Monday, November 14, 2016

== সকলোতে অলপ বেছি বেছি ৰাজনীতি হৈছে==

 বন্ধু ভাষ্কৰজ্যোতি বৰুৱাৰ এটা আপডেটৰ আঁত ধৰি, 

এইকেইদিন মোৰ ফেচবুক মুলতঃ দুই ধৰণৰ মানুহৰহে কথা বাৰ্তা, আপডেট আদি চলি থকা যেন লাগিছে, আৰু দুই শ্ৰেণীয়েই বিপৰীত মেৰুত অৱস্থান কৰিছে। 

প্ৰথম বিধৰ মতে আগৰ ৬৫ বছৰৰ চৰকাৰ বোৰে যত যি কৰিলে সকলো বেয়া, এতিয়াৰ চৰকাৰ খনে কৰা সকলো কাম বিৰাট ভাল। আৰু ইয়াৰ একমাত্ৰ কাৰণ প্ৰধানমন্ত্ৰীজন। 

২য় বিধঃ- এতিয়াৰ চৰকাৰ খনে যি কৰি আছে এইসকলো কামে দেশখনক জহন্নামে নিব। তেওলোকে আজিলৈকে লোৱা সকলো পদক্ষেপেই ভুল আৰু এইবোৰেই সাধাৰণ জনতাক ভীষণ সমস্যাত পেলাইছে। 


কথা হ'ল ইয়াৰ কোনে এটা কথাই কিন্তু সম্পুৰ্ণ শুদ্ধ নহয়! দুইটা মতবাদ ভুল আৰু শুদ্ধৰ সংমিশ্ৰণ, অন্ততঃ মোৰ দৰে আৰু বহুতৰ দৃষ্টি ভংগীৰ পৰা। 

উদাহৰণ স্বৰূপে এই যে অলপতে ডিমানিটাইজেচন কৰা হ'ল ইয়াৰ ওপৰত দুটামান কথা কব পাৰি

১)অপৰিমীত ক'লাধন, বেআইনী ব্যৱসায়, আৰু নকলি নোটে কাবু কৰি পেলোৱা অৰ্থনীতিটোক পুণৰসংস্থাপিত কৰিবলৈ হয়তো ইয়েই সকলোতকৈ সম্ভৱপৰ আৰু কাৰ্যকৰী উপায়। ইয়াতকৈ ভাল উপায় থাকিব পাৰে কিন্তু সেইবোৰ হয়তো বৰ্তমান পৰিস্থিতিত সম্ভৱপৰ নহয়। 

২)কিন্তু এই কামটো যি উপায়ে কৰা হ'ল, মানে modus operandi টোত বহু আঁসোৱাহ থাকি গ'ল, গতিকে সৰ্বসাধাৰণ মানুহে জোখতকৈ বেছি কষ্ট পালে, আৰু আজিও পাই আছে। হয়তো কামটো আৰু ভালকৈ পৰিকল্পনা কৰি কৰিব পৰা গ'লহেতেন। 

৩) এইব্যৱস্থাটো কিমানদুৰ সফল হব, বা ক'লাধন সম্পূৰ্ণ নিয়ন্ত্ৰিত হব নে নাই সেই বিষয়ে শংকা নথকা নহয়। কিছু ৰাঘ-বৰালি যৈ সৰি যাব সেয়াও নিশ্চিত। লগতে এই ব্যৱস্তাটোৱে মুঠ ক'লাধনৰ এক বিশেষ অংশতহে প্ৰভাৱ পেলাব। 

গতিকে এই কামটোৰ ভাল বেয়া দুটা দিশ আছেই, এখন দেশ নেলাগে এটা সৰু কাৰ্যালয় চালবলৈ যাওতেও এনে সদায় এনে পৰিস্থিতিৰ সন্মুখীন হোৱা যায়।এনে সময়ত যদি আশাকৰা ফলাফলটোৰ ভাল দিশ ৫০%ৰ ওপৰলৈ যায়, তেতিয়াহ'লে সেই সিদ্ধান্ত গ্ৰহণযোগ্য বুলি ধৰিব পাৰি। আৰু তাৰ বাবে কিছুলোক অসুবিধাত পৰা আৱশ্যম্ভাৱী। "বাৰীৰ কাষৰ পুখুৰী সিঁচিলেও দুই চাৰিক শিঙিয়ে নুফুটে জানো?"

গণতান্ত্ৰিক ব্যৱস্থাটোৱেই তেনেকুৱা, কিন্তু মোৰ বোধেৰে কথাবোৰ ইছু বে'ছড নহৈ পাৰ্টি বে'ছড, বা ব্যক্তি বিশেষ বে'ছড হৈ পৰিছে। ই শুভলক্ষণ নহয়। 

আমাৰ ভাৰতীয় মানুহবোৰৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱেই হ'ল আমি সকলো বস্তুৰে অত্যধিক ৰাজনীতিকৰণ কৰোঁ। আমাৰ চিন্তাবোৰ পোনপটীয়া নহয় আজিকালি! ধৰা হ'ল আজি যদি কোনোবা এটা বিশেষ পাৰ্টিৰ মন্ত্ৰীয়ে আহ্বান জনালে যে- "আপোনালোকে বাটে পথে প্ৰস্ৰাব-পাইখানা নকৰিব, তেতিয়া আমাৰ দেশখন পৰিষ্কাৰ হোৱাৰ লগতে বেমাৰ আজাৰৰ পৰাও মুক্ত হৈ থাকিব।" এইটো এটা অতি সহজ সৰল দ্বিমত নেথাকিব লগীয়া কথা, আমি বিশেষ চিন্তা নকৰি পোনে পোনে মানিবলৈ চেষ্টা কৰিব লাগে, লাগিলে দুদিন কৌষ্ঠ-কাঠিন্যত কষ্টকে হওক। আৰু তাৰ কাৰণো এটাই হব লাগে। যিটো সকলোৱে জানে; ২য় শ্ৰেণীত পঢ়া ল'ৰা এটাইয়ো জানে বাটৰ কাষত প্ৰেস্ৰাব-পাইখানা কৰিলে বেয়া বুলি। 
কিন্ত আমি আজিকালি তেনেকৈ নেভাৱো- আমি প্ৰথমতে ভাৱিম সেই মন্ত্ৰীজন মোৰ পচণ্ডৰ মানুহ হয় নে নহয়? তেওৰ দলটো মই সমৰ্থন কৰা ৰাজনৈতিক দলটো হয় নে নহয়? যদি হয় কথাই নাই প্ৰশংসাৰে ভৰাই পেলাম, নিজেও কৰিম, আনকো কৰাম। 

আৰু যদিহে কেনেবাকৈ নহয়-লাগিল লেঠা। মই প্ৰথমতে নিজৰ মগজু আৰু সময় খটুৱাই বিচাৰি উলিয়াম যে এই আহ্বানৰ পিছত মন্ত্ৰীজনৰ কি কি ৰাজনৈতিক উদ্দেশ্য আছে, কি 'গিমিক' সৃষ্টি কৰি তেও নিজৰ জনপ্ৰিয়তা (সস্তীয়া??) বঢ়োৱাৰ চেষ্টা কৰিছে। দ্বিতীয়তে মই চিন্তা কৰিম, যে এই ব্যৱস্থাটোত কিমান আঁসোৱাহ আছে, কিমান ৰাজহুৱা ধন খৰছ হব? কিমান লোক অসুবিধাত পৰিব ইত্যাদি। আমি জানিও নজনা হৈ যাম যে ৰাষ্টাত প্ৰস্ৰাব পাইখানা কৰাতো নিশ্চিতভাৱে এটা বেয়া কাম, আৰু এইটো যিকোনো প্ৰকাৰে বন্ধ হব লাগে। 

আমি কিয় এনেকৈ ভাৱো? কাৰণ আমাৰ বাবে সেই মন্ত্ৰীজন এজন কেৱল ৰাজনীতিক, কাৰ্যবাহী বিষয়া হিচাপে তেওৰ ভূমিকাটো আমি সদায়েই পাহৰি থাকো। তাকে যদি জনস্বাস্থ্য বিভাগৰ এজন অফিচাৰে ক'লেহেতেন আমি হয়তো ইমান বেছি চিন্তা নকৰাকৈয়ে কথাটো মানি ললোহেতেন।

এইটো এটা সৰু উদাহৰণ, কিন্তু আপুনি নিজে এবা ভাৱি চাওকচোন, আপুনিও লাহে লাহে সকলো কথাকে ৰাজনৈতিক দৃষ্টিভংগীৰে ভাবিবলৈ লৈছে নেকি? আপোনাৰ ভাল বেয়াৰ সিদ্ধান্তবিলাকত ৰাজনীতিয়ে প্ৰয়োজনতকৈ বেছি প্ৰভাৱ পেলাইছে নেকি? বহু ক্ষেত্ৰত আপোনাৰ উত্তৰটো "হয়" ওলাব। স্বীকাৰ কৰো- মই নিজেও এই প্ৰভাৱৰ পৰা সম্পুৰ্ণ মুক্ত নহয়।

ৰাজনীতি গণতন্ত্ৰৰ এক এৰাব নোৱাৰা অংগ, আৰু সৰ্বসাধাৰণৰ ৰাজনৈতিক সচেতনতা এখন সুস্থ গণতন্ত্ৰৰ বাবে প্ৰয়োজনীয়। তথাপিও দেশখনৰ বাবে ৰাজনীতিয়েই সকলো নহয়। এতিয়াও দেশখনৰ বহু প্ৰয়োজনীয় কাম ৰাজনীতিৰ প্ৰভাৱ নোহোৱাকৈয়ে চলি আছে। দেশখন চলিবলৈ প্ৰয়োজন হোৱা বহুতো কাম কৰিবৰ বাবে কেন্দ্ৰত বিজেপি আছে নে কংগ্ৰেছ, সেইটো একেবাৰে অপ্ৰয়োজনীয় কথা। ৰাজনৈতিক সকলেই দেশখনৰ ভাল বা বেয়া কৰিব পৰা একমাত্ৰ লোক নহয়, দেশখন কেৱল তেওলোকেই চলাই থকা নাই। ৰাজনীতিক সকলৰ কাম আচলতে নীতি নিৰ্ধাৰণ কৰাতেই সীমাবদ্ধ। কাৰ্যকৰী কৰাৰ দ্বায়িত্ব অৰাজনৈতিক মানুহবোৰৰ, আৰু এওলোকেহে আচলতে দেশখন চলায়। 

হয়, ৰাজনৈতিক দল বিলাকে সকলো কথাৰ ৰাজনীতিকৰণ হোৱা বিচাৰে, যাতে তেওলোকেই দেশৰ সৰ্বেসৰ্বা হব পাৰে। জ্ঞানপীঠ বঁটা কোনে পাব সেইটো সিদ্ধান্তও তেওলোকে লবলে বিছাৰিব; কিন্তু আমি সেইটো হবলৈ দিয়া অনুচিত। তেওলোক নিৰ্বাচিত প্ৰতিনিধি- দেশৰ কাম কৰিবলৈ আমি তেওলোকক নিৰ্বাচিত কৰিছো, তেওলোকে নিজৰ কাম কৰক!আমি সচেতনতাৰে লক্ষ্য ৰাখিম। ভাল কাম কৰিব, প্ৰশংসা পাব, বেয়া কাম কৰিব, দলিয়াই পেলাম। আমি তেওলোকক আমাৰ বোধ শক্তি, সাধাৰণ জ্ঞান, অনুভূতি, জিজ্ঞাসা আদিৰ মালিক হবলৈ দিয়া নাই! 

ৰাজনৈতিক ব্যৱস্থাটোৰ সুস্থিৰতাৰ বাবেই আমাক কিছু অৰাজনৈতিক দৃষ্টিভংগীৰে চিন্তা কৰিব পৰা মানুহ লাগে।আৰু যিসকল ৰাজনীতিবিদ নহয়, তেওলোকে দৈনন্দিন জীৱনৰ সৰু সুৰা কাম, ব্যক্তিগত জীৱন, নিজৰ কাৰ্য়ালয়ৰ কাম আদিক দলীয় ৰাজনীতিৰ পৰা আঁতৰত ৰাখিবলৰ যৎপোৰনাস্তি চেষ্টা কৰিব লাগে! এই বিষয়ে ভাৰত সংবিধানত নিৰ্দেশনাও আছে- চাকৰিজীৱি ব্যক্তিক পোনপটীয়াকৈ ৰাজনীতিত অংশ লবলৈ নিদিয়াই ইয়াৰ প্ৰমাণ। 

কিছু চিন্তা কৰিব পৰা লোকে নিজক Apolitical কৰি ৰখা ভাল। এনে লোকৰ অভাৱ অনুভৱ কৰিছো। 

******************

এইখিনিতে মোৰ ব্যক্তিগত স্থিতি অলপ স্পষ্ট কৰা প্ৰয়োজন, একেবাৰে চিধা-চিধিকৈ কবলৈ গ'লে, 

কাজিৰঙাৰ পৰা অবৈধ বাংলাদেশী উচ্ছেদ = সম্পূৰ্ণ সমৰ্থন

হিন্দু বাংলাদেশীক ভোটাধিকাৰ আৰু নাগৰিকত্ব সংশোধন = সম্পূৰ্ণ বিৰোধ 

ডি-মনিটাইজেচন = সম্পূৰ্ণ সমৰ্থন 

চেচ আৰু টেক্স বৃদ্ধি আৰু নতুন চেচ = বিৰোধ

ধৰ্ম আৰু জাতি ভিত্তিক ভোটৰ ৰাজনীতি = সম্পূৰ্ণ বিৰোধ

জাতি ভিত্তিক সংৰক্ষণ ব্যৱস্থা = সম্পূৰ্ণ বিৰোধ

আৰু ঠিক তেনেদৰেই,  

"হু ইজ আজমল?" = সম্পূৰ্ণ সমৰ্থন

গড় চিকাৰী আৰু দুৰ্নীতি পৰায়ণ লোকক সুৰক্ষা= সম্পূৰ্ণ বিৰোধ

ধৰ্ম আৰু জাতি ভিত্তিক ভোটৰ ৰাজনীতি = সম্পূৰ্ণ বিৰোধ

জাতি ভিত্তিক সংৰক্ষণ ব্যৱস্থা = সম্পূৰ্ণ বিৰোধ

No comments:

Post a Comment