Wednesday, January 6, 2016

ফটহু স্পেচিয়েল -২

তেতিয়া ফটহু  ইণ্ডিয়ান আৰ্মিৰ কেপ্টেইন, পাকিস্তানৰ লগত তমোময় যু্দ্ধ চলি আছে। ছেংমাৰ ৰেকৰ্ড ভাল, আজিলেকে কোনো বেটল হৰা নাই। পিছে লগত থকা চচা, আংক, পাংক, ৰুণ্টু, তালিক আদি সৈন্যবোৰহে অলপ কাণীয়া টাইপৰ। কেতিয়াও যুদ্ধ দেখি পোৱা নাই, নিজ হাতেৰে পানী এগিলাছো লৈ খাই পোৱা নাই, যুদ্ধক্ষেত্ৰত এনিটাইম মাকলৈ, প্ৰেয়সীলৈ মনত পেলাই কন্দা কটা কৰি থাকে। পিছে ছেংমাৰ আপত্তি নাই, তেও হেনো ইহঁতক লৈয়েই যুদ্ধ জিকি দেখুৱাব।


দুদিন মান পাছতে খবৰ আহিল, এক প্লাটুন পাকিস্তানী সৈন্যই তেওলোকৰ চাউনি আক্ৰমণ কৰিবলৈ আহিছে,..... সৈন্য কেইটাৰ ভয়তে পেটত হাত ভৰি লুকাল, আজিলেকে সঁচা সঁচি যুদ্ধ দেখাই নাই, আজি হব কি? ছেংমা কিন্তু কুল,...... নিজৰ অৰ্ডালিটোক আদেশ দিলে,

-ঐ, মোৰ ৰঙা চাৰ্টটো আন।

অৰ্ডালিয়ে চাৰ্টটো আনি দিয়াৰ লগে লগে, সেইটো পিন্ধি ছেংমা ৩০৩ ৰাইফল আৰু বেয়নেট লৈ যুঁজত নামি পৰিল, আৰু পাকিস্তানী সৈন্যক ধ্বংস কৰা আৰম্ভ কৰিলে। ছেংমাৰ বীৰত্ব দেখি বাকীসকলৰো সাহস আহিল আৰু সকলোৱে মিলি পাকিস্তানী প্লাটুনটো চাফা দি দিলে। ৰাতি বাম্পাৰ পাৰ্টি হ'ল।

পিছদিনা আকৌ খবৰ আহিল, এইবাৰ তিনিটা পাকী প্লাটুনে একেলগে আক্ৰমণ কৰিছে। ছেংমাই আকৌ আদেশ দিলে

- মোৰ ৰঙা চাৰ্টটো লৈ আন।

ৰঙা চাৰ্ট পিন্ধি আকৌ ছেংমাও মহা বিক্ৰমেৰে পাকী সেনাৰ ওপৰত জপিয়াই পৰিল, আৰু বাকী বিলাকেই সেই সাহসতে, তিনিটা পাকী প্লাটুনক ছত্ৰভংগ দিবলৈ বাধ্য কৰিলে।

ৰাতি পুণৰ ফাটাফাটি পাৰ্টি চলিল, যুদ্ধ জয়ৰ।

তেনেতে চচা নামৰ সৈন্যজনে পানীকণৰ নিচাত সাহস পাই ছেংমাক সুধিয়েই পেলালে

-চাৰ, আপুনি যুদ্ধ হ'লেই ৰঙা চোলাটো কিয় পিন্ধি লয়?

-হমমম, গুড কুয়েচন। চোৱা, মই অকলে কেতিয়াও যুদ্ধত সকলোক শত্ৰুকে মাৰিব নোৱাৰোঁ, মোক তোমালোকৰ সহায় লাগিবই। তোমালোকৰ সাহস ধৰি ৰখাটো মোৰ চবতকে ডাঙৰ কাম। মই ৰঙা চাৰ্ট এইকাৰণেই পিন্ধো, যে মোৰ গাত গুলী লাগি তেজ ওলালেও তোমালোকে গম নেপাবা আৰু তোমালোৰ সাহস অতুট থাকিব। বুজিলা?

হাত তালিৰ গৰগৰনিত গছত নিঃপালি দি শুই থকা কাউৰী কেইটাৰ টোপনি ভাগি গ'ল!

দুদিন মান পাকিস্তানীৰ কোনো খা-খবৰ নাই..কেইদিনমানৰ পাছত চোৰাংচোৱাই লৰালৰিকে আহি খবৰ দিলেহে.....

চোৰাংচোৱাঃ- চাৰ চাৰ, এইবাৰ ১৫ টা পাকিস্তানী প্লাটুনে একেলগে আক্ৰমণ কৰিবলৈ আহিছে, ..আহিছে মানে ..... এই আহি পালেহিয়েই আৰু!

ছেংমাঃ- ঐ, কোন আছ? মোৰ হালধীয়া ৰঙৰ পেণ্টটো লৈ আন, ইমিডিয়েট!!

No comments:

Post a Comment