Tuesday, August 25, 2015

কবিতাৰ বিষয়ে দুটিমান আহুকলীয়া লিমাৰিক;


(১)
কবিতা দেশৰ বাহুবলী নাম চিৰি চিলিম কুমাৰ,
কবিতা লিখি ঘটি থৈছে, গালে গালে পুৰষ্কাৰ;
গৰমা- গৰম কবিতা,
কেঁচা যৌৱনৰ মালিতা।
দুই এটা কবিতা পঢ়িবলে আকৌ হাবিলে যোৱা দৰকাৰ। 


(২)
আধুনিক কবিতাৰ লেকাম বোলে ছিঙা,
অৰ্থতো নোলায়েই, ছন্দও চোন ভঙা,
দেশৰ নিলাজ কথা-মাত,


পাবও পাৰা কবিতাত,
কবিতা পঢ়ি বুঢ়া আতাৰ কাণমুৰ হ'ল ৰঙা। 


(৩)
সৌৱাযে গৈ আছে তেও কবিতাৰ সমালোচক,
তেওৰ এটা মন্তব্যতে হিলি যায় কবিৰ বিশ্বজগত;
কিন্তু লিখি পোৱা নাই,
নিজে কবিতা এটাও হায়;
মহিলা কবি সুন্দৰী হ'লে, একেকলমেই সজাই মহৎ। 


(৪)
ননীধৰ শৰ্মাদেউৱে কবিতা লিখিবলে লোৱা,
এই ধৰা তিনি-চাৰি মাহৰ বেছি নাই হোৱা।
অৱসৰ লোৱাৰ এমাহ পাছত,
প্ৰতিভা বিকাশৰ লাগিল কামত;
পেন্সনটো চেংচন হ'লেই সংকলন এখন পাবা। 


(৫)
বহুদিন ভাবি গুনি কবিতা লিখিলো কালান্তক,
কোন মাইকালালে লিখিব পাৰে কবিতা এনে মাৰাত্মক;
বাটৰ নিৰীহ বাটৰুৱা,
ধুম কলা ঘন বৰুৱা;
সকলো পলাই মোৰ কবিতা পাঠৰ দৌৰাত্ম্যত । 


(৬)
মালিৰামে সাজিলে নেকি কবিতা লিখা মেচিন?
দিনে বিছটা কবিতা লিখে, ফেচবুকতে পাও চিন;
কবিতাহে কেৱল আপডেট,
কেইবাকুৰিকো কৰে টেগ,
কবিতাৰ জোৰতে গোটাব হেনো, প্ৰেমিকা এজনী লীন-থিন। 


(৭)
চলিহা চাৰ ভাৰ্চিটিৰ ইংলিছৰ প্ৰফেচৰ,
ৱৰ্ডছৱৰ্থ, টেনিচন মুখস্থ মাতে ফৰাফৰ;
ছাত্ৰীৰ পিঠিত হাত বুলাই,
ডিটেইলচকে পয়েট্ৰী বুজায়;
অসমীয়াত লিখাবোৰ বোলে কবিতা নহয়, গোবৰ।


(৮)
সৰ্বহাৰাৰ কবি মই, দুখীয়াৰ বাবে কবিতা লিখো,
দীন-হীনৰ দুখ দেখি, টিভি স্ক্ৰীণত চকুলো টোকো;
বনকৰা ছোৱালীজনীৰ,
পুষ্টিবিহীন শুকান শৰীৰ;
সেইবুলি আৰু আমাৰ সমান খাবলে দিব পাৰি জানো?



Comments of the Facebook Post 

Subhas Bora

ছাত্ৰীৰ পিঠিত হাত বুলাই, ডিটেইলচকে পয়েট্ৰী বুজায়; ... বনকৰা ছোৱালীজনীৰ,

পুষ্টিবিহীন শুকান শৰীৰ; সেইবুলি আৰু আমাৰ সমান খাবলে দিব পাৰি জানো? দিছে দেই গাজত একদম Abhijit দা 



 Banajit Pathak

লিমাৰিক কেইটাই অন্তৰখন লিৰিকি বিদাৰি গ'ল দেই ৷

Riyan Raagini  

ইজ ইট কলড তুলা-ধূনা?

 দীপাঙ্ক বৰা 

 হেঃ..হেঃ ১ নম্বৰ লিমাৰিকটো চিলিম কুমাৰৰ কবিতাৰ নিচিনাকৈ একদম চিধাই অন্তৰ্বাস হৈ গ'ল । মানে..অন্তৰ চুই গ'ল.. । বাৰু.. যি হ'ল হ'ল... বাপুকণ অলপ ঘঁহি পিহি সঁচাকৈয়ে লিমাৰিকৰ সংকলন এখন উলিয়াই দিয়া..।

Bijoy Sankar Baruah  

Real good. Good stuff after a very long time. Please keep it up, abhijit. Hats off.

 ঈশানজ্যোতি বৰা  

কলিতাদেৱৰ লিমাৰিকৰ ছুনামিয়ে উৰুৱাই নিলে কবিৰ ঘৰৰ ছাল,
অনুভৱী অ-কবিৰ দুৰন্ত হৃদয়ত সৃষ্টি হ'ল এক প্ৰকাণ্ড খাল,
কবিতাৰ প্ৰতি তীব্ৰ লোভ,

লিখিব নোৱাৰিলে উজাৰে ক্ষোভ,
পঢ়িবলৈ নাপাহৰিব কবিৰ নৱতম পুথি "ফেয়াৰ এণ্ড্ লাভলি আৰু বাঘৰ গাল"।


 Mousumi Das 

 হায় হায় এনেকা দুৰন্ত কবিতা লিমাৰিক লিখি দিলে৷  ফটাফট পঠিয়াই দিব লাগে ক'ৰবালৈ 'লিমাৰিকটো' (মানে কাকতলৈ) ৷ফাটাফাটি দেই অভিজিৎ দা ৷ ঊমৰাংচু হিলি যাব 


 প্ৰতিম প্ৰতাপ বৰুৱা 
 বাপ্‌ৰে বাপ!!! মানি গৈছো। ছুপাৰ্ব। (এইপদ সামগ্ৰী সৃষ্টি কৰিবলৈ মুঠতে কিমান সময় লাগিছিল সেই কথাটো এনেয়ে জানিবলৈ মন এটা থাকি গ'ল। কিচ্‌ন'।)..



Gautam Kalita · 

Bahukalar murat eti sundar limarik parhi bar bhal lagil. Aru byanga rash tulanabihin. Bar tripti palo.

No comments:

Post a Comment