Monday, August 24, 2015

খেলি-মেলি

(১)
গুৱাহাটীৰ বানপানীক লৈ কিয় বাৰু কৰা শ্লেষ?
বানপানী নোহোৱাকৈ আছে জানো কোনো দেশ?
নেলাগে দিয়া নলা খানিব,
বা ভৰলুখনো মোকলাব;
অসমৰ "ভেনিচ" বুলি লিখি দিলেইচোন লেঠা শেষ।


(২)
সোণাপুৰৰ বৰুৱা চাৰ কলিজাৰ মেকানিক,
জানে বোলে এইডচো ভাল কৰাৰ টেকনিক;


পলাই যায় কেন্সাৰ,
দেখি তেওৰ ভেন্সাৰ;
ভাল কৰিব নোৱাৰা বেমাৰেই নাই পৃথিৱীত।  


(৩)
একেটা বাক্যকে বিছ পঁচিছ বাৰ কবা ,
ব্ৰেকিং নিউজ তেহে হব, এবেসে বুজিবা;
সঁচানে মিছা দৰকাৰ নাই
টি আৰ পিহে লাগে ভাই;
মালিকক খুচ কৰিলেহে সিধাকণ পাবা।


(৪)
দেশসেৱাৰ কৰি মহান পণ, হাবিলৈ গ'লা;
(পিছে) মহৰ কামোৰ খাব নোৱাৰি ঘুৰি হে আহিলা;
বেপাৰ তোমাৰ জাত জাত,
নামঘৰতো আগ পাত;
ন জনীকে ঘৈণী ৰাখি নিজৰ নাম উজলালা। 


(৫)
একেধাৰে কবি সাহিত্যিক, সংস্কৃতিৰ ঠিকাদাৰ,
পিয়াজ বেপাৰী, সাংবাদিক, সমালোচক কবিতাৰ;
এশটামান জানে শব্দ,
সেইকেটাৰেই কৰে জব্দ;
অসম দেশৰ বুদ্ধিজীৱিৰ গগণচুম্বী অহংকাৰ। 


(৬)
তেও বোলে নজনা কথা একো নাই এই দুনীয়াত,
নদী বান্ধ, ডাইনী হত্যা, সকলোৰে তেও এক্সপাৰ্ট;
সকলো সমস্যা সমাধা কৰে,
আধাঘণ্টাতে দেশ উধাৰে;
পিছে জীয়েকৰ বিয়াৰ বেলা, গগণা কৰে জাত পাত।


(৭)
চাহিত্য চভা চাবলে গৈ পৰম আনন্দ পালোঁ,
টোপোলা ভাত, গাহৰি মাংস উদৰ পূৰাই খালোঁ;
ধুনীয়া মানুহ দেখা পালোঁ
উৰাই-ঘুৰাই চেলফি ললোঁ;
আৰু জোতা এযোৰকে কিনি লৈ ঘৰলে উভটিলোঁ। 


(৮)
খেলুৱৈ এজনো নোলালেও, ক্ৰিকেট সন্থা তামাম,
কৰি থাকে চুপেচাপে, ক্ৰিকেট বিকাশ অবিৰাম,
ফলাফলৰ ঘৰ শূণ্য,
বুলি কোৱাবোৰ মূৰ্খ;
ক্ৰিকেটৰ নামতে হৈ আছে, পেটৰ আকাৰ বিয়াগোম। 


(৯)
জাতীয় সংগীত লিখাটো তেওৰ বাঁওহাতৰ কাম,
মিছাতে তোমালোকে লৈ থাকা ৰসৰাজৰ নাম,
এনেই ল'ৰাটো ভাল,
পানীকণেই হ'ল কাল;
চিল্পী মানুচ ত', নেখালে হবনে, হুইস্কী, বিয়েৰ, ৰাম।

No comments:

Post a Comment