Friday, November 25, 2016

আশাকৰো তোমালোক (১২)


মৰমৰ অকণ অকণিহঁত, 

তোমালোকে শুনি ভাল পাবা যে ফেচবুকীয়াসকলে কেৱল ইনবক্সত হাই কি কৃ্ছা মেচেজ দিয়েই নেথাকে, তেওলোকে একে সময়তে বিজ্ঞান, কলা , বাণিজ্য আদি সকলো দিশতে নজিৰ বিহীন সফলতা অৰ্জন কৰিছে। আমাৰ আটাইতকৈ বিখ্যাত ছাত্ৰজনৰ নাম হ'ল হীৰক, তোমালোকে নাম শুনিছাই ছাগে। তেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোটেই সৌৰজগতৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি গাজাৰীৰ নাম ৰৌশন কৰিছিল। সেয়ে আজিও নেপচুন গ্ৰহৰ এলিয়েন বিলাকে গাজাৰীৰ কথা ক'লে - ৰৌশন ডট কম বুলিহে কয়। 


সেইসময়ত দেশ শাসন কৰিছিল- মহাপৰাক্ৰমী ছত্ৰপতি সম্ৰাট ধৃষ্টকেতুয়ে। ধৃষ্টকেতুৰ বীৰত্বৰ লগতে খঙাল স্বভাৱৰ কথা সকলোৱে জানিছিল। সেই ধৃষ্টকেতুৰে একমাত্ৰ সন্তান আৰু উত্তৰাধিকাৰী আছিল - ধূমকেতু, যাৰ জনপ্ৰিয় নাম হ'লগৈ হীৰকজ্যোতি। হীৰক চাৰিত্ৰিক ভাৱে অলপ দুৰ্বল দেখি ৰজা ধৃষ্টকেতুয়ে তেওক 'চৰিত্ৰ পাঠ' বা Moral Studies নামৰ বিষয়টোত ঘৰুৱা শিক্ষক নিয়োগ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে। কথামতেও ওচৰৰ পাঠশালাৰ পণ্ডিত এজনক তেওক 'চৰিত্ৰ-পাঠ'ৰ টিউচন দিবলৈ লগোৱা হ'ল। 

প্ৰথম দিনা সকলো মাংগলিক কাৰ্য সমাপন কৰি হীৰকক গুৰুৱে পাঠদান দিবলৈ আৰম্ভ কৰিলে।

- "বৎস, নিজৰ চৰিত্ৰই সকলোতকৈ ডাঙৰ সম্পদ, তুমি আজিৰ পৰা সকলো ছোৱালীকে নিজৰ ভগ্নী বুলি জ্ঞান কৰিবা, তেতিয়াহে তোমাৰ চৰিত্ৰ নিষ্কলুষ হৈ থাকিব।"

এনেক্ষেত্ৰত হীৰকৰ তীক্ষ্ণ মস্তিষ্কই বুলেট ট্ৰেইনৰ গতিত কাম কৰে- তেও সুধিলে

- "গুৰুদেৱ, আপুনি এইষাৰ কথা সজ্ঞানে সুস্থ শৰীৰে কৈছেনে?"

- "হয় কৈছো, কিয় সুধিলা?"

- "গুৰুদেৱ, পৃথিৱীৰ সকলো ছোৱালীয়েই মোৰ ভগ্নী, কি বুজাব খুজিছে আপুনি? মানে ৰজা ধৃষ্টকেতু....মানে আপুনি সজ্ঞানে সুস্থ শৰীৰে কৈছে যে মহাৰাজ ধৃষ্টকেতু এজন -এজন চৰিত্ৰহীণ মানুহ। নহ'লে মোৰ ইমানবোৰ ভগ্নী কৰ পৰা হব? আপোনাৰ এই ধৃষ্টতা? মই এতিয়াই মহাৰাজক এই সংবাদ দিমগৈ..."

তেতিয়াহে গুৰুৱে কথাষাৰ টং কৰিলে আৰু হীৰকৰ চৰণত লুটি খাই পৰিল

- "অ' বোপাই ..তোক কি লগে ক, মই তাকে কৰিম। এইষাৰ কথা শুনিলে মহাৰাজে মোৰ প্ৰাণটো লবই লব।"

নিজৰ পৰিকল্পনা মতে কাম হোৱা দেখি হীৰকে মিচিকিয়াই হাঁহিলে

- "ঠিক আছে বাৰু, মই নকও ৰজাক। কিন্তু মনত ৰাখিব, এভ্ৰিথিং কামচ ৱিথ এ প্ৰাইচ টেগ।"


গুৰুৱে আকৌ প্ৰমাদ গণিলে- কাৰণ তেওৰ সুন্দৰী জীয়েকৰ ওপৰত হীৰকৰ চকু পৰি আছে বুলি সকলোৱে জানে। তেও আকৌ হীৰকৰ ভৰিত পৰিলে- 

- "অ বোপাই, মোৰ ছোৱালী এডুখৰিয়েই, কণাৰ লাখুটি। তাই তোমাৰ লগত ডেটিঙত যাবলৈ অনুমতি দিলে তাই বদনাম হৈ যাব। সেইটো দিব নোৱাৰিম , আন কিবা উপায় কৰা।"

পৰিকল্পনাৰ দ্বিতীয় ঢাপটোও সফল হোৱাত হীৰকে আকৌ মিচিকিয়াই হাঁহিলে।গুৰুদেৱে এতিয়া টোপ পুৰাকৈয়ে গিলিলে

- "থিক আছে গুৰুদেৱ, আজিৰ পৰা মই আপোনাৰ ছোৱালীক নিজৰ ভগ্নী বুলি ভাৱিম। সেয়াই নহয়, মই মহাৰাজক চুপাৰিছ কৰি আপোনাক আপোনাৰ বিদ্যালয়ৰ হেডমাষ্টৰলৈ প্ৰমোচন দিয়াম। বাট, ................. এভ্ৰিথিং কামচ ৱিথ এ প্ৰাইচ টেগ।"

পিছদিনা সঁচাকৈয়ে গুৰুদেৱে প্ৰমোচন লেটাৰ পালে, আৰু টিউচন কৰাৰ নামত হীৰকে ধিতিঙালি কৰি সময় কটোৱাৰ সুবিধা পালে।

এইদৰে কিছু বছৰ পাৰ হৈ গ'ল- সেইবাৰ হীৰকে প্ৰৱেশিকা পৰীক্ষা দিব। ৰবা তোমালোকে আকৌ প্ৰৱেশিকা পৰীক্ষা মানে কি নেজানাই নহয়- সেই সময়ত 'ক্লাছ টেন ব'ৰ্ড ইকজাম' ক প্ৰৱেশিকা পৰীক্ষা বুলিছিল। পৰীক্ষাৰ এসপ্তাহৰ আগতে হীৰকে সেই পণ্ডিত জনাক লগ ধৰিলে 

- "গুৰুদেৱ, আপোনাক মোৰ ঋণ সুজাৰ সুবিধা দিবলৈ আহিছো। প্ৰত্যেক পৰীক্ষাৰ আগদিনা ৰাতি আপুনি পেকেট খুলি এখন এখনকৈ প্ৰশ্নকাকত উলিয়াই মোৰ ঘৰত দি আহিবগৈ, আকৌ পেকেটটো ধুনীয়াকৈ 'লা' ৰে চীল কৰি থৈ দিব"


হীৰকে সকলো চাবজেক্টতে সেইবাৰ ১০০ ভিতৰত ১০৫ কৈ পাই সৌৰজগতৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিলে।  বাকীখিনি আজি ইতিহাস। 

মইনাহঁত, তোমালোকে জানিলা, কিদৰে নিজৰ প্ৰতিভাৰে হীৰকে নিজৰ লগতে দেশৰ নামো বিখ্যাত কৰিলে। 

ইতি
মৰমেৰে তোমালোকৰ

No comments:

Post a Comment