Monday, March 23, 2015

পেপছি স্বভাৱ

কলিতাৰ যে স্বভাৱ চৰিত্ৰ ভাল নহয়, তাত তেঁওৰ আচলতে অকনো দোষ নাই, এই জালিম দুনীয়াই তেঁওক তেনেকুৱা হবলৈ বাধ্য কৰিলে।

কেচুৱা কলিতা
মাকঃ- খোৱা বাবা, অকণমান পেপছি খাই দিয়া, ও ও খোৱা খোৱা...এই খাইইইইইইই......দিলে ।।ফিনিছ কৰি দিলে.আদায়য়য়য়য়...আমাৰ কলিতা জল্দি জল্দি ডাঙৰ হৈ যাব।


২য় মান শ্ৰেণীত কলিতা
মাক: - খা বুলিছো নহয়, খা বোপাই, পেপছি গিলাছ সাউৎকে খাই দে। ইচ কি চিৰি চেহেৰা হৈছে ল’ৰাটোৰ, লগৰবোৰক দেখিলে লাজেই লাগে। ( কলিতাই মুখ বিকটাই থাকে) ..বাপেৰক কম নে এতিয়া..হেৰি শুনিছেনে!! ই পেপছি নেখায়।
(‘পেপছি খাবি নে মই এচাৰি লৈ যাম’ - বেকগ্ৰাউণ্ডত শাকনিবাৰীত কাম কৰি থকা বাপেকৰ মাত)


৫ম শ্ৰেণীত কলিতা
মেডামঃ – তুমি কালি ঘৰত পেপছি খোৱা নাই হয়নে? আৰু আজিও স্কুললে আহোঁতেও খাই অহা নাই। তোমাক লাষ্ট ৱাৰ্ণিং দিছো, আজিৰ পৰা এনেকুৱা কৰিলে কিন্তু আমি তোমাৰ মা দেউতাক কমপ্লেইন কৰিবলে বাধ্য হম।


৮ম শ্ৰেণীত কলিতা
বন্ধুঃ – আবে থৈ দে, এইটো চিৰি চেহেৰা লৈ তই তাইক পতাবি? ফুচ ...পেপছি খাবি বুজিছ, পেপছি......আৰু এইৰকম .....চা ..এইৰকম.......(বাইচেপ ফুলাই) .. বডী বনাবি....তাৰ পাছত ছোৱালীৰ পিছত পৰিবি।

মেট্ৰিক পৰীক্ষাৰ্থী কলিতা
বাপেকঃ- অই.. তোৰ পঢ়াশুনা কেনে ছলিছে? পঢ়, কিন্তু লগতে শৰীৰৰো যত্ন লবি। মই এক কাৰ্ট’ন পেপছি কিনি মাৰৰ হাতত দি থৈছো, সদায় ৰাতিপুৱা গধূলি এগিলাছকে খাবি।

বিয়া পাতিবলৈ ছোৱালী বিছাৰি হাইৰান কলিতা:
পৰোচ কী আণ্টিঃ- ল’ৰাটো বাকী চবফালৰ পৰা ভালেই, চাকৰি বাকৰিও কিবা এটা কৰে। ঘৰ পৰিয়ালো বেয়া নহয়। কিন্তু এটাই বেয়া অভ্যাস, এই অভ্যাসটো এৰিব নোৱাৰিলে তালে ছোৱালী পোৱাই টান হবগৈ। কওকচোন বাৰু, ইমান পঢ়া শুনা কৰিলে, ইমানবোৰ ঠাই ফুৰিলে, কিমান কথা জানিলে, তথাপিও পেপছি নোখোৱাকে থাকিব লাগেনে। আজিকালি মানুহবোৰৰ মনবোৰ বহল হ’ল যদিও কিছুমান কথা সহ্য কৰিব নোৱাৰি দিয়কচোন। পেপছি নোখোৱা ল’ৰালে কোনেনো জানি বুজি নিজৰ মৰমৰ ছোৱালীজনী দিব, আপুনিয়েই কওকচোন?

আণ্টি নং ২- মোৰ পিছে বেলেগ এটা কথাহে মনত খেলাইছে, ইয়াৰ কিবা গৰবৰ নাইতো?? কিবা মানে সেই লাফৰা চাফৰা, নহ’লেনো এই হেন মতগজ ডেকা মানুহটোৱে পেপছি নোখোৱাকে থাকেনে? মোৰ পিছে ডাউট আছে দেই।


বৰ্তমানৰ কলিতাঃ
ডাক্তৰ:- আপোনাৰ লিভাৰ আৰু পেংক্ৰিয়াছৰ অৱস্থা খুব বেয়া। ইফালে চুগাৰ প্ৰেছাৰ দুয়ুটাই ৱৰ্ল্ড ৰেকৰ্ড ভাঙিবলে নিজৰ মাজতে কম্পিটিচনত লাগিছে। আপুনি অলপ বেছিকৈয়ে পেপছি খোৱা আৰম্ভ কৰক।

কলিতাঃ নহয় মানে... কেতিয়াবা এগিলাচ দুগিলাচ খাও, লগ সংগ পালে

ডাক্তৰঃ – নহয় তেনেকে খালে নহব, আপুনি জানেনে দিনৌ ৫/৬ গিলাছ পেপছি খোৱা আপোনাৰ দৰে বৃদ্ধলোকৰ বাবে অতি প্ৰয়োজনীয়। এই বয়সত আপোনাৰ দেহৰ প্ৰয়োজনীয় উপাদানবোৰ ভালদৰে পাই নেথাকিলে হেজাৰটা বেমাৰে জুমুৰি দি ধৰিব। কালি,..নহয়, .... আজিৰ পৰাই আৰম্ভ কৰক। মোকো মাতিব দৰকাৰ হলে লগ দিবলৈ !!

No comments:

Post a Comment