Monday, March 23, 2015

চোৰ পুলিচ

অপু পুলিচে সেইদিনা ভাস্কো দস্যুক দেখা পাই খেদি গ’ল, বোলে ইয়াক ধৰি আজি প্ৰমোচনটো লমেই। গৈ আছে গৈ আছে, মাজতে দুইটাই ৰৈ বাটৰ কাষতে চুচুও কৰি ল’লে, আকৌ খেদি আছে.. খেদি আছে, ভাগৰ লাগিলগৈ ..দুইটাই দৌৰিবলে বাদ দি খোজ কাঢ়িবলে লাগিল..তথাপিও অপুৱে পিছ এৰা নাই। কিন্তু কপাল বেয়া ছেণ্টুৰ দোকানৰ সমুখতে হঠাৎ ভাস্কো নাইকীয়া হ’ল ..

অপুৱে হেফাই ফোপাই ছেণ্টুক সুধিলে – হেৰৌ সেই দস্যুটো কেনি গ’ল তই দেখিলিনে?

ছেণ্টু : চাৰ, আপুনি বহকচোন, পানী গিলাছ খাওক, মই চব কৈ আছো...

অপু: ঘট ঘট ঘট ঘট..গাৰাওক....ক এতিয়া!!

ছেণ্টু: - এইফালে চাৰি মাইল মান গ’লে আপুনি এটা চাৰি আলি পাব, তাৰে চাৰি নম্বৰ আলিটোৱেদি গৈ থাকিলে চাৰিটা গলি দেখা পাব। তাৰে চাৰি নম্বৰ গলিটোৱেদি সোমাই গ’লে চাৰিটা বিল্ডিং দেখা পাব। তাৰে চাৰি নম্বৰ বিল্ডিং টোলে সোমাই যাব, তাত চাৰিটা ফ্ল’ৰ আছে। একেকোবে চাৰি নম্বৰ ফ্ল’ৰলে গ’লে দেখিব তাত চাৰিটা ঘৰ আছে, তাৰ চাৰি নম্বৰ ঘৰটোলে সোমাই যাব, চিন্তা নাই ঘৰ খোলা পাব। সেইঘৰটোত আকৌ চাৰিটা কোঠা আছে, তাৰ চাৰিনম্বৰ কোঠাটোত চাৰিটা আলমাৰি দেখিব। চাৰিনম্বৰ আলমাৰিটো খুলিলে তাত চাৰিটা চেল্‌ফ দেখিব আৰু চাৰি নম্বৰ চেল্ফখনতে এখন গীতা ভালকৈ ৰাখি থোৱা আছে। সেই গীতাখনৰ শপত চাৰ ..মই কোনো চোৰ দস্যুক এইফালে যোৱা দেখা নাই।



পিছত ছেণ্টু দোকানীৰ এনকাউণ্টাৰ হোৱা বাবে ঠাইখিনিৰ নাম নৰকাসুৰ পাহাৰ হ’ল !!

No comments:

Post a Comment