Saturday, June 18, 2016

টেলিপ্ৰম্পটাৰ



কথাটো চমুৱাই ক'লে এনেকুৱা হয়গৈ

এখন দেশৰ এজন নেতাই যেতিয়া আন্তৰ্জাতিক মঞ্চত বা বেলেগ এখন দেশত বক্তৃতা দিয়ে, তেতিয়া তেও বৰ সাৱধানে কথা কব লাগে। এটা শব্দৰ ইফাল সিফাল হ'লেও ডাঙৰ প্ৰভাৱ পৰিব পাৰে। গতিকে এই নেতাসকলে আগতে লিখি, জুকিয়াই লোৱা ভাষণ এটাই দিয়াতো একপ্ৰকাৰ নিয়ম। বিল ক্লিণ্টন, বাৰাক ওবামাইয়ো ভাষণ পাঠ কৰি দিয়া বহুবাৰ দেখা যায়। আৰু সকলোতকৈ মজাৰ কথা, এই ভাষণ বিলাক লিখোতে আৰু বহু বিশেষজ্ঞ লোকে সহায় কৰে। কৰিবই লাগিব। তাৰে কিছুলোকে সেইটো মুখস্হ মাৰি দিয়ে, কিন্তু কাৰবাৰটো ৰিস্কি হয়গৈ অলপ। 


এনেই ইলেকচনত ভোট খুজি দিয়া বক্তৃতাতকৈ এনে বিলাক অলপ বেলেগ ধৰণৰ, যত আন্তৰাষ্ট্ৰীয় সম্পৰ্কৰ লগতে কিছুমান বৰ সংবেদনশীল বিষয় উত্থাপন কৰিব লগা হয়, যাৰ প্ৰভাৱ সুদুৰপ্ৰসাৰী। 

কিন্তু ভাষণ এটা পোনে পোনে পঢ়ি দিলে বক্তাৰ দৰ্শকৰ লগত কমিউনিকেচন অলপ কম হয়, তেওৰ 'বডী লেংগুৱেজ' দুৰ্বল হৈ পৰে। সেইটোও ভাষণ এটাৰ বৰ প্ৰয়োজনীয় অংগ। গতিকে আজিকালি 'টেলিপ্ৰম্পটাৰ' সঘনে ব্যৱহাৰ কৰা হয়। ই দুইটা কামেই ভালকৈ কৰিব পাৰে। 

এটা কথা নিশ্চিত যে, এজন গুৰুত্বপূৰ্ণ লোকে ভাষণ পাঠ কৰিলে বা 'টেলিপ্ৰম্পটাৰ' ব্যৱহাৰ কৰিলে, সেই ভাষণটোৰ মূল্য কোনোগুণে কম নহয়গৈ। 

পৃথিৱীৰ সবহুত দেশৰ নেতাসকলে ৰাষ্ট্ৰসংঘৰ দৰে অনুষ্ঠান বিলাকত নিজৰ মাতৃভাষাত বক্তৃতা দিয়ে আৰু সেই ভাষাটোৰ ইংৰাজী বা আন ভাষাৰ প্ৰতিলিপি দৰ্শক সকলৰ মাজত বিলাই দিয়ে। তাৰমানে সেইবোৰ সকলো আগতে লিখি অনা ভাষণ। তাৰ মাজেৰেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত বোৰ গ্ৰহণ কৰা হয়।
গতিকে, .............জান বক্স দে য়াৰ। হো গয়া, অৱ বন্দ কৰ!!!

No comments:

Post a Comment