Monday, July 20, 2015

Panimur Waterfall, পানীমূৰ জলপ্ৰপাত


An waterfall in Kopili River, Just 20 KM from Lanka of Nagaon District. Apart from being one of most beautiful falls in NE, it has its mention in many folklore  of the region.

ভোক আৰু কিছু কথা ('অসমীয়াৰ সুখ-দুখ' ত প্ৰকাশিত)


ভোক বুলিলে আমি পোনতে পেটৰ ভোককে বুজো, খাদ্য পালেই যি উপশম হয়। আৰু অলপ আগুৱাই গৈ আমি শৰীৰৰ ভোকৰ কথা ভাবিব পাৰোঁ। এই দুইটাই প্ৰাকৃতিক। কিন্তু আৰু এক ধৰণৰ কৃত্ৰিম ভোকে গ্ৰাস কৰিছে নেকি আমাক; ভোগৰ ভোক, তথাকথিত সামাজিক প্ৰতিষ্ঠাৰ ৰেট ৰেচৰ ভোক? প্ৰতিষ্ঠিত লেখিকা জুৰী বৰা বৰগোহাইৰ নৱতম উপন্যাস “ভোক” ৰ মূল বক্তব্য পৃথক যদিও , এই প্ৰশ্নটোৱেও খুদুৱনি এৰি যায় মনত।



Sunday, July 19, 2015

ভাল কবিতা বনাম বেয়া কবিতা

বন্ধুবৰ মেৰিলীন দত্তৰ বাতৰি কাকতত প্ৰকাশ পোৱা ফেচবুকৰ কবিতা সম্পৰ্কীয় লেখাটো পঢ়িলো। সকলো কথাতে একমত হব নোৱাৰিলেও, ভাল লাগিল, এক নিৰপেক্ষ বিশ্লেষন কৰাৰ প্ৰচেষ্টা কৰা বাবে। মই কবি নহয়, কিন্তু মাজে মাজে কবিতা পঢ়ো, ভাল লাগিলে ভাল লাগিছে বুলি কও, নেলাগিলেও, লাইক এটা মাৰি থৈ দিও, কবিতা লিখা জনে উৎসাহ পাওক বুলি। কাৰণ আনৰ কবিতাক বেয়া বুলি কবলৈ মোৰ অধিকাৰেই নাই, অৱশ্যে মেৰিলীনৰ দৰে বন্ধুৰ কবিতা হ'লে পোনপটীয়াকৈ কৈ দিও, যি ভাৱো। যিজন লোকৰ লগত কেইটামান মূহুৰ্ত কটোৱাৰ সুবিধা পোৱা বাবে, মই এনেদৰে ভাবিবলে বাধ্য হ'লো সেইজন হ'ল হীৰুদা, কলেজৰ আলোচনীৰ বাবে তেখেতৰ এটা সাক্ষাৎকাৰ লবলৈ গৈ মোৰ এইকণ সৌভাগ্য হৈছিল। মাত্ৰ কেইঘণ্টা মানৰ সেই সান্নিধ্যই মোক কবিতাৰ বিষয়ে এনেদৰে ভাবিবলৈ সুবিধা দিলে। 

প্ৰিয়তমাৰ চিঠি

হোৱাটচ-এপত পোৱা হিন্দী কৌতুক এটাৰ অৱলম্বনত )

(বি.দ্ৰ.:- প্ৰথমতে এই লিখাটো মই ফেচবুকৰ এটা কৌতুক গোট আৰু নিজৰ ৱালত দিছিলো, পিছে কোনোবাই তাকে কপি কৰি পুনৰ হোৱাটচ-এপত প্ৰচাৰ কৰিলে, আপুনি নিশ্চয় এই খিনি হোৱাটচ-এপত ইতিমধ্যে পঢ়িছে। অৱশ্যে কপি কৰা জনে অজ্ঞাত কাৰণত মোৰ নামটো উল্লেখ কৰিবলে বেয়া পালে)

লৰালৰিকে ঘৰলে যাব লগা হোৱাত পত্নীয়ে পতিলৈ চিঠি এখনকে লিখি থৈ গ’ল 


হেৰি শুনিছেনে??

মই হঠাৎ ঘৰলে যাব লগা হ’ল; কেনেকে যাম, কিহত যাম, বাছৰ কণ্ডাক্টৰক কোনখিনিত নামিম বুলি ক'ম, ৰিক্সাত কেইটকা দিম, বেগটো ক'ত ৰাখিম, ল'ৰাটোক বাটত কি খুৱাম, নুখুৱাম,  সেইবোৰ কথা চিন্তা কৰিব নেলাগে। মনত ৰাখিব, আপোনাক লগ পোৱাৰ আগতেও মই ২৩ টা বছৰ একো ক্ষতি-খুন নোহোৱাকে জীয়াই আছিলো।

প্ৰিয়তমাৰ চিঠি

হোৱাটচ-এপত পোৱা হিন্দী কৌতুক এটাৰ অৱলম্বনত )

(বি.দ্ৰ.:- প্ৰথমতে এই লিখাটো মই ফেচবুকৰ এটা কৌতুক গোট আৰু নিজৰ ৱালত দিছিলো, পিছে কোনোবাই তাকে কপি কৰি পুনৰ হোৱাটচ-এপত প্ৰচাৰ কৰিলে, আপুনি নিশ্চয় এই খিনি হোৱাটচ-এপত ইতিমধ্যে পঢ়িছে। অৱশ্যে কপি কৰা জনে অজ্ঞাত কাৰণত মোৰ নামটো উল্লেখ কৰিবলে বেয়া পালে)

লৰালৰিকে ঘৰলে যাব লগা হোৱাত পত্নীয়ে পতিলৈ চিঠি এখনকে লিখি থৈ গ’ল 


হেৰি শুনিছেনে??

মই হঠাৎ ঘৰলে যাব লগা হ’ল; কেনেকে যাম, কিহত যাম, বাছৰ কণ্ডাক্টৰক কোনখিনিত নামিম বুলি ক'ম, ৰিক্সাত কেইটকা দিম, বেগটো ক'ত ৰাখিম, ল'ৰাটোক বাটত কি খুৱাম, নুখুৱাম,  সেইবোৰ কথা চিন্তা কৰিব নেলাগে। মনত ৰাখিব, আপোনাক লগ পোৱাৰ আগতেও মই ২৩ টা বছৰ একো ক্ষতি-খুন নোহোৱাকে জীয়াই আছিলো।

কেৱল তলৰ কথা কেইটা মনত ৰাখিব..........


১। কামকৰা বাই জনীক দৰমহা দি থৈছো, বেছি দানবীৰ দেখুৱাবলে দৰকাৰ নাই। তাই ফটা শাৰী ইচ্ছা কৰিয়েই পিন্ধে, সেই কথাটোত আপুনি মূৰ ঘমাব নেলাগে। 

২। আগতেও কৈছো, আমাৰ নিউজ পেপাৰৱালা, ধুবী, গাখীৰৱালা সেইবোৰ কাষৰ ঘৰতকে বেলেগ। সদায় ৰাতিপূৱা গৈ সেই চমক-ছল্লো জনীক “আপোনালোকৰ পেপাৰ দিলে নে? মোৰ খন দিয়া নাইচোন!” বুলি কবৰ দৰকাৰ নাই। আৰু এটা কথা, লুঙি আৰু হাত কটা গেঞ্জি ঘৰত পিন্ধা ড্ৰেছহে, আপোনাৰ প্ৰিয় হলেও, সেই ড্ৰেছটো পিন্ধি আলহী খাই নুফুৰিব । 

মোৰ আসক্তিৰ বৰষুণ, translation of Agniswar Mitra's update " My fascination with rain:"

ভাই বন্ধু Agni ৰ এটা ষ্টেটাছ আপডটে মনটো কিবা কিবি কৰি দিলে, ইংৰাজীত দিয়া অগ্নিৰ আপডেটটো অসমীয়ালে অনুবাদ কৰিবলে চেষ্টা এটা নচলাই থাকিব নোৱাৰিলোঁ, 

মোৰ আসক্তিৰ বৰষুণ

ধুবুৰীত কটোৱা মোৰ সৰুকালটো, বন্ধুবোৰ আৰু বহুতো স্মৃতি আজিও সেউজীয়া আৰু তাৰে কিছু জোখতকৈ অলপ বেছি বৰ্ষাসিক্ত। গৌৰীপুৰ ফিল্ডৰ গোৰোহা ডুবা পানীত বোকা খচকা আৰু বৰষুণৰ বতৰত চিলড্ৰেন পাৰ্কৰ সন্ধিয়াবোৰ মোৰ সোঁৱৰণিৰ কেচুৱাকাল। অহহ,..... ক্ষমা কৰিব, সেইবোৰ আচলতে একোখন ফুটবল খেলহে আছিল, বৰ্ষামূখৰ সন্ধিয়াৰ। নদীৰ পাৰৰ লখনদাৰ দোকানৰ একাপ একাপ গৰম ৰঙা চাহত সশব্দে চুমুক মাৰি কৰা গেমপ্লেন আৰু... লগতে প্ৰেমপ্লেন, স্মৃতিৰ ক’লা বগা ফ্ৰেমৰ পৰা পোনে পোনে তুলি অনা একো একোখন জীৱন্ত ছবি। একেটা চিগাৰেটৰে ভাগ বিছাৰি, বৰষুণত জুৰুলি জুপুৰিহৈ আঁহত গছজোপাৰ তলত জুম বন্ধা, মোৰ বাবে বন্ধুত্বৰ সৰ্বোত্তম উপলব্ধি। 

কেৱল বিবাহিত পুৰুষৰ বাবে

বিধিসন্মত সতৰ্কীকৰণ : কেৱল বিবাহিত পুৰুষৰ বাবে, অবিবাহিতসকলৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। ইট মে' ক'জ লনলিনেচ, মেলাংকলি, এণ্ড লাভলেছনেছ।

আপোনাৰ বিবাহিত জীৱন কেনে চলিছে? আপুনি বাৰু এজন ভাল স্বামী নে ? নিজকে পৰীক্ষা কৰক, আমাৰ কেইবাবছৰো ধৰা গৱেষণাৰ অন্তত প্ৰস্তুত কৰা কুৱেচনিয়াৰৰ যোগে। তলৰ কথাখিনিত Yes/No দাগ মাৰক। Yes হ’লে নিজকে ১ নম্বৰ দিব, No হ’লে ০।

১। আপুনি আজিকালি মাছ বাছি ভাল পায়, আচলতে কেচা মাছৰ গোন্ধটো আপোনাৰ ভালেই লগা হৈছেগৈ। শাকপাচলি কাটি-বাচি থাকোতে, কাপোৰ ধুই থাকোতে, ঘৰ সাৰি থাকোতে আপুনি গুনগুনাই গান গাই থাকে।

klix





random



খানদং বান্ধ- Khandong Dam, on river Kopili

This was shot with my Lumia 730, two shots merged to HDR in Phostoshop