Wednesday, June 29, 2016

বিহুৰ বিষয়ে এখন ৰচনা

=প্ৰস্তাৱনা=

বিহু এবিধ বছৰজোৰা উৎসৱ, ভাৰতৰ উত্তৰ পূৱৰ অসম নামৰ ঠাইৰ মানুহবোৰে যেতিয়াই সুবিধা পাই তেতিয়াই এই উৎসৱ পাতে। এই উৎসৱ অসমীয়াৰ প্ৰাণৰ আপোন হোৱাৰ লগতে অন্তহীন আনন্দৰ উৎস। পিছে অসমীয়া কোন সেইটো সথিককৈ নিৰ্ধাৰিত নোহোৱা বাবে, কোনে বিহু পাতিব লাগে, আৰু কোনে নেলাগে সেইটো কথাটো আজিলৈকে নিৰ্ণয় কৰিব পৰা হোৱা নাই। তথাপিও আজিৰ সমাজত বিহুৰ গুৰুত্ব অপৰিসীম

=বিহুৰ প্ৰকাৰ=

বিহু একপ্ৰকাৰেই। বহু যুগৰ আগতে তিনিবিধ বিহু আছিল, খোৱা বিহু, নচা বিহু আৰু কন্দা বিহু, আৰু এইবোৰ বিহু পতাৰো নিৰ্দিষ্ট সময় আছিল। যিহেতু মানৱ জীৱনত কান্দোনে ঋণাত্মক প্ৰভাৱ

পৰিৱৰ্তন

এইবাৰ অসম বিধান সভাৰ নিৰ্বাচনৰ আগে পিছে এটা শব্দ অতিকৈ জনপ্ৰিয় হৈ পৰা দেখা পোৱা গৈছে- শব্দটো হ’ল ‘পৰিবৰ্তন’। সকলো পক্ষই নিজ নিজ সুবিধা মতে এই ‘পৰিবৰ্তন’ৰ ব্যাখ্যা ডাঙি ধৰিছে, তেওলোকেহে এই ‘পৰিবৰ্তন’ আনিব পাৰিব বুলি দাবী কৰিছে, আৰু সেই মতে কোনো কোনোৱে ৰাজনৈতিক সুবিধাও লবলৈ চেষ্টা কৰিছে। সৰ্বসাধাৰণ ৰাইজৰ মাজতো এক পৰিবৰ্তন বিচৰাৰ প্ৰৱণতা দেখা পোৱা গৈছে। ইয়াৰ পৰা কোন কেনেদৰে লাভবান হয়, বা সামগ্ৰিক ভাৱে সমাজখন কিমান আগবাঢ়ে সেই প্ৰশ্নৰ উত্তৰ এতিয়াও সুদূৰ পৰাহত যদিও ইয়াৰ পৰা এটা কথা নিশ্চিত ভাৱে উপলব্ধি কৰিব পাৰি। সেই কথাখিনিকে অলপ বহলাই লিখিব পাৰি।

এইবাৰ ভোটদানৰ হাৰ আগতকৈ বহু বৃদ্ধি পাইছে, যুৱ প্ৰজন্মই এই নিৰ্বাচন বোলা বস্তুটোক আগতকৈ বেছি গুৰুত্ব সহকাৰে লৈছে। ইয়াত নিৰ্বাচন বুলি ‘পাৰ্টি’ৰ কাম কৰি মতলীয়া হৈ থকা লোকসকলৰ কথা কোৱা নাই, তেওলোকক বাদ দি, বাকী চাকৰিয়াল, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী আদি নিৰ্বাচনী ৰাজনীতিৰ লগত পোনে পোনে জড়িত নথকা লোকসকল, বিশেষকৈ যুৱক-যুৱতী সকলৰ কথা কোৱা হৈছে। বহু এনে লোকে বিদেশ বা আন দূৰ-দূৰণিৰ পৰা আহিও ভোটদান কৰা বুলি সংবাদ মাধ্যমে প্ৰচাৰ কৰি আছে। এই লিখকে ব্যক্তিগত ভাৱে চিনি পোৱা কমেও দহজন লোকে দেশ-বিদেশৰ পৰা কেৱল ভোটদান কৰিবলৈকে আহিছে। ই এক অভূতপূৰ্ব ঘটনা, আৰু ই গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবে অতি উৎসাহজনক কথা।

=== মহান আৱিষ্কাৰ নাম্বাৰ ৩ ===

এই এক্সিট প’ল বোলা বস্তুটোৱে মোক সদায় কনফিউজ কৰে, প্ৰথম কথা নামটোৱেই গন্দগোলীয়া, কোনটো এক্সিটতনো এই হিচাপটো কৰে সেইটো মই আজিলৈকে বুজিয়েই পোৱা নাই। কিন্তু সি যি কি নহওক, টিভিত বস্তুটো চাই মজা লাগে, ৰাইজে এনেকৈ কথাবোৰ কয় যেন, কাউণ্টিং কৰাৰ দৰকাৰেই নাই, জিকিব নে হাৰিব সেইটোটো বাদেই, কোনে কিমান ভোট পাব সেইটোৱো তেওলোকে আগতীয়াকৈয়ে জানেই। মোৰদৰে স্থূলবুদ্ধিৰ মানুহে তেওলোকক সৰবজান বুলি ভবাত কোনো দোষ নাই।

এইবাৰো ৰাতি টোপনি খতি কৰি এক্সিট প’ল চাই পৰম আনন্দ লভিলোঁ, বি‍শেষকৈ দুই মেৰুত অৱস্থান কৰা চেনেল দুটাৰ মাজত ইফাল সিফাল কৰি।দুইটাই পুৰাদমে দাবী জনাই আছিল যে তেওলোকৰ ‘এক্সিট পল’ৰ ফলাফল সদায় ‘আখৰে আখৰে’ মিলে, আৰু এইবাৰো মিলিব। ফলাফলৰ পাছত ‘জিকা’ চেনেলটোৱে বাৰে বাৰে সোঁৱাৰাই আছে

== মই মেইগ' মাৰ্কক ইৰ্ষা কৰো == I Envy Meigo Märk ==

যোৱা সোমবাৰে গধূলি, অফিচত অলপ দেৰিলৈকে আছো। হঠাৎ স্থানীয় সাংবাদিক ৰিজুলৰ ফোন এটা আহিল, এৰাতিৰ বাবে নেপক'ৰ অতিথি শালাত কোঠা এটা পাৰিলে যোগাৰ কৰি দিব লাগে- এজন মানুহ মুম্বাইৰ পৰা খোজ কাঢ়ি আহি আছে, ইউৰোপীয়ান মানুহ, তেও ৰাতিটো থাকিব। উমৰংছুৰ নেপক' অতিথিশালা খালি নেথাকেই, সেইদিনা সোভাগ্যক্ৰমে এটা কোঠা পোৱা গ'ল। ৰিজুলহ'তে বিদেশীজনক উমৰংছুলৈ স্বাগতম জনালে।

খোজ কাঢ়ি? অকলে? ইউৰোপীয়ান? কিহে পালে আকৌ? লগে লগে মানুহজনক লগ কৰিবলৈ ইচ্ছা গ'ল যদিও, সেইদিনা ওলাবই নোৱাৰিলো- ৰাতি ১১ বজাতহে লেঠা ছিগিলগৈ। গতিকে পিছদিনা সপৰিয়ালে তেওৰ সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰা হ'ল।



চিনেমা VS চিনেমা

==আমাৰ দিনৰ চিনেমা==

ধনীঘৰৰ ল’ৰা ঘৰত বনকৰা দুখীয়া ছোৱালীজনীৰ প্ৰেমত পৰিল, মাক বাপেকে গালি দিলে, আৰু ফাইনেলী বিয়া হ’লগৈ। মাজতে হেলেনে এপাক নাচিলে যদিও পিছত ভুল বুজি পাই ক্ষমা খুজিলে।

==আজিকালিৰ চিনেমা==

ধনীঘৰৰ ল’ৰাই বনকৰা ছোৱালীজনীক মদৰ নিচাত Abuse কৰিলে, কিন্তু আচলতে হেনো সেইটো ছোৱালীজনীৰহে প্লেন আছিল, আৰু সেই প্লেনটোৰ অংশীদাৰ আছিল ল’ৰাটোৰ নিজৰ মাক, কাৰণ বহুত টকাৰ কথা আছে।ইফালে ল’ৰাটোৰ দেউতাকে নিজৰ চেক্ৰেটেৰীৰ লগত লগ লাগি মাক আৰু ল’ৰাটোক হত্যা কৰাৰ প্লেন কৰি আছে, তেওৰ লগত আকৌ কাজিয়া হৈছে এজন ড্ৰাগছ মাফিয়াৰ লগত, যি সময় পালেই আইটেম নাম্বাৰত ডান্স কৰি থাকে। হঠাৎ এখন গাড়ীয়ে আনখন গাড়ীক খেদি গ’ল, ১০০জন মান মানুহক মহতিয়াই এখন গাড়ী জ্বলি গ’ল। যিখন বাছিল তাত আকৌ এজন কুখ্যাৎ টেৰৰিষ্টে এটা বম লগাই থৈছিলে। টেৰৰিষ্ট জন আকৌ বনকৰা ছোৱালীজনীৰ সতীয়া দেউতাক- তেও ছিংগাপুৰ, পেৰু নাইবা বেলজিয়ামত থাকে। তেওৰ বডীগাৰ্ড কেইজনী ব্লণ্ড ফিৰিঙি ছোৱালী, বাম্পাৰ কেৰাটি মাৰিব জানে। তাৰ পাছত আধাঘন্টা ফাইট হ’ল আৰু ল’ৰাটোৰ দেউতাকৰ গাত গুলী লাগিল। পিছত হিৰ’ আৰু হিৰইনে পাট্টায়াত বিবাহপূৰ্ব হনীমুন কৰিবলৈ যাওতেই ছোৱালীজনীৰ প্ৰাক্তন প্ৰেমিক এজনে টেৰৰিষ্ট জনক মাৰি পেলালে। শেষত জয় মাতা দীৰ মন্দিৰত সকলোৰে মিলন হব যেন লাগিছিল, কিন্তু নহ'ল। সকলোৱে ‘পাব’ত গৈ – হনী চিঙৰ গান গাই গাই সকলোৱে টেটুৰ গুৰিলৈকে মদ খালে।

Saturday, June 25, 2016

== মই মেট্ৰিকত ষ্টেণ্ড নকৰাৰ কাহিনী ==


(মানুহে মেট্ৰিকত ষ্টেণ্ড কৰিলেহে ভাল লাগে, এইচ. এচ. এল. চি. ত ষ্টেট ৰেংক পোৱাত ইমান বেছি পিক – আপ নাই। কেৱল এইবাৰেই নহয়, ইমান বছৰে স্থান লাভ কৰা সকললৈ শুভেচ্ছা আৰু অলপ ইৰ্ষাৰে .... :-)) 

মই মেট্ৰিকত ষ্টেণ্ড কৰিব পাৰো বুলি কথাটো কেনকৈ কিয় আৰু কোনে ভাবি উলিয়ালে মনত নাই, কিন্তু অষ্টম শ্ৰেণী মানতে কথাটো মানুহে কোৱা-কুই কৰিছিল বুলি মনত আছে। পশ্চাদপটৰ কেইটিমান কাৰণ মই এতিয়া ভাবি উলিয়াইছো

- সপ্তম শ্ৰেণীৰ বৃত্তি পৰীক্ষাত মই যোৰহাট জিলাৰ ভিতৰত কিবা এটা স্থান পালো, সেই তালিকাত সেই বেটচৰ যোৰহাটৰ সকলোতকৈ চোকা ল’ৰা বিজয় শংকৰ বৰুৱাৰ নামো আছিল। গতিকে আমাৰ সৰু ঠাইখনৰ মানুহবোৰে মোক সেই পৰ্যায়ৰ মানুহ বুলিয়েই ভাবি ল’লে। 

- আমাৰ স্কুলখনৰ ৰেকৰ্ড বৰ ভাল নাছিল, স্কুলৰ আৰম্ভনিৰে পৰা মাত্ৰ দুজন ছাত্ৰই মেট্ৰিকত স্থান পাইছিল সেইখন স্কুলৰ পৰা।

Saturday, June 18, 2016

=বৰপেটা সত্ৰত নাৰীৰ প্ৰবে‍শ=



আমাৰ সমূহীয়া ভিনিদেউ Brahmananda Patiri এ নিজৰ আপডেটত লিখিছে।

# “1590 চনত অসুৰাৰি ভট্টাচাৰ্য নামৰ এজন ব্ৰাহ্মনে মাধৱ দেৱৰ লগত তৰ্কত পৰাজিত হৈ বিজয়নগৰ বৰ্তমান সৰভোগত শাসনকৰ্তা চিলাৰাই পুত্ৰ ৰঘুদেৱক ক'লে যে " বাউসীত এজন মহাজন আছে । নাম মাধৱ । সোন ৰূপেৰে ঘৰ কৰি যুৱতী স্ত্ৰী নচুৱাই সভাতে সাবটি লয় । ব্ৰাহ্মনক নামানে , ভাগৱত নামানে ..... তোমাৰ দেশত এনে অধৰ্মী অনাচাৰী হ'লে ৰজাৰ চত্ৰভংগ হয় , প্ৰজা ক্ষয় হয় , দুৰ্ভিক্ষ হয় ।

টেলিপ্ৰম্পটাৰ



কথাটো চমুৱাই ক'লে এনেকুৱা হয়গৈ

এখন দেশৰ এজন নেতাই যেতিয়া আন্তৰ্জাতিক মঞ্চত বা বেলেগ এখন দেশত বক্তৃতা দিয়ে, তেতিয়া তেও বৰ সাৱধানে কথা কব লাগে। এটা শব্দৰ ইফাল সিফাল হ'লেও ডাঙৰ প্ৰভাৱ পৰিব পাৰে। গতিকে এই নেতাসকলে আগতে লিখি, জুকিয়াই লোৱা ভাষণ এটাই দিয়াতো একপ্ৰকাৰ নিয়ম। বিল ক্লিণ্টন, বাৰাক ওবামাইয়ো ভাষণ পাঠ কৰি দিয়া বহুবাৰ দেখা যায়। আৰু সকলোতকৈ মজাৰ কথা, এই ভাষণ বিলাক লিখোতে আৰু বহু বিশেষজ্ঞ লোকে সহায় কৰে। কৰিবই লাগিব। তাৰে কিছুলোকে সেইটো মুখস্হ মাৰি দিয়ে, কিন্তু কাৰবাৰটো ৰিস্কি হয়গৈ অলপ। 

সোপাঢিলা সুৰক্ষা

আজি হোৱা গড় হত্যাটোৰ বিষয়ে এটা কথাই মনলে আহিছে। চেলেঞ্জ কৰিছে চোৰাংচিকাৰীয়ে, দেখুৱাব খুজিছে তেওলোকৰ ক্ষমতা কিমান, বুজাব খুজিছে তেওলোক অপ্ৰতিৰোধ্য। তেওলোকে ইয়াৰ উচিৎ প্ৰতিফল পাব বুলি বিশ্বাস নথকা নহয়। কিন্তু আন এটা কথাহে মনলে আহিছে, গড় হত্যা ৰোধ কৰাৰ ব্যৱস্থাটোৰ বিষয়ে।

অপৰাধীসকলে কিছুমান কাম ভয়তে নকৰাকৈ থাকে, যেন ধৰক চোৰে চুৰ কৰিবলৈ ভয় কৰে, কাৰণ তেওলোকে ভাবে পুলিচে ধৰিব, আৰু শাস্তি দিব।কিন্তু যদি কেনেবাকৈ চোৰবিলাকে সমগ্ৰ পুলিচী ব্যৱস্থাটোৰ তলানলা গম পাই যায়, তেওলোকৰ এই ভয় ভাগিব, আৰু অপৰাধ বাঢ়ি যাব।

= মধ্যমপন্থা =


আজি অগ্নিভ দত্তৰ এটা আপডেটত দেবকান্ত সন্দিকৈৰ কথা পঢ়ি কিছুমান কথা মনত পৰি গ'ল। আমি উচ্চতৰ মাধ্যমিকত পঢ়ি থকা সময়ত তেখেতে প্ৰথমতে ৺ পৰাগ দাসৰ 'বুধবাৰ' কাকতত নিয়মীয়াকৈ লিখা আৰম্ভ কৰিছিল, আমি আছিলো তেওৰ অনুৰাগী পাঠক। গৌতম বৰদলৈ,  মহৎ সোণোৱাল আৰু মই মিলি তেওৰ লিখনি বিষয়ে পথোৱা চিঠি এখনো বুধবাৰতে প্ৰকাশ পাইছিল। 


মই নিজকে 'যুক্তিবাদী' মানুহ বুলি ভাৱো, ঈশ্বৰ সম্পৰ্কে এটা নিজস্ব ধাৰণা তৈয়াৰ কৰিছো আৰু মই সেইটোকে মানি চলো, ভুত প্ৰেত, জৰা ফুকা বা কোনো অলৌকিক ক্ৰিয়া কলাপ মই লেশমানো বিশ্বাস নকৰো, ৰু কোনোবাই কিবা কব খুজিলেও 'চেলেঞ্জ' কৰি দিও। আৰু এই যদি ভাল কথা, তেনে তাৰ সিংহভাগ কৃতিত্ত্ব সন্দিকৈদেৱৰ লগতে ড° ভৱেন্দ্ৰ নাথ শইকীয়া চাৰৰ প্ৰাপ্য। তেওৰ যুক্তিপুৰ্ণ লেখনিয়ে আমাৰ মনত সুদূৰপ্ৰসাৰী প্ৰভাব পেলাইছিল, যদিও তেওৰ সকলো কথা আখৰে আখৰে মানি লবলৈ আজিও অসুবিধা পাইছিলো। আজিও পাও।