Saturday, June 18, 2016

সোপাঢিলা সুৰক্ষা

আজি হোৱা গড় হত্যাটোৰ বিষয়ে এটা কথাই মনলে আহিছে। চেলেঞ্জ কৰিছে চোৰাংচিকাৰীয়ে, দেখুৱাব খুজিছে তেওলোকৰ ক্ষমতা কিমান, বুজাব খুজিছে তেওলোক অপ্ৰতিৰোধ্য। তেওলোকে ইয়াৰ উচিৎ প্ৰতিফল পাব বুলি বিশ্বাস নথকা নহয়। কিন্তু আন এটা কথাহে মনলে আহিছে, গড় হত্যা ৰোধ কৰাৰ ব্যৱস্থাটোৰ বিষয়ে।

অপৰাধীসকলে কিছুমান কাম ভয়তে নকৰাকৈ থাকে, যেন ধৰক চোৰে চুৰ কৰিবলৈ ভয় কৰে, কাৰণ তেওলোকে ভাবে পুলিচে ধৰিব, আৰু শাস্তি দিব।কিন্তু যদি কেনেবাকৈ চোৰবিলাকে সমগ্ৰ পুলিচী ব্যৱস্থাটোৰ তলানলা গম পাই যায়, তেওলোকৰ এই ভয় ভাগিব, আৰু অপৰাধ বাঢ়ি যাব।



গড় আৰু অন্যান্য দুষ্প্ৰাপ্য প্ৰাণীবিলাক ৰক্ষা কৰিবলৈ এটা প্ৰশাসনিক ব্যৱস্থা আছে, সেই ব্যৱস্থাটো খুব সক্ষম বুলি চোৰাং চিকাৰীবিলাকৰ আগতে এটা ধাৰণা আছিল। গতিকেই তেওলোকে ইমান মুকলি মুৰীয়াকৈ গড় হত্যা কৰা নাছিল। যোৱা পাঁচ- ছবছৰমান আগতে, হয়তো এই চোৰাং চিকাৰীবোৰৰ মাজলৈ কোনোবা বুদ্ধিমান মানুহ এজন আহিল, আৰু তেও বুজাই দিলে, এই প্ৰতিৰক্ষা ব্যৱস্থাটো আচলতে এটা বগা হাতী। ইয়ালৈ ভয় কৰি থকাৰ কোনো সকাম নাই।(ই ব্যক্তিবিশেষৰ কথা নহৈ, চোৰাং চিকাৰীবোৰৰ সামগ্ৰিক বুদ্ধিমত্তাৰ উন্নতিও হব পাৰে।)। মানে তেওলোকে এই ব্যৱস্থাটো হে'ক কৰিবলৈ সক্ষম হ'ল আৰু সেইদিন ধৰি গড়হত্যা কেইবাগুণে বৃদ্ধি পালে।

ভয় হৈছে, আমাৰ আন সামাজিক সুৰক্ষা ব্যৱস্থাবোৰো একেই সোপাধিলা নেকি? এইবোৰো কোনোবা দিনা 'হেক' হৈ যাব নেকি? আচলতে হৈছেই বুলিব পাৰি- বিহাৰৰ কিছু ঘটনাই আমাৰ শিক্ষা ব্যৱস্থাটো যে কিমান সহজে হে'ক কৰিব পাৰি তাকে প্ৰমাণ কৰিলে। ডিগ্ৰীহে লাগে-চোৱা আমি এইদৰে ডিগ্ৰী গোটাই লব পাৰো।জ্ঞানৰ বাবে শিক্ষা হ'লে কথা আন হ'লহেতেন।
আকৌ অনিল ৰাজা, কানিমুঈ, সুৰেশ কালমাদী আদিয়ে দেখুৱাই দিলে, অৰ্থনৈতিক অপৰাধবোৰৰ বিৰূদ্ধে থকা চৰকাৰী ব্যৱস্থাবিলাক কিমান কাৰ্যকৰী? হাজাৰ হাজাৰ কোটি টকা আত্মসাৎ কৰি ধৰা পৰিলেও মাত্ৰ ছমাহ- এবছৰ জে'ল। শুনামতে তেওলোকক হেনো কোৱা হৈছিল আত্মসাৎ কৰা ধন বোৰ ঘুৰাই দিবলৈ, তেওলোক সন্মত নহ'ল। তাতকৈ ছমাহ -বছৰেক জে'লত থকা কি নো বেয়া ? এতিয়া ওলাই অহাৰ পাছত তেওলোকে সেই আত্মসাৎ কৰা ধনেৰে সুখেৰে জীৱন কটাব পাৰিব (সম্পত্তি বায়েয়াপ্ত কৰাৰ কথা নকব প্লীজ, সেইটোৰ পৰা কেনেকে সাৰিব লাগে সেয়া সকলোৱে জানে)।

কথাটো প্ৰেক্টিকেল- হেজাৰ কোটি নেলাগেই, এক কোটিমান টকা পালে মই নিজেই এক দুই বছৰ জে'লত থাকিবলৈ সাজু আছো।

ৰাজনৈতিক ব্যৱস্থাটোৰ কথা নকওৱেই বাৰু, আজিকালি সেইটো ক্ষেত্ৰত ভাল প্ৰগ্ৰামাৰৰ কামেই নাই, হেকাৰৰ ৰাজ্য সেইখন। হেকিং নকৰিলে তাত সোমোৱাই কঠিন।

আমাৰ অগোচৰে অপৰাধীবিলাক বুদ্ধিমান হৈ গৈ আছে। আমাৰ আওপুৰণি সামাজিক ব্যৱস্থাবিলাকে আমাক আৰু বেছিদিন সুৰক্ষিত ৰাখিব নোৱাৰিব যেন লাগে।

No comments:

Post a Comment