Sunday, July 19, 2015

প্ৰিয়তমাৰ চিঠি

হোৱাটচ-এপত পোৱা হিন্দী কৌতুক এটাৰ অৱলম্বনত )

(বি.দ্ৰ.:- প্ৰথমতে এই লিখাটো মই ফেচবুকৰ এটা কৌতুক গোট আৰু নিজৰ ৱালত দিছিলো, পিছে কোনোবাই তাকে কপি কৰি পুনৰ হোৱাটচ-এপত প্ৰচাৰ কৰিলে, আপুনি নিশ্চয় এই খিনি হোৱাটচ-এপত ইতিমধ্যে পঢ়িছে। অৱশ্যে কপি কৰা জনে অজ্ঞাত কাৰণত মোৰ নামটো উল্লেখ কৰিবলে বেয়া পালে)

লৰালৰিকে ঘৰলে যাব লগা হোৱাত পত্নীয়ে পতিলৈ চিঠি এখনকে লিখি থৈ গ’ল 


হেৰি শুনিছেনে??

মই হঠাৎ ঘৰলে যাব লগা হ’ল; কেনেকে যাম, কিহত যাম, বাছৰ কণ্ডাক্টৰক কোনখিনিত নামিম বুলি ক'ম, ৰিক্সাত কেইটকা দিম, বেগটো ক'ত ৰাখিম, ল'ৰাটোক বাটত কি খুৱাম, নুখুৱাম,  সেইবোৰ কথা চিন্তা কৰিব নেলাগে। মনত ৰাখিব, আপোনাক লগ পোৱাৰ আগতেও মই ২৩ টা বছৰ একো ক্ষতি-খুন নোহোৱাকে জীয়াই আছিলো।

কেৱল তলৰ কথা কেইটা মনত ৰাখিব..........


১। কামকৰা বাই জনীক দৰমহা দি থৈছো, বেছি দানবীৰ দেখুৱাবলে দৰকাৰ নাই। তাই ফটা শাৰী ইচ্ছা কৰিয়েই পিন্ধে, সেই কথাটোত আপুনি মূৰ ঘমাব নেলাগে। 

২। আগতেও কৈছো, আমাৰ নিউজ পেপাৰৱালা, ধুবী, গাখীৰৱালা সেইবোৰ কাষৰ ঘৰতকে বেলেগ। সদায় ৰাতিপূৱা গৈ সেই চমক-ছল্লো জনীক “আপোনালোকৰ পেপাৰ দিলে নে? মোৰ খন দিয়া নাইচোন!” বুলি কবৰ দৰকাৰ নাই। আৰু এটা কথা, লুঙি আৰু হাত কটা গেঞ্জি ঘৰত পিন্ধা ড্ৰেছহে, আপোনাৰ প্ৰিয় হলেও, সেই ড্ৰেছটো পিন্ধি আলহী খাই নুফুৰিব । 


৩। আলমাৰীৰ সোফালে আপোনাৰ গেঞ্জি আৰু আণ্ডাৰৱেৰ আছে, বাওফালে ল’ৰাটোৰ। যোৱাবাৰৰ দৰে ভুলকে পিন্ধি অফিচলে গৈ ইচাট বিচাট কৰি আছিল বুলি গম পালে কিন্তু কথা বেয়া হব।

৪। নিজৰ চচমাজোৰ ভালকে ৰাখিব,  ফ্ৰিজটো শাক পাচলি মাছ আদিৰ কাৰণেহে কিনিছো। বাথৰূমলে যাওতে মোবাইলটো লৈ নেযাব। মই এইবাৰ আকৌ চাবোনৰ কেচৰ পৰা মোবাইল বিছাৰি উলিয়াই দিব নোৱাৰো। 

৫। বন্ধু বান্ধৱ বেছিকে গোটাব নেলাগে, চোফাৰ কুচনৰ মাজৰ পৰা বাদামৰ বাকলি আৰু চিকেনৰ হাড় ওলালে কিন্তু মই ডমেষ্টিক ভায়লেন্স বুলি কেছ দি দিম।

৬। মই নাই বুলিয়েইও গেলাসোপা নোপোৱাই পোৱাদি নেখাব। মোক মিছা কথা কৈ লাভ নাই, খালি বটল দেখিলেই গম পাই যাম। আৰু আপোনাৰ যে বটলবোৰ লুকুৱাই পেলাবলৈ বুদ্ধি আৰু উৎসাহ এটাও নাই, সেইটো মই ভালকে জানো।

৭। ফোনটো অন ৰাখিব, গধূলি সাত বজাতে মিছ ইউ জান বুলি কৈ অলপ সময় চুইচ অফ কৰি, পিছত ৰাতি ৩ টা বজাত হোৱাটচ আপত "লাষ্ট চিন" বুলি গম পালে আপোনাক গোটেই অফিচৰ মানুহসোপা মিলিও বচাব নোৱাৰিব।

৮। মই এদিন বাহিৰত খাই আহো বুলি ক’লে আপোনাৰ বাজেট নাইকিয়া হয়, আৰু মই নেথাকিলে সদায় কে এফ চি, মেক ডি!!এইবোৰ নচলিব, ঘৰত সদায় ভাত ৰান্ধি খাব। মোক মিছা কথা ক’লেও মই আপোনাৰ পেটৰ চাইজ দেখিয়েই বুজি যাম।

৯। ঘৰত কেইবাজোৰো হাৱাই চেণ্ডেল কিয় ৰখা হৈছে সেই কথাটো অলপ মনত ৰাখিব; একেজোৰ চেণ্ডেলেৰেই বজাৰ কৰা, গা ধোৱা, গোঁসাই চাকি দিয়া, ভাত ৰন্ধা, এই সকলো কাম কৰিছে বুলি গম পালে কি অৱস্থা হব আপুনি জানেই। 

১০। শেষত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আকৌ সোঁৰাই দিছো

ক) অফিচৰ পৰা অহাৰ পাছত লংপেণ্টটো খুলি ডাইনিং টেবুলৰ ওপৰত থব নেলাগে, সেইখন ভাত খোৱা ঠাই হে!! তিয়নি কাপোৰ কেইটা গা ধোৱাৰ পাছত বাহিৰৰ ডাং ডালত মেলি দিলে কাৰো হাড় নেভাগে

খ) টিভি ত অকল ইংৰাজী চিনেমাৰ চেনেলেই নাই, বেলেগ কিবা বস্তুও ওলাই তাত। ৰাতিপূৱা পাৰিলে সংস্কাৰ চেনেলটো চাব। 

গ) ভাত খাই উঠি বাচন কেইটা বেচিনত সদায় জমা কৰি গলে, বেচিনটো ব্লক হৈ যায়, তেতিয়া আকৌ প্লাম্বাৰ মাতিব লাগে। বেচিনটো বাচন ধুবলেহে দিছে, শাক পাচলিৰ বাকলি আৰু চেকনিৰ চাহপাত পেলাবলে নহয় ।তাতে সেইটো বেচিনো নহয়, চিংক হে!

ঘ) আঠুৱা লগাই শোৱাৰ বাবে আজিলেকে কোনো উশাহ বন্ধ হৈ মৰা নাই।

ঙ) পিছফালৰ দূৱাৰখন দুফাল কৈ মেলি থ'লে, আগফালে প্ৰকাণ্ড তলা এটা মৰাৰ কোনো অৰ্থ নাই। 

অকে বাই, দেৰিয়েই হ’ল ..........

বি. দ্ৰঃ- এইখন পঢ়ি যে আপুনি ফুৰ্তিত জপিয়াই উঠিছে, মই গম পাইছো। বেছি ফুৰ্তি নকৰিব, কাৰণ মই তিনিদিনৰ পিছতে ঘুৰি আহি আছো।                                                                   


                                                                             ইতি
                                                     আপোনাৰ একমাত্ৰ পতিব্ৰতা পত্নী
                                                                    ×××××××


A few Facebook comments 


 Brahmananda Patiri
এই বহুমুলীয়া উপদেশ বোৰ, কোনোবা এজন সদাশয়ে এহেজাৰ কপি চপাই বিলালে, তেও নিৰ্বাচনত ৱাৰ্ড মেম্বাৰ হলগৈ, আন এজনে দহ হেজাৰ চপাই বিলালে তেওৰ ব্যৱসায়ত বহুত উন্নতি হল, গুৱাহাটীৰ এজন লোকে হাহিঁ উৰুৱাই দিছিলে, এমাহৰ ভিতৰতে তেখেতৰ পৰিবাৰ মিঞাঁ এজনৰ লগত পলাই গ'ল.....আজিয়েই আপুনি দহজনক এই উপদেশ বোৰ পঠিয়াই দিয়ক আপোনাৰ সংসাৰ বৰ ভালকৈ চলিব 


Tridib R. Sarma  
eeman xosa kathabor kio likha'hey??? tension'r enei kami asey neki je aru exopa maan japi disa ei noradhom borok... sadist korbaar

DrDipul Haloi
বাপৰে কম মানুহ নহয় দেই এইজনী। আগৰ জনমত চাগে চি বি আই আছিল।


 Nir Ta

 সচা কথা অকপতে স্বীকাৰ কৰা মানুহ ক'ম।বিয়াৰ আগৰ সেই বীৰদত্ত হেন মানুহক সু-শাসনে কিমেন পোন কৰি পেলালে।খামী-দাঠ মানুহ কিমেন সৰল ৰেখাৰ দৰে……

Kavita Dutta Goswami
 
তামাম স্বিকাৰুক্তি ঐ!! কেইদিনমান থকাকৈ এফালে যাবলৈ ওলাইছিলো , টিকেটো কৰিলো , এতিয়া নোযোৱাটোৱেই মংগল নেকি ?


Rajeeb Bora  

আৰু এটা কথা, মই কোৱা কথা বোৰ আপোনাৰ সেই কলিতা নামৰ বন্ধু জনৰ হতুৱাই অসমিয়াত অনুবাদ কৰি ফেচবুকত দি সোপাৰে মুৰটো নাখাব। উৰণীয়া মানুহ উৰি গৈ কোনোবা খিনি পাব গৈ আপুনি ভেবা লাগি থাকোতেই আতাইয়ে আহি সৌকাৰে পিথিখন চিৰিলা চিৰিল কৰিব

Dipangkar Malla Baruah 

 এই পোষ্টটো হুবহু নকল কৰি Deep Bora নামৰ এজনে (ইধৰ কা মাল উধৰ কৰি) 'ৰগৰ' গোটত পোষ্ট কৰিছে।

Surajit Neog  

ওৱা.... সাংঘাটিক ব্বে .... চব মাইকী মানুহৰ (মানে পত্নীসকলৰ) কথাবোৰ ইমান কমন পৰে কেনেকৈ হে .... একদম মষ্ট ফেমিলিয়াৰ চিঠিখন পঢ়াদি পঢ়িলো... !! বান্ধৈ, শ্বেয়াৰ মাৰি দিছো দেই ...!!

 Gakul Phukon 

Bakikon moi sanjog kori dishu dei . Chithikhon parhi kalitai alop samoi chinta kori Bossoloi phone kari tinidinar chuti bisharile aru showalijonik loi sahuror ghroloi buli garit uthil.

No comments:

Post a Comment