Wednesday, January 6, 2016

নামঘৰীয়া

তপুখুৰাৰ বহাত সেইদিনা আবেলি চহৰৰ পৰা অচিনাকী ল'ৰা এজন আহি ওলালহি, ডেকা ল'ৰা, দেখিবলৈ অলপ চচাৰ লগত মিল আছে। আহিয়েই তপুৰ ভৰিত পৰি ক'লে

- "খুৰা আজি মোক আপুনি সহায় কৰিব লাগিব। বৰ আশা কৰি আহিছো।"

- "কি সহায় লাগে হে তোমাক?"


-"খুৰা, কথাটো পোনে পোনে কৈয়েই দিও, আজি গধূলি নামঘৰত ভাগৱত পাঠ আছে, আপুনি পাঠৰ পাছত নামঘৰীয়াক কিবা কিবি সুধি এঘণ্টামান ৰখাই থব লাগে নামঘৰতে,...মই আজি নামঘৰীয়াৰ ঘৈণীয়েকক পলুৱাই লৈ যাম।"

- "কি কথা কোৱা হে তুমি? লোকৰ ঘৈণীয়েকক কিয় পলুৱাই নিয়া? আৰু মই কিয় সেইবোৰা কামত তোমাক সহায় কৰিম?"

-"খুৰা, সেইবোৰ বহুত কাহিনী, তাই মোৰ প্ৰেমিকা আছিল, কিন্তু এই বুঢ়া নামঘৰীয়াই পইচাৰ বলত তাইক মোৰ পৰা কাঢ়ি নিলে, বুঢ়াৰ অত্যাচাৰত বেচেৰীৰ অৱস্থা নাইকীয়া হৈছে, -আপুনি আমাক সহায় কৰক, গুণ নহ'লেও ধৰ্ম হব আপোনাৰ। আৰু এনেই নেলাগে, এইটো চাওক..আপোনাৰ কাৰণেই আনিছো, দামী বস্তু"- লগত থকা বেগটোৰ চুকেৰে অলপ ওলাই থকা ৭৫০ মিলিৰ বটলটোলৈ আঙুলিয়াই দেখুৱাই ল'ৰাটোৱে ক'লে।

হে হে, এইহে কথা, এতিয়া তপুৱে সহায় নকৰি পাৰেনে? মনে মনে বেয়া পালেও দ্ৰব্যবস্তুকণৰ লোভতে তপু সন্মত হ'ল।

ৰাতি পাঠ শেষ হ'ল- পিছে তপুক ইটোৰ পাছত সিটো 'বাইখা'ৰ প্ৰয়োজন হ'ল,
-'এই যে পাঠেক ক'লে- "শংখ, চক্ৰ, গদা, পদ্ম 'কৰত' তোমাৰ", বাকী কেইটা বাউ পালোগে, পিছে হেৰি নহয়, 'কৰত' খনেৰে নো ভগৱানে কি কৰে? আকৌ বোলে-"বলী বীৰ, বালি বীৰ, অৰ্ধ হনুমান" - হনুমানৰ আধা কৰিলে কেনেকে, আৰু কৰিব পায়নে?

সেই কেইটা বুজাই হয় মানে আকৌ এটা সোধে। নামঘৰীয়াৰ অলপ সন্দেহ হ'ল আৰু তপুক চকু পকাই ধৰিলে,

-ঐ, তোৰ আজি ইমান ভকতি হ'ল যে, কিবা কথা আছে ইয়াত, মই জানিছো। ক কি হৈছে, এই নামঘৰৰ মজিয়াত মিছা নেমাতিবি।

তপুৱে ভয় খালে, আৰু ভয়ৰ কোবত সকলো সঁচা কথা তাৰ মুখেৰে ওলাই গ'ল

- "দেউ খেমিবহে অধমক, আজি সেই ল'ৰাটোৱে বোলে আপোনাৰ মানুহজনীক পলুৱাই লৈ যাব। এতিয়া ময়ো সেই পাপৰ ভাগী হ'লো................"

নামঘৰীয়া অলপ ৰ'ল, মিচিকিয়াই এবাৰ হাঁহিলে আৰু ক'লে

-"হেৰৌ জধামূৰ্খ, মোলে চা ভালকে, মই হ'লো 'কেৱলীয়া ভকত', মোৰ আকৌ ঘৈণীজনী ওলাল ক'ৰপৰা? কৃষ্ণ কৃষ্ণ!! পিছে তই এটা কাম কৰ ..নিজৰ ঘৰলেকে যা লৰালৰিকে... নাইটবাছখন এতিয়াও যোৱা নাই যদি তোৰ আশা এটা আছেগৈ।"

উপসংহাৰঃ-চহৰৰ ল'ৰাটো পিছে কথা দি কথা ৰখা মানুহ আছিল, ৭৫০ মিলিৰ বটলটো ধুনীয়াকৈ টেবুলৰ ওপৰতে থৈ গৈছিল।

No comments:

Post a Comment