Tuesday, August 23, 2016

আশাকৰো তোমালোক ৯



মৰমৰ অকণ অকণিহঁত



তোমালোকে মন কৰিছা নিশ্চয়, আজি কিছুদিনৰ আগৰে পৰা ফেচবুকৰ কেইজনমান সদস্যই  ফেচবুকত #Readers_Challenge নামৰে এটা অপসংস্কৃতি আৰম্ভ কৰিছে। তোমালোকে এইবোৰৰ দ্বাৰা প্ৰভাৱান্বিত নোহোৱাই মংগল। কেতিয়াবা ভুলতে চকু পৰিলেও, আৰু সেই কিতাপবোৰৰ নাম বাপ-জনমত নুশুনিলেও তোমালোকে হতাশ নহবা।  কাৰণ সেইবোৰ কেৱল তোমালোকৰ দৰে নতুন প্ৰজন্মক হীণমান্যতাত ভোগোৱাৰ নিকৃষ্ট কৌশলহে মাত্ৰএই ফেচবুকতে এনে মহৎ পণ্ডিত আছে, তেওলোকৰ অধ্যয়নৰ তুলনাত #Readers_Challenge লিখাসকল  ধুলিকণাৰ জোৰৰো  নহয়।




তেনে এজন কালজয়ী ফেচবুকীয়া পণ্ডিতৰ নাম হ'ল অপু কইলতা। তোমালোকে বিশ্বাস কৰিবলৈ টান পাবা যে তেও 'ক' মান শ্ৰেণীত পঢ়ি থাকোতেই 'কুঁহিপাঠ' নামৰ শাস্ত্ৰখনৰ প্ৰথম খণ্ডটি পঢ়ি শেষ কৰিছিল, আৰু তাৰ পৰৱৰ্তী দহ বছৰ  মানতে  বাকী ২য়, ৩য় আৰু চতুৰ্থ খণ্ড পঢ়ি পেলাইছিল। তেওৰ 'কাৰনামা' দেখি তেওৰ শিক্ষক সকলেও তেওক হাত যোৰ কৰি প্ৰণাম কৰিছিল। 


ইয়াৰ পাছতে তেও সাহিত্য চয়ন, সাধাৰণ বিজ্ঞান, চৰিত্ৰ পাঠ (প্ৰথম ভাগ) আদি পুথিও অধ্যয়ন কৰিছিল যদিও সেইবিলাক জ্ঞানেৰে তেওৰ হেঁপাহ নপলাল। সপ্তম শ্ৰেণীত পঢ়ি থাকোতেই তেও আন পুথি পঢ়িবলৈ এৰি 'প্ৰয়োজনীয়' শাস্ত্ৰবিলাক অধ্যয়ন কৰিবলৈ লয় আৰু পঢ়াশালীয়া শিক্ষা সাং কৰে।সেই শাস্ত্ৰবিলাক অতি গুপুত বাবে ইয়াত উল্লেখ কৰিব নোৱাৰিলো। এই শাস্ত্ৰবিলাকত প্ৰাপ্ত জ্ঞানেকেই তেও ৰহস্যবাদৰ   আঁৰ কৰি  ৰাইজলৈ আগবঢ়াই আহিছে। 


 তেওৰ দৰে বিদগ্ধ পণ্ডিতত পাঠশালাৰ চাৰিবেৰৰ মাজত বন্দী কৰি থোৱাৰ বাবে তেওৰ জীৱনৰ কেইবাটিও বছৰ অবাবত নষ্ট হয়। তেও নিজ মুখেৰেই কৈ গৈছে


- "প্ৰথম দিনা স্কুললে যাওতেই কিতাপ জাপ দেখি মই গম পাই গৈছিলো, এইসোপাই মোক নুখুৱাই..."


তোমালোকে নিশ্চয় জানা যে আজি অপু কইলতাৰ সংসাৰ নাৰী, গাড়ী, বাৰীৰে উভৈনদী। তেও লিখা কবিতাত কাকো নেটেগালেও ১৫-২০ টা লাইক পৰে। আনহাতে #Readers_Challenger সকলৰ অৱস্থাতো তোমালোকে দেখিছাই। 


ডাকৰ বচনত কৈ গৈছে,  


"পঢ়ে, পঢ়াই, ৰোৱে পাণ
সেই তিনিৰ চলিবলৈ টান" 


গতিকে তোমালোকে সময় থাকোতেই #Readers_Challenge ৰ দৰে অপসংস্কৃতিৰ পৰা নিজকে ৰক্ষা কৰা আৰু ডাবল গুটি, তিন পাত্তি, তস্কৰি, তীৰখেল  আদি কামত মনোযোগ দিয়া। আনকি আজিকালি ব্যৱসায়িক ভিত্তিত দেশপ্ৰেম কৰিও বহু লোক স্বাৱলম্বী হব পাৰিছে, তেনে লোকৰ পদাংক অনুসৰণ কৰা। আমাৰ আশীষ সদায় তোমালোকৰ লগত থাকিব।


আজিলৈ এৰো..


ইতি তোমালোকৰ 


হৃত্ত্বিক ৰৌছন খুড়া।




No comments:

Post a Comment