Thursday, February 18, 2016

॥॥॥ বিজ্ঞাপন॥॥॥॥Advertisement ॥॥॥॥॥


"অসমী আইৰ সুযোগ্য সন্তান যোৰহাটৰ শ্ৰী অভিজিত কলিতাই সুখ্যাতিৰে আভিযান্ত্ৰিক পাঠ্যক্ৰম সমাপ্ত কৰি নেপক'ত কাৰ্যৰত হয় আৰু অপৰিসীম শ্ৰম তথা ত্যাগেৰে বিদ্যুৎ উৎপাদন কৰি অসমীৰ গাঁও চহৰ উজলাই তোলে। তেখেত হ'ল অসমীয়া সংস্কৃতিৰ নীৰৱ সাধক আৰু চিৰ চেনেহী ভাষা জননীৰ পূজাৰী..... অসমৰ সামাজিক সমস্যাসমূহ দূৰ কৰিবলৈ তেখেতে আজীৱন নিৰৱিচ্ছিন্ন ভাৱে প্ৰচেষ্টা চলাই আহিছে....." 



চিধা কথা.... ওপৰৰ কথাখিনি অলপ সজাই পৰাই, দীঘলকৈ লিখি আলোচনী আৰু বাতৰি কাকত, স্মৃতিগ্ৰন্থ আদিত প্ৰকাশ কৰিব লাগে। প্ৰতিটো প্ৰকাশিত লেখাৰ বাবদ, লেখকক ১৫০০০.০০ টকাকৈ Cash দিয়া হব। লগতে মোৰ ফটো এখন প্ৰকাশ কৰিব পাৰিলে আৰু ৫০০০.০০ এক্সট্ৰা। যিমান পাৰে বি‍শেষণ লগাব লাগিব, প্ৰচণ্ড, অখণ্ড, তীব্ৰ, আদি জোৰদাৰ বিশেষণ ব্যৱহাৰ কৰিলে বিশেষণে প্ৰতি ১৫ টকাকৈ বোনাচ দিয়া হব।

ঘৰ বেইঠে বেইঠে পেইচা কমানে কা চুনেহৰা অৱচৰ!

ৰাইজে যদি লুকাই চুৰকৈ কৰিছে, মই খোলা-খুলিকে কৰিছো..... কাৰ কি হ'ল তাতে?:-)

No comments:

Post a Comment