Wednesday, January 6, 2016

::::: পাত্ৰী লাগে ::::


উচ্চশিক্ষিত, সদবংশজাত, ৬ ফিগাৰ দৰমহা পোৱা, বিশেষ ঘৰুৱা সমস্য নথকা, আৰু পাকঘৰৰ কামত বিশেষজ্ঞ এজন সুদৰ্শন ডেকাৰ বাবে এগৰাকী এলাইবাদু পাত্ৰীৰ আৱশ্যক। জাত, পাত, ধৰ্ম, বয়স আদি ন’ বাৰ, কেৱল পাত্ৰী ‘ধনীৰো ধনী আও ধনী’ ঘৰৰ হব লাগিব, তেনেলোকৰ একমাত্ৰ সন্তান হ’লে অগ্ৰাধিকাৰ দিয়া হব। পাত্ৰী কোনো বিখ্যাত/কুখ্যাত কলেজত পঢ়া হব লাগিব, অসমৰ বাহিৰত পঢ়াৰ অভিজ্ঞতা থাকিলে ভাল; অৱশ্যে কেইবাৰত, কি পাছ কৰিছে সেইটো আবেদনত উল্লেখ নকৰিব, আৰু সঁচা কথাটো কাকো কবও নেলাগিব। 


পাত্ৰীয়ে ঘৰৰ কামকাজ, ৰন্ধা বঢ়া, কাপোৰ কানি ধোৱা, ঘৰ চাফা কৰা, ল’ৰা ছোৱালী দেখ-ভাল কৰা আদি কাম কাজ নজনা বা ভৱি‍ষ্যতেও শিকিবলৈ ইচ্ছা নকৰা বাঞ্ছনীয়।কামকৰা মানুহ নহলে, পিয়াহত মৰিবলগীয়া পৰিস্থিতি সৃষ্টি হ'লেও নিজে পানী এগিলাচ লৈ খাব নোৱাৰা পাত্ৰীয়েহে বিবেচনাধীন হব বুলি আশা কৰিব পাৰে। শ্বপিং মললে নগ’লে বা মেক ডি, কেএফচি, পিজ্জা হাট আদিত নেখালে এদিনো থাকিব নোৱাৰা পাত্ৰীহে এই পদৰ বাবে যোগ্য হব। শ্বপিঙৰ বাদে পাত্ৰীৰ আন কোনো হবি(hobby) থাকিব নোৱাৰিব। ঘৰত থকা সময়খিনিত কেৱল ফুৰিবলৈ যাও, লং ড্ৰাইভত যাও, এব্ৰ’ড ট্ৰিপত যাও, অলৈ যাও, তলৈ যাওকৈ চিঞৰ বাখৰ কৰি থাকিব পাৰিব লাগিব।

পাত্ৰী দেখিবলৈ যেনেকুৱাই নহওক লাগে কিয়, নিজকে দেখিবলৈ বলীউডৰ শেহতীয়া চুপাৰহিট হিৰইন গৰাকীৰ দৰে বুলি ভাবিব লাগিব, আৰু এই কথাটো জনসমাজক পতিয়ন নিয়াবলৈ নিজৰ চুলিখিনি মাহেকে পষেকে ষ্ট্ৰেইট টু কাৰ্ল এণ্ড ভাইচি ভাৰ্চা কৰি থাকিব লাগিব, লগতে এহেজাৰ এবিধ হেয়াৰ কালাৰো লগাব লাগিব, যেতিয়ালৈকে চুলিখিনি মৰাপাটৰ দৰে শুকান আৰু পাতল ৰঙচুৱা, হালধীয়া বৰণৰ নহয়গৈ। মে'নিকিঅ’ৰ, পে'ডিকিঅ’ৰ, গ'ল্ড ফেচিয়েল, ন’জ জব, আদিৰ অভিজ্ঞতা নথকা পাত্ৰীক কোনো কাৰণ নদৰ্শোৱাকৈ অগ্ৰাহ্য কৰা হব। 

ক্ৰেডিট কাৰ্ড হেৰুওৱা, পাৰ্চটো/মোবাইলটো বাটত পেলাই অহা, এটিএমৰ পিন মনত ৰাখিব নোৱাৰা আদিক প্ৰয়োজনীয় অৰ্হতা বুলি গণ্য কৰা হব। ড্ৰাইভিং জানিলে ভাল, কিন্তু সদায় হেণ্ডব্ৰেক লগাইহে গাড়ী চলাব লাগিব; সঘনাই য'তে ত'তে, যাকে তাকে গাড়ীৰে খুন্দিয়াই থকাৰ অভিজ্ঞতা থাকিলে ভাল। 

ফেচবুক, হোৱাটচএপ, স্কাইপ, কিক, ৱি-ছাট, টুইটাৰ আদি ব্ৰহ্মাণ্ডৰ সকলো চচিয়েল নেটৱৰ্কিং চাইটতে পাত্ৰীৰ একাউণ্ট থকিব লাগিব, কেৱল থাকিলেই নহব, ২৪‍×৭ এক্টিভ থকাৰ অভিজ্ঞতা থাকিব লাগিব। দিনে ২০/২৫ খন চেলফি তুলি এই চাইট বিলাকত, Meeeehhhh.... বুলি লিখি আপল’ড কৰাত পাত্ৰী সিদ্ধহস্ত হোৱা প্ৰয়োজন। পাত্ৰীয়ে এই সকলো চাইটৰ DP বিলাক দিনে নূন্যতম চাৰিবাৰকৈ সলনি কৰিব লাগিব, আৰু মিনিটে মিনিটে তাত পৰা লাইক, কমেণ্টৰ হিচাপ কৰি থাকিব লাগিব। সেইটো কাম আৰু শ্বপিঙৰ বাদে আন কোনো কামতেই চিনচিয়েৰ হোৱা অবাঞ্ছনীয়। 

পাত্ৰীৰ নাই নাই বুলিও কমচে কম, দহ পোন্ধৰজন বয়ফ্ৰেণ্ডৰ লগত লীলাখেলা কৰাৰ অভিজ্ঞতা থকা উচিৎ। একেসময়তে কেইবাজনো বয়ফ্ৰেণ্ডৰ পৰা লাপু, চিনেমাৰ টিকেট, আৰু ৰেষ্টোৰাঁৰ বিল সৰকাই নিজকে ক্লীন কৰি ৰখা প্ৰাৰ্থীক প্ৰথম সুযোগ দিয়া হব। উপযুক্ত প্ৰাৰ্থীৰ ক্ষেত্ৰত আৰু অলপ বেছি ভিতৰপকীয়া গন্দগোল থাকিলেও ই যোগ্যতাৰ পৰিপন্থী নহব। 

ইয়াৰ লগতে পাত্ৰীগৰাকীৰ ভূগোল, বুৰঞ্জী, সাহিত্য, ক্ৰীড়া, ৰাজনীতি আদি বৰিং বিষয়বিলাকত নূন্যতম জ্ঞানকনো থাকিব নেলাগিব, অৱশ্যে শেহতীয়া হিন্দী চিনেমাবিলাকৰ সকলো গীত সম্পূৰ্ণকৈ মূখস্থ ৰাখিব পাৰিলে ভাল। কেৱল, অসমীয়া নজনা বা জানিলেও নোকোৱা, আৰু কেনেবাকৈ ভুলতে ক’লেও বাক্যগাঁঠনি, উচ্চাৰণ আদিৰ ছৌদ্ধ গোষ্ঠী উজাৰ কৰিব পৰা প্ৰাৰ্থীয়েহে আবেদন কৰিব। পাত্ৰীয়ে ইংৰাজী জনা যেন দেখুৱাই দুটামান ইয়েচ, ন’ কব পাৰিলেই হব, কিন্তু সলসলীয়াকৈ হিন্দী ভাষা জনা অতি দৰকাৰী, নিজৰ বান্ধৱীসকলৰ লগত যিকোনো ক্ষেত্ৰতে কেৱল হিন্দীতহে কথা পাতিব লাগিব।। ৩৫ হাজাৰ টকীয়া দামী মোবাইল এটা লৈ তাৰে কেৱল চেলফি তুলিব জনা প্ৰাৰ্থীয়ে সুকীয়াকৈ এই অৰ্হতাৰ কথা উল্লেখ কৰিব। মাহে মাহে মোবাইল সলনি কৰা অভিজ্ঞতাও এ'ডেড এডভাণ্টেজ বুলি গণ্য কৰা হব।

বিয়াৰ পাছত পাত্ৰীয়ে স্বামীৰ ঘৰখনক বেছি পাত্তা দিব নোৱাৰিব, কথাই প্ৰতি নিজৰ মাকৰ ঘৰখনহে যে ভাল আৰু এইখন ঘৰলে আহি তেও বৰ্বাদ হৈ গ'ল সেই কথা সকলোকে সোঁৱৰাই থাকিব পাৰিব লাগিব। হিন্দী চিৰিয়েলৰ পৰা প্ৰাপ্ত জ্ঞান মতে শাহু, শহুৰ, দেৱৰ, ননদ, ওচৰ চুবুৰীয়া আদিক প্ৰথম ঘৰ সোমোৱাৰ দিনাৰ পৰাই পৰম শত্ৰু জ্ঞান কৰিব লাগিব।নিজৰ স্বামীক কথাই প্ৰতি সন্দেহ কৰি জীৱনটো গালি শপনি, শাওপাত, ভীতি প্ৰদৰ্শন, চুইচাইডৰ ৱাৰ্ণিং আদি দি/কৰি থাকিব বুলি নিৰ্বাচিত প্ৰাৰ্থীয়ে বিয়াৰ আগতেই এখন ২০ টকীয়া দলিলত নটাৰী শপতনামাত চহী কৰিব লাগিব। 

আপুনি যদি ওপৰৰ কথাখিনি পঢ়িব পৰা নাই, বা অসমীয়াত লিখা আৰু দীঘল দেখি, বৰিং, (কেনেকে যে লিখে ইমানগাল?) বুলি নিশ্চিত হৈছে, তেন্তে হয়তো আপুনিয়েই সেইগৰাকী সপোন কুঁৱৰী, যাৰ বাবে আমাৰ সুদৰ্শন ৰাজকুমাৰে শুকুলা ঘোঁৰাত উঠি, মখমলেৰ কাপোৰেৰে সোণৰ দোলা সজাই অপেক্ষা কৰি আছে। এতিয়াই তলৰ ইমেইল আই,দি,ত আপোনাৰ ৰিজিউমি আৰু ফেচবুক প্ৰফাইলৰ লিংক পঠাওক..অপৰচুনিটি নকচ অলনি ৱানচ.......

‪#‎mok_burbak_buli_bhabiso_neki@coldmail.com

বি.দ্ৰ.:- যিটো কমেন্টে মোৰ দৰে নিমাখিত লোকক এইখন আবোল তাবোল বকিবলে উচটালে, সেইটো হ'ল ...

Nayanjit Deka :- Abhijit da__beleg eku criteria naiei, matro khana bonabo najana, shopping kori bhal pua, makeup pagol, eku kaam bhalke najana, furibo pale eku nalaga, movie sai bhal pua aru daily 20-25 khan maan ke selfie tuli bhal pua ejoni holei hobo auu pai..........................aru......

 

No comments:

Post a Comment