Wednesday, June 29, 2016

পৰিৱৰ্তন

এইবাৰ অসম বিধান সভাৰ নিৰ্বাচনৰ আগে পিছে এটা শব্দ অতিকৈ জনপ্ৰিয় হৈ পৰা দেখা পোৱা গৈছে- শব্দটো হ’ল ‘পৰিবৰ্তন’। সকলো পক্ষই নিজ নিজ সুবিধা মতে এই ‘পৰিবৰ্তন’ৰ ব্যাখ্যা ডাঙি ধৰিছে, তেওলোকেহে এই ‘পৰিবৰ্তন’ আনিব পাৰিব বুলি দাবী কৰিছে, আৰু সেই মতে কোনো কোনোৱে ৰাজনৈতিক সুবিধাও লবলৈ চেষ্টা কৰিছে। সৰ্বসাধাৰণ ৰাইজৰ মাজতো এক পৰিবৰ্তন বিচৰাৰ প্ৰৱণতা দেখা পোৱা গৈছে। ইয়াৰ পৰা কোন কেনেদৰে লাভবান হয়, বা সামগ্ৰিক ভাৱে সমাজখন কিমান আগবাঢ়ে সেই প্ৰশ্নৰ উত্তৰ এতিয়াও সুদূৰ পৰাহত যদিও ইয়াৰ পৰা এটা কথা নিশ্চিত ভাৱে উপলব্ধি কৰিব পাৰি। সেই কথাখিনিকে অলপ বহলাই লিখিব পাৰি।

এইবাৰ ভোটদানৰ হাৰ আগতকৈ বহু বৃদ্ধি পাইছে, যুৱ প্ৰজন্মই এই নিৰ্বাচন বোলা বস্তুটোক আগতকৈ বেছি গুৰুত্ব সহকাৰে লৈছে। ইয়াত নিৰ্বাচন বুলি ‘পাৰ্টি’ৰ কাম কৰি মতলীয়া হৈ থকা লোকসকলৰ কথা কোৱা নাই, তেওলোকক বাদ দি, বাকী চাকৰিয়াল, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী আদি নিৰ্বাচনী ৰাজনীতিৰ লগত পোনে পোনে জড়িত নথকা লোকসকল, বিশেষকৈ যুৱক-যুৱতী সকলৰ কথা কোৱা হৈছে। বহু এনে লোকে বিদেশ বা আন দূৰ-দূৰণিৰ পৰা আহিও ভোটদান কৰা বুলি সংবাদ মাধ্যমে প্ৰচাৰ কৰি আছে। এই লিখকে ব্যক্তিগত ভাৱে চিনি পোৱা কমেও দহজন লোকে দেশ-বিদেশৰ পৰা কেৱল ভোটদান কৰিবলৈকে আহিছে। ই এক অভূতপূৰ্ব ঘটনা, আৰু ই গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবে অতি উৎসাহজনক কথা।



ইয়াৰ কাৰণ বহুতো হব পাৰে- ৰাজনৈতিক সজাগতা বৃদ্ধি, আন দেশ বিদেশৰ শাসন ব্যৱস্থাৰ সুবিধা সমূহৰ জ্ঞান, যুৱ ভোটাৰৰ সংখ্যা বৃদ্ধি, বৰ্ধিত জাতীয় আত্মবিশ্বাস, প্ৰিণ্ট আৰু বৈদ্যুতিন মাধ্যমৰ জনপ্ৰিয়তা ইত্যাদি। লগতে জনপ্ৰিয় চচিয়েল মেডিয়া বিলাকেও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা লৈছে বুলি অনুমান কৰিব পাৰি। বিভিন্ন ঠাইত বসবাস কৰা লোকসকলৰ মাজত মত বিনিময় সহজসাধ্য হোৱাৰ বাবে এক ক্ৰমসঞ্চিত সচেতনতা ( Cumulative Consciousness) গঢ়ি উঠা দেখা পোৱা গৈছে।
ইয়াৰ কাৰণ যিয়েই নহওক, এটা কথা ঠিক; অসমৰ ৰাইজে আন্দোলন নিৰ্ভৰতাৰ প্ৰতি বীতশ্ৰদ্ধ হৈ এইবাৰ পৰিবৰ্তন নিৰ্বাচনৰ মাধ্যমেৰে অহাতো কামনা কৰিছে। যোৱা সুদীৰ্ঘ সময়ত সামাজিক পৰিবৰ্তন বিছাৰি আমি কৰা বহুতো আন্দোলনে অসমলৈ যিখিনি পৰিবৰ্তন আনিলে, সেইখিনি তাৰ বাবে কৰিব লগা হোৱা ত্যাগৰ তুলনাত যথেষ্ট নহয়। লগতে এই আন্দোলন বিলাক আনিলে বহুতো অনাহুত ফলাফল। বৰ্তমানৰ যুৱ প্ৰজন্মৰ সহৰসংখ্যকেই আন্দোলনৰ ‘ৰোমাণ্টিক বিলাস’ৰ সলনি মুখামুখী হব লগা হ’ল ৰুঢ় বাস্তবৰ। কেৱল সন্মানেৰে জীয়াই থকাৰ স্বাৰ্থতে তেওলোকে নিজৰ নিজৰ ‘কমফৰ্ট জ’ন’ এৰি তীব্ৰ প্ৰতিযোগীতাৰে ভৰা দয়ামায়াহীণ আধুনিক সমাজখনৰ লগত তাল মিলাব লগা হ’ল, তাকো এক সম্পূৰ্ণ অৰ্বাচীন পৰিস্থিতিত। আৰু এই প্ৰজন্মৰ বহুতে এই সংস্থাপনৰ দৌৰত নিজৰ স্থানো সুৰক্ষিত কৰিবলৈ সক্ষম হ’ল। এই বিষয়ত আমি বৰ্তমানৰ মুম্বাইৰ চিনেমাজগতখনত নিজস্ব প্ৰতিভাৰে দপদপাই থকা বহুতো অসমীয়া যুৱক যুৱতীৰ উদাহৰণকে লব পাৰোঁ। সেইসকল যুৱক-যুৱতীৰ বাবে এই পথ মসৃণ নহ’লেও, তেওলোকে প্ৰয়োজনতকৈ অধিক ত্যাগ কৰিব লগা হ’লেও – জাতিটোৰ বাবে ই সুখবৰ। এইয়া এক নতুন আধুনিক জীৱন সংস্কৃতিৰ আগমন বুলিয়েই কব লাগিব। হয় এতিয়াও আমি আন বহুততকৈ পিছপৰি আছো, কিন্তু ইয়াক এক সু-ভৱিষ্যতৰ আগমনি বুলি ধৰি লোৱাত কোনো আপত্তি নাই।

অসমতে বা আঁতৰত থাকি কেৱল নিজৰ প্ৰতিভা আৰু পৰিশ্ৰমেৰে থিতাপি লভা এইসকল লোক সাধাৰণতে লোকচক্ষুৰ আঁতৰত থাকি যায়। কিন্তু তেওলোকৰ বাক্তিগত উপলব্ধিয়ে লাহে লাহে অসমীয়া সমাজক বুদ্ধিমান কৰি তুলিছে, মানুহে গম পোৱা হৈছে যে, কেৱল আনৰ গাত দোষ দি কান্দি থাকিলে খাবলৈ পোৱাৰ দিন গ’ল। ব্যৱস্থাটোত ইতিমধ্যে থকা সুবিধাসমূহৰ সদ্ব্যৱহাৰ কৰি আগুৱাই যোৱাহে বুদ্ধিমানৰ কাম। আৰু সেই বুদ্ধিমত্তাই কিছুপৰিমাণে সামগ্ৰিক ৰূপ লোৱা দেখা গ’ল, এইবেলি অসম বিধান সভাৰ নিৰ্বাচনত।

ৰাইজে নিসন্দেহে এক পৰিবৰ্তন বিছাৰিছে, আৰু সেয়া বিছাৰিছে এই গণতান্ত্ৰিক নিৰ্বাচনৰ মাজেৰে। ইয়াৰ অৰ্থ এইটো নহয় যে কেৱল অমুকটো ৰাজনৈতিক দলকহে তেওলোকে বিশ্বাসত লৈছে। ৰাইজে বিছৰা এই পৰিবৰ্তনটোক ইমান সংকীৰ্ণ ৰূপ দিয়া একেবাৰে অনুচিত। কথাটো হৈছে – ৰাইজে এইবাৰ বহুখিনি সজাগতাৰে ভোটদান কৰিছে, আৰু যি দলেই শাসনলৈ নাহক কিয়, সেইদলেই আমাৰ সামাজিক, আৰ্থিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ব্যৱস্থাত এক আমূল পৰিবৰ্তন আশা কৰিছে। আৰু সেই শাসকীয় দলটো এই পৰিবৰ্তনৰ প্ৰতি দায়বদ্ধ হব বুলি আশা কৰিছে।

তাৰমানে আহিব লগা শাসকীয় দলটোৰ গণতান্ত্ৰিক দ্বায়িত্ব আগতকৈ বৃদ্ধি পাইছে। এই দলবিলাকেও এই কথা নুবুজাকৈ থকা নাই- নিজৰ স্বাৰ্থতে তেওলোকে আগতকৈ বেছি দ্বায়িত্ববোধ, উৎসৰ্গা আৰু সংপৃক্ততা প্ৰদৰ্শণ কৰিব লাগিব বুলি নিশ্চয় নুবুজাকৈ থকা নাই। তেওলোকেও নিজাববীয়াকৈ নিশ্চয় সাজু হৈছেই।

কিন্তু সমস্যাটো হ’ল- আমি সকলোৱে বিছৰা এই ‘পৰিবৰ্তনটো’নো কি? ইয়াৰ সংজ্ঞা, ইয়াৰ মিছন, ইয়াৰ ভিজন, ইয়াৰ উদ্দেশ্য, ইয়াৰ সময় –সাপেক্ষ লক্ষ্যসমূহ, এতিয়ালৈকে নিৰ্ধাৰিত হোৱা নাই। যিখিনি হৈছে, সেইখিন মানুহৰ বা আলোচনাৰ মাজতে সোমাই আছে, সামগ্ৰিক আৰু ৰাজহুৱা ভাৱে প্ৰতিফলিত হোৱা নাই। ইয়াৰ ফলত শাসকীয় চৰকাৰ খন এক সমস্যাৰ সন্মূখীন হোৱাৰ সম্ভাৱনা আছে, - বা ৰাইজেও বিচৰামতে ‘পৰিবৰ্তন’ নোহোৱাৰ আশংকা আছে। তেওলোকে যদি নাজানেই আমি কি বিছাৰিছো- তেন্তে তেওলোকে কেনেকৈ দিব?

মই ব্যক্তিগত ভাৱেও পৰিবৰ্তন বিছাৰিছোঁ- এক বিৱৰ্তনধৰ্মী সু-চিন্তিত আমূল পৰিবৰ্তন, সকলো দিশতে। কোনো বিশেষ ৰাজনৈতিক মেৰুত অৱস্থান নকৰাকৈ, কোনো ব্যক্তিগত লাভালাভৰ কৰা মনলৈ ননাকৈ, নিজৰ সীমিত জ্ঞান বুদ্ধিৰে কেইটামান বিশেষ বিষয়ৰ প্ৰতি আগত শাসকদলৰ চৰকাৰখনৰ লগতে কেন্দ্ৰ চৰকাৰৰো দৃষ্টি আকৰ্ষণ কৰিব বিছাৰিছো।

বিষয়কেইটা হ’ল তলত দিয়া ধৰণৰ। এইখিনিতে কোৱা প্ৰয়োজন যে প্ৰত্যেকটো বিষয়তে বিষদ আলোচনাৰ প্ৰয়োজন আছে, এইয়া কেৱল সাৰাংশ বুলিহে ধৰিবলৈ অনুৰোধ জনালো।

১) বিদেশী সমস্যাটোৰ এক পৰিকল্পিত আৰু সাধ্য সমাধান (এই বিষয়টো আগতে বিষদভাৱে আলোচনা কৰা হৈছে)

২) শিক্ষা ব্যৱস্থাত ভেলু এডিচন- নৈতিকতা বৃদ্ধি: দূৰ্নীতি নিৰ্মূলকৰণ, স্বচ্ছ ভাৰত আদিৰ বিষয়ে একেবাৰে সৰু ছাত্ৰ-ছাত্ৰৰ মনত দৃঢ় ধাৰণা তৈয়াৰ কৰা

৩) অসমীয়া ভাষা-সংস্কৃতি আৰু ইতিহাসৰ প্ৰতি নতুন প্ৰজন্মৰ মনত গৌৰৱবোধ সৃষ্টি, ইয়াৰ সংৰক্ষণ, বিকাশ আৰু প্ৰচাৰ। প্ৰয়োজন সাপেক্ষে আধুনিকীকৰণ আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগত গুৰুত্ব আৰোপ

৪) অপ্ৰয়োজনীয় ক্ষেত্ৰ বিলাকৰ পৰা ৰাজনৈতিক হস্তক্ষেপ আঁতৰোৱা

৫) ৰাজনৈতিক ব্যক্তিসকলক চৰিত্ৰ আৰু দক্ষতা সম্পৰ্কীয় কঠোৰ নীতি- এজন ৰাজনৈতিক আকাংক্ষা থকা লোকে আন কোনো ক্ষেত্ৰত তেওৰ দক্ষতা প্ৰমাণ কৰিবই লাগিব। লগতে ৰাজনীতিলৈ সুদক্ষ লোকসকলক আকৰ্ষণ কৰাৰ ব্যৱস্থা

৬) লঘু আৰু কৃষিভিত্তিক উদ্যোগৰ প্ৰতি গুৰুত্ব, নিৰপেক্ষ বিপনন ব্যৱস্থা- পাৰিপাৰ্শ্চিকতাত কু প্ৰভাৱ পেলোৱা বৃহৎ উদ্যোগ সমূহৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ

৭) আমোলাতান্ত্ৰিক ব্যৱস্থাৰ সৰলীকৰণ

৮) পৰিবেশ পৰিচ্ছন্নতাত প্ৰভাৱ নেপেলোৱাকৈ ব্যৱসায়িক ভিত্তিত পৰ্যটন উদ্যোগৰ প্ৰসাৰ – বৃহৎ পূঁজিপতিৰ সলনি এই উদ্যোগত ৰাইজৰ অংশগ্ৰহণৰ ব্যৱস্থা

৯) সন্ত্ৰাসবাদ বা সমাজখনৰ ক্ষতি কৰিব পৰা বন্ধ আদি আন্দোলনমুখী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাগ্ৰহণ

১০) যোগ্য লোকক যোগ্য সন্মান আৰু পদবী – সংৰক্ষণ ব্যৱস্থাৰ আমূল পৰিবৰ্তন। জাতিভিত্তিক নহৈ আৰ্থিক অৱস্থাৰ ওপৰত সংৰক্ষণ, প্ৰয়োজন সাপেক্ষে ক্ষেত্ৰ অনুসন্ধান, আৰু সংৰক্ষণ ব্যৱস্থাৰ সফলতা বিফলতাৰ বিজ্ঞানসন্মত হিচাপ আৰু নিয়ন্ত্ৰণ।

১১) ক্ৰীড়া ক্ষেত্ৰত বিনিয়োগ আৰু উৎসাহ বৃদ্ধি, - প্ৰাক্তন ক্ৰীড়াবিদ সকলৰ নিয়োগৰ ব্যৱস্থা

১২) ‘চেৰিটি’ মূলক সমাজ কল্যাণ নীতিৰ পৰিবৰ্তে দক্ষতা বৃদ্ধিমূলক নীতিৰ প্ৰবৰ্তন। কোনোবাই মাছ খাবলৈ নেপালে তেওক মাছ দিয়াৰ সলনি মাছ ধৰাৰ কৌশল শিকোৱাত গুৰুত্ব।

১৩) আধুনিক কৃষি প্ৰণালীৰ প্ৰয়োগ, জৈৱিক কৃষিত গুৰুত্ব, কৃষিক্ষেত্ৰৰ পৰা অপ্ৰতক্ষ্য নিবনুৱা সমস্যাৰ সমাধান,

১৪) ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে সুবিধাজনক পৰিস্থিতিৰ সৃষ্টি

ইত্যাদি।

(সময়ৰ অভাৱৰ বাবেহে দেই ............আগলৈ)

=ফেচবুকৰ মন্তব্য =

Tarini Saikia

লিখনিটোত ৰাইজে বিচৰা পৰিবৰ্তনৰ সজ্ঞাটো  প্ৰকট হৈছে ।ভাল লাগিল ।

Sushmita Das 

এইখন নতুন মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি হিচাপে প্ৰেৰণ কৰক কাকতৰ জৰিয়তে....
দুটামান অতিকৈ ভাল লগা পইণ্ট...

ৰাইজে নিসন্দেহে এক পৰিবৰ্তন বিছাৰিছে, আৰু সেয়া বিছাৰিছে এই গণতান্ত্ৰিক নিৰ্বাচনৰ মাজেৰে। ইয়াৰ অৰ্থ এইটো নহয় যে কেৱল অমুকটো ৰাজনৈতিক দলকহে তেওলোকে বিশ্বাসত লৈছে। ৰাইজে বিছৰা এই পৰিবৰ্তনটোক ইমান সংকীৰ্ণ ৰূপ দিয়া একেবাৰে অনুচিত। কথাটো হৈছে – ৰাইজে এইবাৰ বহুখিনি সজাগতাৰে ভোটদান কৰিছে, আৰু যি দলেই শাসনলৈ নাহক কিয়, সেইদলেই আমাৰ সামাজিক, আৰ্থিক, সাংস্কৃতিক আৰু ........"

তাৰমানে আহিব লগা শাসকীয় দলটোৰ গণতান্ত্ৰিক দ্বায়িত্ব আগতকৈ বৃদ্ধি পাইছে। এই দলবিলাকেও এই কথা নুবুজাকৈ থকা নাই- নিজৰ স্বাৰ্থতে তেওলোকে আগতকৈ বেছি দ্বায়িত্ববোধ, উৎসৰ্গা আৰু সংপৃক্ততা প্ৰদৰ্শণ কৰিব লাগিব বুলি নিশ্চয় নুবুজাকৈ থকা নাই। তেওলোকেও নিজাববীয়াকৈ নিশ্চয় সাজু হৈছেই।............

( আপোনাৰ আৰু Joy Deep দাদাৰ লেখাবোৰ খুব মনোযোগেৰে পঢ়ো.... কিন্তু দুয়োজনৰে কমন প্ৰব্লেমটো হ’ল যে, নাই কামত গভীৰ মনোনিবেশ কৰে..... বেয়া পালেও উপায় নাই.... হু কেয়াৰ্ছ )


Hemanta Kakati 

ভাল লিখিছা ৷ ভাল লাগিল পঢি ৷ মই অলপ নৈৰাশ্যবাদী, স্পষ্টবাদী মানুহ আৰু নিজৰ ৰাজনৈতিক চিন্তাধাৰা লুকধাক নকৰা লোক ৷ এটা মনৰ ভাৱ এটা যোগ দিও-
এই সকলো বোৰ কথা তেতিয়াহে আলোচ্য বিষয় হব যদিহে এইবাৰ কংগ্ৰেছ শাসনৰ অন্ত পৰে ৷ আৰু যদি নপৰে তেতিয়া হলে সকলো ফুটুকাৰ ফেন হব ; কাৰন তেওলোকে এটা "হু কেয়াৰচ এটিটিউদ্" লৈ লব যে "আমি যিয়েই নকৰিলেও আমাক উৎখাত কৰিব পৰা মানুহ অসমত নাই ৷"
এতিয়া যদি বিজেপি-অগপ মিত্ৰ জোট শাসনলৈ আহে তেওলোকৰ ওপৰত "perform or perish" ৰ তৰোৱাল খন প্ৰথম দিনৰ পৰাই ওলমি থাকিব ৷ গতিকে নতুন চৰকাৰ সজাগ নহৈ নোৱাৰিব বুলিয়েই ধাৰনা কৰিছো ৷ (যদিহে তেওলোকৰ ৰাজনৈতিক বিচাৰ বুদ্ধি আছে) পিচে আমি ভাৰতীয় সকলৰ গোলামী, তোষামোদকাৰী, সুবিধাবাদী মানসিকতা এতিয়াও পুৰাকৈ শেষ হোৱা নাই ৷যি পাৰ্টীয়ে আহক "দিনক ৰাতি বা ৰাতিক দিন" কৰিব পৰা বিশেষ কিবা হব বুলি আশা নকৰো ৷ ব্যৱস্থা অৱনমিত নহৈ স্থিতাৱস্থা বাহাল ৰখাটোৱে ডাঙৰ চেলেঞ্জ আজিকালি ৷ পৰিবৰ্তন হওক, ৰাইজৰ আশা আকাংক্ষা কিছু পৰিমানে পুৰ্ন হওক বুলি ক্ষীন আশা এটা পুহি ৰাখিছো ৷ তোমাৰ ইচ্ছা খিনি ৰ শতকৰা ৫০ ভাগ পুৰন হলেও মহৎ কাৰ্য্য হব  


Anupam Deori

লেখাটিত বহুতো তথ্যভিত্তিক উপস্থাপন দেখিবলৈ পালোঁ। সুন্দৰ পৰ্যালোচনা। ধন্যবাদেৰে...

Akash Pradip Borah

ৰাইজে বিছৰা পৰিবৰ্তন যদিহে আপুনি ভবাৰ দৰে হয় আৰু নতুন চৰকাৰে খনে যদি ঠিক আপুনি বা মই ভবাৰ দৰে কৰ্মসূচী সমূহ গ্ৰহণ কৰে , তেনেহলে অসমৰ ৰাইজে নিশ্চয়কে আনন্দ পাব ।

No comments:

Post a Comment