Monday, August 24, 2015

কেইটিমান ৰাজনৈতিক লিমাৰিক

তলৰ লিমাৰিককেইটাই মোৰ ৰাজনৈতিক দৃষ্টিভংগী প্ৰতিফলিত নকৰে, কেইজন মান জনপ্ৰিয় ৰাজনীতিকৰ জীৱনক এক ব্যংগাত্মক দৃষ্টিভংগীৰে চোৱাৰ প্ৰয়াসহে, উদ্দেশ্য কেৱল হাস্যৰস।ইয়াক Satire ৰূপেই গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। 



(১)
সে সে কৈ হাঁহি থাকো বুলি ভাবিছা নেকি বুৰ্বক,
ৰাজপাট দকচি খোৱাৰ সকলো জানো কচৰৎ;
সাম, দাম, দণ্ড, ভেদ,
বিসম্বাদীৰ ক'লা পেট,
সকলো ইম্পৰটেণ্ট মেটাৰ মোৰ নখ দৰ্পনত। 


(২)
বাবকণে চিনি পাই, মহিলা নে পুৰুষ মাছ,
পৈতৃক সম্পত্তিৰূপে পাইছে ইমান দিমাগ খাছ;


কৰিবই লাগিব ৰাজনীতি,
অন্যথা ভেটিত তিতাগুটি;
নহ’লে কি লণ্ডনত গৈ কাটিব নেকি ঘোৰা ঘাঁছ। 


(৩)
আবাল বৃদ্ধ ছাত্ৰ নেতাৰ অসম প্ৰেমৰ লেকচাৰ,
তেও নহ'লেই হেনো সংগঠন হব পাংচাৰ;
ফাঁচী বজাৰৰ চান্দা,
নহয় বোলে ধাণ্ডা,
পেটটো পুহিবলেকে চোন কেইবাকোটিৰো দৰকাৰ । 


(৪)
জাতীয় নায়ক হৈ লাচিতক কৰি ৰি-প্লেচ
ৰাইট টাইমত পাৰ্টি সলাই পাই গলো চাকচেচ;
আঞ্চলিকতাবাদৰ ঢোল বজাই,
ৰাইজমখাক টুপী পিন্ধাই;
ছাত্ৰ নেতা হৈ থাকোতেও পিছে বেয়া নাছিল বিজিনেচ। 


(৫)
আছিলো এদিন মই তোমাৰ অতি চেনেহৰ,
উত্তৰাধীকাৰী হমেই বুলি হৈ আছিলো চিয়'ৰ;
ক'ৰপৰানো আহি ওলাল,
বিদেশিনী লৈ তোমাৰ দুলাল;
ভবা কথা সিদ্ধি নোহোৱাত, বিসম্বাদিলো ভয়ংকৰ। 


(৬)
গান্ধী উপাধি লাগি আছে তেওৰ নামৰ পৃষ্ঠত,
কিয়নো আকৌ চাব লাগে, কি আছে বিৰেইনত?
গায়ন বায়নৰে আদৰি,
দলিচা এখন পাৰি দি;
পোনে পোনে বহাই দিয়া প্ৰধানমন্ত্ৰীৰ আসনত।


(৭)

চিবিআই তদন্তৰ বাবে স-জোৰে দাবী জনালোঁ,
অসমৰ ৰাইজে মাফ নকৰে সেইকথাও কৈ দিলো,
লাষ্ট গে'টত ধৰ্ণা দিম,
আন্দোলনো চলাই নিম;
পিছে সমস্যাটো কি আছিল সেইটোহে পাহৰিলোঁ।

No comments:

Post a Comment