Monday, April 25, 2016

জীৱন নিত্য (প্ৰান্তিক প্ৰকাশিত)







৯।৬।২০১৪। ৯-৪৬। আজি সোমবাৰ বুলি সোনকালে উঠিলো, অফিচো আছে নহয়। উঠাৰ পৰাই মূৰটো টিঙটিঙাই আছিল। কালি আচলতে অলপ বেছিয়েই হল। বাৰমান বজাত অফিচলে নেযাও বুলিয়েই ঠিক কৰিলোঁ, বছক ফোন কৰি জনাম বুলি ভাৱিছিলো, পিছে তেখেতে আজি তিনিমাহ মানৰ পৰা নিজেই অফিচলে অহা নাই, গতিকে বাদ দিলো। টিভিত “ৰাউডী পুলিচ অফিচাৰ” নামৰ চিনেমা খন চালো। ২ বজাত ভাত খাই উঠি আকৌ ৫ টালৈকে শুলোঁ। সাত মান বজাত ৰামী খেলিবলৈ ওলাই গ’লোঁ, তাতে আকৌ পাৰ্টি হ’ল। ১১ বজাত ভাত খাই অলপ টিভি চাই শুই গলোঁ। আমি শোৱাৰ তিনি ঘণ্টামানৰ পাছতহে আমাৰ সুপুত্ৰ ঘৰলৈ উভটিল। ৰাতি বাচন বৰ্তন পেলোৱাৰ ঠুং ঠাংৰ লগতে ফুল ভলিউমৰ  টিভিৰ শব্দত ভালকৈ টোপনি নাহিল।

১০।৬।২০১৪। ১১-২৫। চেহ আজিও দেৰি হৈ গ’ল। বাহিৰত বৰষুণ, লগে লগে মনটো ভাল লাগি গ’ল, বৰষুণ মানেই ৰাষ্টাত বানপানী, আৰু অফিচো আন-অফিচিয়েলী বন্ধ। ৰমেন শইকীয়ালে ফোন কৰিলোঁ, দিনটো কটোৱাৰ কিবা ব্যৱস্থা এটা কৰিবলে। শইকীয়াই জনালে, অমল মহন্তৰ শ্ৰীমতী ঘৰলে গৈছে, মানে অকলে আছে। প্ৰগ্ৰাম ফাইনেল হ’ল,  ২ বজাত তিনি কেজি মূৰ্গীৰ মাংস কিনি মহন্তৰ ঘৰলৈ গ’লো। মহন্ত, শইকীয়াৰ লগতে দাসবাবু আৰু মোহিনীকান্তও আহিল। মোহিনী আহিলে আমাৰ বৰ সুবিধা, এগিলাছ মান খাবলে পাম বুলিয়েই সি ৰন্ধা, বাচন ধোৱা আদি সকলো কাম কৰি দিয়ে। বহি থাকোতে গুৱাহাটিৰ বানপানী আৰু চৰকাৰৰ অকৰ্মণ্যতাৰ ওপৰত গম্ভীৰ আলোচনা হ’ল।

|| || Flowering of Bamboo or "Bamboo Blossom" || ||





Bamboo normally reproduces itself from the 'Shoot' at its roots, It doesn't need flowering or seeding for survival. However, in irregular intervals, all bamboo species Flower and produce rice like grains, the reason of this is still unknown. But whatever the evolutionary purpose of it, it is considered to be an omen in most parts of India and China where this flowering occurs. These are few interesting facts about bamboo flowering

॥॥ বৃটিছৰ দূৰৱস্থাৰ হেতু॥॥

২৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী, আমাৰ ইংলেণ্ডৰ বৃটিছ সকলৰ ইতিহাসৰ এক ক’লা দিন! সেইদিনাই আমি নিজৰ সাৰ্বভৌমত্ত্ব হেৰুৱাই অসমীয়া নামৰ এটা বণীয়া জাতিৰ তলতীয়া হব লগা হ’ল। এক সুচতুৰ সন্ধিৰ যোগেৰে, যিখন সন্ধিৰ আমি অংশীদাৰো নাছিলো, আমি নিজৰ ইচ্ছাৰ বিৰূদ্ধে গৈয়ো, অসমীয়া নামৰ এই বিদেশী, ধনলোভী জাতিটোৰ ইচ্ছাৰ দাস হৈ গ’লো। ইয়াৰ বাবে মূলতঃ আমাৰ শাসক সকলৰ ক্ষমতাৰ লোভ আৰু ৰাইজৰ প্ৰতি অৱজ্ঞাই দায়ী, আমি সৰ্বসাধাৰণ বৃটিছ সকলে আমাৰ হাজাৰ বছৰীয়া গৌৰৱোজ্জল ইতিহাসক ৰক্ষা কৰিবলৈ সকলো ত্যাগ কৰিছিলো। কিন্তু নিয়তি আৰু আমাৰ শাসকসকলৰ নিৰ্বুদ্ধিতাই আমাক দাস হৈ থাকিবলৈ বাধ্য কৰিলে।

==ভুল - ভুলইয়া== (নৱেম্বৰ ২০১৭ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)


মুল অসমীয়া লিখনিঃ-- ৱিলিয়াম ডেৱিড্ ডেটচ্

বজৰুৱা, নষ্টযোৱা অসমীয়া ভাষালৈ অনুবাদঃ- নিম্ন-স্বাক্ষৰকাৰী

জ্ঞান-বুদ্ধিবিহীন অসমবাসী ৰাইজ! আপোনালোকে জানেই যে, মোৰ দৰে বুদ্ধিমান, সৰ্বগুণাকৰ, সৰ্বজ্ঞানী, ত্ৰিকালজ্ঞ, আৰু সচেতন লোক এই অসমতে নেলাগে, এই ভূ-ভাৰস্ততে নাই। আপোনালোকে আৰু জনা উচিৎ যে, অসম তথা সমগ্ৰ মানৱজাতিৰ বাবে, কি ভাল, কি বেয়া, কোন শুদ্ধ, কোন অশুদ্ধ, এইবিলাক নিৰ্ণয় কৰাৰ সমগ্ৰ দ্বায়িত্ব মই Usurp ( ইউজাৰ্‌প্; আজিকালি "জহনীত যোৱা, মাউৰত মৰা" সংবাদ মাধ্যমে লিখাৰ দৰে আচাৰ্প নহয়) কৰিছো আৰু সেইমতে সকলোকে দিক্(ডিক নহয়, সেইটোৱে বেলেগ অৰ্থ বুজাব) নিৰ্দেশনা দি আহিছো। আৰু মই গৌৰৱ কৰি কব পাৰো যে, মই চৰিয়াই, গুৰিয়াই, লঠিয়াই, হালোৱা এচাৰিৰে কোবাই থকাৰ কাৰণেই অসম দেশৰ জধামুৰুখ জনতা সঠিক দিশত আগবাঢ়ি গৈ আছে। তাৰ প্ৰমাণ স্বৰূপে মই ১৯৮৯ চনৰ মাৰ্চ মাহৰ ২১ তাৰিখে এখন কাকতত স্বেকোশ্লাভাকিয়া বানান টো অসমীয়াত শুদ্ধকৈ কেনেকে লিখিব লাগে সেইবিষয়ে লিখা এখন তিনি পতীয়া ৰচনাৰ উদাহৰণ দিব পাৰোঁ, সেইদিনাৰ পৰাই সমগ্ৰ অসমবাসীৰ বোধোদয় হয় আৰু বানানটো মই নিৰ্দেশ কৰা মতে লিখিবলৈ আৰম্ভ কৰে। এনেদৰেই মই বহুবাৰ অসম আৰু অসমীয়া ভাষা সংস্কৃতিক অস্তিত্ব বিলোপনৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ উদাহৰণ আছে।যদিও মোৰ শত্ৰু সকলে এই কথা স্বীকাৰ নকৰে, মই সময় সুবিধা পালেই মোৰ অৱদান সমূহৰ কথা উনুকিয়াই থকাৰ প্ৰয়োজন বোধ কৰোঁ। নহ'লে অসম দেশৰ 'খাই পাত ফলা' 'ভুলক্কৰ' জনসাধাৰণে মোৰ কথা মিনিটতে পাহৰি পেলাব বুলি মই নিশ্চিত।