Monday, March 23, 2015

ॐ ঢেমাসুৰায়ে নমঃ



ॐ ঢেমাসুৰায়ে নমঃ

জৰুৰী : IMPORTANT : জৰুৰী : IMPORTANT জৰুৰী : IMPORTANT

এই ছবিখনত ঢেমাসুৰৰ অলৌকিক শক্তি সন্বিবিষ্ট আছে । ভেনিজুৱেলাৰ মঁচিয়ে য়াভিয়াৰ ফাৰ্ডিনাণ্ডো নামৰ এজন লোকে প্ৰশান্ত মহাসাগৰৰ মেৰিয়ানা খাটত ৰসাতলৰ সন্ধান কৰোতে এই ছৱিখন উদ্ধাৰ কৰে। কিন্তু লোকজনৰ তিনিদিনৰ ভিতৰতে অজ্ঞাত কাৰণত মৃত্যু হয়। মৃত্যুৰ আগতে তেঁও ডায়েৰীত লিখি যায় যে, এই ছবিখন যিয়েই ফেচবুকত দেখা পায়, তেঁও লগে লগে দিনে সাত বাৰ কৈ নিজৰ ৱালত এইখন শ্বেয়াৰ কৰিব লাগিব আৰু সত্তৰ জনকৈ লোকক টেগ কৰিব লাগিব। অন্যথা ভীষণ পৰিনাম হব পাৰে। আৰু এই শ্বেয়াৰ আৰু টেগিং সৎ মনেৰে কৰিলে লগে লগে ঢেমাসুৰৰ আশীৰ্বাদত তেওঁৰ যি কোনো ইচ্ছা পুৰণ হব। মাদুৰাইৰ বেঙ্গেনাপ্পা বান্দৰাপ্পা মধুসুদন আয়াৰ নামৰ এজন বেকাৰ যুৱকে এই ছবিখন শ্বেয়াৰ কৰি ৩০০ জন লোকক টেগোৱাৰ লগে লগে তেও ইনফচিচ কোম্পানীত চাকৰি লাভ কৰে। দক্ষিণ আফ্ৰিকাৰ এজন মাছমৰীয়াই এই ছবিখন শ্বেয়াৰ কৰাৰ কিছুদিনৰ পাছত তেঁওৰ জালত এটা ডাঙৰ মাছ আহে আৰু মাছটো কটাৰ পাছত তাৰ পেটত কহিনুৰতকৈয়ো ডাঙৰ হীৰা এডোখৰ ওলায়। চীন দেশৰ গুৱানঝাং গাঁৱৰ এজন কৃষকে এই ছবিখন পায়ো পাত্তা নিদিয়াৰ এসপ্তাহৰ পিছতে তেওৰ একমাত্ৰ মৰমৰ জীয়েক এজন বিবাহিত মানুহৰ লগত পলাই যায়। আৰব দেশৰ এজন দুখীয়া বেদুইনে এই ছৱিখন শ্বেয়াৰ কৰি ১০০ মানুহক টেগোৱাৰ মাত্ৰ দুমাহৰ ভিতৰতে তেও ৰৈ থকা ঠাইত মাটিৰ তলৰ পৰা খাৰুৱা তেল নিজে নিজে ওলাই আহে আৰু তেও অন্যতম ধনী শ্বেখ বুলি পৰিগণিত হয়। কলম্বিয়াৰ এজন ড্ৰাগ মাফিয়াই এই ছৱিখন নিজৰ ফেচবুক ৱালৰ পৰা ডিলিট কৰি দিয়াৰ লগে লগে তেঁওক ৰাছিয়ান পুলিচে গ্ৰেপ্তাৰ কৰে। অষ্ট্ৰেলিয়া কুইনচলেণ্ডৰ এজন ক্ৰিকেট খেলুৱৈয়ে এই ছৱিখন শ্বেয়াৰ কৰাৰ দিনাই এক ইনিংচত সাতটা উইকেট লাভ কৰি বিশ্ব ৰেকৰ্ড গঢ়ে। 

গতিকে সাৱধান, এই ছবিখনক বা কথাখিনি অৱজ্ঞা নকৰিব। ছবিখন দেখা পোৱাৰ লগে লগে নিজৰ ফেচবুক ৱালত শ্বেয়াৰ কৰক আৰু নিজৰ সকলো বন্ধুকে টেগাওক। এনে কৰিলে আপুনি সাত দিনৰ ভিতৰতে আপোনাৰ ইচ্ছ পুৰণ হোৱা দেখা পাব। আৰু যদিহে নকৰে, এই বাৰ্তাক অৱজ্ঞা কৰে, তেন্তে ঢেমাসুৰৰ ক্ৰোধৰ পৰা আপোনাক কোনেও ৰক্ষা কৰিব নোৱাৰে। মনত ৰাখিব যিমানে বেছি লোকক টেগ কৰিব সিমানে আপোনাৰ ইচ্ছা সোনকালে পূৰ্ণ হব !!

=ॐ মন্দবুদ্ধিং, দীৰ্ঘসূত্ৰীং, ব্যভিছাৰীং, পেপছিপ্ৰাণঃ চ ঢেমাসুৰায়ে নমো নমঃ=

No comments:

Post a Comment