টবল এজনে আথেবেথে ৰুতি তৰকাৰী সজাই দিলে। এডিচনেল এচ পি হালৈকো একে টেবুলতে বাঢ়ি দিলে। মোবাইল টিপি টিপি দুইজনে বাতৰি কাগজত মেৰিওৱা ৰুতি আৰু ঠাণ্ডা হৈ যোৱা তৰকাৰী খালে। বিনয়ে আগতেই কিবা অলপ খাই লৈছিল। দুইজনৰ ওপৰত চকু ৰাখি থকা প্ৰয়োজন। 

এচ পি বৰুৱাই বাৰান্দালৈ উঠি গৈ হাতখন ধুলে, সশব্দে বটলটোৰ পৰা পানী অলপো খালে। দিনৰ ভয়ংকৰ গৰমটো অলপ শাম কাটিছিলগৈ তেতিয়ালৈ। 

-"হালৈ! তামোল এখন খাবলে পাম নে কৰবাত? পালে বৰ ভাল আছিল!" - কুলকুলি কৰি পানী খিনি পেলাই এচ পিয়ে সুধিলে। 

ওচৰতে এখন পান দোকান নথকা নহয়। ৰাতি এঘাৰ বজালৈকে খোলা থাকে। কিন্তু আজি মানুহৰ সমাগম বেছি দেখি 'ঠাকুৰে' দোকান বন্ধ কৰা নাই।কলিতাৰ হোটেলৰ ৰুতি তৰকাৰীৰ গ্ৰাহক আৰু এজন বেছি আজি।

বিনয় সজাগ হৈ উঠিল। ঠাকুৰৰ দোকানখন অলপ দূৰত, এডিচনেল এচ পিক লগত লৈ ব্ৰজেন বৰুৱাই তাত তামোল খাবলৈ যোৱা কথাটো সম্পূৰ্ণ সন্দেহ আৱৰ্তত। বিনয়ে আজিলৈকে ব্ৰজেন বৰুৱাক বৰ বেছি তামোল খোৱা দেখা নাই, কেতিয়াবা কৰবাত এক আদটুকুৰা, পালেও পালে নেপালে নাই। এয়া নিশ্চয় নাটক, মেডিয়াৰ চকুত ধূলি দি দুইজন মিছনত যাবলৈ ওলাইছে। আৰু এক মিনিট মানৰ আগতে এচ পিলৈ এটা ফোন অহাও বিনয়ে নিজে দেখিছে। 

সুসজ্জিত কমাণ্ডো কেইজনৰ হাৱভাৱলৈ চাই বিনয়ৰ অনুমান আৰু গাঢ় হ'লে। সকলোৱে নিজৰ সা-সাৰঞ্জান বোৰ গায়ে মুৰে বান্ধি লৈছে। চকুৰ পৰা টোপনিৰ আৱেশ আঁতৰি গৈছে। বিনয়ে দৌৰি গৈ নিজৰ কেমেৰামেন আৰু ভানখনক খবৰ দিলে। বাকীবোৰ চেনেলো সজাগ হৈ উঠিল। অপৰেচন আৰম্ভ হব এতিয়া। 

বিনয়ৰ অনুমান সঠিক বুলি প্ৰমাণিত হ'ল, তামোল খাবলৈ যোৱা এচ পি আৰু এডিচনেল এচ পি পুলিচৰ টাভেৰা গাড়ী এখনত জপিয়াই উঠিল, আৰু তীব্ৰগতিৰে গাড়ীখন আঁতৰি গ'ল। অলপ পিছে পিছে চাৰি -পাছখন মান গাড়ীত কমাণ্ডো বাহিনী। মেডিয়াৰ গাড়ী কেইখনো লগে লগে আগবাঢ়িল। পুলিচৰ গাড়ীকেইখন ফল' কৰিব নোৱাৰিলে সকলো মিছা। প্ৰতিদ্বণ্ডী চেনেল এটাৰ গাড়ী এখনে পিছৰ পৰা একেৰাহে হৰ্ণ বজাই আছিল, বিনয়ে ড্ৰাইভাৰক চাইড নিদিবলৈ ক'লে। ৰাতিৰ এন্ধাৰত জিলিকি উঠা পুলিচৰ গাড়ী কেইখনৰ ৰঙা বেকলাইট কেইটা যাতে চকুৰ পৰা আঁতৰ নহয়। এটি এটি চেকেণ্ড মহামূল্যৱান এই সময়ত। 

৭) গাড়ীবোৰ আহি ' ভেলী গ্ৰীণচ' নামৰ বিলাসী এপাৰ্টমেণ্টটোৰ ওচৰে পাজৰে ৰ'লহি।এই এপাৰ্টমেণ্টতে সংঘটিত হৈছিল অপহৰণৰ ঘটনাটো। বিনয়ে ইতিমধ্যে নিজৰ চেনেলত দুটা ব্ৰেকিং দিলেই। এক- পুলিচৰ অপাৰেচন আৰম্ভ, দুই- পুলিচৰ লক্ষ্যস্থান 'ভেলী গ্ৰীণচ'। হয়তো ভেলী গ্ৰীণচতে লুকাই আছে এই ষড়যন্ত্ৰৰ আঁতি-গুৰি। ইতিমধ্যে পুলিচে কৰ্ডন কৰি দিয়া ঠাইখিনিৰ বাহিৰৰ পৰা মেডিয়াৰ সকলো কেমেৰা 'ভেলী গ্ৰীণচ'ৰ মুখ্যদ্বাৰৰ ফালে ঘুৰিল। কোনো কোনোৱে 'নাইট ভিজন' ম'ড অন কৰি ল'লে। আৰম্ভ হ'ল এক বাঞ্ছিত উৎকণ্ঠাৰ। 

বিনয়ে স্পষ্টকৈ দেখা পালে, পুলিচে ভেলী গ্ৰীণচৰ নাইট চকীদাৰ জনক বাহিৰলৈ উলিয়াই আনিছে। মানুহজন আঠুকাঢ়ি বহি পৰিছে। ব্ৰজেন বৰুৱাৰ পিষ্টলটোও হাতত, চকীদাৰ জনে হাত যোৰ কৰি কিবা কিবি কৈ আছে। দুজনমান কমাণ্ডো ভিতৰলৈ সোমাই গৈ আৰু দুজনমান মানুহক বাহিৰলৈ লৈ আহিছে। এচ পিক অলপ উত্তেজিত দেখা গৈছে। 

কিন্তু এইয়া জানো ব্ৰেকিং নিউজ? এই চকীদাৰ কেইজনক পুলিচে ইতিমধ্যে কেইবাবাৰো জেৰা কৰিছে। থানালৈয়ো নিছে। এইটো বাতৰি মেডিয়াত এশবাৰ মান প্ৰচাৰ হ'লেই। ৰাতি দুই বজাত এইটো বাতৰি দি কিবা লাভ আছে জানো?

পুলিচৰ বডী লেংগুয়েজো একো উৎসাহজনক নহয়। কমাণ্ডো কেইজনে হয়তো বুজিছে এই কেটেঙা চকীদাৰ কেইজনক ধৰিবলৈ তেওলোকৰ ‘ইনচাচ’ ৰাইফলবোৰৰ কোনো প্ৰয়োজন নাই।বন্দুকবোৰ তলমুৱা হৈ পৰিছে। এচ পিৰ পিষ্টলটোও খাপত সোমালগৈ। মানে অভিযান বিফল হ'ল চাগে। 

অসময়ত বেষ্টনী শিথিল হৈ গ'ল। কপালত বিৰিঙি উঠা ঘামৰ বিন্দুকেইটা মুচি এচ পি ব্ৰজেন বৰুৱা টাভেৰা খনৰ ফালে আগবাঢ়িল। কি হ'ল বুলি সোধাৰ অদম্য ইচ্ছাটো বিনয়ে দমন কৰি ৰাখিলে। আজি আৰু একো হোৱাৰ সম্ভাৱনা নাই। মেডিয়া হতাশ হ'ল। ৰশ্মিৰেখাৰ মুখত স্পষ্ট বিৰক্তি। কিন্তু অভিজ্ঞ বিনয়ে বুজে, এইবিলাক কাম সদায় সফল হবই বুলি কোনো গেৰাণ্টি নাই। ব্ৰজেন বৰুৱালৈ অলপ বেয়াও লাগিল তেওৰ। 

৮) টাভেৰাখনে ব্ৰজেন বৰুৱাক পুলিচ কলনিৰ নিজৰ আৱাসৰ সমূখত নমাই দিলে, এডিচনেল এচ পি হালৈক ঘৰত নমাই ড্ৰাইভাৰজন ঘৰলৈ যাবগৈ। বিনয়হঁতৰ গাড়ীকেইখনে তেতিয়ালৈকে তেওৰ পিছে পিছে গৈ আছিল। বৰুৱাৰ ঘৰৰ লাইট জ্বলি উঠাও তেওলোকে দেখা পালে। আঢ়ৈ বাজিল আৰু। আজি যে তেও কলৈকো নেযায় একো নহয় সেয়া নিশ্চিত। কাইলৈ ৰাতিপূৱা আকৌ একেদৰে ফল' আপ কৰিব লাগিব। যিকণ পাৰি শুই লোৱা ভাল। 

৯) ব্ৰজেন বৰুৱাৰ পত্নীয়ে টোপনিৰ পৰা উঠি দুৱাৰখন খুলিলে, তেও এই কামত অভ্যস্ত। সদায় মানুহটো ভাগৰি জুগৰিয়েই ঘৰ সোমাই। বাঢ়ি থোৱা ভাত কেইটা খাবলৈয়ো শক্তি নেথাকে। কেতিয়াবা তেও খঙতে ভাৱে

- এই ধৰণৰ মানুহে ঘৰ সংসাৰ কিয় কৰে জানো?

কিন্তু আজি দেখোন কথা অলপ বেলেগ। ভিতৰ সোমায়েই মানুহটোৱে সাধাৰণতে কৰাৰ দৰে শুই থকা একমাত্ৰ নিজৰ ছোৱালীজনীৰ বিচনাৰ ফালে নগ'ল। ছাৰ্টৰ বুটাম খুলি পোনে পোনে বেলকনি পালেগৈ, বেলকনিৰ লাইট বন্ধ। কিন্তু ঘৰটোত বেলকনিৰ পৰাহে মোবাইল নেটৱৰ্ক ভালদৰে পোৱা যায়। মানুহজনে চেপা কিন্তু উত্তেজিত মাতেৰে কাৰোবাৰ লগত কথা পাতি থাকিল একেৰাহে। 

তিনি বাজি পোন্ধৰ মিনিট গৈছে। আজি তেওৰ আচহুৱা ব্যৱহাৰ দেখি শ্ৰীমতীও শুবলে যোৱা নাই, ড্ৰৱিং ৰুমতে বহি অপেক্ষা কৰি আছে। আজি নিশ্চয় কিবা বিশেষ দিন। মানুহটোক কিবা এটা সুধিবলৈয়ো ফোনটো এৰাই নাই নহয়!

বৰ বেছি বিশ মিনিট মান হৈছে, হঠাতে এচ পি বৰুৱাই ভীষণ জোৰেৰে চিঞৰি উঠিল... মাত ডাঙৰ হৈ গ'ল। ফোনটো কাণত লগায়েই তেও কোঠাৰ ভিতৰলৈ সোমাই আহিল। পাগলৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰিলে তেও। চোফাত বহি থকা মানুহগৰাকীক জোৰেৰে সাৱটি ধৰিলে - অলপ ডাঙিও দিলে...ধ্যান কিন্তু ফোনত। 

- "গুড জব! ফেণ্টাষ্টিক! ফুল প্ৰটেকচন দি থানালৈ লৈ আহা। মই এতিয়াই গৈ আছো। চাল্লা কুকুৰহঁতে..মোক চেলেঞ্জ কৰিছিল! বাপেৰক চিনিপোৱা নাই, ... চাল্লা .. তহঁতৰ ...খানদানক .মই ... কুকুৰৰ পোৱালী হঁত..মোৰ নাম ব্ৰজেন ... " - মাজে মাজে দুই এটা শব্দই শ্লীলতাৰ একেবাৰে শেষ সীমা চুলেগৈ। 

উৎসাহত কথাবোৰ অসংলগ্ন শুনা গ'লা। মানুহজনীৰ বাবে এয়া ব্ৰজেনৰ অন্য এক ৰূপ। ক'ত কি হ'ল বুজিও পোৱা নাই মানুহজনীয়ে। তথাপিও নাৰীৰ সহজাত অনুভূতিৰে তেও বুজি পেলালে- আজি তেওৰ চাকৰীৰ নামত অহৌবলীয়া মানুহটোৱে কিবা এটা সাংঘাটিক কাম কৰিলে। ৰাতি তিনি বজাত টোপনিৰ পৰা উঠিব লগা হোৱাৰ খং নিমিষতে মাৰ গ'ল।
চোলাৰ বুটাম মাৰি মাৰিয়েই নিজৰ ব্যক্তিগত গাড়ীখনৰ চাবিটো লৈ এচ পি বৰুৱা তললৈ নামি গ’ল। 

১০) কিছুদিনৰ পাছৰ ঘটনা, ব্ৰজেন বৰুৱাৰ অফিচ, এডিচনেল এচ পি হালৈ সমুখত বহি আছে। সেইদিনাৰ পৰিবেশত লগত আজিৰ আকাশ পাতাল পাথক্য। কপালৰ বালিৰেখাবোৰ আজি নাই। 

“- বুজিছা, সেইদিনা বিনয়হঁতে অলপ বেয়া পালে, কিন্তু পাছত কথাটো বুজি পালেগৈ। মোক ফোন কৰিছিলে। “

- “কি ক’লে?” 

- “হাঁহিলে, আৰু ক’লে ‘ব্ৰজেনদা’ এইখন টনা আঁজোৰা চলি থাকিবই আৰু। কিন্তু সেইদিনা আপুনি আমাক সাংঘাটিক বুৰ্বক বনালে। সুবিধা পালে আমিও কিন্তু ‘বদলা’ লম। এনিৱে- কংগ্ৰেচুলেচনচ।“ 

- “হয় নেকি? মই আকৌ আমাৰ কথা কিবা বেয়াকৈ কৈ দিয়ে বুলিহে ভয় খাই আছিলো অলপ।“ 

- “নহয়...তেওলোকে তেনেকুৱা নকৰে। তুমি কথাটো তেওলোকৰ দৃষ্টিৰ পৰা চোৱাচোন! তেওলোকে কেৱল নিজৰ কাম কৰিছে। কাৰোতো একো অপকাৰ কৰা নাই, যি কৰিছে সেয়া তেওলোকৰ কৰ্তব্যৰ ভিতৰতে পৰে। আমাক কেতিয়াবা, ..কেতিয়াবা নহয়, প্ৰায়েই মেডিয়াৰ সহায় লাগে। মানুহৰ মাজত বিশ্বাস জীয়াই ৰাখিবলৈ মেডিয়াৰ সহযোগীতা লাগিবই। কিন্তু সেইদিনাৰ কথাটো বেলেগ আছিল। সেইদিনা মেডিয়াই কেনেবাকে ‘পুলিচৰ গাড়ী সোণাপুৰৰ ফালে গৈ আছে’ বুলি ব্ৰেকিং নিউজ প্ৰচাৰ কৰি দিলে কি হ’লহেঁতেন? আমাৰ গোটেই পৰিকল্পনা বিফল হৈ আনকি ভয়ংকৰ কিবা ঘটনাও হব পাৰিলেহেঁতেন। আৰু তুমি মেডিয়াক বেছিকৈ জোকাইয়ো লব নোৱাৰা, বা বাধা দিলেও তেওলোকে খুচৰি খুচৰি উলিয়াব। আমি কেতিয়াবা দেখোন নিজৰ মানুহকো বহুত কথা নকও, ক্লাছিফাইড কৰি ৰাখো। এইটোও তেনেকুৱাই ঘটনা আৰু। “

- “হয় চাৰ, সেইদিনা কেনেবাকে নিউজটো প্ৰচাৰ হৈ যোৱা হ’লে মুম্বাইৰ টুৱেণ্টি চিক্স –ইলেভেন হৈ গ’ল হেতেন। মোৰ ফালৰ পৰাও আপোনাক কংগ্ৰেচুলেচন চাৰ।“ 

- “থেংকিউ, পিছে অকল ময়েই নহয় দেই, গোটেই পুলিচ ফৰ্চ ধন্যবাদৰ পাত্ৰ। এয়া চোৱা, হ’ম মিনিষ্টাৰে পুলিচ ফৰ্চক অভিনন্দন জনাই মেচেজ দিছে।“ - মোবাইলটো দেখুৱাই বৰুৱাই ক’লে। 

=উপসংহাৰ=


ঘটনাৰ দিনা। কিডনেপিঙৰ ঘটনাটোৰ লগে লগে সমগ্ৰ ৰাজ্য জুৰি পুলিচ ফৰ্চক ৰেড এলাৰ্টত ৰখা হ’ল। কাৰণ কিছুদিনৰ পৰা পুলিচৰ দৃঢ় বিশ্বাস হৈ উঠিছিল যে এই অপহৰণৰ ঘটনাবোৰ দুই এজন বদমাছ লোকে মিলি কৰা নাই, ইয়াৰ পাছত লাহে লাহে জড়িত হৈ পৰিছে সুসংগঠিত অপৰাধী চক্ৰ, আৰু হয়তো কোনো উগ্ৰপন্থী গোটো। শেহতীয়া এটা হনী ট্ৰেপিঙৰ ঘটনাত পুলিচে উগ্ৰপন্থী জড়িত হৈ থকাৰ স্পষ্ট প্ৰমাণ পাইছিল। ভাগ্যক্ৰমে পুলিচৰ তৎপৰতাত মানুহজন ৰক্ষা পৰিল।
এই ঘটনাটোৰ ক্ষেত্ৰটো পুলিচে অতি কম সময়তে সন্দেহজনক মোবাইল নাম্বাৰ কেইটামান চিনাক্ত কৰি পেলাইছিল, আৰু চাইবাৰ চেলৰ সহায়ত ফোন কেইটাৰ গতিবিধি আৰু ব্যৱহাৰৰ ধৰণ লক্ষ্য কৰি আছিল। ফোন কেইটা ব্যৱহাৰ ঠাইবিলাকত চোৰাংচোৱাই তীক্ষ্ন দৃষ্টি ৰাখি আছিল।ইনফৰ্মাৰ বিলাককো সক্ৰিয় কৰা হৈছিল। সকলো খবৰ মিলাই আৰু নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰি এচ পি ব্ৰজেন বৰুৱাই জালখন ক্ৰমান্বয়ে কোঁচাই আনিছিল। শেষত গৈ দুটা ফোনত সন্দেহ বাকী থাকিলগৈ। এটা ফোন ব্যৱহাৰ হৈ আছে সোণাপুৰৰ ওচৰৰ এখন পাহাৰীয়া গাঁৱত, আনটো ৰাজ্যখনৰ প্ৰান্তৱৰ্তী অঞ্চল এটাত। ফোন টেপিং কৰা হ’ল, যদিও অপহৰণকাৰীসকলে পোনে পোন একো কথা নেপাতে, শুনিলে সাধাৰণ ব্যৱসায়িক কথা বাৰ্তা যেন লাগে। 

কিন্তু বহু অভিজ্ঞতাৰে পুষ্ট ব্ৰজেন বৰুৱাৰ বাবে এইবোৰ সাংকেতিক বাৰ্তা ডিচাইফাৰ কৰা বাওহাতৰ খেল। তেও নিশ্চিত হ’লগৈ অপহৃতক নিশ্চয় সোণাপুৰৰ ওচৰৰ কৰবাতে ৰখা হৈছে। কাৰণ সেইফোনৰ ব্যৱহাৰ কাৰীজন দুদিনমান ঘৰৰ পৰা ওলোৱাই নাই। কমাণ্ডো বাহিনীক অপাৰেচনৰ বাবে সাজু কৰা হ’ল। সকলো সময়তে পুলিচৰ ওপৰত তীব্ৰ দৃষ্টি ৰখা মেডিয়াইয়ো অনুমান কৰি পেলালে আজি পুলিচৰ হাতত কিবা নিশ্চিত প্ৰমাণ আহিছে, গতিকে তেওলোকো সতৰ্ক হৈ পৰিল।
সন্ধিয়া চাৰে সাত বজাত চাইবাৰ চেলৰ পৰা শেষ খবৰ আহিল, আনকি তেওলোকে অপহৃতক লুকুৱাই ৰখা সেই বিশেষ ঘৰটোও চিনাক্ত কৰি পেলালে আৰু চেটেলাইট ইমেজিঙৰ সহায়ত ঘৰটোৰ আকৃতি অনুমান কৰা হ’ল, কোন ফালৰ পৰা এম্বুছ কৰিবলৈ সুবিধা হব, বেক আপ কোন খিনিত থাকিব সকলো সিদ্ধান্ত লৈ পেলোৱা হ’ল। সমগ্ৰ মিছনৰ এখন মানচিত্ৰ তৈয়াৰ কৰা হ’ল। 

পুলিচৰ ওচৰত আৰু এটা ভাল খবৰ আছিল। যিমানদূৰ সম্ভৱ অপৰাধী কেইজন সিমান অভিজ্ঞ নহয়, কাৰণ তেওলোকে স্থান সলনি কৰাৰ চেষ্টা কৰা নাই। আৰু হয়তো তেওলোক যে ইতিমধ্যে পুলিচৰ দৃষ্টিত পৰিছে সেয়াও গম নেপায়।
কিন্তু দুটা সমস্যা এতিয়াও থাকিল। অপৰাধী কেইজনৰ হাতত কি অস্ত্ৰ শস্ত্ৰ আছে পুলিচে নেজানে। পিষ্টলৰ দৰে ফায়াৰ আৰ্মচ থকাৰ সম্ভাৱনাই বেছি। অপৰাধী কেইজনে গম পোৱাৰ আগতেই সেইকেইটা নিস্ক্ৰিয় কৰিব লাগিব। নহ’লে তেওলোকে হতাশাত অপহৃতৰ ওপৰতে আক্ৰমণ কৰি দিব পাৰে।

দ্বিতীয় সমস্যাটো হ’ল ঘৰটোত কেইজন মানুহ আছে সেইটো সথিক ভাৱে নজনা বাবে। এন্ধাৰত অপহৃতকে অপৰাধী বুলি ভুল কৰাৰ সম্ভাৱনা বহুত। তাৰোপৰি এনে অভিযানত কমাণ্ডোসকল প্ৰায়ে উত্তেজিত হৈ উঠে, অপৰাধীৰ ফালৰ পৰা আক্ৰমণ হ’লে, যি হোৱাৰ সম্ভাৱনা থাকেই, তেওলোকে আত্মৰক্ষাৰ বাবে গুলী চলাওতেও অপহৃতৰ কিবা অপকাৰ হব পাৰে। সকলো দিশ চালিজাৰি চাই আৰু ঘটনাৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰজেন বৰুৱাই নিজেই এই অভিযানৰ নেতৃত্ব দিয়াৰ সিদ্ধান্ত কৰিছিল। বৰ্তমান পুলিচ বিভাগত তেৱেই এনে পৰিস্থিতিত আটাইতকৈ অভিজ্ঞ মানুহ। মেডিয়াইয়ো সথিক অনুমান লগাইছিল, যে ব্ৰজেন বৰুৱাই মূল মানুহ, তেওৰ ওচৰে পাজৰে থাকিলেই সথিক গতিবিধিৰ উমঘাম পাই থকা যাব। গতিকেই সেইদিনা কলিতাৰ হোটেলত ভিৰ বেছি। 

কিন্তু মেডিয়াৰ এই উৎসাহে বৰুৱাক আন এটা চিন্তাত পেলালে। আগতেও তেও এনে বহু অপাৰেচন কৰিছে, কিন্তু এনেদৰে মেডিয়া পিছে পিছে লাগি থকাৰ অভিজ্ঞতা আনকি তেওৰো নাই। তেও নিশ্চিত অপৰাধী সকলে টেলিভিচনৰ নিউজ চেনেল কেইটাৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিছে, কেনেবাকৈ তেওলোক সন্দেহৰ আৱৰ্তত আহিছে বুলি গম পালেই তেওলোক ‘হষ্টাইল’ হৈ পৰিব। আৰু সেয়াই হব পুলিচৰ বাবে আটাইতকৈ বেয়া পৰিস্থিতি।

চাৰে সাত বজাৰ পাছতে বৰুৱাই এটা নতুন পৰিকল্পনা কৰি পেলালে। তেও জানিছিল, মেডিয়াৰ মানুহখিনিক বুজালে হয়তো বুজিব, কিন্তু তাৰ মাজতে এজন অত্যুৎসাহী পাপাৰাঝী নোলাব বুলি কোনো নিশ্চয়তা নাই। গতিকে তেও সমগ্ৰ মেডিয়াকে এন্ধাৰত ৰাখিবলৈ মনস্থ কৰিলে। 

প্ৰথমতে তেও কেইজন মান অন্তৰংগ বন্ধুলে হোৱাটচএপ মেচেজ কৰি তেওলোকৰ বাক্তিগত গাড়ী কেইখনমান যোগাৰ কৰিলে, যিবোৰ গাড়ী সাধাৰণতে পুলিচে ব্যৱহাৰ নকৰে। ৰিজাৰ্ভৰ পৰা বিশজন সুপ্ৰশিক্ষিত কমাণ্ডো দিবলৈ তেওৰ বন্ধু এচ পি পৰাগ শৰ্মালৈয়ো হোৱাটচ-এপতে বাৰ্তা পথালে। শৰ্মাই আকৌ হোৱাটচ-এপ প্ৰায় নেচায়েই, গতিকে ফেচবুকত হোৱাটচ এপ খুলিবলৈ বাৰ্তা দিয়াতহে কামটো হ’লগৈ। এইখিনি কৰোতে ৰাতি প্ৰায় এঘাৰ বাজিল। কোৱা স্বত্ত্বেও আকৌ কেইজন মান কমাণ্ডোৱে পুলিচী পোচাকেই পিন্ধি আহিল, তেওলোকক গাড়ীৰ ভিতৰতে সাধাৰণ পোচাক পিন্ধোৱা হ’ল। ডাঙৰ অস্ত্ৰবোৰ এৰি সৰু সৰু আগ্নেয়াস্ত্ৰ দিয়া হ’ল তেওলোকক।

বৰুৱাই নিজৰ ঠাইত এই অভিযানৰ নেতৃত্ত্ব দিবৰ বাবে নিৰ্বাচিত কৰিলে নৱ-নিযুক্ত ডি এচ পি চামচুল আলিক। তজবজীয়া ল’ৰাটো বৰুৱাৰ একান্ত ভক্ত। তাকো হোৱাটচএপতে বাৰে বাৰে উত্তেজিত নহৈ ঠাণ্ডা মগজুৰে কাম কৰিবলৈ সোঁৱৰাই থকা হ’ল। অপৰাধী থকা ঘৰটোৰ পৰা বহু আঁতৰতে গাড়ী ৰাখি খোজকাঢ়ি যাবলৈ নিৰ্দেশ দিায় হ’ল। লোকেল থানা অচিক সকলো বেক – আপ সাজু কৰিবলৈ কোৱা হ’ল। সকলো চলি থাকিব হোৱাটচএপ, ফেচবুক আৰু SMS ৰ যোগেৰে।
আৰু সেই গোটেইখিনি সময় বৰুৱাই ফোনত যাকে তাকে যি টি অৰ্থহীন কথা কৈ থাকিল, মেডিয়াই মাজে মাজে শুনিলে, যদিও বিভ্ৰান্ত হৈ পৰিল। বাৰ বজাত তেওলোকে থানাত শুকান ৰুতি চোবাই থাকোতেই নৱগঠিত কমাণ্ডো দলটোৱে চামচুলৰ নেতৃত্বত সোণাপুৰ অভিমুখে ওলাই গ’ল।

এতিয়া আহি পৰিল ব্ৰজেন বৰুৱাৰ নাটকৰ অন্তিম নাট্যমুহুৰ্ত। তেও মেডিয়াক দেখুৱাব বিছাৰিছিল, পুলিচৰ অভিযান বিফল হ’ল। গতিকে তেও সুসজ্জিত হৈ 'ভেলী গ্ৰীণচ' পালেগৈ, আৰু এনেই চকীদাৰ কেইজনক সোধা পোচা কৰি থাকিল। ইতিমধ্যে চামচুলৰ বাহিনী সোনাপুৰৰ গাঁওখনত সোমালগৈ। 

এইখিনি সময় বৰ জটিল, কিন্তু বৰুৱাই অভিনয় কৰি গ’ল। “ভেলী গ্ৰীণচ”ৰ তথাকথিত বিফল অভিযান সামৰি তিনি বজাৰ আগে আগে ঘৰ আহি সোমোৱাৰ লগে লগে বৰুৱাই চামচুলক 'ফাইনেল এছল্ট' কৰিবলৈ অনুমতি প্ৰদান কৰিলে। 

ইয়াৰ পাছৰ ঘটনাক্ৰম চমু, ক’ৰ পৰা কি হ’ল, অপৰাধী কেইজনে গমেই নেপালে। বৰুৱাৰ নিৰ্দেশ পোৱাৰ মাত্ৰ পোন্ধৰ মিনিটৰ ভিতৰতে সেই ঘৰটোত থকা সকলো লোককে বন্দী কৰা হ’ল, অপহৃতক নিৰ্দিষ্ট পদ্ধতিৰে চিনাক্ত কৰণ কৰা হ’ল আৰু লোকেল থানাৰ পুলিচ বাহিনীয়ে ঠাইখন কৰ্ডন কৰি পেলালে। 

আৰু এইফালে বৰুৱাৰ প্ৰিয়তমা পত্নী বহুদিনৰ মুৰত পতিৰ কোলাত একোলা উঠিল। 

কিছু সময়ৰ পাছতে চামচুল বাহিনীয়ে অফিচিয়েল ফৰ্মেলিটিখিনি পুৰা কৰি সকলোকে লগত লৈ মহানগৰ অভিমূখে যাত্ৰা আৰম্ভ কৰিলে। 

পূৱৰ আকাশে ঠলফাঁট দিবলৈ তেতিয়াও বহু বাকী। চৰাই বোৰে কিচিৰ-মিচিৰ কৰা আৰম্ভ কৰিছেহে মাত্ৰ।

No comments:

Post a Comment