Sunday, November 15, 2015

ড্ৰাইভাৰ



বাচন খিনি ধুই থকাৰ পৰা ল’ৰা লৰিকৈ হাত দুখন মুচি মুচি চন্দ্ৰাই ইণ্টাৰকমটো উঠালে।



-‘চন্দ্ৰা!!’- সিফালৰ পৰা  চাৰৰ মাত- “আজি মোৰ বন্ধু এজন আহিব, ৰাতি থকাকে; .....অকলে আহিব...ফেমিলি লৈ নাহে, বজাৰৰ কিবা কিবি আনিব লগা আছে যদি মোক চাই চিতি জনাবা। আমাৰ দেৰি হব, ঘৰ গৈ পাঁওতে



এই ন-দহ বজাৰ সময় খিনি চন্দ্ৰাৰ অলপ জিৰণি লোৱাৰ সময়। চাৰ বাইদেউ দুইজনৰেই বৰ ব্যস্ততাপূৰ্ণ চাকৰি। এই সৰু যদিও আটকধুনীয়া ঔদ্যোগিক কলনিটোত প্ৰায়বোৰৰ মানুহৰেই জীৱন একেবাৰে ৰুটিনত চলে, প্ৰায় সকলোবোৰ বাসিন্দাই ঘৰত বা অফিচত একেসময়তে একেবোৰ কামেই কৰি থাকে, একে সময়তে ভাত খায়, একেসময়তে টিভি চায়, একেবোৰ কথাকে শ্ৰীমতীৰ লগত পাতে, এটা ডাঙৰ ফেক্টৰিত যেন নিয়মীয়া উৎপাদন চলি আছে, সকলোবোৰ যন্ত্ৰৱৎ
আৰু আৱশ্যম্ভাৱীভাৱে চন্দ্ৰাহঁতৰ দৰে মানুহবোৰৰ জীৱনো সেই ৰুটিনৰ মাজতে সোমাই পৰিছে, সকলোৰে একে সময়তে একেবোৰেই কাম কথাটো সিঁহতৰ গাঁৱৰ মানুহবোৰৰ জীৱনৰ লগত তুলনা কৰি আমোদ পায় চন্দ্ৰাই।  চাৰ বাইদেউ এজনেও ভালকে গম নেপায় ঘৰখন আচলতে কেনেকে চলি আছে, চন্দ্ৰাৰ ওপৰতে সকলো দ্বায়িত্বৰাতিপূৱা চাৰ আৰু বাইদেউক ব্ৰেকফাষ্ট খুৱাই অফিচলৈ পঠোৱালৈকে ল’ৰা ছোৱালী হাল শুই নুঠেই। সাত মান বজাত দুয়ুটাকে বিচনাৰ পৰা উঠোৱা, ইউনিফৰ্ম পিন্ধোৱা, টিফিন, পানীৰ বটল সকলো বেগত ভৰাই দুয়ুটাকে স্কুল বাছত উঠাই নিদিয়ালৈকে চন্দ্ৰাৰ তৰণি নেথাকে। আজিকালি বাছষ্টেণ্ডটোৰ পৰা  ঘুৰি আহোঁতে চন্দ্ৰাৰ অলপ ভাগৰ লাগে, এই তিনি মহলাত থকা ঘৰটোলৈ চিৰি বগাই উঠিবলে মনেই নোযোৱা হয়। আগতে তাই এইবোৰ কামক তাই কাম বুলিয়েই নেভাবিছিল,  এইঘৰখন যে তাই নহ’লে  নচলে, সেইকথাটো তাইক কোনেও নোকোৱাকৈয়ে ভালকৈ বুজিছিল। কিন্তু যোৱা দুবছৰ মানৰ পৰা সেই উৎসাহ অলপ যেন কমি আহিছে, শৰীৰ আৰু মনেও সহযোগ কমাই আনিছে লাহে লাহে।



এই ৰুটিনৰ মাজত কেতিয়াবা সৰু সুৰা হেৰফেৰ একোটা হয়, যেনে এই আজিৰ আলহী অহা ঘটনাটো। অকলে অহা আলহীক ৰাতি সাঁজত  কি খুৱালে ভাল হব, এনেধৰণৰ কথাবোৰ চিন্তা কৰা কামটো চন্দ্ৰাই নিজৰ বুলিয়েই ভাৱে, গতিকে বজাৰৰ পৰা কি আনিব লাগিব তাৰ হিচাপ সহজেই ওলাই গ’ল তাইৰ।



বাইদেউৰ ল’ৰাটো জন্ম হোৱাৰ আগে আগে চন্দ্ৰা এইখন ঘৰলে আহিব লগাত পৰিছিল। কিন্তু  তাই  নিজকে কাৰোবাৰ ঘৰৰ চাকৰনী বুলি মনে মনে মানি লব তেতিয়াও নোৱাৰিছিল, আৰু আজিও নোৱাৰে! আৰু তাইৰ বিশ্বাস,  আচলতে এই ঘ‌ৃণনীয় শব্দটোৱে যি বুজাই, তাই প্ৰকৃততে সেই মানুহজনী নহয়। ল’ৰাটোৰ জন্ম, তাৰ পাছৰ ছোৱালীজনী, আলহী, দাদা- বাইদেউৰ মিতিৰ কুটুমৰ বিয়া, শ্ৰাদ্ধ, কাষৰ ঘৰৰ ছোৱালীজনীৰ বাৰ্থডে’, স্কুল, টিউচন, ঘৰখনৰ মানুহবোৰৰ বেমাৰ আজাৰ, সকলোতে মূল দ্বায়িত্ববিলাক চন্দ্ৰাৰ ওপৰতে পৰে চাৰ-বাইদেউৱেও তাইক কেতিয়াও এই ভাৰপ্ৰাপ্ত গৃহকত্ৰীৰ সন্মানৰ পৰা বঞ্চিত নকৰে। তাইয়ো, বাকীঘৰবোৰত কাম কৰা মানুহবিলাকতকে নিজকে বেলেগ বুলি বুজিবলৈ বা বুজাবলৈ চেষ্টা নকৰাকে নেথাকে। যোৱা এঘাৰ বছৰত তাই যি কৰক বা নকৰক, পাওক বা নেপাওক, নিজৰ এই সূকীয়া স্বীকৃতিকণ কেতিয়াও বিঘ্নিত হবলৈ দিয়া নাই। ল’ৰা-ছোৱালীহালেও হয়তো মাক-দেউতাকতকৈ তাইকে বেছি ভাল পায়, বেছি ভয় কৰে আৰু সিহঁতক হৰলিক্স খুওৱাৰ দৰে  কিছুমান বিশেষ কাম, কেৱল তাইহে কৰিব পাৰে। 


*******


-“মোৰ হাতত এনে এখন চাৰ্টিফিকেট আছে যিখন দেখুৱালে চিফ মিনিষ্টাৰে মোক সকলোতকৈ আগতে নিজৰ ৰূমলৈ মাতি নি কথা পাতিব......... এইখন গাঁৱত পাঁচ বছৰীয়া পুৰণি জামুৰ ৰস মোৰ বাদে কাৰোবাৰ তাত পাবা?.......... মই থাকো হে এনেকে, ক’ত মই কি যোগাৰ কৰি ৰাখিছো, এইখনৰ গাঁৱৰ মানুহে সাতটা জনম ভাবিলেও ভূ নেপায়। ” – বাপেকৰ এনেধৰণৰ কথা শুনি শুনি ডাঙৰ হোৱা ছোৱালী তাই। তাইৰ বাপেক দাদুল আছিল গাঁৱখনৰ লগত জীণ যাব নোৱাৰা ধৰণৰ মানুহ, তেঁওৰ মতে এই গাঁওখনৰ মানুহবোৰে দুনীয়া দেখাই নাই,  গতিকে সকলোবোৰ অতি সংকীৰ্ণ আৰু আপোনপেটীয়া বিধৰ, আৰু নিজৰ ককাই-ভাই , মাক দেউতাককো সি সেই একেধৰণৰ মানুহ বুলিয়েই গণ্য কৰিছিলনিজৰ ঘৰৰ পৰা আঁতৰি আহি সুকীয়াকৈ সৰু ঘৰ এটা সাজি সংসাৰ পতা মানুহটোৱে জীৱনত একো এটা কামেই সাধাৰণ মানুহৰ দৰে কৰিব নিবিছাৰিছিল। উপায় নেপাই দুবিঘা মাটিত খেতিটো কৰি, পেটে ভাতে খাই থাকিব লগীয়া হ’লেও দাদুলে সদায় মিনিষ্টাৰ, ফিল্মষ্টাৰ আদিৰ তলৰ মানুহবোৰৰ কথা নেভাবিছিল, নকৈছিল, আচলতে বাকীবোৰ তাৰ মতে মানুহৰ শাৰীতেই নপৰিছিল।  আৰু তাৰ কথা শুনি শুনি চন্দ্ৰাহঁতেও নিজকে গাঁৱৰ আনবোৰ মানুহতকৈ বেলেগ বুলি ভাবিবলে আৰম্ভ কৰিছিল। 

এবাৰ দাদুলৰ  ভাৱ হ’ল যে, এই অসমীয়া স্কুল বিলাকত ল’ৰা ছোৱালী পঢ়াই সিঁহতৰ মুৰ খোৱাৰ বাদে কোনো লাভ নহয়। সেই কথাটোকে সি কিছুদিন লগ পোৱা সকলো মানুহকে ক’লে আৰু এদিন চাইকেলৰ আগত বহাই চন্দ্ৰাক অলপ আঁতৰত নতুনকৈ খোলা এখন ইংৰাজী মাধ্যমৰ স্কুলত নাম লগাই দিলেগৈ। আকাশী নীলা ছাৰ্ট, ডাঠ নীলা স্কাৰ্ট আৰু ৰঙা টাই  পিন্ধি তাইয়ো কিছুদিন সেই স্কুলখনলৈ অহা যোৱা কৰি থাকিল বাপেকৰ চাইকেলৰ আগত উঠিগাঁৱৰ মানুহবোৰে কিছুদিন তাইক আচৰিত বস্তু চোৱাদি চালে, আৰু তাইৰ বিষয়ে শংকা – ইৰ্ষা- ইতিকিং মিশ্ৰিত আলোচনা কৰিলে। এই আলোচনা বোৰ শাম কটালৈ তাইৰো ইংৰাজী মিডিয়ামৰ স্কুললৈ যোৱা সেৰেঙা হৈ আহিল, মাজতে স্কুলৰ প্ৰিন্সিপালে তাই হতুৱাই দাদুলক কেইবাবাৰো মতাই পথিয়ালে, আৰু এসময়ত গৈ তাইৰ ইংৰাজী স্কুললে যোৱা কামতো একেবাৰে বন্ধ হ’লগৈ। পুৰণা স্কুলখনলৈ যাবলৈ অলপ লাজ লাগিলেও তাই যেনে তেনে পৰীক্ষাবোৰ দি থাকিল, পিছে বৰ সুবিধা কৰিব নোৱাৰাত এসময়ত বাদ দিলেগৈদাদুলেও ল’ৰা ছোৱালীৰ পঢ়া শুনাৰ বিষয়ে বৰ বেছি নতুন তত্ত্ব আৱিষ্কাৰ কৰিবলে এৰি মিনিষ্টাৰৰ চিন্তাত ব্ৰতী হ’ল। অৱশ্যে তাইৰ ভায়েকটো অলপ বেলেগ হ’ল, সি একেবাৰে গাঁওখনৰ ৰাইজৰ লগত মিলি গাঁৱলীয়া হৈয়েই থাকিল। আজিও ঘৰখন সিয়েই চলাই আছে, আৰু দাদুলে তাৰ নতুন নতুন বীৰত্বব্যঞ্জক কল্পকাহিনী কাহিনী শুনাই আছে।



দাদুলৰ কথা বোৰৰ কিমান গুৰুত্ব আছিল সেইটো তাই আজিও ঠিৰাং কৰিব নোৱাৰিলে, যেনেকে ঠিৰাং কৰিব নোৱাৰিলে  তাইৰ এই বৰ্তমানৰ জীৱনটো, তাই ভাল পাব লাগে, নে বেয়া পাব লাগে, সেই কথাটোদেখাই শুনাই গাঁওখনত চকুত পৰা ছোৱালীকেইজনীৰ ভিতৰত তাইৰ নম্বৰ প্ৰথমতেই আছিল বুলি তাই জানিছিল, আৰু সময়ত তাইৰ ওচৰ চাপিব খোজা মানুহৰো অভাৱ নাছিল। পিছে দাদুলে সৃষ্টি কৰা সেই চিউড’ সমৃদ্ধিৰ মাজত বাস কৰা চন্দ্ৰাৰ বাবে সেই কেইটা কোনো গুৰুত্ব দিব লগা বস্তু নাছিল।  কি বিছাৰিছিল তাইয়ো ভালদৰে নেজানিছিল, কিন্তু এইটো কথাত কোনো সন্দেহ নাছিল যে, চন্দ্ৰাৰ জন্ম, বিহুতলীৰ পৰা কোনোবা এটাৰ লগত পলাই গৈ; কিছুদিনৰ পাছত পিঠিত কেচুৱা বান্ধি ভুঁই ৰুই থাকিবৰ বাবে হোৱা নাছিল। লাহে লাহে সেই মানুহবোৰে বিহুতলীৰ পৰা একোজনীকৈ সাধাৰণ ছোৱালী পলুৱাই নি নি নিজকে বুঢ়া মানুহৰ শাৰীলৈ উন্নীত কৰিলে, আৰু চন্দ্ৰাৰো আবেলি আবেলি সাজিকাচি বাটত ফুৰিবলৈ যোৱা কামটো কমি আহিল।



তেনেকুৱাতে নতুনকৈ খোলা এই চৰকাৰী উদ্যোগটোত অস্থায়ী চাকৰি পোৱা গাঁৱৰে যোগেনে চন্দ্ৰালৈ এই  প্ৰস্তাৱটো আনিলে। যোগেনৰ মতে এইটো চাকৰনীৰ কাম নহয়, গভৰ্নেচ বুলি কয়, ইয়াৰ কাৰণে ট্ৰেইনিঙো  লাগে, তথাপি তাৰ বিশ্বাস, চন্দ্ৰাই ট্ৰেইনিং নহলেও পাৰিব। তাতে তাই ইংৰাজী মাধ্যমত পঢ়া ছোৱালী, কলনিৰ সেই হাই-ফাই মানুহবোৰৰ লগত চন্দ্ৰাৰ বাদে গাঁৱৰ আন কোনজনী ছোৱালীয়ে একেলগে মিলি থাকিব পাৰিব? এইবিলাক কথাতকৈয়ো যিটো কথাই তাইক একেবাৰে যোগেনৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰি পেলালে, সেইটো হ’ল, যোগেনে কোৱা এটা মাহিলী ৰাশি, সিঁহতৰ ঘৰখনৰ বছৰেকীয়া উপাৰ্জনো ছাগে তাতকৈ কমেই হব। দাদুলে যিমানেই ডাঙৰ ডাঙৰ কথা নকওক লাগে, ইতিমধ্যে চন্দ্ৰা  এই ‘অভাৱ’, ‘নাই’, ‘পিছত চাওচোন’,  এনেকুৱা ধৰণৰ বস্তুবোৰৰ প্ৰতি বীতশ্ৰদ্ধ হৈ উঠিছিলগৈ। আৰু এদিন গাঁৱৰ ৰাইজৰ উপলুঙা, ফিচিঙালিক আওকান কৰি তাই যোগেনৰ লগত ওলাই গ’ল, সাঁচিথোৱা একমাত্ৰ পুৰণা চুৰিদাৰ যোৰ পিন্ধি, এটা সৰু বাকচত কেইপদমান অদৰকাৰী বস্তু বান্ধি লৈ।



তাৰ পাছৰ পৰাই এই গতানুগতিকতা আৰম্ভ হ’ল। প্ৰথমতে আহি অলপ লাজ লাগিলেও, ইমান বেয়া লগা নাছিল তাইৰ, অনবৰতে টিভি চাব পাৰি, কামবোৰো  ঘৰত কৰিবলগাবোৰতকৈ বহুত সহজ, তাতে চাৰ –বাইদেৱে তাইক যে নোপোৱাই পোৱাদি পাইছে, সেই কথাও তাই বুজি উঠিল। তাতে মানুহহাল বৰ ভাল, তাইক ইমান ভাল ব্যৱহাৰ কৰে, বয়-বস্তু, কাপোৰ কানি, সকলোৰে সমানে সমানে পায় তাই; তাইক কেতিয়াও আন পৰিয়ালৰ মানুহ বুলি ভাবিবলৈ সুবিধা নিদিয়ে। চন্দ্ৰাই এই সুযোগতে নিজৰ গাত লগা চাকৰনী দাগটো উঠাবলৈ যিমান পাৰি সিমান চেষ্টা কৰিলে। এই ঘৰখনৰ দ্বায়িত্ববোৰ ইচ্ছা কৰিয়েই গাত পাতি ল’লে, আৰু দিনে দিনে সেই দ্বায়িত্ব বাঢ়ি গ’ল। এসময়ত চাৰ আৰু বাইদেউৰ চাকৰি কৰাৰ বাদে  বিশেষ কাম কৰিবলগীয়া নেথাকিলগৈয়ে। সমানে বাঢ়িলে চন্দ্ৰাৰ স্বীকৃতি আৰু ক্ষমতা, কিছুমান বিশেষ ব্যক্তিগত কথাটো চন্দ্ৰাৰ মতামতৰ গুৰুত্ব বাঢ়িল। এদিন চাৰৰ সহকৰ্মী এজনে মদৰ ৰাগীত চন্দ্ৰাক কোৱা এটা কথাৰ কাৰণে চাৰ বাইদেৱে সেইজনৰ লগত জীৱনৰ কাৰণে সম্পৰ্ক ছেদ কৰিলে। এদিন চাৰৰ বন্ধু আৰু অসমীয়া চিনেমাৰ বিখ্যাত নায়ক এজনৰ লগতো চাৰৰ ঘৰতে চিনাকী হোৱাৰ সুযোগ পালে তাই, ভাতো ৰান্ধি খুৱালে।  আচল কথা চাৰ বাইদেউ দুইজনেই খুব  ভাল ধনী ঘৰৰ সন্তান, কেৱল পঢ়া শুনা কৰা, বা তেনেধৰণৰ কামতেই জীৱনটো ব্যস্ত আছিল, সেয়ে সংসাৰ জীৱনৰ প্ৰয়োজনীয় অভিজ্ঞতা একেবাৰে নাছিলএতিয়া বাস্তৱ সংসাৰে তেঁওলোকক পৰীক্ষা কৰিব খোজোতেই চন্দ্ৰা আহিল; গতিকে  আকৌ তেওলোকে নিজে ভাল পোৱা অভ্যষ্ট জগত খনলৈ ঘুৰি যাবলে সুবিধা পালে। মুঠতে চন্দ্ৰাই সৰুতে খুব পাবলৈ বিছৰা, কিন্তু নোপোৱা, প্ৰায়বোৰ বস্তু সহজলভ্য হৈ উঠিল তাইৰ জীৱনত। গৰমৰ দিনত এয়াৰ কণ্ডিচনাৰ নচলিলে টোপনি নহা হ’ল তাইৰ।



মাথোন সৰু-সুৰা দুই এটা কথাই আমনি কৰি থাকিল  চন্দ্ৰাৰ পৰিপূৰ্ণ জীৱনটোত। এই কলনিলৈ অহাৰ সময়ত,  মনৰ কোনো এটা চুকত, অৱচেতন ভাবেই হয়তো,   চন্দ্ৰাই আৰু এটা গোপন আশা লৈ আহিছিলকিন্তু অলপ দিনৰ পাছতে তাই ভালকৈ বুজি উঠিল, এই কলনিৰ মানুহবোৰে তাইক যিমানেই ভাল নাপাওক, মৰম নকৰক, তেনে এটা কথা তেঁওলোকে কেতিয়াও নেভাবে। যিমানেই মুকলি মনৰ মানুহ নহওক লাগে,  চন্দ্ৰাৰ দৰে ছোৱালীক তেঁওলোকে তেনেৰূপেৰে কেতিয়াও নেচায়, লাগিলে তাই দেখিবলৈ অপেশ্বৰীয়েই হওক। খুব বেছি চাৰৰ সেই মদাহী সহকৰ্মী জনৰ দৃষ্টিৰে  তাইক অলপ গুৰুত্ব দিব, তাতকৈ বেছি একো নহয়। এই কথাটো নুবুজালৈকে তাইৰ মনটো ভালেই হৈ আছিল, তাইৰ ফালৰ পৰা কেতিয়াবা চেষ্টাও কৰিছিল, অৱশ্যে চাৰ –বাইদেউৰ চকুৰ অগোচৰত। চাৰ বাইদেৱে যাতে তাইক অকনো সন্দেহ নকৰে তাৰ বাবে সদা সচেতন আছিল তাই, জানিছিল তেনে এটা কথাই তাইৰ এই প্ৰতিস্থাক ধুলিস্যাৎ কৰি পেলাব। লাহে লাহে তাইৰ মনত কলনিটোৰ সৰু সুৰা স্থায়ী-অস্থায়ী চাকৰি, ব্যৱসায় আদি কৰা মানুহবোৰেও গুৰুত্ব পাবলৈ আৰম্ভ কৰিছিল, আৰু আজি এঘাৰ বছৰৰ পাছত  সেই মানুহবোৰহে তাইৰ বাবে তেনেধৰণে দৰকাৰী হৈ আছেগৈ।

********

গধূলি আঠ মান বজাত চাৰ বাইদেউ আৰু আলহী আহি সোমালহি। আলহী চাৰ বাইদেউৰ  বৰ পুৰণা আৰু অন্তৰংগ বন্ধু যেন লাগিল তাইৰ। বন্ধুজনৰ লগত এপাক ক্লাবৰ ফালে ওলাই যাবলৈয়ো অনুমতি দিলে বাইদেৱে।

-‘মোৰ ড্ৰাইভাৰৰ থকাৰ ব্যৱস্থাটো কি হ’লগৈ?’

- ড্ৰাইভাৰ?? চন্দ্ৰাই চাহ কৰি থকাৰ পৰাই  কাণ পাতি শুনাৰ চেষ্টা কৰিলে। যি বুজা গ’ল আলহীয়ে গাড়ী লৈ আহিছে আৰু তেঁওৰ এজন ড্ৰাইভাৰো আছে। কিন্তু ড্ৰাইভাৰ জন ইয়াত নেথাকে- আন কৰবাত ৰখাৰ ব্যৱস্থা কৰি আছে চাৰে।

-      ‘ইয়াতে থাকিব পাৰিলেহেঁতেন দেখোন- তাই লাগে মজিয়াত শুই তাইৰ কোঠাটোকে ড্ৰাইভাৰক দিলে হেঁতেন। এৰাতিৰ কথাহে আৰু।‘-  কথাটো কম বুলি ভাবিও নকলে তাই। 

শেষত যেনিবা গৈ গেষ্ট হাউছতে ড্ৰাইভাৰ থকাৰ ব্যৱস্থা হ’লগৈ, মনটো অকণমান সেমেকি গ’ল চন্দ্ৰাৰ। অৱশ্যে ড্ৰাইভাৰে ৰাতিপুৱাতে আলহীক নিবলে আহিব।



ৰাতি ভাত খোৱাৰ সময়তে আলহীৰ ফোনটেো বাজিল!!


-      “অ.. মদন। ছব ঠিকে আছেনে? অঁ অঁ, ঠিক আছে,  শুই থাকা, ৰাতিপূৱা সোনকালে ওলাব লাগিব। মই বুজাই দিম ঘৰটো কোনফালে আছে।“


ড্ৰাইভাৰ জনৰ নামটো তাৰমানে মদন। চন্দ্ৰাৰ এনেই মদনৰ বিষয়ে অকনমান ভাবিবলে মন গ’ল। মদনে বিয়া পাতিলে নে নাই বাৰু? নাই পতা ছাগে, বিয়া পতা মানুহে ক’ত এনেদৰে গাড়ী চলাই ঘুৰি ফুৰিব পাৰিব। অৱশ্যে পাতিবও পাৰে, আজিকালি চাকৰি পোৱা যিহে টানকিন্তু মদনে বিয়া নাই পতা বুলিহে বিশ্বাস কৰিবলে মন গ’ল দেখোন তাইৰদেখিবলে কেনেকুৱা বাৰু মদন? অলপ বগা, বেছি ওখ নহয়, চুলিখিনি নিয়াৰিকৈ ফণিওৱা,  চাফ  চিকুন, প্ৰায় ত্ৰিছ-পয়ত্ৰিছ বছৰীয়া মানুহ  এটাৰ ছবি এখন তাই মনলে আহিল। মানে, মদন দেখিবলৈ আন বেলেগ ধৰণৰো হব পাৰে বুলি ভাবিলৈকে বেয়া লাগিল তাইৰ। সিয়ো ছাগে অভাৱী ঘৰৰ ল’ৰা, ভালদৰে পঢ়া শুনা নহ’ল। গাড়ী চলাই চলাই ঘৰৰ জেঙা মাৰি থাকোতে বিয়া পতাৰ কথা ভাবিবলৈকে নহ’ল ছাগে তাৰকিন্তু এতিয়া মানে, ঘৰৰ সমস্যাবোৰ অলপ থানথিত লগাৰ পাছত মদনে ছাগে আজিকালি অলপ নিসংগ অনুভৱ কৰে। ঘৰৰ মানুহৰ লগতে নিজৰ কথাও যে অলপ ভাবিব লাগে, সি ছাগে বুজি পাইছে আজিকালি। তাক এনে এজনী ছোৱালী লাগে ছাগে, যি তাৰ কথা বুজিব পাৰিব আৰু তাৰ সীমিত দৰমহাৰে নিয়াৰিকৈ তাৰ পৰিয়ালটো চলাই নিব পাৰিব। কৰবাত সৰুকৈ নিজা ঘৰ এটা সজাৰ কথাও সি ভাবিছে নিশ্চয়;  নোৱাৰিলে প্ৰথমতে ভাড়াঘৰতে থাকি পিছলৈ সুবিধা ওলালে কিবা কৰিম বুলি ভাবি ৰাখিছে। সি ছাগে বৰ বেছি ডাঙৰ সংসাৰ এখন কৰাৰ কথাও ভবা নাই, আজিকালি যিহে খৰছ, এটা বা দুটা ল’ৰা ছোৱালীৰেই সংসাৰ খন সামৰাৰ কথা ভাবে ছাগে মদনে। সৰু সুখী আটোমটোকাৰী পৰিয়াল এটা। হয়,  মদনে নিশ্চয় তেনেকৈয়ে ভাৱে। দিনতো গাড়ী চলাই ভাগৰি জুগৰি ঘৰলে অহা সময়ত, সি  ছাগে অকনমান আদৰ, মৰমীয়াল কিন্তু বুধিয়ক মানুহ এজনীয়ে ৰান্ধি থোৱা ভাত কেইটামান কিমান বিছাৰে! তাৰ কেতিয়াবা কিবা কাৰণত খঙো উঠে ছাগে কাৰোবাৰ ওপৰত, সেইবোৰ সেই মানুহজনীৰ আগত কবলে তাৰ মন নেযায়নে? নিশ্চয় যাব,  কিয় নেযাব?



খেলি মেলি ভাববোৰৰ কাৰণে তাইৰ ৰাতি ভালদৰে টোপনি নহ’ল। তথাপিও ৰাতিপূৱা আনদিনাতকৈ সোনকালেই উঠিল তাই। আলহী আছে, স্কুল আছে, চাৰ-বাইদেউৰ অফিচ আছে, তাতে মদন আহিব আলহীক নিবলে।  ৰাতিৰ সেই  চিন্তাবোৰৰ কথা ভাবি অলপ লাজো লাগিল তাইৰ, কিন্তু মদন যে আহিব, সেই ভাৱটোৱে তাইক কব নোৱাৰাকৈয়ে অলপ বেছি প্ৰাণচঞ্চল কৰি ৰাখিলে।  মদনৰ বাবেও কিবা এটা ৰান্ধিব লাগিব, জোৰ কৰি হ’লও তাক খুৱাব লাগিব। আলহীক এনে আদৰ কৰা তাইৰ স্বভাৱটো চাৰেও ভাল পায়। প্ৰয়োজনতকৈ অলপ বেছি ব্যস্ততাৰে চন্দ্ৰাই ৰাতিপূৱাৰ কামখিনি সামৰিবলৈ চেষ্টা কৰিলে।



আলহীক মাত লগাই চাৰ বাইদেউ প্ৰথমতে ওলাই গ’ল, তাৰ পাছত ল’ৰা ছোৱালী কেইটা। আলহী আঠমান বজালৈকে বিছনাতে থাকিল। উঠাৰ লগে লগে তাই চাহ একাপ দিলে আৰু আলহীক বুজাই দিলে যে ব্ৰেকফাষ্ট নোখোৱাকৈ তাই কেতিয়াও তেখেতক ওলাই যাবলৈ নিদিয়ে। মদন  ড্ৰাইভাৰ কেতিয়া আহিব বুলি সোধাৰ প্ৰচণ্ড ইচ্ছাটোক তাই কোনোমতে দমন কৰিলে।



আলহী পোন্ধৰ মিনিট মানতে গা পা ধুই সাজু হ’ল, আৰু খোৱা মেজত বহিল। হাতত ফোনটো। এখেতক  মদন অহাৰ আগতেই খাবলে দিলে ভাল হব। মদনে আলহীৰ লগতে একেলগে টেবুলত বহি খাবলে বেয়াও পাব পাৰে। তাই কিন্তু  মদনক ডাইনিং টেবুলতে খাবলে দিব- চুকত মুঢ়া এটা পাৰি নিদিয়ে। 


ৰুটি আৰু ভাজি খাই খাই আলহীয়ে কাৰোবালে ফোন লগালে, চন্দ্ৰা উৎকৰ্ণ হৈ ৰ’ল। হয়, মদন ড্ৰাইভাৰলৈকে ফোন কৰিছে, তাক সোনকালে ওলাই আহিবলৈ কৈছে। ঘৰটোও বুজাই দিছে- “অঁ অঁ, তুমি সোঁফালে আহি থাকিলে সৰু পাৰ্ক এখন পাবা, পাৰ্কখনৰ দাঁতিয়েদি লেফ্ট টাৰ্ণ লৈ........”


চন্দ্ৰাই পতকৈ নিজৰ ৰূমৰ পৰা আহিলগৈ, নিজকে চালে আইনাখনত। ঠিকেই আছে, আজি ৰাতিপূৱাই মুৰ তিয়াই গা ধুইছে তাই, চুলিত এটোপ দোটোপ পানী লাগিয়েই আছে। আলহীয়ে ৰুটি ভাজি শেষ কৰিলে যদি চাহ একাপ দিবগৈ লাগিল। মদনে বা গাখীৰ চাহ খাইনে ফিকা চাহ ! সুধি লব লাগিব।



আকৌ আলহীৰ ফোন বাজিল- “ হাঁ!! কি হ’ল? বিছাৰি পোৱা নাই? কাৰোবাক সুধি লোৱাচোন..ঘৰৰ নম্বৰটো ক’লে বুজাই দিব..মই ধৰি আছো ..সোধা কাৰোবাক।“ অলপ সময় নীৰৱতা.....- কি ? পাৰ হৈ গ’লা ..কি মানুহ হে তুমি? চিনি নেপালে মোক ফোন কৰিব লাগিছিল।“ ঘুৰি আহা.... মইয়ো নামি গৈ আছো ৰ’বা।“



কি হ’ল আকৌ? মদনে নো ঘৰটোকে বিছাৰি উলিয়াব নোৱাৰিলেনে? অৱশ্যে নতুন মানুহৰ এই কলনিত অলপ সমস্যা নোহোৱা নহয়। এতিয়া মদন দেৰিকে আহি পাব আৰু আলহীয়ে সোনকাল কৰা সোনকাল কৰা বুলি চিঞৰ বাখৰ লগাব। আলহী আৰু মদন দুইজনৰে ওপৰত অলপ অভিমানো হ’ল তাইৰ।



আলহীয়ে ইতিমধ্যে আলহী কোঠাৰ পৰা নিজৰ বেগটো লৈ ওলাই আহিলেই। দেৰি হৈছে ছাগে। কেইবাটাও ফোন আহিল ইতিমধ্যে- মানুহটোক অলপ ব্যতিবস্ত হৈ পৰা যেন লাগিল। আৰু এই মদন, তাৰ এতিয়ালৈকে দেখা দেখিয়েই নাই।

-      “হব দাদা আপুনি বেগ কিয় লৈছে। ড্ৰাইভাৰে লৈ যাবহি নহয়।“


-      “একো নহয়হে,  ইমান সৰু বেগটো। আৰু এই ড্ৰাইভাৰ,  সি এতিয়ালৈকে ঘৰটোৱেই বিছাৰি উলিয়াব পৰা নাই। ৰবা,  মই নামি যাও!!”


আকৌ এবাৰ মদনৰ ফোন। -“ কি ক’লা ন’ এণ্ট্ৰী? পাৰ হৈ গ’লে সিফালৰ পৰা সোমাবলৈ নিদিয়ে ১১ বজালৈকে? অহহ...ৰবা মই গৈ আছো, পাৰ্কখনৰ ওচৰতে ৰোৱা।“


উৎকণ্ঠিৎ হৈ উঠিল চন্দ্ৰা, তাৰমানে মদন ইয়ালৈ নাহিবই নেকি? আলহীয়ে দেখোন বেগটো নিজেই কান্ধত উঠাই ল’লে। ইমান ল’ৰালৰিকে ঘটনা বোৰ হ’ল যে তাই একো ধৰিবই নোৱাৰিলে। তাৰমানে মদন পাৰ্কৰ  ওচৰত ৰৈ থাকিব আৰু আলহী গৈ তাতে গাড়ীত উঠিবগৈ। ইয়ালে নাহিবই সি।



-“নাই দাদা নালাগে..গাড়ীখন তাতে থৈ আহিব পাৰিব নহয়, আপুনি কিয় কষ্ট কৰিব লাগে?”- তাই শেষ প্ৰচেষ্টা চলালে, মাতটো দূৰ্বল শুনা গ’ল তাইৰ।

- “এহ একো নহয়। সৌকন দূৰ হে, সি ইয়ালৈ অহালৈকে দেৰি হৈ যাব। তুমি থাকিবা, মই বাৰু ইহঁতক ফোন কৰিম এতিয়া”



তড়িৎ গতিত চিন্তা কৰিলে চন্দ্ৰাই, মদন ইয়ালৈ অহাৰ আশা নাই আৰু। কিন্তু পাৰ্কখন সিহঁতৰ বেলকনিৰ পৰা দেখা যায়, যদি গাড়ীখন পাৰ্কৰ আগফালে  আছে, তেন্তে তাই মদনক দেখিবও পাৰে। কিন্তু সি বা গাড়ীৰ বাহিৰত ওলাই আছেনে নাই? আলহীক ততাতৈয়াকৈ মাত লগাই তাই মূল দৰজাখন বন্ধ কৰি বেলকনি পালেগৈ। ৰেলিঙত পেটটোৰে ভেজা দি,  অলপ হাউলি  চন্দ্ৰাই চাই পথিয়ালে পাৰ্কখনৰ ফালে, দুখন গাড়ী ৰৈ আছে তাত, তাৰে কোনখনত বা আছে মদন? এবাৰ ভাবিলে তললৈ নামি গলেই ভাল হব নেকি? নাই, নামি গ’লেও তাই গাড়ীখন ধৰিবগৈ নোৱাৰিব, আৰু পাৰিলেও, কি কব আলহীক? আলহীয়ে ফোনটোকে পাহৰি গ’লে তাই দি আহিবগৈ পাৰিলেহেঁতেন!!

আলহীক পিঠিত বেগটো লৈ ততাতৈয়াকৈ গৈ থকা দেখা গ’ল। এতিয়া মদন নামি আহিব ছাগে। তাই আৰু অকনমান হাওলিবৰ চেষ্টা কৰিলে। নাই নাহিল। আলহী জাপ মাৰি তাৰে এখন গাড়ীত বহিল আৰু লগে লগে গাড়ীখন চলিব ধৰিলে
।  



গাড়ীখনৰ আইনাবোৰো ক’লা- ভিতৰত কি আছে একো দেখা নেপায়।



****************



মদন ড্ৰইভাৰক দেখা নোপোৱা সেই অহেতুক দুখটোৱে চন্দ্ৰাৰ মনটো কেইবাদিনলৈয়ো সেমেকাই ৰাখিলে।


No comments:

Post a Comment