Monday, April 25, 2016

জীৱন নিত্য (প্ৰান্তিক প্ৰকাশিত)







৯।৬।২০১৪। ৯-৪৬। আজি সোমবাৰ বুলি সোনকালে উঠিলো, অফিচো আছে নহয়। উঠাৰ পৰাই মূৰটো টিঙটিঙাই আছিল। কালি আচলতে অলপ বেছিয়েই হল। বাৰমান বজাত অফিচলে নেযাও বুলিয়েই ঠিক কৰিলোঁ, বছক ফোন কৰি জনাম বুলি ভাৱিছিলো, পিছে তেখেতে আজি তিনিমাহ মানৰ পৰা নিজেই অফিচলে অহা নাই, গতিকে বাদ দিলো। টিভিত “ৰাউডী পুলিচ অফিচাৰ” নামৰ চিনেমা খন চালো। ২ বজাত ভাত খাই উঠি আকৌ ৫ টালৈকে শুলোঁ। সাত মান বজাত ৰামী খেলিবলৈ ওলাই গ’লোঁ, তাতে আকৌ পাৰ্টি হ’ল। ১১ বজাত ভাত খাই অলপ টিভি চাই শুই গলোঁ। আমি শোৱাৰ তিনি ঘণ্টামানৰ পাছতহে আমাৰ সুপুত্ৰ ঘৰলৈ উভটিল। ৰাতি বাচন বৰ্তন পেলোৱাৰ ঠুং ঠাংৰ লগতে ফুল ভলিউমৰ  টিভিৰ শব্দত ভালকৈ টোপনি নাহিল।

১০।৬।২০১৪। ১১-২৫। চেহ আজিও দেৰি হৈ গ’ল। বাহিৰত বৰষুণ, লগে লগে মনটো ভাল লাগি গ’ল, বৰষুণ মানেই ৰাষ্টাত বানপানী, আৰু অফিচো আন-অফিচিয়েলী বন্ধ। ৰমেন শইকীয়ালে ফোন কৰিলোঁ, দিনটো কটোৱাৰ কিবা ব্যৱস্থা এটা কৰিবলে। শইকীয়াই জনালে, অমল মহন্তৰ শ্ৰীমতী ঘৰলে গৈছে, মানে অকলে আছে। প্ৰগ্ৰাম ফাইনেল হ’ল,  ২ বজাত তিনি কেজি মূৰ্গীৰ মাংস কিনি মহন্তৰ ঘৰলৈ গ’লো। মহন্ত, শইকীয়াৰ লগতে দাসবাবু আৰু মোহিনীকান্তও আহিল। মোহিনী আহিলে আমাৰ বৰ সুবিধা, এগিলাছ মান খাবলে পাম বুলিয়েই সি ৰন্ধা, বাচন ধোৱা আদি সকলো কাম কৰি দিয়ে। বহি থাকোতে গুৱাহাটিৰ বানপানী আৰু চৰকাৰৰ অকৰ্মণ্যতাৰ ওপৰত গম্ভীৰ আলোচনা হ’ল।

১১।৬।২০১৪। ১০-৩০। বৰষুণ এৰাই নাই, গতিকে বানপানীও শুকুৱা নাই, গতিকে ইচ্ছা কৰিয়েই শুই থাকিলোঁ। হঠাৎ মনত পৰিল, আজি কেইবাখনো বিল চহী কৰিবলগীয়া আছিল, নহ’লে অনুদানৰ পইচাবোৰ ঘুৰি যাব, তাতে মোৰ ভাগটোও পোৱা নাই এতিয়ালৈকে। ঠিকাদাৰ কেইজনক ফোন লগালো আৰু ঘৰলেকে আহিবলে কলোঁ। ২ মান বজাত তেওলোক আহিল, ঘৰতে বহি, এষ্টিমে’ট, অৰ্ডাৰ, মিজাৰমেণ্ট বুক, ৰানিং বিল, ফাইনেল বিল, এক্সট্ৰা ৱৰ্ক সকলো ৰেডি কৰা হ’ল। পাৰ্টিও চলি থাকিল লগতে। আমাৰ এও আকৌ এখেতসকল আহিলে বৰ ভাল পায়, চিঞৰ বাখৰতো নকৰেই, পানী, চ’ডা, স্নেকচ, গিলাচ  আদি যতনাইহে দিয়ে। তেওলোকে  দি যোৱা উপহাৰবিলাক শ্ৰীমতীয়ে সামৰি সুতৰি থ’লে। গধূলি অফিচৰ গাড়ীখন মাতি এওৰ লগত অলপ বজাৰ কৰি আহিলোগৈ বিশেষ নাই,সম্পৰ্কীয় খুলশালী এগৰাকীৰ বিয়াত পিন্ধিবলৈ এওৰ পাটৰ চে’ট দুটামান, মোৰ ছুট এযোৰ আৰু পুত্ৰকণৰ কাৰণে ১০ টা মান জীনচ, কাৰ্গ’ আৰু টী চাৰ্ট তাৰে দুটামানহে সি পচণ্ড কৰিব ছাগে। 

১২।৬।২০১৪। ৯-৪0। আজি অলপ গৰমা গৰম পৰিস্থিতি হ’ল ঘৰত। পুত্ৰধনক ৫ লাখ টকা লাগে, কিবা বিজিনেচ কৰিব বোলে। মোৰ লগত মাতবোল নাই বাবে মাককে ক’লে, মাকেও পুত্ৰস্নেহত বিয়াকুল হৈ মোক খাটনি ধৰিলেহি। মোৰ কি জানো হ’ল, ঘপহকৈ খংটো উঠি গ’ল; সেই বৰ্ডিং স্কুলত দিয়াৰে পৰা আৰম্ভ কৰি, হায়াৰ চেকেণ্ডেৰী চাইন্সত পাছ কৰোৱা, মাদুৰাইত ডনেচন দি ইঞ্জিনিয়াৰিং পঢ়ুৱালৈকে কমখন টকা ভাঙিলোনে তাৰ লগত, পিছে সকলো ফুটুকাৰ ফেন। ন বছৰ মাদুৰাই, বাংগালোৰ, চেন্নাই, দিল্লীত থাকি সি ইঞ্জিনিয়াৰিংটো বাদেই, গ্ৰেজুৱেচনটোও গোটাব নোৱাৰিলে, লাভৰ মুৰত চাৰিটা পুলিচ কেচ ঘটিলে। মই  মানুহটো ইয়াৰ পৰা দৌৰি গৈ লাখ টকা ভাঙি তাক লক-আপৰ পৰা উলিয়াই আনিব লগা হ’ল। সেইটোৱে আকৌ ব্যৱসায় কৰে, মোৰ টকা গছত লাগিছে নেকি? ভাগ্য ভাল পোষ্টিঙটো অলপ ৰসাল জেগাত বুলিহে, নহ’লে ঘৰ চলোৱাই টান হ’লহেঁতেন। মই না কৰাত পুত্ৰধনে , চেণ্টাৰ টেবুল এখন আৰু প্লাষ্টিকৰ চকী দুখন গুৰিয়াই ভাঙি দুপদুপাই ওলাই গ’ল। শ্ৰীমতীয়েও মুখ ওফোন্দাই মাতবোল নকৰাকে থাকিল।

১৩।৬।২০১৪। ১০-১৫। মুড বেয়া হৈ থকা বাবে অফিচলৈকে ওলাই গ’লো, মনটো অলপ ভাল লাগি থাকিব বুলি। নতুনকে জইন কৰা কম্পিউটাৰ অপাৰেটৰ ৰুবীৰ লগত কথা বতৰা পাতিলেই অলপ ভাল লাগে, ৰুবীয়েও মোৰ লগত কথা পাতি ভালেই পাই ছাগে, নহ’লেনো দিনটো মোৰ কেবিনতে কিয় বহি থাকিব? তাই বহু দিনৰ পৰাই আই-ফোন  এটা লাগে বুলি কৈ আছিল। আজি পিছবেলা লগত লৈ গৈ কিনি দিলোঁ,  পিজ্জাও খুৱালোঁ। ৰাতি দহ মান বজাত ৰুবীক তাইৰ হোষ্টেলৰ ওচৰত নমাই দিলোঁ।

১৪।৬।২০১৪। ৯-১৫। ৰুক্মিণী নগৰৰ ফ্লেটটোৰ লেন দেন পুৰা হ’ল, চাৰিভাগৰ এভাগ মান ব্লেকত দিব  লাগিব বুলি ক’লে বিল্ডাৰে। ময়ো বেয়া নেপালোঁ, কিছুমান কথা কাগজে পাতিয়ে ননাই ভাল। গুৱাহাটিত এইটোকে ধৰি সাতটা ফ্লেট হ’ল, ভাবি মনটো ভাল লাগিল; গাঁৱৰ পৰা আহি যে এই গুৱাহাটিত থিতাপি লব পাৰিছো, তাকে ভাৱি অলপ গৌৰৱো হ’লপিছে পুত্ৰক কথাটো জনোৱা নাই, সি আমাৰ মাত্ৰ চৰিটা ফ্লেট আছে বুলিহে জানে, নহ’লে আকৌ বেছি বেপৰোৱা হৈ যাব নহয়। এটাই ল’ৰা, মোৰ সকলো সম্পত্তি সিয়েই পাব বুলি ভালকে জানেআজাৰাত মাটি এবিঘাৰো কথা প্ৰায় ফাইনেল হৈছেগৈ। যিমানেই ফ্লেট নেথাকক, নিজা বুলি গুৱাহাটিত মাটি  এটুকুৰা ঘটিব পৰাটো কম কথা নহয়। মনে মনে গুৰুথানলৈ শৰাই এভাগ আগবঢ়াই থৈছো, গুৰুৰ আশীৰ্বাদৰ বলতে আজি কোনোমতে নিজৰ ভৰিত ঠিয় দি, মূৰ ডাঙি থাকিব পাৰিছো।

১৫।৬।২০১৪।৮-১৫। পুত্ৰধন আজিলৈকে ঘৰলে অহা নাই, শ্ৰীমতীয়ে হুৱাদূৱা লগাইছে, মোৰো চিন্তা নলগা নহয়। কি বা কৰিছেগৈ, ক’ত বা আছেগৈ ?  ভুলটো মোৰেই, মাত্ৰ পাঁচলাখ টকাৰ কাৰণে নিজৰ একমাত্ৰ সন্তানটোক বেয়া ব্যৱহাৰ কৰিলোঁ, ডেকা হৈছে ল’ৰা, মই অলপ ভাৱিচিন্তি কথা কব লাগে। কিন্তু সিয়োতো অলপ বুজিব লাগে, এইবিলাক মই কাৰ কাৰণে গোটাইছো?  সি নিজে বাৰু ঘটিব নেলাগে, কিন্তু কমচে কম এইবিলাকতো চলাই মেলি খাব পৰা হব লাগিব। শ্ৰীমতীক তাৰ লগৰ সকলোকে ফোন কৰিবলৈ কৈ থৈ পিছবেলা অফিচলে ওলাই গ’লো। এইকেইদিন কাম নাই একো, ফাণ্ড শেষ হ’ল, ইফালে বিসম্বাদ চলি আছে; ৰুবীও অহা নাই। আড্ডাকে মাৰিলো, আমাৰ আকৌ সেই আহমেদ বোলাজন অলপ কমিউনিষ্ট টাইপৰ, কিবা নদীবান্ধ, শোষণ, দূৰ্নীতি,  সাহিত্য সভা এইবোৰ লেকচাৰ মাৰি আছিল, লগতে বাকীবোৰেও হয়ভৰ দি আছিল। মই বিশেষ গম নেপাও বাবে মনে মনে থাকিলোঁ,  মানে লাজেই পালো অলপ। নাই নাই, অলপ খবৰ খাতি ৰাখিব লাগিব, নহ’লে এনে সময়ত বৰ লাজ পোৱা যায়, অফিচাৰ বুলি সন্মানটোও বজাই ৰাখিব লাগেপিছে ভাৱো,  এইবোৰ জানিনো কিদাল হব? এইবোৰ যদি বেয়া কথা,  প্ৰতিবাদ কৰিবলে সংগঠনবোৰ আছেই দেখোন, আমি কি কৰিম এইবিলাকত মাথা মাৰি?  

১৬।৬।২০১৮।৯-০০। পূৱাতে পুত্ৰ আহি ঘৰ ওলালহি, মই ঠিকেই ভাৱিছিলো, কিবা ডাঙৰ অঘটন কৰাৰ সাহস আৰু উৎসাহ তাৰ নাই, মোৰহে ল’ৰা। শ্ৰীমতীয়ে হেৰোৱা মণিক ঘুৰাই পোৱাদি আলৌ থলৌ কৰিলে, পিছে তেখেতে পোনে পোনে শুবলেহে গ’ল। গোটেই ঘৰটোৱেই দিনটো কিবা বেয়া বেয়া গোন্ধাই থাকিল। ই বাৰু কিবা বেয়া বস্তু খাবলে লৈছে নেকি? ক্ষীণাই শুকাই অৱস্থা নাইকিয়া হৈছে দেখোন। গাঁৱৰ পৰা মাজু দাদাৰ ফোন আহিছিল, মই নুঠালোঁ, কিনো হব  আৰু, কিবা সমস্যা হৈছে ছাগে, পইচা লাগে। মই যেন সিঁহতক দিবলেহে ইমান কষ্ট কৰি পইচা ঘটি আছো।

১৭।৬।২০১৪। ১০-৩৫। শ্ৰীমতীয়ে বিছনাতে কলেহি বোলে মাজুদাদাই বহুবাৰ মোক ফোন কৰি নেপাই, শেষত এওকে  ফোন কৰিলে। জৰুৰী কথা আছে বোলে। দাদাই বোলে দঢ়াই দঢ়াই কৈছে, মই শুই উঠাৰ লগে লগে মোক জনাবলে। এও লগতে সঁকিয়াইও দিলে, মই যাতে পইচা পাতি কিবা দিম বুলি নকও ইমানদিনে যে গাঁৱৰ মোৰ ভাগৰ মাটিখিনিত খেতি বাতি কৰি আৰামত খাই আছে,  তেতিয়া মোলে মনত নপৰিল, অঁ... বিপদৰ সময়তহে  গুৱাহাটিত থকা ভায়েকক লাগেম সেই কথাটোও সোঁৱৰাই দিলে১১ বজাত ফোন কৰিলোঁ, ঠিকেই ভাৱিছিলো, দেউতাৰ টান, যোৱা পাঁচদিন ডিব্ৰুগড় মেডিকেলত পৰি আছে, অপাৰেচন কৰিবলে পইচা নাই, মই যেনেতেন বিশহেজাৰ টকা পঠাব লাগে। মই নিজৰ সমস্যাবোৰৰ কথা ক’লো, আৰু শেষত চাওচোন কি কৰিব পাৰো বুলি ফোন ৰাখিলোঁ। শ্ৰীমতী গোটেই সময়খিনি কাষতে ৰৈ থাকিল।

১৮।৬।২০১৪ ।৯-৪৫। মাজুদাদাই আকৌ দুবাৰ মান ফোন কৰিলে, মোৰো অলপ বেয়া লাগিল, ডিব্ৰুগড়ত থকা আমাৰ ডিপাৰ্টমেণ্টৰ ঠিকাদাৰ অনিল গোয়েংকাক ফোন কৰি দাদাৰ হাত দহ হেজাৰ টকা দি আহিবলে ক’লো। দেউতা থাকিবনে নাই ঠিক নাই, বয়সো হৈছে, আৰু আকোৰগোঁজ স্বভাৱটোও বাঢ়িছে। তেওৰ মতে আমি চাৰিটা ককাই ভাই একেলগে থাকিব লাগে, গতিকে মাটি সম্পত্তি ভাগ কৰিবলে নিদিয়ে। মই আৰু এতিয়া গৈ গাঁৱত দাদাহঁতৰ লগত থাকিমগৈ নেকি? মোৰ ল’ৰাই দেখোন বৰদেউতাক, খুৰাক,  পেহীয়েক, এইবোৰক ভালকে চিনিয়েই নেপায়, সি বাৰু তাত গৈ কেনেকে থাকিব? অকনো কমন চেন্স বোলা বস্তুটো নাই দেউতাহঁতৰ জেনেৰেচনৰ মানুহবোৰৰ।

১৯।৬।২০১৪।৫-৩০। যোৱাকালি ডাক্তৰ আহিছিল, মোৰ গাটো বেয়া বুলি কোৱাত এও মতাই আনিলে, চুগাৰ,  প্ৰেছাৰ দুইটাই বহুত বেছি হৈ গৈছে। ডাক্তৰে মৰ্ণিং ৱাক, আৰু খোৱা কন্ত্ৰল কৰিবলে কৈছে, সেইকাৰণে এও ৰাতিপূৱাই এলাৰ্ম দি উঠাই দিলে, অলপ খোজ কাঢ়িলো, নোৱাৰি, একেবাৰে অভ্যাসেই নোহোৱা হ’ল নহয়। ঘুৰি আহি আকৌ শুই থাকিলোঁ। দিনটো এও মাজুদাদাকে গালি পাৰি থাকিল, বোলে এক্সট্ৰা টেনচনবোৰ দিয়াৰ কাৰণেই মোৰ গা বেয়া হ’ল।  নেখাও বুলি ভাবিয়ো গধূলি অভ্যাসবসত পেগ দুটা ল’লো, কমাই খালে একো নহয়। এই ডাক্তৰবোৰে অলপ বেছি বেছি কৰে, কমকৈ এইবিধ খালে আচলতে স্বাস্থ্যৰ কাৰণে ভালেই। নিজে নেখাই নেকি সিঁহতে, দেখিছো নহয় মই। আৰু এটা কথাত মই আচৰিত হ’লো, পুত্ৰধন আজি ৰাতি দহ বজাতে ঘৰ সোমাল।

২৫।৬।২০১৪। ১০-৪৫। দেউতাই ভাল পালে, আজি ঘৰলৈ ঘুৰি আহিল, মই খবৰ লবলে যাবই নোৱাৰিলো, অফিচ, ঘৰৰ কাম এইবোৰ জঞ্জাল এৰি পতকৈনো কেনেকে ওলাই যাও? দাদাই বোলে এওক ফোন কৰি কৈছে, টকা দহহেজাৰ সি সোনকালেই ঘুৰাই দিব, মোৰ খংটো আকৌ উঠি আহিছিল, সন্মানতো লাগিছিল, পিছে এওহে ক’লে, দিলে দিয়ক, দহহেজাৰ টকাও কম কথা নেকি? কিবা দৰকাৰী কামত আহিব। গধুলি আকৌ হুলস্থূল লাগিল, মই অফিচত আছিলো। পুত্ৰই বোলে মটৰচাইকেলেৰে কাৰোবাক খুন্দিয়ালে, মানুহজনৰ অৱস্থা ভাল নহয়, নেবাচিবও পাৰে। ইফালে পুত্ৰৰ মটৰ চাইকেলৰ ইন্সিঅ’ৰেন্স নাই, ড্ৰাইভিং লাইচেন্সো হেৰাল। মানুহবোৰৰ বৰ গৰম হৈ আছে, লপাথপাও দিলে,  চিনাকী পুলিচ এজনে পাই লুকুৱাই ৰাখিছে। মই দৌৰাদৌৰিকৈ গ’লো, পুত্ৰৰ ওঁঠ, নাকৰ পৰা তেজ ওলায়েই আছে। মোৰ বুকুখন বিষাই গ’ল, মই ইমান মৰমেৰে টোপ এটা পৰিবলে নিদিয়াকে ৰখা ল’ৰাটোক, সেই খাবলে নোপোৱা সোপাই মাৰপিট কৰে। ওলাই গৈছিলোৱেই, পিছে পুলিচজনে বুজাই বঢ়াই ৰাখিলে। বোলে আজিকালি মানুহবোৰৰ সঁজাত নাই। ল’ৰাটোক চিকিৎসা কৰাই ঘৰলে লৈ আহিলোঁ। মাকক ঘৰলে আহিহে ক’লো ঘটনাবোৰ, নহ’লে এনেই বেছি চিঞৰ বাখৰ কৰে। পিছে পূত্ৰৰ মুখৰ ভেটেকা ভেটেক গোন্ধটোৱেহে মোক অলপ চিন্তাত পেলালে।

0।৬।২০১৪। ৮-৪৫। যোৱা কেইবাদিনো ডায়েৰী লিখা নাই, ইমান টেনচনৰ মাজত ডায়েৰী লিখিব নোৱৰি। পুত্ৰৰ এক্সডেণ্টৰ কেচটো চেটল হ’লগৈ, নহ’লে সি জেললেই যাব লগা হঁলহেঁতেন। কাগজ পত্ৰবোৰ নথকা কাৰণে পইচা পাতি অলপ বেছি খৰছ হ’ল। চিনাকী পুলিচ অফিচাৰ কেইজনে এফ আই আৰ খন সুবিধামতে কৰি দি, তাক বেইল পোৱাৰ ব্যৱস্থা কৰি দিলে। এতিয়া আৰু কেচ চলি থাকিব, কোনো চিন্তা নাই। হব আৰু, জন্ম দিছো যেতিয়া ল’ৰা-ছোৱালীক চাবই লাগিব, দুই তিনিলাখ টকাৰ কাৰণে নিজৰ ল’ৰাটোক জেল হাজোতত থাকিবলে দিব নোৱাৰি নহয়। তাতে সি সুখত উঠা ল’ৰা, সৰুও হৈ আছে, দুই এটা ভুল কৰিবই। পিছে সি খুন্দিওৱা মানুহজনহে নেবাচিল। আজিকালি ৰ’ড এক্সিডেণ্টত মানুহ মৰিয়েই থাকে।

২৯।৯।২০১৫।৮-৫০। আজি অফিচত খুব হুলস্থূল, অহা ইলেকচনৰ আগে আগে বহুলোকক বদলি কৰিব বোলে, বিশেষকৈ আমাৰ পদবীত। মোৰ সাংঘাটিক টেনচন আৰম্ভ হ’ল। লগে লগে জীৱন শৰ্মালে ফোন লগালোঁ, শৰ্মা দিছপুৰত আমাৰ নিজৰ মানুহ, সকলো লেনদেন তেখেতৰ যোগেদিয়েই হয়। শৰ্মাক ক’লো এতিয়াই মন্ত্ৰীৰ লগত কথাটো পাতি পেলাব লাগে, মই এই ঠাই এৰি নেযাও , যি খৰছ লাগে কৰিম। শৰ্মাই পিছবেলালৈ খবৰ দিম বুলি ক’লে। পিছবেলা তেওৰ ফোনটো অফ, মুৰটো গৰম হৈ আছে। শ্ৰীমতীয়েও কথাটো কিবা গুৰুধৰণৰ বুলি গম পাইছে। ইস কেনেবাকে ধেমাজীৰ ফালে পষ্টিং কৰি দিলে কি হব? চিন্তাতে আজি জোখতকৈ বেছি হৈ গ’ল। বমিও কৰিলো দুবাৰ  মান।

১০।১০।২০১৫।৯-৩০। শেষত জীৱন শৰ্মাৰ পৰা ফোন পালো, মোৰ চিন্তা কৰিবলগীয়া নাই, দিছপুৰত মোৰ ইম্প্ৰেছন ভাল। পিছে এইবাৰ ইলেকচনৰ বাবে মই অলপ বেছি দ্বায়িত্ব লব লাগিব বোলে। মই ক’লো ফাণ্ড দিয়ক, মই দ্বায়িত্ব লম। মোক প্ৰপ’জেল বোৰ সোনকালে পঠাই দিবলে ক’লে। ফুৰ্তিতে আজি ৰূবীক ভাল নেকলেচ এডাল দি দিলোঁ।




১৫।১০।২০১৫। ১০-২৫। দুদিন মান পিছতে অফিচত দুৰ্নীতি নিবাৰণ দিৱস আছে, সকলোৱে মোকেই ধৰিছে, বোলে মইয়েই দুৰ্নীতিৰ অপকাৰিতাৰ বিষয়ে বক্তৃতাটো দিব লাগিব। অলপ হমৱৰ্ক কৰিলোঁ,  হব পাৰিম। দুৰ্নীতিৰ বিৰুদ্ধে কোৱাটোনো কি ডাঙৰ কথা।

২৭।১০।২০১৫।৭-৩৫। দিনৰ ন বজাত মীটিংখন হ’ল, আমাৰ বিভাগীয় সচিবো আহিছিল। মোৰ বক্তৃতাটো খুব ভাল হৈছে বুলি সকলোৱে শলাগিলে। আচলতে হমৱৰ্ক ভাল হৈছিল, মহাত্মা গান্ধীৰ ৰামৰাজ্যৰ ধাৰণাটোৰ পৰা আৰম্ভ কৰি আমাৰ সমাজৰ দুৰ্নীতি গুৰিলৈকে শিপোৱাৰ কাৰণসমূহ বিশ্লেষণ কৰি মই সকলোকে দূৰ্নীতি ৰূপী এই কালসৰ্পৰ বিৰুদ্ধে যুঁজ দি যাবলৈ অনুৰোধ জনালো। সভাৰ আৰম্ভনিতে দুৰ্নীতিৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰি শপত বাক্যও পাঠ কৰা হ’ল।


No comments:

Post a Comment