Wednesday, January 6, 2016

বাঘ আৰু বান্দৰ


বাঘ এটা গৈ আছিলে মাৰি তামাম চাল,
ষ্ট্ৰাইপৱালী ড্ৰেছ পিন্ধি, স্পাইকৱালী বাল।
কোনে জানো খান্দি থৈছিল দ এটা গাঁত,
বাঘ বপুৰা ধাৰামকৈ পৰিলগৈ তাত।
জাঁপ মাৰি, ৰলিং কৰি চেষ্টা বহুত দিলে,
কোনোপধ্যে গাঁতৰ পৰা ওলাব নোৱাৰিলে।


ওচৰৰে গছত বহি আছিল চিৰিমান বান্দৰ,
চান্সতে ডান্স মাৰি কৰিলে অলপ ৰগৰ।
হাই!! বাঘভাই, গম পাইছানে এতিয়া কি হব?
চিকাৰী আহি, বন্দুক আনি, তোমাৰ খবৰ লব।

ডাঙৰ দীঘল লাঠী এডাল জোঙা কৰি লৈ,
মুখেৰে তোমাৰ সুমাই দিব, ওলাব সিফালে গৈ।
একেগুলীতে তোমাৰ তেৱৰ ফুঁটছাই হব,
তোমাক মাৰি ৰাইজে চালখন চেলাই নিব।
তুমি হয়তো ওলমি থাকিবা কোনোবা ড্ৰয়িং ৰূমত,
দাঁত নিকটাই, ঠেং মেলি, গজাল দুটা মূৰত।
আজিলৈকে ৰজা বুলি মাৰিলা যিমান তাও,
চব পানী, ফুচফাচ হব, ডুবিব তোমাৰ নাও।
বিধিৰ বিপাক হঠাতে জানো কৰ কিটো হ’ল,
বান্দৰ বহা ডালটো দেখোন দুটুকুৰা হ’ল।
ধুমকৈ বান্দৰো আহি পৰিল সেইটো গাতত
নেজডালেও চেটেপকে মাৰিলে বাঘৰ মুখত।

বান্দৰ উবাচ
“সঁচা কৈছো চাৰ, ভাৱি চিন্তি, লাজত হ'লো লাল,
ক্ষমা খুজিবলে, লাফৰা কৰাৰ, নিজে অহাই ভাল!!

No comments:

Post a Comment