Monday, April 25, 2016

==ভুল - ভুলইয়া== (নৱেম্বৰ ২০১৭ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)


মুল অসমীয়া লিখনিঃ-- ৱিলিয়াম ডেৱিড্ ডেটচ্

বজৰুৱা, নষ্টযোৱা অসমীয়া ভাষালৈ অনুবাদঃ- নিম্ন-স্বাক্ষৰকাৰী

জ্ঞান-বুদ্ধিবিহীন অসমবাসী ৰাইজ! আপোনালোকে জানেই যে, মোৰ দৰে বুদ্ধিমান, সৰ্বগুণাকৰ, সৰ্বজ্ঞানী, ত্ৰিকালজ্ঞ, আৰু সচেতন লোক এই অসমতে নেলাগে, এই ভূ-ভাৰস্ততে নাই। আপোনালোকে আৰু জনা উচিৎ যে, অসম তথা সমগ্ৰ মানৱজাতিৰ বাবে, কি ভাল, কি বেয়া, কোন শুদ্ধ, কোন অশুদ্ধ, এইবিলাক নিৰ্ণয় কৰাৰ সমগ্ৰ দ্বায়িত্ব মই Usurp ( ইউজাৰ্‌প্; আজিকালি "জহনীত যোৱা, মাউৰত মৰা" সংবাদ মাধ্যমে লিখাৰ দৰে আচাৰ্প নহয়) কৰিছো আৰু সেইমতে সকলোকে দিক্(ডিক নহয়, সেইটোৱে বেলেগ অৰ্থ বুজাব) নিৰ্দেশনা দি আহিছো। আৰু মই গৌৰৱ কৰি কব পাৰো যে, মই চৰিয়াই, গুৰিয়াই, লঠিয়াই, হালোৱা এচাৰিৰে কোবাই থকাৰ কাৰণেই অসম দেশৰ জধামুৰুখ জনতা সঠিক দিশত আগবাঢ়ি গৈ আছে। তাৰ প্ৰমাণ স্বৰূপে মই ১৯৮৯ চনৰ মাৰ্চ মাহৰ ২১ তাৰিখে এখন কাকতত স্বেকোশ্লাভাকিয়া বানান টো অসমীয়াত শুদ্ধকৈ কেনেকে লিখিব লাগে সেইবিষয়ে লিখা এখন তিনি পতীয়া ৰচনাৰ উদাহৰণ দিব পাৰোঁ, সেইদিনাৰ পৰাই সমগ্ৰ অসমবাসীৰ বোধোদয় হয় আৰু বানানটো মই নিৰ্দেশ কৰা মতে লিখিবলৈ আৰম্ভ কৰে। এনেদৰেই মই বহুবাৰ অসম আৰু অসমীয়া ভাষা সংস্কৃতিক অস্তিত্ব বিলোপনৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ উদাহৰণ আছে।যদিও মোৰ শত্ৰু সকলে এই কথা স্বীকাৰ নকৰে, মই সময় সুবিধা পালেই মোৰ অৱদান সমূহৰ কথা উনুকিয়াই থকাৰ প্ৰয়োজন বোধ কৰোঁ। নহ'লে অসম দেশৰ 'খাই পাত ফলা' 'ভুলক্কৰ' জনসাধাৰণে মোৰ কথা মিনিটতে পাহৰি পেলাব বুলি মই নিশ্চিত।


সি যি কি নহওক, অসমৰ ঐতিহ্য, পৰম্পৰা, ভাষা, সংস্কৃতি, অস্তিত্ত্ব আদি সকলো 'ৰক্ষা' কৰাৰ দ্বায়িত্ব যিহেতু মই ল'লোঁৱেই, গতিকে কেইটামান চূড়ান্ত সিদ্ধান্ত আপোনালোকক জনাই দিব খুজিছোঁ । আপোনালোকক এই সিদ্ধান্তবোৰ আখৰে আখৰে, এটাও বানান ভুল নোহোৱাকৈ মানি চলিবলৈ আদেশ-পূৰ্বক অনুৰোধ জনাইছোঁ।

১। আজিকালিৰ সমাজৰ "জীৱিত" গায়ক শিল্পী অভিনেতা বোৰ আচলতে সমাজৰ সকলোতকৈ ডাঙৰ শত্ৰু, তেওলোকে অপসংস্কৃতিৰে অসমক পংগু কৰি পেলাইছে। গতিকে এই সকলোকে জাতি, ধৰ্ম, স্থান , কাল পাত্ৰ, নাম, উপাধি নিৰ্বিশেষে গৰিহণা দিয়ক, পাৰিলে শিয়াল খেদা দি কৰতোৱা নৈ পাৰ কৰি থৈ আহকগৈ। অৱশ্যে কোনো শিল্পীয়ে যদি মোৰ কথা শুদ্ধ বুলি ৰাজহুৱাকৈ স্বীকাৰ কৰে বা মোৰ ওচৰত আঁঠু লৈ হো-হোৱাই কান্দে, তেন্তে তেওক 'মাফ' কৰি দিব পৰা যায়।

২। হেমকোষকে আদি কৰি আজিলৈকে অসম যিমান অভিধান, ব্যাকৰণ, সহায়িকা, গৱেষণা পত্ৰিকা আদি লিখা হৈছে, এইবোৰ সোপাই গোটে-পাতে ভুল। গতিকে এইবোৰ সকলো জ্বলাই দিব লাগে, আৰু মই বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকত, আলোচনী আদিত লিখা সকলো প্ৰৱন্ধ, টিপ্পনী আদি গোটাই, পঢ়ি,বুজি, তাৰ সাৰমৰ্ম উপলব্ধি কৰি, সেইমতে অসমীয়া ভাষা লিখিব/পঢ়িব লাগে।

৩। ইংৰাজী বা আন ভাষাৰ শব্দ অসমীয়া আখৰেৰে কেনেকৈ লিখিব লাগে সেই কথা মোৰ বাদে পৃথিৱীত আন কোনেও নেজানে। কিছুমান নিকৃষ্ট, মগজ নাইকিয়া, স্বাৰ্থপৰ লোকে কয় যে, সেইবোৰ ভাষাৰ প্ৰকৃত উচ্চাৰণ আচলতে অসমীয়া আখৰেৰে লিখিবই নোৱাৰি- যিদৰে অসমীয়া 'শ' উচ্চাৰণটো লেটিন লিপিৰে (ইংৰাজী লিপি বুলি কোনো লিপি নাই) লিখিব নোৱাৰি। কিন্তু মই সেইসকল মহামুৰ্খক দেখুৱাই দিব খোজো (ইতিমধ্যে দেখুৱাইছোঁৱেই) মই অসমীয়া আখৰেৰে যিমান শুদ্ধকৈ এটা ইংৰাজী শব্দৰ উচ্চাৰণ লিখিব পাৰোঁ, সিমান শুদ্ধকৈ আনকি বৃটিছেও ইংৰাজী আখৰ ব্যৱহাৰ কৰিও লিখিব নোৱাৰে।

উদাহৰণ স্বৰূপে মোৰ তেনে এটা মহানতম অৱদানৰ কথা কব বিছাৰিছো, কোনোৱে অহংকাৰ কৰা বুলিলেও উপায় নাই।

আপোনালোকে but আৰু put, এই শব্দ দুটা ইংৰাজী আখৰেৰে লিখোতে u বৰ্ণটোৰ উচ্চাৰণলে লক্ষ্য কৰকচোন, এটাত 'আ' আৰু আনটোত 'উ'। ই এক অক্ষমনীয় ভুল, ভাষা-বিজ্ঞানৰ চূড়ান্ত অপমান। কিন্তু মই কি কৰিলো চাওক; মই এই খাৰখোৱা অসমীয়া লিপিৰে শব্দ দুটা ক্ৰমে 'বাট' আৰু 'পুট' বুলি লিখি শব্দ দুটাৰ উচ্চাৰণৰ ক্ষেত্ৰত হব পৰা সকলো বেমেজালি চিৰকালৰ বাবে নিৰ্মূল কৰিলোঁ। আজি মোক অসমীয়াই হয়তো ইতিকিং কৰিছে; কিন্তু এটা সময় আহিব যিদিনা ইংৰাজী ভাষী ৰাইজে মোৰ এই অৱদানৰ বাবে সমগ্ৰ অসমীয়া জাতিকে শ্ৰদ্ধাৰে সুঁৱৰিব।

৪। নদী বান্ধ, নিৰ্বাচন, ট্ৰেফিক পুলিচৰ ব্যৱহাৰ, ডাইনী হত্যা, ইউ এফ অ', টি-টুয়েণ্টি বিশ্বকাপ, সংগীত, সত্ৰ আৰু সংঘৰ কাজিয়া, মোডীৰ ভুল, কাৰ্গিল, হিটলাৰৰ হিটলাৰী, পাবলো পিকাচো, প্ৰাচীন অসমীয়া সাহিত্যত ৰেড ইণ্ডিয়ান সকলৰ প্ৰভাৱ আদি বিষয়সমূহত মই সময়ে সময়ে একোটা সিদ্ধান্ত দি আহিছো। অৱশ্যে কোনটো বিষয়ত কি সিদ্ধান্ত দিছিলো, মই বৰ্তমান মনত পেলাব পৰা নাই, কিন্তু অসমৰ ৰাইজে সেইবোৰ মনত পেলাই সেইমতে কাম কৰিলেহে অসম দেশ ৰক্ষা পোৱাৰ আশা আছে। নহ'লে সকলো জহন্নামে যাব।

৫।শেষত বিহুৰ কথালৈ আহো। আন সকলো বিষয়ৰ দৰেই বিহুৰ ওপৰত মোৰ অপৰিসীম জ্ঞান আছে, সিমানখিনি জ্ঞান বোধকৰো ২০০০ বছৰৰ আগতে বিহু আৱিষ্কাৰ কৰা কেইজনৰো নাছিল। মই বিহুৰ পৰম্পৰা প্ৰদূষিত নোহোৱাকৈ ৰাখিবৰ বাবে তলৰ নিয়ম কেইটা স্থিৰ কৰিছো, আপোনালোকে এক চুলিও হেৰ-ফেৰ নোহোৱাকৈ নিয়ম কেইটা মানি চলিব বুলি আশা কৰিলোঁ।

(ক)বিহুৰ আমন্ত্ৰিত শিল্পী, দৰ্শক, উদ্যোক্তা, সমুখৰ চানাচুৰ, চিপচ, তামোল পানৰ দোকানী, বেনাৰ চপা কৰা প্ৰেছৰ লোকসকল, প্যাণ্ড্যাল (পেণ্ডেল নহয়) নিৰ্মাণ কৰা বনুৱাসকল, তাৰ ঠিকাদাৰ, বিহুস্থলীৰ পৰা নাতিদূৰত থকা 'ৱাইন ছপ(শ্বপ নহয়)'ৰ বিক্ৰেতাসকল, চান্দা দিয়া আৰু লোৱা সকল, বাটেৰে পাৰ হৈ যোৱা পথচাৰী, কোনোটো প্যাণ্ড্যালত ধুনীয়া ছোৱালী বেছি আছে সেই গৱেষণা কৰি থকা চেঙেলীয়া 'বাইকৱালা' সকল, সকলোৱে এক নিৰ্দিষ্ট "ড্ৰেছ ক'ড" মানি চলিব লাগিব। পুৰুষসকলে বাঙালী ভদ্ৰলোকে পিন্ধা কলিকতাৰ পৰা আমদানিকৃত জেলজেলীয়া ধুতী, দক্ষিণ ভাৰতীয় বগা কুৰ্তা, আৰু কাঠৰ খৰম পিন্ধিব। গাত এখন ২০ ফুট দীঘল চেলেং চাদৰ মেৰিয়াই লব। চুলিখিনিত তেপতেপীয়াকৈ তেল সানি নিমজ কৈ ফনিয়াই লব, দিনে দুবাৰকৈ দাঢ়ি 'ক্ষুৰাব' ('খুৰাব' লিখা ভুল, ক্ষুৰেৰে কাটে সেইবাবে ক্ষুৰাই, 'খুৰা' মানে হলগৈ 'দদাইদেউ', 'Uncle', এই খুৰাদেউৰ লগত দাঢ়ি কটাৰ কি সম্পৰ্ক থাকিব পাৰে? ইমানখিনি কথাও যদি  পণ্ডিত সকলে নজনাতো সঁচাকৈয়ে দূৰ্ভাগ্যজনক)

মহিলাসকলে আঠুঁৱাৰ দৰে কাপোৰৰ কপাহী চাদৰৰ সৈতে হাওড়াত নিৰ্মিত ৰঙা ব্লাউজ (ৰিহা নহয় দেই, ৰিহা অশালীন পোছাক) আৰু বগা মেখেলা পিন্ধিব। মহিলাসকল খালি ভৰিৰে থাকিব।

বিহুৱাই আঠুমূৰত চুৰীয়া পিন্ধি নিজৰ কলাফুল প্ৰদৰ্শন কৰা কাৰ্যক অশ্লীল বুলি গণ্য কৰা হব।গোৰোহা লেটিওৱা বাঙালী ধুতীহে যে অসমীয়াৰ জাতীয় পোচাক সেই কথা আজি মই ৰাজহুৱা ভাৱে ঘোষণা কৰিলো, ইয়াত কোনেও আপত্তি কৰিব নোৱাৰিব, কৰিলেও নৰজিব।

(খ) বিহুত শিল্পীসকলে কেৱল অসমীয়া লোকগীতহে পৰিবে‍শন কৰিব পাৰিব, তাকো কেৱল থলুৱা বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি। তবলা, গীটাৰ, ধুলুকী, ড্ৰাম আদি বাদ্য ব্যৱহাৰ কৰা সকলক 'দেশদ্ৰোহী' আখ্যা দিয়া হব। অসমীয়া বা আনভাষাৰ আধুনিক গীতবোৰ মোৰ দৃষ্টিত একেবাৰে নিকৃষ্ট, গতিকে সেইবোৰ গীত গাবলে অনুমতি দিয়া নহব, লাগিলে সেইটো গীতে 'গ্ৰ্যামী' (গ্ৰেমী নহয়) পুৰষ্কাৰেই নাপাওক কিয়।

(গ) বিহু অনুস্থান বিলাক একেবাৰে মাৰ্জিত হব লাগিব, কোনেও নাচি বাগি আনন্দ কৰিব নোৱাৰিব, এনে ব্যৱহাৰ আমাৰ ঐতিহ্যৰ পৰিপন্থী। সকলোৱে নিজৰ নিৰ্দিষ্ট আসনত বহি অনুস্থান উপভোগ কৰিব, আৰু গীতৰ শেষত তিনিবাৰকৈ মৃদু হাততালি মাৰিব।

(ঘ) সকলো বিহুৰ অনুস্থান সন্ধিয়া ৬ বাজি ৪৮মিনিট ১৩ চেকেণ্ডত আৰম্ভ কৰিব লাগিব আৰু ১০ বাজি ১৭ মিনিট ২১ চেকেণ্ডত সমাপ্ত কৰিব লাগিব। ইয়াৰ অন্যথা কৰিলে মুন্নাভাইৰ দৰে 'বিনম্ৰতা' ৰে সোঁৱৰাই দিয়া হব।

(ঙ)বিহুৰ কেইদিন অকল পাঞ্জাৱৰ চাউলেৰে কৰা পিঠা আৰু কানপুৰৰ মিলত খুন্দা চিৰাহে ভোজন কৰিবলৈ অনুমতি দিয়া হব। কাৰোবাৰ পেটৰ অসুখ বিসুখ হলে তেওলোকক লঘোনে ৰখা হব।

(চ) মই লক্ষ্য কৰিছো বিহু নামৰ ভাষা অতি অশ্লীল, অসভ্য আৰু চহা প্ৰকৃতিৰ, 'চেনাই', 'কলিজা', 'পলুৱাই নিও', 'তোক নেপালে মৰি যাও' আদি অসাংবিধানিক শব্দ/বাক্যাংশৰে ভৰা। এনে শব্দৰ ব্যৱহাৰ সভ্য সমাজৰ বাবে অপকাৰী আৰু ভাষাটোৰ বাবেও ধ্বংসাত্মক। গতিকে বিহু নামবোৰ শালীন কৰা প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিহুগীত বিলাক সংশোধিত আৰু শালীন কৰি তুলিবলৈ আদেশ..মানে অনুৰোধ কৰিছো। বিহুনাম বিলাক কেনেদৰে সংশোধন কৰিব লাগিব তাৰ উদাহৰণ তলত দিয়া হল

অশালীন চহা বিহু

"অ চেনীমাই জাঁজী নৈ বোৱাই দিম
অ চেনীমাই কলিজাৰ তেজেৰে
অ চেনীমাই ঐ, তেজৰে বৈ যাব,
তেজৰে বৈ যাব নৈ চেনীমাই জাঁজী নৈ...."

যিকোনো সুস্থ মস্তিষ্কৰ মানুহেই গম পাই যাব এই বিহুনাম কিমান অশ্লীল আৰু হিংসাত্মক, এনে গীতে নৱ প্ৰজন্মক ধ্বংস নকৰি কি কৰিব? এই বিহুগীতৰ শালীন ৰূপ এনে ধৰণৰ হব

" মোৰ হৃদয় সাম্ৰাজ্ঞী,
হে মোৰ প্ৰাণ প্ৰিয়া,
তোমাৰ দৰ্শনতে স্পন্দিত হয়,
মোৰ প্ৰেম আকলুৱা হিয়া
বোৱাই দিয়া মোৰ হৃদয়ত
তোমাৰ অসূৰ্যস্পৃশ্যা (অসূৰ্যস্পৰ্ষা নহয়) প্ৰেমৰ বন্যা।"


বিহুগীত মূল উদ্দেশ্য হ'ল প্ৰেমিকাক প্ৰেম নিবেদন কৰা, ওপৰত দেখুৱা ধৰণে শালীনতা ৰক্ষা কৰিও এই উদ্দেশ্যত উপনীত হব পাৰি।

মোৰ অলপ জৰুৰী আৰু গোপনীয় কাম কৰিব লগা আছে, গতিকে সদ্যহতে এৰিব লগা হৈছে। কিন্তু আপোনালোকে নেভাবিব যে আপোনালোক মোৰ পৰা সাৰি গ'ল- অনতিপলমেই আকৌ বহুতো নিত্য নতুন সমস্যা উদ্ভাৱন কৰিবলৈ মই আহি আছোঁ। সমাধান কৰা মোৰ কাম নহয়, সেইবোৰ আপোনালোকে নিজে নিজে কৰি লব(ল'ব' বুলি লিখা অশুদ্ধ)।

No comments:

Post a Comment