Wednesday, January 6, 2016

কইনাৰ সৌন্দৰ্য্য আদি দুটামান কৌতুক

১। তলৰ জুকটো মই লিখা নাই, ছেংমাই লিখি মোৰ নামত পোষ্ট কৰিবলে দিছে। আচলতে তাৰ হাতত মই যৌৱন কালত প্ৰিয়ংকা গান্ধীলে লিখা দুখনমান প্ৰেমপত্ৰ আছে, সেইকেইখনকে মোৰ ঘৈণীক দেখুৱাই দিম বুলি ব্লেকমেইলিং কৰি আছে, ফোনতে অমৰিছ পুৰী টাইপ হু হু হা হা কে হাঁহিছেও। মই নিঃসহায়। মই আচলতে এনেকুৱা জ’ক লিখাটো দূৰৰে কথা, নপঢ়োও, আৰু কেনেবাকে ভুলতে পঢ়িলেও, বিলকুল নেহাঁহো। 

জুকটো এনেধৰণৰ ( ৰাইজক নেহাঁহিবলৈ টানি অনুৰোধ জনাইছো দেই!!!)

×××××××××
প্ৰাচীন কালৰ কথা... মানে কেইবছৰ মান হ’ল আৰু , 'অভিজিত কলিতা' (নামটো বল্ড , ইটালিক আৰু লগতে ফণ্ট চাইজ 80 বুলি পঢ়িব দেই) নামৰ কৃপন এজনৰ বিয়াৰ দিন ....... - বিয়া হৈ গ’ল............... চাত ফেৰে , মালা এক্সেঞ্জ, সেৱা, আখৈ,চব খতম ... আমখৰিৰ জুইয়ো নুমাল।

শেষত কলিতাই পুৰোহিতক সুধিলে-

-“দেউ, এতিয়া পিছে দক্ষিণা কি দিম আপোনাক?” 

পুৰোহিতে সোলামুখীয়া হাঁহি এটা মাৰি ক’লে ..........

-“সেস সেস..মইনো কি কম?.....কইনাৰ সৌন্দৰ্যৰ লগত মিলাকৈ দিয়া আৰু কিবা এটা।“

কলিতাই পুৰোহিতক দহ টকীয়া নোট এখন দিলে।

তেনেতে এজাক উতনুৱা বতাহ আহিল, কইনাৰ ওৰণি পৰি গ’ল। পুৰোহিতে কইনাৰ মুখখন দেখা পালে। 

পুৰোহিত:- “হে..হে..হেৰা ডেকা!!! ৰবা হে, কলৈ যোৱা, ৰ’বা, ৰ’বাচোন? সাত টকা ঘুৰাই পাবা তুমি, লৈ যোৱা............... লৈ যোৱা। মই এই বয়সত আকৌ ধাৰ খাই পাপ কৰিব নোৱাৰো নহয়।“ 

২।  

ছেঙ, কলিতা আৰু ভাষ্কোয়ে লেকচাৰ মাৰি আছিল, টপিক-  কেনেকে ঘৈণীয়েকক কামত লগাব পাৰি..

কলিতাঃ- চিম্পল, বিয়াৰ পিছদিনাই মই ঘৈণীক অৰ্ডাৰ দিলোঁ, ঘৰ পুৰা মুচি কাচি চাফা কৰা, লেতেৰা বাচনবোৰ ধোৱা, কাপোৰবোৰ ধুই শুকুৱাই ইস্ত্ৰি কৰি ভালকে আলমাৰিত জাপি থোৱা। প্ৰথম দিনা সকলো কাম কমপ্লিট নহ’ল অৱশ্যে, কিন্তু ২য় দিনা মোৰ ঘৰ একদম চিকচিকিয়া হৈ গ’ল ।

ভাষ্কোঃ- অপুনি সহজতে এৰি দিলে, মই কিন্তু এইবিলাক কামটো দিলোৱেই, তাৰ ওপৰিও, বাহিৰৰ ফুলনিখনত ৫০ জোপা চিজন ফ্লাৱাৰ লগাব দিলো, ভিতৰৰ ৰুম কেইটাত ৰং মাৰিব দিলো। প্ৰথম দিনা একোৱেই নোৱাৰিলে কৰিব, নেজানে যে কামবোৰ; মই আকৌ ধমকি লগালো, তৃতীয় দিনালৈ কাম বোৰ হ’লগৈ আৰু যেনে তেনে। 

ছেংমাঃ- ধুৰ আপোনালোকক বুৰ্বক, এই বোৰ কাম এবাৰ কৰিলে কিডাল হব। মই কিন্তু প্ৰথম দিনাই কৈ দিলো, মোক এনিটাইম ঘৰ চাফা লাগিব, এটাও লেতেৰা বাচন থাকিব নোৱাৰিব, কাপোৰবোৰ নিয়াৰিকৈ আলমাৰি জাপি থোৱা হব লাগিব, খানা সদায় গৰম আৰু টেষ্টি হব লাগিব, আৰু মই ফেচবুক কৰি থকা সময়ত কোনেও দিষ্টাৰ্ব কৰিব নোৱাৰিব। 

ভাষ্কো / কলিতাঃ- ৱাও..হলগৈ নে?

ছেংমাঃ- প্ৰথম দুদিন মই একো দেখাই নেপালো, তৃতীয় দিনা বাওচকুটো যেনেতেনে অলপ মেলিব পাৰিলোঁ, আৰু যেনেতেনে এজেন্সী এটা লৈ ফোন কৰি কাম কৰা বাঈ এজনী গোটালোঁ।
৩।

ৰিণ্টুৰ ছোৱালীজনীয়ে আকৌ খাবলে বেয়া পাই, সময় নষ্ট হয় যে, ইমানবোৰ খেল খেলিব আছে, ভাত খাই থাকিলে হব নেকি?আৰু ভাতবোৰ যে কি বেয়া...... ইয়াক!! মাক-বাপেক দুইটাৰে মহা চিন্তা!! এদিন মাকে সুবিধা এটা পালে-
পোৱালীঃ- মা..মা ..মোৰ পেট বিষাইছে। 

মাকঃ- সেয়া চোৱা, মই কৈছিলো নহয়।চোৱা মাজনী, আচলতে তোমাৰ পেটটো একদম খালি হৈ আছে, তাত কিবা বস্তু ভৰাই দিব লাগিব, তেতিয়াহে বিষ নাইকিয়া হব। আৰু কেনেকে ভৰাবা? মুখেৰে খাই, হয়নে নহয়? খোৱা মাজনী ভাত কেইটামান খাই দিয়া, চাবা পেট বিষ পতকে নাইকীয়া হৈ যাব।

সেইদিনা আকৌ দিনটো টলৌ টলৌকে ঘুৰি ৰিণ্টু ঘৰলে আহক, গৰমৰ দিন, মানুহটোৱে একমিনিটো এঠাইত থাকিবলে পোৱা নাই, ইমান কাম। আহিয়েই-

ৰিণ্টুঃ- হেৰা শুনিছানে, বৰ মূৰতো বিষাইছেচোন, ইমান গেলা গৰম আজি.......

পোৱালীঃ- নহয় নহয় দে’তা, আচলতে তোমাৰ মূৰতো একদম খালি, সেইকাৰণে বিষাইছে। তাত এতিয়া আমি কিবা কিবি ভৰাব লাগিব।

৪।

ভাষ্কোৰ এটা বৰ জেদী কুকুৰা আছিল, এদিন উপায় নেপায় খঙতে কুকুৰাটোক গড়ালত বন্ধ কৰি থলে- পিছে কুকুৰাটো ইমানেই জেদী আছিল নহয়, পিছদিনা ৰাতিপূৱা গড়ালটোৰ পিছফালৰ দৰ্জাখনেৰে ওলাই গ’ল।

পিছদিনা আকৌ ভাষ্কোৱে তাক ধৰি গড়ালটোত বন্ধ কৰি দিলে, পিছে সঁচাকে জেদী কুকুৰা দেই, ৰাতিটো যুঁজি যুঁজি আকৌ পিছফালৰ দুৱাৰখনেৰে বাহিৰ ওলাল।

হাইটচ হৈ গ’ল- এইবাৰ খঙতে ভাষ্কোৱে কুকুৰাটো মাৰি, ফ্ৰাই কৰি পেপছিৰ লগত খাই পেলালে। হ’লে কি হব, কুকুৰাটোও কম জেদী নাছিল দেই..,
 পিছিদিনা পূৱা ............................................

৫।
সেইদিনা জুইভাইয়ে মেট্ৰিক দি আছিল, তামাম টান পেপাৰ..মাথা গৰম হৈ আছে। অৱশ্যে সকলোৰে একে অৱস্থা। কাষত বহা ধুনীয়া কাশ্মীৰি ছোৱালীজনীয়েও একো পৰা নাই। শেষত লাজ মান কাটি কৰি তাইক জুইভাইক মাত লগালে- 


- "মাফ কিজিয়েগা ভাইজান...১২ নাম্বাৰ চৱাল কা..........."

-" ধেই %@#@#%* গজমুৰি!! এফালে পেপাৰে কনফিউজ কৰি দিছে, ইফালে তই আৰু বেছি কনফিউজ কৰি দিছ!! এবাৰ কবি “ভাই”, এবাৰ কবি “জান”!!! আগতে ঠিক কৰি ল, কোনটো নামেৰে মাতিবি, তাৰ পাছত চৱাল সুধিবি। চাল্লা মূড খাৰাব কৰি দিয়ে এইচবে। " 

৬।
ছেং:- ৰজা দশৰথৰ নাম শুনিছা, তেওৰ তিনিগৰাকী ৰাণী আছিল

ছেঙনীঃ- তাতে কি হ’ল 

ছেং:- মানে ধৰ্মপূথিতো আছে, ভাল মানুহে তিনিগাৰকীকৈ বিয়া পাতিব পাৰে। তুমিনো মই অকণমান কাৰোবাৰ লগত ফ্লাৰ্ট কৰিলেই ইমান অভাৰ ৰিয়েক্ট কিয় কৰা?

ছেঙনীঃ- হমম.. দ্ৰোপদীৰ নাম শুনিছা? 

ছেং:- ধেত আঁকৰী, তুমি যে আৰু কি নহয়, পতকে চিৰিয়াচ হৈ যোৱা!! ব'লা আজি মেক-ডিত তোমাক আলু পৰঠা খুৱাই আনো। 

৭।

চিখৰঃ- মই তোমাক ভাল পাও, মোৰ গাৰ্লফ্ৰেণ্ড হৈ যোৱা না

পাখৰীঃ- ন’ ..মোৰ দেউতাই এইবোৰ এলাও নকৰে, চ’ প্লীজ!! 

চিখৰঃ- ইহহহ; @##*₹## কথা শুনা তাইৰ!! মোৰ দেউতাই যেন মোক সদৌ অসম বয়ফ্ৰেণ্ড অধিকাৰ সুৰক্ষা সমিতিৰ সভাপতিহে পাতি থৈছে। ফুট ইয়াৰ পৰা।

৮। 

আমাৰ শ্ৰদ্ধাৰ গাফুনি এগৰাকীয়ে দিনৌ ডাবল গুটি খেলে, পিছে ঈশ্বৰে কৰাত যেনিবা সদায় হাৰে, হাৰি হাৰি লাওলোৱা অৱস্থা। যিটো নাম্বাৰ ধৰে, সেইটো বাদ দি বাকী চব নাম্বাৰ মাৰে। উপায় নাপায় সিদ্ধান্ত বাবাজীৰ ওচৰ পালেগৈ, বাবাজীয়ে গণনা কৰি ক’লে- 

- আপুনি এটা কাম কৰক, আপোনাৰ যিটো বয়স, সেই নাম্বাৰটো খেলক, নেপালে মোৰ নাম সলাই অমংগল কাশ্যপ কৰি দিব। 

কিছুদিনৰ পাছত খবৰ আহিল, গাফুনি নাৰ্ভাচ ব্ৰেকডাউন হৈ হস্পিটেলত। বাবাই খবৰ খাতি ল’লে, কি বা হ’ল কেছটো। প্ৰত্যক্ষদৰ্শী এজন ষ্টেটমেণ্ট দিলে....

- জানো কি হ’ল বাবাজী, কিহৰ পৰা কি হৈ গ'ল। মানুহজনীয়ে ২ লাখমান টকা ১৯ নাম্বাৰটোত লগাইছিলে, পিছত ৩২ মৰা দেখি বেহুছ হৈ গ’ল ।

১০। 
Bজয়ে তিতাবৰৰ মুন্নীবাঈ দিলখুছ বাৰত বহি দুখ মনেৰে গিলাছ এটাত ৰঙা কিবা এসোপা ঢালি খাবলৈ লৈছিল। তেনেতে যোৰহাটৰ লোকেল দাদা ছেণ্টু ইব্ৰাহিম আহি ওলালহি, ছেণ্টু এনেই ঝেং লগোৱাত ভাল। B জয়ক জোকাও বুলি Bজয়ৰ পৰা গিলাচটো থাপ মাৰি লৈ একেঘোটে খাই পেলালে। Bজয়ে হাঁ খৰি মুখ মেলি চাই থাকোতেই গ’ল। হঠাৎ Bজয়ে কথা নাই বতৰা নাই হাও হাও কে কান্দিবলে লাগিল- 

ছেণ্টু:- কি হ’ল বে চন, ইমান সৰু কথাটোতে কান্দিব লাগে নে, আই হে’ট টিয়েৰচ। হব দে মই আৰু এটা পেগ কিনি দিম তোক। চুপ থাক এতিয়া। 

B:-নহয় দাদা, মই সেই কাৰণে কন্দা নাই, মোৰ জীয়াই থকাৰ অৰ্থই নাই, আজি মোৰ জীৱনৰ আটাইতকৈ বেয়া দিন।

ছেণ্টু:-কি হ’ল আকৌ। 

B:- দাদা, ৰাতিপূৱা ঘৰৰ পৰা ওলালোঁ, দেৰি হ’ল অলপ, সেইকাৰণে মই কাম কৰা মাৰোৱাৰী দোকানখনৰ মালিকে মোক চাকৰিৰ পৰা খেদি দিলে। খেদা খাই ঘৰলে যাম বুলি আহি দেখো, মোৰ বাইকখন চুৰি হৈ গ’ল। পুলিচৰ ওচৰলে গ’লো, পুলিচে আকৌ মোৰ পুৰণা ৰেকৰ্ড চাই মই বাইকখন লুকুৱাই থৈ ইন্সিঅ’ৰেন্সৰ পৰা পইচা উলিওৱাৰ ধাণ্ডা কৰিছো বুলি মোকেই ল’ক-আপত ভৰাই দিলে। যেনে-তেনে জামিন লৈ ওলাই আহি দেখো, মোৰ পাৰ্চটো কৰবাত এৰি থৈ আহিলো, কাগজ পত্ৰ, পইচা সকলো হেৰাল। মনৰ দুখত গাৰ্লফ্ৰেণ্ড চেনীমাইলে ফোন কৰিলোঁ (তেতিয়া বন্দিতাৰ জন্মই হোৱা নাছিল), তাই নুঠালে। ভনীয়েকে ক’লে বোলে তাইক চাবলে অইলত কাম কৰা ল’ৰা এটা আহিছে, অহা বহাগত বিয়া। দুখতে মৰিয়েই থাকোগৈ বুলি ৰে’ল লাইনত শুই দিলো, পিছে গম পালো, ডিমাপুৰত হৰতাল হৈ চাৰি দিনলৈ ৰে’ল বন্ধ। শেষত আহি ‘বাৰ’তে বহি ফাইনেল ডিচিচন লৈ বৰবিহ এগিলাচকে পী দিও বুলি ভাবিলো, তাকো আপুনি আহি ওলালহি আৰু সেইখিনিও থপিয়াই নি খাই পেলালে। ........কি যে হব মোৰ জীৱনটো.....হুক .....হুক...??????

No comments:

Post a Comment