Monday, March 23, 2015

দাৰু মস্তি

মোৰ নপতা খুলশালীজনীৰ বিয়াৰ পোন্ধৰ বছৰ মানৰ পিছৰ কথা, শালপতি এনেই মানুহটো বৰ ভাল, মানে দিনতহে দেই । ৰাতি তেঁও মস্তিত থাকে। সদায় এঘাৰ – বাৰ বজাত অফিচত গুৰুত্বপূৰ্ণ মীটিং কৰি, ঘুটুং হৈ, ঢুলং পুলং কৈ ঘৰ ওলাইহি। কেতিয়াবা গে’ট খুলি সোমাব নোৱাৰে, কেতিয়াবা খালত পৰি যায়, কেতিয়াবা বাৰান্দাতে দীঘল দি শুই দিয়ে। যত ৰয় তাতে কিশোৰ কুমাৰৰ গান গোৱা আৰম্ভ কৰি দিয়ে। তাতে আকৌ এপাল ল’ৰা ছোৱালী। গোটেই সংসাৰৰ জাঁজ মৰা কাম খুলশালীৰ। মানুহটোৰ সেইবোৰ কথাত কোনো কাণসাৰ নাই। আৰু খুলশালীও পৰি পৰা ভকত নহয়, জনাই জানে। ৰাতি এপৰৰ লৈকে তেঁও গিৰিয়েকক গালি পাৰে, আৰ চুবুৰীয়াই তাকে নিচুকনি গীত বুলি জ্ঞান কৰি শুই যায়। 


-“ এইসোপা ল’ৰা ছোৱালী, অত বোৰ জঞ্জাল, আপুনি কেতিয়াবা কিবা কৰি পাইছেনে, খালি নিজৰ মস্তি চিনি পায়। দ্বায়িত্বজ্ঞান বোলা বস্তুটোৰ নাম শুনিছেনে? অকল মস্তি আৰু মস্তি। ব্লাহ .. ব্লাহ .. ব্লাহ .. ব্লাহ ..

কালি ৰাতিও সেই একেই কেচ। মানুহটোৱে বাৰান্দাত লাং খাই পৰি “ য়ে লাল ৰং ..” বুলি আৰম্ভ কৰিছিল হে, খুলশালী ছুৰু হৈ গ’ল নহয়..

- “নিজৰ মস্তিৰ কাৰণে মোৰ জীৱনটো ধ্বংস কৰিলে...চম্ভালিব নোৱাৰে যদি ল’ৰা ছোৱালী...ব্লাহ .. ব্লাহ .. ব্লাহ .. ব্লাহ ..

কালি কিন্তু খেলটো অলপ বেলেগ হ’ল । শালপতিৰ বৈদ্য খং উঠিল। ইমান সোপা ধন ভাঙি বনাই অহা মুডটো এইজনীয়ে বিগাৰি দিলে..খং মানে তামাম খং ..তুমি ..ডাৰ্লিঙ..ৰ পৰা গৈ একেকোবে তই।

- হোঁ তই (**) কি ভাব। মই সদায় মস্তি কৰোঁ ..হুঁহ?

- অঁতো, আৰু কি কৰে আপুনি, সদায় সদায় ..কেৱল নিজৰ মস্তি..মই মানুহজনীয়ে কেনেকে..

- চুপ ! মই মস্তি কৰো ন? হোঁ। ব’ল এতিয়াই । ওলা মোৰ লগত।

- কলৈ ? 

- চুপ ..প্ৰশ্ন নকৰিবি, ওলা বুলিছো ওলা।

খুলশালীয়ে অলপ ভয় খালে, অলপ হেহোঁ নেহো কৰা এইবাৰ শালপতিয়ে হাত ধৰি চোঁচৰাই নিয়াদি নি গাড়ীত উঠালে। 140 KMPH ত গাড়ী গৈ , মিণ্টু বাৰৰ সমূখত ৰলগৈ ..ক্ৰেএএএছছছছ!!

- হেৰি কলৈ আনিছে মোক হয়নে? চিঃ চিঃ .এইবোৰ জেগাত মোক মানুহে দেখিলে কি বুলি ভাবিব? পগলা হৈছে নেকি আপুনি?

- চুপ, একদম চুপ বুলিছো নহয়। 

এইবুলি খুলশালীক টানি নি একেবাৰে বাৰটেণ্ডাৰৰ ওচৰলে লৈ গৈ অৰ্ডাৰ মাৰিলে 

– ব্লেণ্ডাৰছ প্ৰাইড ..লাৰ্জ..অন দা ৰকছ !

সেইমতে বস্তু আহিল। শালপতিয়ে বোলে – “ খা এতিয়া...একে সোহাই খা ......বটম‍ছ আপ কৰ”

- “ হে মোৰ কলীয়া গোঁসাই, আজি কিহে পালে হয়। পগলা হ’ল মোৰ মানুহটো, মই এইবোৰ কেনেকে খাম, আৰু মানুহবোৰে দেখি আছে, কি কৰিছে হয়নে, আপুনি হুচত নাই .....হেৰি শুনিছেনে” – খুলশালীয়ে কাবৌ কৰাত লাগিল।

- ন’ ..নাথিং ডুইং..খাবই লাগিব..খা বুলিছো নহয়...খা!!!!!!!!!!!!!!!!!!!!!!

এইবুলি শালপতিয়ে খুলশালীক ধৰি লৈ গ্লাছটো মুখত লগাই কতিয়াই দিলে..গালৌপকে গোটেই গিলাছ দ্ৰব্য, একেকোবে খু্লশালীৰ পেট পালেগৈ। খুলশালীয়ে চিঞৰি উঠিল। 

- আআআআআআআ...

- কেনে লাগিছে ? – শালপতিৰ গহীন মাত

- কেনে লাগিছে মানে? মা ঔ, মৰিলো ঔ..এই ৰাক্ষসটোৱে খালে ঔ মোক।।গোটেই মুখ...ডিঙি ..পেট চব জ্বলি গ’ল ..আই ঔ..মোক কোনে পাৰ বচা ঔ..ওৱাক ..কেনে অকটা ঐ..মৰি যাম মই এতিয়া ... .. ব্লাহ .. ব্লাহ .. ব্লাহ ..

শালপতি এইবাৰ অলপ আৰামকৈ বহিল, নাটকীয় প’জ এটা দিলে ..আৰু ছটফটাই থকা খুলশালীৰ ফালে চাই ক’লে..

- আৰু তই ভাব মই খুব মস্তি কৰোঁ সদায়? হুঁহ? হয়েন? গম পালি কিমান কষ্ট হয় এইবোৰ খাঁওতে? দেখিলি, কিমান কষ্ট সদায় সহ্য কৰিব লাগে মই ?? এপেগ খোৱাৰ জ্বালাই সহ্য কৰিব নোৱাৰিলি তই...ভাবি চা মই সদায় কিমান কষ্টেৰে পাঁচ ছটা পেগ খাই ঘৰলে যাঁও..আৰু তই অকনমানো মোৰ কষ্ট বুজিবলে চেষ্টা নকৰ!!

মৰেলঃ - ভিনিয়েকৰ বুকুত শাল মাৰি খুলশালীয়েকৰ পতি হোৱা বাবে সেইসকল লোক শাল+পতি=শালপতি বোলে ।

No comments:

Post a Comment