Wednesday, January 6, 2016

হোটেল কেলিফৰ্নিয়া

হেমন্তদাৰ ৱালত ফটোখন দেখিলো, তলত ৰাইজৰ ইণ্টাৰেষ্টিং কমেণ্টবোৰো পালো। সকলো মিলাই নিজৰ পৰাও অলপ যোগ দি  আগবঢ়ালো.. 

(শেনৰ এজাত) 



অন এ আপাৰ আচাম হাইৱে, চুলিত চেঁচা বতাহ,
স্মে’ল অৱ মাড এণ্ড কাউডাং, ভৰ্তি মোৰ উশাহ;
আপ এহে’ড ইন এ ডিচটেন্স, দেখিলো এখন ধাবা,
মাই হাংগাৰ গ্ৰু হেভী, এণ্ড ... “দোস্তি কিবা খাবা?”
আই হেড টু ষ্টপ ফৰ এ হোৱাইল।

নৰকত দুৰ্দিন

 যোৱা কিছুদিন ধৰি নৰকত আগতে নোহোৱা সমস্যা কিছুমানে মুৰ তুলি উঠিছে। যমৰজা অতি চিন্তিত: । সেয়ে আজি তেখেতৰ অফিাচত গুৰুত্বপূৰ্ণ এক ৰূদ্ধদ্বাৰ বৈঠক । সমস্য গুৰুতৰ দেখি,  আজিকালি কৰ্পৰেট জগতৰ নিয়ম অনুসৰি দুজন অভিজ্ঞ কনচালটেন্টও উপস্থিত আছে;  বৃদ্ধ গগৈ আৰু অসুৰেশ খালমাটি । দুয়ুজন এনে বহু সমস্যা তিলিকিতে সমাধান কৰাৰ অভিজ্ঞতাৰে পুষ্ট। গতিকে আজি বৈঠকত কেৱল দুই কনচালটেন্ট, এচিচটেন্ত হিমগুপ্ত ( চিত্ৰগুপ্তৰ পু্ত্ৰ) , আৰু নৰক সামৰিক বাহিনীৰ সৰ্বাধিনায়ক জেনেৰেল কন্ধ । আনকি পিয়ন চাপ্ৰাচীৰ প্ৰৱেশো নিষিদ্ধ কৰা হৈছে। গুৰুগম্ভীৰ পৰিৱে‍শ, যমৰাজৰ চিন্তাক্লিষ্ট মুখ। কেৱল বৃদ্ধ গগৈয়ে  দুই এটা পাতলীয়া কথা কৈ পৰিবেশটো সহজ কৰাৰ চেষ্টা কৰি আছে। তেঁওৰ গাজা বিলাকত কোনেও হঁহা নাই, আচলতে হঁহাৰ পৰিবেশো নাই, কিন্তু গগৈয়ে চেষ্টা এৰি দিয়া নাই ।

কট্টপ্পাই বাহুবলীক কিয় মাৰিলে???Why did Kattappa kill Baahubali?कट्टप्पा ने बाहुबली को क्यों मारा?


 
কেইবাসপ্তাহো দেশখনক জৰ্জৰিত কৰি ৰখা প্ৰশ্নটোৰ উত্তৰৰ অন্বেষণ..

১। খুজলিৱাল:- বাহুবলীক হত্যা কৰিবলৈ কট্টপাক বিজেপিয়ে উচটনি দিছিল, মোৰ হাতত প্ৰমাণ আছে। তাৰোপৰি শান্তি শৃংখলা ৰক্ষাৰ দ্বায়িত্ব আমাৰ নহয়, কেন্দ্ৰৰহে। মোক শান্তিৰে কাম কৰিবলৈ নিদিয়াৰ উদ্দেশ্যেই মোৰ শত্ৰুসকলে এইবিলাক কথা অৱতাৰণা কৰিছে।

২। স্বৰ্গদেউঃ- হে হে, কি কথা কোৱা হে, সবেই দেখিয়েই আছে। বাহুবলীৰ শাসনত থকা কেন্দ্ৰই কট্টপ্পাক কিটো দিলে?দিলেনে কিবা? খালি ফাণ্ড নাই, অমুক নাই, ভুচুক নাই। খং উঠিবই, হয়নে নহয়? সেই কাৰণেই মাৰিলে আৰু....ৰাইজে দেখিয়েই আছে চব...হয়নে নহয়?

::::: পাত্ৰী লাগে ::::


উচ্চশিক্ষিত, সদবংশজাত, ৬ ফিগাৰ দৰমহা পোৱা, বিশেষ ঘৰুৱা সমস্য নথকা, আৰু পাকঘৰৰ কামত বিশেষজ্ঞ এজন সুদৰ্শন ডেকাৰ বাবে এগৰাকী এলাইবাদু পাত্ৰীৰ আৱশ্যক। জাত, পাত, ধৰ্ম, বয়স আদি ন’ বাৰ, কেৱল পাত্ৰী ‘ধনীৰো ধনী আও ধনী’ ঘৰৰ হব লাগিব, তেনেলোকৰ একমাত্ৰ সন্তান হ’লে অগ্ৰাধিকাৰ দিয়া হব। পাত্ৰী কোনো বিখ্যাত/কুখ্যাত কলেজত পঢ়া হব লাগিব, অসমৰ বাহিৰত পঢ়াৰ অভিজ্ঞতা থাকিলে ভাল; অৱশ্যে কেইবাৰত, কি পাছ কৰিছে সেইটো আবেদনত উল্লেখ নকৰিব, আৰু সঁচা কথাটো কাকো কবও নেলাগিব। 

বেলা বোস -অঞ্জন দত্ত

চাকৰিতা আমি পেয়ে গেচ্ছি বেলা শুনছ'?
অঞ্জন দত্তৰ সেই বিখ্যাত গানটোৰ কথাখিনি অমীয়াকৰণৰ প্ৰচেষ্টা ......

চাকৰিটো মই পাই গ'লো বেলা শুনিছা?
এতিয়া কোনেও নোৱাৰে বাধা দিব,
ল'ৰাঘৰক তুমি এতিয়া উভোটাই পথাব পাৰা,
মাক কৈ দিয়া, বিয়া তুমি নকৰোৱা।


সঁচাকে মই চাকৰিটো পাই গ'লো বেলা,
আৰু মাত্ৰ কেইমাহ মান,
ষ্টাৰ্টিঙতে ১১০০ দিব, তিনিমাহ পাছত কনফাৰ্ম,
নিশ্চুপ কিয়, তুমি একোকেই কোৱা নাই?

এইটো হয়নে টু ফ'ৰ ফ'ৰ ৱান ৱান থ্ৰী নাইন,
বেলা শুনিছা নে তুমি?


ভীক্ষু

কৌতুক লিখিবলে একেবাৰে মন নাই, মই আজিকালি চিৰিয়াচ মানুহ আৰু বুঢ়াও হৈছো। অলপ ধৰ্ম কৰ্মত মন দিছো,গতিকে মোৰ জীৱনৰ সত্য ঘটনা এটাকে কও...মোৰ দৰে গুৰু গোঁসাই নমনা মানুহ এটা কিয় ধাৰ্মিক হব লগা হ'লগৈ
******

বহু দিনৰ আগৰ কথা, মই হাবি এখনৰ মাজেৰে অকলে গাড়ী চলাই গৈ আছিলো, হঠাতে গাড়ীখন বেয়া হৈ গ’ল, সন্ধিয়াও হৈ আহিল, অলপ ভয় ভয় লাগিল। তেনতে অলপ দূৰত ধুনীয়া ঘৰ এটা দেখা পালো, গৈ দুৱাৰত টুকুৰীয়ালো, বৌদ্ধ ভিক্ষুনী এগৰাকী ওলাই আহিল, সেইতো হেনো এটা বৌদ্ধ মন্দিৰ হে। এন্ধাৰত মই ভালকে ধৰিবই নোৱাৰিলোঁ। ভিক্ষুনীগৰাকী অকলে থাকে, অতীৱ সুন্দৰী আৰু কম বয়সীয়া। ভিক্ষুনী গৰাকীয়ে মোক আদৰ সাদৰ কৰি ভিতৰলে মাতি নিলে, মুখ হাত ধুবলৈ সুশীতল পানী দিলে, সুস্বাদু খাদ্য খাবলৈ দিলে আৰু ৰাতিটো তাতে কটাবলৈ অনুৰোধ কৰিলে। আটাইতকৈ আচৰিত কথা হ’ল তেও মোৰ গাড়ীখন পৰীক্ষা কৰিলে আৰু পলকতে বেমাৰটো ধৰা পেলাই ভাল কৰিও দিলে। ৰাতি ধকধকীয়াবগা বিচনা এখনত নিশ্চিন্ত মনে শুই পৰিলো। 


ফটহু স্পেচিয়েল -২

তেতিয়া ফটহু  ইণ্ডিয়ান আৰ্মিৰ কেপ্টেইন, পাকিস্তানৰ লগত তমোময় যু্দ্ধ চলি আছে। ছেংমাৰ ৰেকৰ্ড ভাল, আজিলেকে কোনো বেটল হৰা নাই। পিছে লগত থকা চচা, আংক, পাংক, ৰুণ্টু, তালিক আদি সৈন্যবোৰহে অলপ কাণীয়া টাইপৰ। কেতিয়াও যুদ্ধ দেখি পোৱা নাই, নিজ হাতেৰে পানী এগিলাছো লৈ খাই পোৱা নাই, যুদ্ধক্ষেত্ৰত এনিটাইম মাকলৈ, প্ৰেয়সীলৈ মনত পেলাই কন্দা কটা কৰি থাকে। পিছে ছেংমাৰ আপত্তি নাই, তেও হেনো ইহঁতক লৈয়েই যুদ্ধ জিকি দেখুৱাব।

!!!চেইন ষ্টৰী গ’ন বেড!!!


প্ৰতিভূদাৰ ‘ভূ-ভাৰস্ত’ৰ তামাম সফলতা দেখি মোৰো এখন কিতাপ লিখিবলে মন গ’ল! পিছে ভাবিলোঁ কামটো অকলে কৰিব পৰা বিধৰ নহয় । গতিকে বহুত ভাবি চিন্তি চিৰিমতীকে খটনি ধৰিলোঁ, বোলো তুমিও অলপ সহায় কৰা!

লৰাই থকা পটলৰ ভাজিখনৰ পৰা মূৰ তুলি তেও বোলে,

-"মোৰ কাম নাই নেকি আৰু? আৰু তুমি আৰু মই মিলি লিখিম কেনেকে, আজিলেকে এটা কথাত একমত হোৱাৰ উদাহৰণ আছে নেকি?"

-এস, বুজা নাই তুমি! একমত হোৱাৰ দৰকাৰ নাই নহয়! নহ'লে ভালহে, কণ্ট্ৰাডিকচন আহিব। মই এটা পেৰেগ্ৰাফ লিখিম আৰু তোমাক দিম, তুমি ভালদৰে পঢ়িবা। তাৰ পাছত তুমি এটা পেৰেগ্ৰাফ লিখিবা।মই তোমাক একো হকাবাধাও নকৰো, উপদেশো নিদিও, তুমি নিজৰ মতে লিখিবা। তাৰ পাছত মই আকৌ লিখিম অলপ!! তুমি কিন্তু তেতিয়া পিছ ফালৰ পৰা চাই থাকিব বা তোমাৰ এক্সপাৰ্ট কমেণ্ট দিব নোৱাৰিবা। এনেদৰেই চলি থাকিব। ২৫০ পৃষ্ঠামান হ’লেই কাম খতম। কোনোবা সম্পাদক এজন খাটনি ধৰি একেবাৰে উপন্যাস এখন বনাই পেলাম নহয়। আৰে ফেমাচ হৈ যাবা বুজিছা! আজিলেকে কোনো পতি-পত্নী মিলি এনেকৈ উপন্যাস লিখা নাই অসমীয়াত। পি‍ছে এটা কাম কৰিবা, মই ওপৰত লিখা কথাখিনি পঢ়ি লবা, নহ’লে পাঠকক পিছত প্ৰসংগ সংগতি দেখুৱাই ব্যাখ্যা কৰি থাকিব লাগিব। 

নামঘৰীয়া

তপুখুৰাৰ বহাত সেইদিনা আবেলি চহৰৰ পৰা অচিনাকী ল'ৰা এজন আহি ওলালহি, ডেকা ল'ৰা, দেখিবলৈ অলপ চচাৰ লগত মিল আছে। আহিয়েই তপুৰ ভৰিত পৰি ক'লে

- "খুৰা আজি মোক আপুনি সহায় কৰিব লাগিব। বৰ আশা কৰি আহিছো।"

- "কি সহায় লাগে হে তোমাক?"

সুখ-সান্নিধ্য আদি - প্ৰথম অধ্যায়


ক’ৰাত(www.quora.com) এটা প্ৰশ্ন সোধা হৈছিল – How can we define a Happy person, - এজন সুখী মানুহৰ সংজ্ঞা কি?

মনোবিজ্ঞান ছাত্ৰী জয়শ্ৰী শৰ্মাই প্ৰশ্নটোৰ এনেকৈ দিছে

“ একঃ- মোৰ প্ৰতিবেশী মহিলা এগৰাকী, তেও এক কোটিমান টকীয়া 3BHK ফ্লেট এটাত থাকে, ঘৰত কাম কৰা মানুহ আছে, সপ্তাহত এদিন হলেও ভাল ৰেষ্টোৰাঁত খায়েই, এখন SUV চলাই ফুৰে, আৰু কেতিয়াও একেজোৰ সাজকে দুবাৰ নিপিন্ধে। তথাপিও 

পতি-পত্নী

পিকলু বৌ ( ফ'ৰ দা ৰুকিজ, চি ইজ মিছেচ ভূ-দা) য়ে ব্ৰেকফাষ্ট বনাই(ৰান্ধি??) আছিল, ব্ৰেকফাষ্ট মানে পাওৰুটি গৰম কৰি অলপ বাটাৰ সানিব, আকৌ গৰম কৰি বাটাৰখিনি গলাব, আৰু লগত কণীৰ অমলেট। 

হঠাতে ভূদা দৌৰাদৌৰিকৈ পাকঘৰত সোমালহি। আহিয়েই চিঞৰ বাখৰ আৰম্ভ...
-" হেই ....হেই,...... কি কৰিছা? কৰিছা কি তুমি? তুমি একদম কেয়াৰফুল নহয়, গেছটো ইমান বেছিকে কেলে দিছা, চব ব্ৰেড জ্বলি যাব এতিয়া,..... হে ভগৱান!

== অহেতুক (মাইক্ৰ হৰৰ গল্প, পেৰেনচিয়েল ডিচক্ৰিচন এডভাইজড) ==


ভূতৰ কাহিনীটোৱে গোটেই অঞ্চলটোকে এইকেইদিন ত্ৰাসত ৰাখিছে। এজনী ছোৱালী, ৰাতি দহ মান বজাৰ পাছৰে পৰা হেনো চহৰখনৰ আওহতীয়া ঠাই বোৰত লগ পোৱা যায়। দেখাত একো ধৰিব নোৱাৰি, কিন্তু তাইৰ ভৰিৰ পতা কেইখন হেনো ওলোটা। আৰু তাই হেনো অলপ পাছতে নিজৰ মূৰতো ১৮০ ডিগ্ৰী ঘুৰাই পিঠিৰ ফালে কৰি দিয়ে আৰু খোজ কাঢ়ি আঁতৰি যায়, যিয়েই সেই দৃশ্য দেখা পাই, তেওৰ হেনো লগে লগে মৃত্যু হয়। আচৰিত ভাৱে চহৰখনত এই কেইদিনত কিছু অদ্ভূত মৃ্ত্যুৰ ঘটনা ঘটিছেও। কেইবাটাও মৃতদেহ পোৱা গৈছে, বিভিন্ন আওহতীয়া ঠাইত, সকলো হৃৎপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ হোৱা মৃত্যু। কোনো প্ৰত্যক্ষদৰ্শী নাই, ...থাকিব ক’ৰ পৰা? মানুহবোৰৰ মতে সেই ডাইনীজনীক দেখা পোৱা লগে লগে, দেখা জন মৰিয়েই থাকে, গতিকে দেখা সাক্ষী কোনে দিব? মুঠতে এইকেইদিন চহৰ খনত কেৱল ভূতৰে চৰ্চা, মানুহবোৰে সন্ধিয়া হোৱাৰ পাছত ঘৰৰ পৰা ওলোৱাই কমাই দিছে। 

== মহৎ লোকৰ বৃহৎ বাণী ==


১। তিনি গৰাকী শাহুৰ লগত সংসাৰ কৰাতকৈ বনবাসেই শ্ৰেয় – সীতামাতা

২। মোৰ প্লাষ্টিকৰ ফুল গছ কেইডাল মৰি থাকিল, কাৰণ মই তাত পানী দিয়াৰ ভাও দিবলে পাহৰি গলোঁ – জুতিবাই পেটাল 

৩। মৰাৰ পাছত স্বৰ্গলে গ’লে অকলে অকলে বৰ হৈ যাব লাগিব, কাৰণ মোৰ দোস্তি বিলাকে চব মিলি নৰকত পাৰ্টি কৰি থাকিব – কলিতাংচু পৰ্বতীয়া 

৪। মহিলাৰ মন পুৰুষতকে বহুত চাফা, কাৰণ তেওলোকে সঘনে মন সলাই থাকে- ছেংমাৰ্ক্স

৫। তুমি কিবা নেজানা?? গুগল কৰা; তুমি কাৰোবাক চিনি নেপোৱা?? ফেচবুক কৰা; তোমাৰ ভোক লাগিছে?? হেৰা শুনিছানে...– জয়দীপুম্বা ৰুবাম্বা ! 

৬। মই তোমাক মোৰ পিঠি খনৰ সমান ভাল পাও, আচলতে কলিজাখন বুলি কব লাগিছিল, কিন্তু ভাবিলো, মোৰ পিঠিখন তো কলিজাখনতকৈ বহুত ডাঙৰ- চচাজেনেগাৰ!!

৭। মই ৫ মিনিটতে আহি পাম, যদি নেপাও.....এই মেচেজটো আকৌ পঢ়িবা- ৰিণ্টুদেৱ পৰমহংস 

৮। চুমা এটা ধাৰলে দিবানি? কাইলে ঘুৰাই দিম...প্ৰমিজ – চেৰ্পা চিখৰ চৰ্গে 

৯। নিজৰ চেহেৰাটো আইনাত দেখি মন বেয়া নকৰিবা, ভাবি লবা তুমি এটা হেণ্ডচাম বান্দৰ – B- fire !! 

১০। আঠটা গ্ৰহ, ২০৪ খন দেশ, ৮০৯ টা দ্বীপ, ৭ খন মহাসাগৰ, ৬০০ কোটি মানুহ, আৰু মই আজিও বৰলা – ননভাই ৰামুভাই পৰদেশাই !!

নন-ভেজ জুক

হা হা হা! আই হেভ হেকড অভিজিত কলিতা’জ  একাউণ্ট, এণ্ড পষ্টিং ইন হিজ নে’ম। ৱণ্ট ষ্ট’প টিল হিজ ৰেপ’ ইজ ৰুইনড লাইক হে’ল। পে’ টাইম.......চিউড’ গড অভিজিত কলিতা .... গ’ টু হে’ল ......
>
নন-ভেজ জুক নং ১:- ( মানে ননৰ ভেজা ফ্ৰাই জুক)
>
>

পুলিচঃ- তুমি যিখন ষ্কুটিত খুন্দিয়ালা, সেইখনৰ ৰং কি আছিল? 

বাঘ আৰু বান্দৰ


বাঘ এটা গৈ আছিলে মাৰি তামাম চাল,
ষ্ট্ৰাইপৱালী ড্ৰেছ পিন্ধি, স্পাইকৱালী বাল।
কোনে জানো খান্দি থৈছিল দ এটা গাঁত,
বাঘ বপুৰা ধাৰামকৈ পৰিলগৈ তাত।
জাঁপ মাৰি, ৰলিং কৰি চেষ্টা বহুত দিলে,
কোনোপধ্যে গাঁতৰ পৰা ওলাব নোৱাৰিলে।

17.95+ জ’ক ( পোৱালীকেইটা ফুট..)


 জুইভাইৰ ডেকাকালৰ কথা, বজাৰ কৰিবলে বঙাইগাও চিটিলৈ আহিছিলে পিছে সেইদিনা বজাৰ বাছ   ঘুৰি গৈ পাওতে ৰাতি হ’ল। সকলো মানুহ নামিল, শেষত কেৱল এঞ্জেল প্ৰিয়ংকা প্ৰিয়দৰ্শিনী আৰু জুই ভাই বাকী ৰ’ল, দুয়ু একেখন গাঁৱৰে। তাতে আকৌ বাছৰ পৰা নামি হাবিতলীয়া বাটেৰে দুমাইল মান গ’লেহে তেওলোকৰ গাঁও পাইগৈ। আকাশত জোনৰ পোহৰ, তলত ঘিটমিটিয়া এন্ধাৰ, জুইভাই আগে আগে, ....এঞ্জেল পিছে পিছে। জুইভাইৰ ইফালে বজাৰ হেভী,........ ছাগলী এটা, মূৰ্গী এটা, মৰাপাটৰ পঘা এডাল, লাখুটি এডাল আৰু এলুমিনিয়ামৰ বাল্টি এটা, যেনেতেন গোটেইকেইটা মাল দুখন হাতেৰে মেনেজ কৰি গৈ আছে, সংসাৰ চলাবলে এইবোৰ বস্তু লাগেই দিয়কচোন।

কইনাৰ সৌন্দৰ্য্য আদি দুটামান কৌতুক

১। তলৰ জুকটো মই লিখা নাই, ছেংমাই লিখি মোৰ নামত পোষ্ট কৰিবলে দিছে। আচলতে তাৰ হাতত মই যৌৱন কালত প্ৰিয়ংকা গান্ধীলে লিখা দুখনমান প্ৰেমপত্ৰ আছে, সেইকেইখনকে মোৰ ঘৈণীক দেখুৱাই দিম বুলি ব্লেকমেইলিং কৰি আছে, ফোনতে অমৰিছ পুৰী টাইপ হু হু হা হা কে হাঁহিছেও। মই নিঃসহায়। মই আচলতে এনেকুৱা জ’ক লিখাটো দূৰৰে কথা, নপঢ়োও, আৰু কেনেবাকে ভুলতে পঢ়িলেও, বিলকুল নেহাঁহো। 

জুকটো এনেধৰণৰ ( ৰাইজক নেহাঁহিবলৈ টানি অনুৰোধ জনাইছো দেই!!!)

আশাকৰো তোমালোক -৮



মৰমৰ মইনাহঁত


ফেচবুকৰ ইতিসাহত বহু বীৰ বীৰাংগনাৰ ত্যাগ আৰু সাহসৰ সোণালী কাহিনী ৰূপালী আখৰেৰে লিখা আছে। আজি যি গৰাকী বীৰাংগনাৰ কথা মই  কবলে ওলাইছো তেওৰ নাম পল্লুগাভৰু। (গাভৰু শব্দটোৱে ইয়াত নাম হে বুজাইছে, বয়স বুজোৱা  নাই)





ত্ৰয়োদশ শতিকাৰ কথা, দেশৰ আকাশলৈ নামি আহিল দুৰ্ঘোৰ অমানিশা। 'কুব'লাইখান নামৰ এজন পৰদেশলোভী মহাপৰাক্ৰমী  ৰজাই অসম দেশ আক্ৰমণ কৰিলে। আৰু অসমীয়াসকলো তেওলোকৰ মহান সেনাপতি তালিকধৰ সৰুফুকনৰ নেতৃত্বত শক্তিশালী শত্ৰুৰ  বিৰূদ্ধে যুদ্ধ দিবলৈ সাজু হ'ল। সেই সময়ত এটা নিয়ম আছিল যে, পতি যুদ্ধলৈ গ'লে পত্নীয়ে ৰাতিটোৰ ভিতৰতে সূতা কাটি তাঁত বৈ কৱছ কাপোৰ তৈয়াৰ কৰি পতিক পিন্ধাই যুদ্ধলৈ পথিয়াব লাগে, নহ'লে অমংগল হয়। পিছে তালিকৰ পত্নী পল্লুগাভৰুয়ে সূতা/কৱছ এই বিলাক বস্তু চিনি নোপোৱা, আচলতে তাঁত বোলা বস্তুটো খায়েই নে পিন্ধে, তাক নজনা বাবে, বজাৰৰ পৰা ৪০ টকা দি কিনি অনা বাংলাদেশী সেউজীয়া হালধীয়া লুঙী এখন পিন্ধায়েই তালিকক যুদ্ধলে পথায়। কিন্তু এই বিশ্বাস সঁচা বুলি প্ৰমানিত হয়। কুবলাই খানৰ তৰোৱালৰ আঘাতত তালিকৰ লুঙী খুলি যায় আৰু তেও লাজে অপমানে মৰ্মাহত হৈ হিমালয়ৰ এটা গুহাত আত্মগোপন কৰি হোৱাটচএপ কৰাত মগ্ন হৈ পৰে।

ঘৰুৱা দিহা


আপোনাৰ ঘৰত সাপ ওলাইছেনে কেতিয়াবা? ঘৰৰ ভিতৰত সাপ ওলোৱাটো সঁচাকৈয়ে বিপদজনক কথা, মাৰিবলৈয়ো বেয়া লাগে, ভয়ো লাগে(জয় মনসা মাতা)..মুঠতে হুলস্থুলীয়া কাৰবাৰ এটা, কি কৰিব, কাক মাতিব, কেনেকে খেদিব নানান টা প্ৰশ্ন। এনেধৰণৰ আৰু বহুত সমস্যা আছে জীৱনত। গতিকে অমুকাই  আপোনালোকৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি, এনেবোৰ ঘৰুৱা সমস্যা সমাধানৰ অৰ্থে, অভিজ্ঞ সদস্য সকলৰ মতামতৰ ভিত্তিত এখন পুথি প্ৰস্তুত কৰিছে, যাৰ নাম- ঘৰুৱা দিহা(ৱিথ এ টুইষ্ট)। 



কিতাপখনত দিয়া চিয়'ৰ শ্বট উপায় বিলাকৰ নমুনা হিচাপে এই সাপ ওলোৱা চেপ্টাৰটো তলত দিয়া হ'ল। অভিজ্ঞ জ্ঞানী লোক সকলে এই সমস্যাটোৰ পৰা হাত সাৰিবলৈ কিছুমান উপায় দেখুৱাইছে, আপোনালোকে তাৰে যিকোনো এটা বা তাতোধিক বিনামূল্যে ব্যৱহাৰ কৰিব পাৰিব। 

জাননী

!!!এটেনচন!!! 

.....সকলো ভাৰতীয় নাগৰিককে সূচিত কৰি এই জাননী দিয়া হৈছে, যে, .....

যিহেতু, আপোনালোকে আৰু আপোনালোকৰ দেশৰ চৰকাৰ খনে, আপোনালোকৰ দেশখন ভালকৈ চলাব পৰা নাই, আৰু আপোনালোকৰ মাজৰে “ৰত্ন মহাদেৱ” নামৰ এজন লোকে সেই কথাটো আমাৰ ইয়ালৈ আহি সকলোৱে দেখা শুনাকৈ, সজ্ঞানে-সুস্থ শৰীৰে কৈ গৈছে, গতিকেই, আমি আমাৰ নৈতিক দ্বায়িত্ব বুলি গণ্য কৰি, আজিৰ এই মূহুৰ্তৰে পৰা আপোনালোকৰ দেশৰ শাসনভাৰ গ্ৰহণ কৰিলো। এতিয়াৰ পৰা আপোনালোকৰ সকলো ‘স্বাধীনতা’ ৰিভ’ক কৰা অৰ্থাৎ উঠাই লোৱা হ'ল। আজিৰ পৰা আমাৰ ‘মুল্ক’ৰ ৱজীৰ-এ-আজমে আধিকাৰিক ভাৱে ভাৰতৰ সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, গুণ্ডাৰাজ বা মাফিয়া শাসিত অঞ্চল, সন্ত্ৰাসবিধুষিত অঞ্চল আৰু ওচৰৰ দেশৰ লগত বিবাদমান অঞ্চলসমূহৰ শাসনভাৰ গ্ৰহণ কৰিলে। কেৱল বিহাৰক বাদ দি; ‘ৱজীৰ- এ- আজমে’ বিহাৰখন বৰ এটা ভাল নেপায়,............কিবা বৰ বেছি ঝেং। 

আশাকৰো তোমালোক -৬

মৰমৰ অকণ-অকণিহঁত



আজিৰ পৰা প্ৰায় তিনিহেজাৰ বছৰৰ আগতে যেতিয়া মানৱ জাতিৰ আন আন সদস্যসকলে প্ৰায় জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰিছিল, তেতিয়াই  সভ্যতাই চূড়ান্ত শিখৰত অৱস্থান কৰিছিল।  শ্ৰীশ্ৰী ছেংমায়ন দেৱে এখন গ্ৰন্থ প্ৰণয়ন কৰিছিল, যিখনৰ নাম আছিল “টইলেট সূত্ৰ”। এই গ্ৰন্থখনত পাইখানা কৰাৰ ভিন ভিন নিয়ম আৰু তাৰ উপকাৰ বা অপকাৰ সম্পৰ্কে বিশদ বিৱৰণ দিয়া হৈছে। ইয়াৰ উপৰিও পাইখানা কৰাৰ নানান আসন বা প’জ আৰু তাৰ সুবিধাসমূহ বৰ্ণনা কৰা হৈছে। বিশ্বৰ কোন কোন প্ৰান্তৰ কোন কোন লোকে কেনেদৰে পাইখানা কৰে, পাইখান কৰাৰ আচল সুখ কেনেকে অনুভৱ কৰিব পাৰি, তাৰ ইতিহাস আৰু প্ৰক্ৰিয়া গ্ৰন্থখনত চিত্ৰসহকাৰে দিয়া হৈছিল। এই গ্ৰন্থখনৰ প্ৰভাৱ আজিও আমাৰ সমাজত বিৰাজমান! তাৰ প্ৰমাণস্বৰূপে তোমালোকে হনী সিঙৰ ‘me and friends latring in field’ নামৰ ৭১ জন লোকক টেগোৱা ফটোখনলৈ মন কৰিব পাৰা। 

পাইখানা কৰা মানুহ এক সহজাত প্ৰবৃত্তি, হলেও পাইখানা কৰাৰ ইমান বিষদ বিৱৰণ থকা গ্ৰন্থ বিশ্বত বিৰল। বিখ্যাত জাৰ্মান সংস্কৃত পণ্ডিত লানী চিয়নে এই গ্ৰন্থখনৰ সম্পৰ্কে এইবুলি মন্তব্য কৰিছে - Though taking shit is a natural process, it’s still a taboo to talk about it in public, but the great Pundit Chengmayan has studied it is so detail, that too 3000 years back, and turned the mere act of taking shit to a graceful form of Art. 

ভাবি চোৱাচোন মইনাহঁত, যিসময়ত আন মানুহে পশুৰ দৰে জীৱন কটাইছিল, নিজৰ পাইখানাকে খাদ্য বুলি গ্ৰহণ কৰিছিল, সেই সময়তে এই দেশত পাইখানা কৰাৰ ওপৰত গ্ৰন্থ প্ৰণয়ন কৰা হৈছিল। গতিকে মইনাহঁত, তোমালোকে আমাৰ ঐতিহ্যৰ সম্পৰ্কে সচেতন হোৱা প্ৰয়োজন, আজিলৈ এৰিলো।

মৰমৰে
তোমালোকৰ

আশাকৰো তোমালোক -৭

মৰমৰ মইনাহঁত,



 আজি মই তোমালোকক যিজন ব্যক্তিৰ বিষয়ে কবলৈ ওলাইছো,তেওৰ কথা শুনাৰ পাছত তোমালোকৰ মন গৌৰৱত ফুলি উঠিব। 

বাল্মিকীয়ে ৰামায়ন লিখাৰ বহুদিনৰ আগৰ কথা, আচলতে তেতিয়া বাল্মিকীয়ে অ আ ক খ শিকিয়েই আছিল। সেই সময়তে বাল্মিকীৰ জ্যেষ্ঠ ভাতৃ লাল-মিকীয়ে ('লাল' টো কেপিটেল লেটাৰত) পৃথিৱীৰ প্ৰথমখন 'ভিতৰপকীয়া' মহাকাব্য "কামায়ন" লিখি উলিয়াইছিল। মহান পণ্ডিত লাল্মিকীয়ে এই খন গ্ৰন্থ বিক্ৰী কৰি অপাৰ ধন সম্পত্তি আৰ্জন কৰিছিল, কিন্তু পিছত তেও নিজৰ ভুল উপলব্ধি কৰে আৰু তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ কঠোৰ সাধনাত মগ্ন হয়। জনশ্ৰুতি মতে তেওৰ সাধনা ইমানেই কঠোৰ আছিল যে, তেওৰ গাত চাল-ওকনি, চিকৰা আদিয়ে বাঁহ বান্ধিছিল। হাজাৰ বছৰ জোৰা সাধনাৰ পাছত তেও দিব্যজ্ঞান লাভ কৰে আৰু তেতিয়াৰ পৰাই তেও আগৰ বেয়া স্বভাৱ বিলাক এৰি এজন বিশ্বত্ৰাস ডকাইত হিচাপে জীৱন নিৰ্বাহ কৰিবলৈ লয়। তাৰ পছৰ পৰা তেও ৰাইজৰ মাজত ' হতচিৰি হতচিৰি দানৱাদিদানৱ দৈত্যবন্ধু ডাকু ৰিণ্টুকৰ সিং টোমাৰ বামানয়শাস্ত্ৰী' নামে পৰিচিত হয়। পিছত এল পি স্কুলৰ হে'ডচাৰে নামটো দীঘল হোৱাযেন দেখি তাক ছুটি কৰি শ্ৰী ৰিণ্টুমণি দত্ত কৰি দিয়ে। 

মইনাহঁত, আজিলৈ এৰো


মৰমেৰে
তোমালোকৰ

আশাকৰো তোমালোক -৫

মৰমৰ মইনাহঁত


তোমালোকে ভৱিষ্যতবাণী মানে কি নিশ্চয় জানা। তোমালোকে জানি ভাল পাবা যে বিশ্বৰ সকলোতকৈ বিখ্যাত ভৱিষ্যতবাণী কৰোঁতাজনো আমাৰে চিনাকী লোক। তেওৰ নাম হ'ল ভাষ্কোদামাছ বা (দত্ত চাৰৰ মতে) 'ভাষ্কোদামুঁ' । কিছুমান ইতিহাসকাৰে এখেতক ভাষ্কো দা গামা বুলিও কয়, কিন্তু এই তথ্য শুদ্ধ নহয়। কাৰণ যিজন ব্যক্তিয়ে ৰাষ্টাৰ কাষত চুচু কৰাৰ পাছত সেই জমা হোৱা পানীখনিত পৰি গ'লে ডুবি যাম বুলি ভয়তে থৰহৰি কম্পমান হৈ থাকে, তেও বাৰু সাত সাগৰ জাহাজেৰে পাৰ হৈ ভাৰতলে আহিব পাৰিবনে? গতিকে তোমালোকে সেইবিলাক 'ফকটিয়া' কথাত মন নিদিবা। 

আশাকৰো তোমালোক -৪

মৰমৰ মইনাহঁত

আমাৰ মাজত কেৱৰ বীৰ বীৰাংগনাই নহয়, ইয়াত কেইবাজনো যুগান্তকাৰী বিজ্ঞানীও আছে, তেনে দুজন লোকৰ কথা আজি মই তোমালোকক কম। 




আমাৰ দেশৰ  আটাইতকৈ বিখ্যাত বিজ্ঞানীগৰাকীৰ নাম হ'ল মৌছুমাইনষ্টাইন। তেওৰ পঢ়া শুনা বৰ বেছি নাছিল, তেও পোষ্ট ডক্টৰেট ফেল'শ্বিপ কৰি থাকোতেই, এটা ইউনিট টেষ্টত ১০০ ভিতৰত ৯৯.৫ পোৱাৰ কাৰণে , তেওক পাঠশালাৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। হ'লেও প্ৰতিভা কেতিয়াও লুকাই নেথাকে। তেও পাঠশালাৰ পৰা বাহৰি হৈয়ো, একান্ত মনে ফেচবুক অধ্যয়ন কৰে, আৰু শেষত "থিঅ'ৰি অৱ ইৰৰিলেটিভিটি" বুলি এটা কোনেও নুশুনা আৰু নুবুজা সূত্ৰ আৱিষ্কাৰ কৰে।

আশাকৰো তোমালোক -৩

মৰমৰ অকণ অকণিহঁত, 



তোমালোকে 'কুফা' দেখিছানে, বহুতে হয়তো দেখিছা, হয়তো তোমালোকৰ দুই এজন নিজেই 'কুফা'। তথাপিও কও, আমাৰ মাজতে কিছুমান মানুহৰ 'স্পেচিয়েল পাৱাৰ' থাকে, তেওলোকে 'মুখ লগোৱা' বুলি খতৰনাক 'জিনিছ' এটা জানে... 'মুখ লাগিল; মানে সকলো চাফা। ধৰা তোমালোকৰ ঘৰত অমিতা এজোপা একদম ভৰি ভৰি লাগিছে,... 'কুফা' এজনে দেখি কৈয়েই দিলে - "আও ..বহুত অমিতা লাগিছে দেই, বৰ ভাল হৈছে..চলৰৌওওপ।" বচ....... লাগিল নহয় মুখ.. সেইজনা গৈ ঘৰ নেপায়গৈয়েই, তোমাৰ অমিতা গছ মাজ কঁকালতে ভাগি... ধুপুছ। আকৌ ... হয়তো তোমাৰ চেহেৰা পাতি দেখি সেইজনাই কৈ গ'ল - "মাজনী, দেখিবলৈ শকত আৱত, বৰ ধুনীয়াজনী হৈছা দেই।" হ'লেই আৰু, পিছদিনাৰ পৰা তেজ হাগনি, মুখত এহেজাৰটা পিম্পল,... 'হট' লুক কা ধ্বজিয়াঁ!! সকলোৱে 'কুফা' বিলাকক বেয়া পায়, দেখিলেই পলায়। 

আশাকৰো তোমালোক -২

মৰমৰ মইনাহঁত
তোমালোকে আমাৰ দেশৰ ৰাজকুমাৰ কাম সন্যাসী চানীৰ নাম শুনিছানে। নাই শুনা যদি ভাল কথা, কিছুমান কথা নুশুনিলেই মংগল। তথাপিও, আজি মই তোমালোক সেইজন মহাপুৰুষৰ জীৱনৰ বিষয়ে কবলৈ ওলাওছো, কিদৰে তেও  প্ৰেম আৰু সম্প্ৰীতিৰ (বিশেষকৈ প্ৰেমৰ) বাণী প্ৰচাৰ কৰিছিল। 


আশাকৰো তোমালোক-১

তোমালোকে নোৱা (Noah) ৰ সাধুটি শুনিছানে? সেইযে পৃথিৱীত প্ৰলয় আহিল, আৰু ভগৱানে নোৱাক এখন নাও সাজিবলে হুকুম দিলে। সেই নাৱত নোৱাই সকলো প্ৰাণী আৰু গছৰ গুটি লৈ ৪০ দিন উটি ভাঁহি ফুৰিলে, তাৰ পাছত পানী শুকুৱাত সেইবোৰেৰে সৃষ্টিখন ৰক্ষা কৰিলে। নিশ্চয় শুনিছা। কিন্তু তোমালোকে জানিবলে পালে সুখী হবা যে, এজন গাজাৰীৰ বাবেই পৃথিৱীখন তেনে এটা ধ্বংসৰ মুখৰ পৰা বাছিল, মাত্ৰ কেইদিন মান আগতে। 

॥॥॥॥ ফে'কলতা সেন ॥॥॥॥

মূল আইডিয়াঃ- Joy Deep Chakraborty  তাকে লৈ ৰাইজৰ বাহ বাহ লোৱাৰ প্ৰচেষ্টা:-


কবিঃ- ফেচবুকানন্দ দাশ!

অনেক বছৰ ধৰে আমি লাইক দিয়ে ছলেছি মেয়েদেৰ ফটোটে,
এঞ্জেল, প্ৰিন্সেচ, চুইটী, জুলি কিম্বা, নাঙেৰ প্ৰফাইলে।
অনেক কৰেছি আমি, প্ৰফাইল ফে'ক না হৱাৰ আশাতে,
ফটো দেখেই বৰ্ষণ কৰেছি ফ্ৰেণ্ড ৰিকুয়েষ্ট বা প'ক হঠাতে।
আমি ক্লান্ত ফেছবুকাৰ এক, চাৰিওদিকে টেগেৰ সমুদ্ৰেৰ ফেন,
আমাৰ ইনবক্সে হাই লিখে দুদণ্ড শান্তি দিয়েছিল, ফেছবুকেৰ ফে'ক-লতা সেন।


চুল তাৰ কবেকাৰ লৰিয়েলেৰ বিজ্ঞাপনেৰ ১০ চেকেণ্ডেৰ বই,
টাইমলাইনে চানী লিয়নেৰ উত্তেজনা; সমুদ্ৰতীৰে বিকিনি চেলফি,
পেপছিৰ ৰাগীতে আমি হাৰিয়েছি দিশা,
ফে'ক ৰিয়েলেৰ দোমোজাই যখন ভেবেছি আৰ একটা পেগ নেই,
তেমনি দেখছি ইনবক্সে এটি সুমধুৰ 'হাওজ য়া- হাই'
সবুজ ঘাঁসেৰ মতো গ্ৰীন লাইট জ্বালাই,... ফেচবুকেৰ ফে'কলতা সেন। 



সমস্ত যত্নৰ ফল যখন ভেবেছি বৃথা,
ইনবক্সেৰ সহস্ৰ মেছেজেৰ নেই ৰিপ্লাই,
পৃথিৱীৰ সব ৰংগ নিভে যাৱাৰ হয় আয়োজন,
তখন দেখেছি আমি আমাৰ চেলফিতে,
লাইক একটি পৰেছে আবাৰ, হচ্ছে একটি আশাৰ সঞ্চাৰ
ছাট কৰিবাৰ জন্য মুখোমোখি বসিবাৰ, ফেচবুকেৰ ফে'কলতা সেন।