Tuesday, August 23, 2016

আশাকৰো তোমালোক ১০


মৰমৰ অকণ অকনিহঁত

বহুদিন তোমালোকৰ ওচৰলৈ অহা নাই। চিনেমাও নাইকিয়া হ’ল, তাতে চুজানে কিখন কৰিলে তোমালোকে জানাই। মনৰ দুখত জিম কৰি কৰি নাচি আছিলো, গতিকে আহিব পৰা নাছিলো। 

তোমালোকক বহুদিন আগতে ননমংগলম ভণ্ডস্বামী চিৰকুমাৰণ নামৰ তামিল পণ্ডিত জনৰ কথা কৈছিলো নহয়, অসমলৈ আহিয়েই যে ডাকৰ বচনবোৰ নতুনকৈ লিখিছিল। তেও আচলতে চিৰকুমাৰ ইচ্ছা কৰি হোৱা নাছিল। এক ঐশ্বৰিক শক্তিৰ প্ৰভাৱতহে তেও বিয়া পাতিব পৰা নাছিল, সেই কাহিনীটোকে আজি তোমালোকক কম।

মাছ - মাংস

কালি ভাল মাৰ খোৱাৰ পৰা বাছিলো। জাগিৰোডত চাহ একাপ খাও বুলিছিলোহে, তিনিটামান তেজাল ডেকাই আহি মোৰ চাৰ্টৰ কলাৰত ধৰি সুধিলেহে

- ধ্ৰুব কাশ্যপক চিনি পাৱ নেকি তই। তই তাৰ লগৰ নেকি? ফেচবুকত তাৰ লগত কিবা গ্ৰুপত একেলগে আছনেকি? 

মইতো আৰু এনেই চুলি দাড়ি পকোৱা নাই, তাতে ধ্ৰুকাৰ কথা জানোও- গতিকে ক’লো

ডাৱৰীয়া ডায়েৰী


ডিয়েৰ ডায়েৰী ( এইটো কমন লৈছো দেই, সকলোতে লগাই লব) 

সোমবাৰঃ- আজি দিনটো বৰ বেয়া গ’ল মোৰ, ৰিলায়েন্স ট্ৰেণ্ডজত বজাৰ কৰিব গৈছিলো, ওপৰ মহলালে যোৱা ‘এচকালেটৰ’ খনত দুই ঘণ্টা ৰৈ থাকিব লগা হ’ল। আধা গৈ পাওতেই লাইট গুচি গ’ল আকৌ, কি যে মস্কিল, লাইট নহালৈকে ৰই থাকিলো। 

মংগলবাৰঃ- আজি আকৌ গধুলিতে লাইট গ’ল। কৌৰ বাই ফোন কৰি সুধিছে – বৰ আন্ধাৰ নেকি? মই কেনেকে জানিম আকৌ, মই একো দেখাই পোৱা নাই। 

আশাকৰো তোমালোক ৯



মৰমৰ অকণ অকণিহঁত



তোমালোকে মন কৰিছা নিশ্চয়, আজি কিছুদিনৰ আগৰে পৰা ফেচবুকৰ কেইজনমান সদস্যই  ফেচবুকত #Readers_Challenge নামৰে এটা অপসংস্কৃতি আৰম্ভ কৰিছে। তোমালোকে এইবোৰৰ দ্বাৰা প্ৰভাৱান্বিত নোহোৱাই মংগল। কেতিয়াবা ভুলতে চকু পৰিলেও, আৰু সেই কিতাপবোৰৰ নাম বাপ-জনমত নুশুনিলেও তোমালোকে হতাশ নহবা।  কাৰণ সেইবোৰ কেৱল তোমালোকৰ দৰে নতুন প্ৰজন্মক হীণমান্যতাত ভোগোৱাৰ নিকৃষ্ট কৌশলহে মাত্ৰএই ফেচবুকতে এনে মহৎ পণ্ডিত আছে, তেওলোকৰ অধ্যয়নৰ তুলনাত #Readers_Challenge লিখাসকল  ধুলিকণাৰ জোৰৰো  নহয়।

লোকেল দাদা



জনাই জানে, মই মানুহটো অলপ লোকেল গুণ্ডা টাইপ, মানে সই চুপাৰী তুপাৰী লোৱা হেভী গুণ্ডা নহয়, এনেই আৰু খাটি খোৱা ৰিক্সাৱালা, ঠেলাৱালাৰ ওপৰত অলপ মাচল পাৱাৰ দেখুৱাই দুই এটকাৰ সুবিধা লোৱা ধৰণৰ  লোকেল দাদা। 


আজি গধুলি বজাৰত জলকীয়া কিনি আছো, মোৰ আকৌ কেঁচা জলকীয়া দুটা নহলে ভাত মুঠি পেটলে নোসোমায়এপোৱা জুখিবলৈ ক'লো.... কেঁচাই পকাই মিলি ভালে কেইটা উঠিল। দগাৰ ফালতকৈ জলকীয়াৰ ফালটো অলপ ডাওন নোহোৱালৈকে ৰৈ থাকিলো;



তাৰ পাছত মোৰ দাদাগিৰি আৰম্ভ হৈ গ'ল - 


- "ঐ, আৰু চৌদ্ধটা জলকীয়া দে তাত! নহ'লে বুজিছই নহয়" ( চোলাৰ হাতখন অলপ কোঁচাই দেখুৱালো)

বিষ্ণু ৰাভা- তুমি নাহিবা



ৰিণ্টুৱে  কুৱেইটৰ সাগৰৰ মাজৰ তেলখাদৰ পৰা হোৱাটচএপত এগালমান অদৰকাৰী মেচেজ দি থকাৰ মাজতে ক'লে.....

-"দাদা, ৰাভাদেউ এদিনৰ কাৰণে আহিছিল, কাইলৈ পুৱাতে যাবগৈ।"

কি ভাৱি ক'লে কব নোৱাৰো, কিন্তু মেচেজটো পায়েই মই ফোনটো সামৰিব লগা হ'ল 


********



এনেকৈয়ে আহি থাকিবা তুমি বিষ্ণু ৰাভা,

কেতিয়াবা জ্যোতিকো ক'বা আহিবলৈ,

মহাপুৰুষ দুজনাকো জনাবা কথাটো,

ৰসৰাজ, ভূপেনদাকো লগতে। 


কেৱল এটা কথা,

মাত্ৰ এদিনীয়াকৈ আহিবা,

আমাৰ বৰ নাটনি সময়ৰ।