Sunday, July 19, 2015

কেৱল বিবাহিত পুৰুষৰ বাবে

বিধিসন্মত সতৰ্কীকৰণ : কেৱল বিবাহিত পুৰুষৰ বাবে, অবিবাহিতসকলৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। ইট মে' ক'জ লনলিনেচ, মেলাংকলি, এণ্ড লাভলেছনেছ।

আপোনাৰ বিবাহিত জীৱন কেনে চলিছে? আপুনি বাৰু এজন ভাল স্বামী নে ? নিজকে পৰীক্ষা কৰক, আমাৰ কেইবাবছৰো ধৰা গৱেষণাৰ অন্তত প্ৰস্তুত কৰা কুৱেচনিয়াৰৰ যোগে। তলৰ কথাখিনিত Yes/No দাগ মাৰক। Yes হ’লে নিজকে ১ নম্বৰ দিব, No হ’লে ০।

১। আপুনি আজিকালি মাছ বাছি ভাল পায়, আচলতে কেচা মাছৰ গোন্ধটো আপোনাৰ ভালেই লগা হৈছেগৈ। শাকপাচলি কাটি-বাচি থাকোতে, কাপোৰ ধুই থাকোতে, ঘৰ সাৰি থাকোতে আপুনি গুনগুনাই গান গাই থাকে।


২। দেওবাৰ বা আন বন্ধৰ দিনত শ্বপিং মললে গৈ ডাঙৰ ডাঙৰ বেগ কেইটামান ডাঙি ডাঙি ৫ ঘণ্টা মান ঘুৰি ফুৰিবলে নেপালে আপোনাৰ ভাল নেলাগে, দিনটো নষ্ট হোৱা যেন লাগে।

৩। দিনৰ চাৰে এঘাৰ মান বজাত অফিচত আপোনাৰ মনত পৰে, পৰহিয়েই আপোনাক কোৱা হৈছিল, ঘৰত জিৰা পাউডাৰ, তেতেলীৰ চচ আৰু কৰ্ণ ফ্ল’ৰ নাই।

৪। আপুনি অকলে টিভি চালেও চিধা Life OK বা Zee TV হে লগায়, শাহু বোৱাৰী চিৰিয়েলবোৰ আৰু পুৰণা হিন্দী চিনেমাবোৰ আপোনাৰ লাহে লাহে বিৰাটেই ভাল লগা হৈ আহিছে।

৫। ভাৰতীয় ক্ৰিকেট দললৈ যোৱা দুবছৰত অহা নতুন খেলুৱৈ কেইজনক আপুনি চিনি নেপায়। নেইমাৰে কোন দেশৰ হৈ কি খেলে আপুনি পাহৰি গৈছে।

৬। তিনপাত্তিত ‘চিকু’ ডাঙৰ নে ট্ৰায়’, সেইটো মনত পেলাবলে আজিকালি আপোনাৰ কষ্ট হয়।

৭। আপোনাৰ সকলো সময়তে ভয় ভয় লাগি থাকে; কেতিয়া, ক’ত ভুল হৈ যায় বুলি অনবৰত সতৰ্ক হৈ থকাতো আপোনাৰ অভ্যাসত পৰিণত হৈছে।

৮। আজিকালি আপোনাৰ ঘৰলে ফোন কৰি মানুহবোৰৰ খবৰ খাতি লবলে মন নোযোৱা হৈছে। আপোনাৰ ভতিজাটোৱে যে এইবাৰ মেট্ৰিক দিব সেই কথাটো শুনিলে আপোনাৰ একো প্ৰতিক্ৰিয়া নহয়।

৯। আপুনি সঁচাকৈয়ে মেখেলা-চাদৰ/ শাৰী, পাট/মূগা, মাস্কাৰা/আই-লাইনাৰ আদিৰ পাৰ্থক্য বিলাক বুজি উঠিছে। কোনটো ছেম্পুৱে প্ৰকৃততে চুলি চিকচিকিয়া কৰিব সেই বিষয়ে আপুনি আধাঘণ্টা তৰ্ক কৰিব পাৰে।

১০। আপুনি বিয়া নপতা বন্ধুকেইজনৰ কথা ভাবিলে ভয়ংকৰ ভাৱে ইৰ্ষান্বিত হয়।

১১। নিজৰ ভুল উপলব্ধি কৰিবলৈ আপোনাক এক চেকেণ্ডৰ পাঁচ ভাগৰ এভাগ সময় লাগে।

১২। আফিচৰ পৰা গধূলি ভাগৰি জুগৰি ঘৰলে ঘুৰি আহোঁতে আপুনি ভগৱানক মাত্ৰ এটাই প্ৰাৰ্থনা কৰে, - হে ভগৱান, তেওৰ মুডটো যেন ঠিকেই থাকে আজি।

১৩। মীট মচলাটো এম ডি এইচ ৰ নে এভাৰেষ্টৰ আপুনি মাংস খাই বা শুঙি চাই কৈ দিব পাৰে।

১৪। কেতিয়াবা পুৰণা বন্ধুক লগ পালে ভুলতে বা তেওলোকে জোৰ কৰাৰ বাবে এধোক মাৰি দিলে, অলপ পাছতে “আপুনি ফাটমেলা বসূমতী পাতালে লুকাও” বুলি কোৱা সীতাই কিয়, কি চিটুৱেচনত পৰি কৈছিল সেই ৰহস্য মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰে। তাৰ-পাছত জৰ্দাপান, ক্ল’ৰ’মিণ্ট বা চাহপাত ব্যৱহাৰ কৰিলেও, আপোনাৰ হাৱ-ভাৱতে আপুনি ধৰা পৰি যায়।

১৫। “জিন্দেগী অনমোল হেঁ” ৰ বোৱাৰীজনীৰ শাৰীখনৰ ডিজাইনটো, “প্যাৰ কি কচৌতি”ৰ চোফাচেটটো আৰু ডেকৰেটিং লেম্পটো, নৰেন খুৰাৰ ছোৱালীজনীৰ বিয়াৰ দিনা নীলাবৌৱে পিন্ধা ব্লাউজটোৰ ‘কাট’টোৰ বিষয়ে কোনোবাই ৰেফাৰেন্স দি আলোচনা কৰিলে আপোনাৰ বুজাত অসুবিধা নহয়।

১৬। আপুনি লাহে লাহে, আপোনাৰ বন্ধু, ওচৰচুবুৰীয়াৰ পত্নীসকল, তেওলোকৰ মাক বাপেক, আৰু লগতে বাকী পৰিয়ালবৰ্গও কিমান বেয়া, কিমান অভদ্ৰ, কিমান হিংসাকুৰীয়া, কিমান গপত ওফন্দি থাকে, কিমান মিছা কথা কয়, কিমান চৰিত্ৰহীণ, কোনে বিয়াৰ আগতে কি কৰিছিল। আদি কথাবোৰ জানিবলৈ খুব আগ্ৰহী হৈ উঠিছে, আৰু বহুত নজনা কথা জানিছেও। এতিয়া আপুনি ফৰফৰাই তেওলোকৰ দোষবিলাক কোনো তৃতীয় পক্ষৰ আগত আওৰাব পাৰে।

১৭। আপুনি উপলব্ধি কৰিছে যে আপুনি পৃথিৱীৰ আটাইতকৈ আকৰ্ষণীয় আৰু ৰমণীৰঞ্জন টাইপৰ ব্যক্তি। পৃথিৱীৰ প্ৰায় সকলোবিলাক মহিলাই আপোনাক আপোনাৰ সুখৰ সংসাৰৰ পৰা আজুৰি নি নিজৰ কৰি লবলৈ প্ৰচেষ্টা চলাই আছে।

১৮। কাৰোবাৰ সকলো কথা, আদেশ, ইচ্ছা বিনা বাক্যব্যয়ে মানি লৈ সেইমতে কাম কৰি নিজকে সম্পূৰ্ণ সমৰ্পিত কৰাৰ যি সুখ, সেই সুখ আপুনি উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে।

১৯। মাহটোৰ আধাখিনি উপাৰ্জন আপুনি জীৱন বীমাত ব্যয় কৰে।

২০। আপোনাৰ সপ্তাহত এঘণ্টাকৈ ফেচবুক আৰু হোৱাটচ-এপ কৰাৰ পাৰ্মিচন আছে, তাকো কঠোৰ নিৰীক্ষণৰ মাজত।

এতিয়া আপুনি পোৱা নম্বৰবোৰ যোগ কৰক, আৰু উত্তৰটো তলৰ তালিকাৰ লগত মিলাই চাওক, নিমিলিলে পইচা ৰিটাৰ্ণ......

২০ :- আপুনি এজন আদৰ্শ পতি, কিন্তু আপোনাৰ আদৰ্শ কোনেও নোলোৱাই মংগল। 

১৬ ৰ পৰা ১৯ :- আপুনি এজন যুগৰ এজন আদৰ্শ স্বামী, দ্বায়িত্বশীল, সংবেদনশীল আৰু সফল। তথাপিও উন্নতি কৰাৰ সুযোগ নথকা নহয়। মনত ৰাখিব পাৰফেকচন বোলা বস্তুটো সদায় পৰিবৰ্তনশীল। গতিকে মাজে মাজে নিজকে ৰিভিউ কৰিব। আপোনাৰ ভৱিষ্যত উজ্জল। আপোনাৰ নামটো “ব” “দ” “অ” “উ” বা “ম” আখেৰেৰে আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰচূৰ।

১১ ৰ পৰা ১৫ :- আপোনাৰ আচলতে এজন ভাল স্বামী হোৱাৰ সকলো গুণেই আছে, কিন্তু তাৰ বাবে আপুনি ক্ষন্তেকীয়া দূৰ্বলতা বিলাক জয় কৰিব লাগিব। এজন ভাল সফল স্বামী হবলৈ জীৱনজোৰা নিৰলস সাধনাৰ প্ৰয়োজন। আৰু আপোনাৰ ধৈৰ্য কম; সেয়ে সকলো জানিও আপুনি মাজে মাজে “ এহ যা %#@# , যি হয় হব” বুলি ভুল কৰি পেলায়। আপোনাৰ লগত এইটো ফকৰা যোজনা খাটে “ খঙত পেট কাটি ছমাহলৈ শুকনি খায়”। আপোনাৰ নামৰ প্ৰথম দুটা আখৰ ‘য়’ “জ” “ভ” “ৰ” “স” “দ্ধ” আৰু ‘ষ্ক’ হ’লে আচৰিত হব লগা নাই।

৫ ৰ পৰা ১০:- আপোনাৰ অৱস্থা ভাল নহয়, সোনকালেই আপোনাৰ স্বভাৱ চৰিত্ৰ সঠিক লাইনত নানিলে আপোনাৰ জীৱনত ভয়ংকৰ দূৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। আপুনি আচলতে জীৱনৰ প্ৰকৃত সত্য বিলাক উপলব্ধি কৰা নাই, বা কৰিবলে চেষ্টাও কৰা নাই, গুৰি বঠাবিহীন নাৱৰ দৰে আপুনি সময়ৰ সোঁতত নিজকে উটুৱাই দিছে, আৰু তাৰ ফলো ভোগ কৰিছে। তথাপিও আপোনাৰ শিক্ষা হোৱা নাই। পিছে ইট ইজ নেভাৰ টু লে’ট টু ষ্টাৰ্ট এফ্ৰেছ, নিজৰ জ্ঞানচকু মেল খুৱাবৰ চেষ্টা কৰক, আশাকৰো সোনকালেই আপুনি সথিক পথৰ সন্ধান পাব। আপোনাৰ নামটোৰ আখৰ কেইটা নকও, “হ” বা “ব” ও হব পাৰে কি ঠিক?

১ ৰ পৰা ৫:- আপুনি বিয়া পাতি ভুল কৰিছে, আপুনি আচলতে এজন অপৰাধী, মাৰাত্মক শাস্তিৰ যোগ্য। আপোনাৰ মুৰ খুৰাই, হেৰিয়াত চূনৰ চিটিকা দি, গাধৰ ওপৰত ওলোটাকৈ বহাই, গোটেই চহৰত ঘুৰাই লৈ ফুৰিব লাগে। আপোনাক মানুহৰূপে জন্ম দিয়াটো ভগৱানৰ অন্যতম ভুল। আপোনাৰ স্থান সমাজত নহয়, আপুনি আমাজন অৰণ্য বা চাহাৰা মৰুভূমিৰ মাজত অকলে থকা উচিৎ। আপোনাৰ শুধৰণিৰ আশাও অতি ক্ষীণ। মনত ৰাখিব এইয়া কলিকাল, এই জনমত কৰা পাপৰ ফল পাবলৈ আপুনি সিপুৰীলৈ যাব নেলাগে, এইখন পৃথিৱীতে আপুনি নৰক যান্ত্ৰনা ভোগ কৰিব, সেয়াই আপোনাৰ প্ৰাপ্য। পাৰিলে কিবা উপায় কৰি আপোনাৰ পৰিয়ালক আপোনাৰ পৰা আঁতৰত ৰখাৰ ব্যৱস্থা কৰক। আপোনাৰ নামৰ আখৰ কেইটা কবলে মোৰ ভয় আৰু লাজ দুইটাই লাগিছে।

০:- আপোনাৰ নাম অভিজিত কলিতা 

No comments:

Post a Comment