Saturday, December 13, 2014

জলদস্যু ভাষ্কো আৰু মিচৰ নন্দিনী

মৰমৰ ভাষ্কো দাদা, 

আপুনি মোক চিনি নেপাব, আচলতে মইয়ো আপোনাক আগতে চিনি পোৱা নাছিলো, কিন্তু আজি হঠাৎ ফেচবুকত আপোনাৰ প্ৰফাইল ফটোখন দেখি মোৰ এনে লাগিল, যেন, যেন, আপুনিয়েই সেই সহৃদয় , মৰমীয়াল, বিশ্বাসী, হাঁহিমুখীয়া মানুহজন; যাৰ অপেক্ষা মই জন্ম জন্মান্তৰৰ পৰাই কৰি আহিছিলো। মোৰ সৰল অন্তৰৰ এই নিবেদন ক আপুনি হয়তো বাতুলতা বুলিয়েই ভাবিব, তথাপি মই আপোনাক এই কথাখিনি কোৱাৰ পৰা নিজকে বিৰত কৰিব নোৱাৰিলোঁ, ভুল হ’লে ক্ষমা কৰিব।



মই আছলতে মিছৰৰ ৰাজবংশৰ এটা সৰু ঠেঙুলি বংশোদ্ভৱ, আমাৰ পূৰ্ব পুৰুষেই মিছৰত পিৰামিড নিৰ্মান কৰিছিল, আপুনি নিশ্চয় জানে, আৰু সেই পিৰামিড বোৰৰ কোঠা লীয়ে কোঠালীয়ে আজিও শুণা যায়, সেইসকল কাৰিকৰৰ অতৃপ্ত আত্মাৰ হা-হুমুনিয়াহ, যাৰ প্ৰাণ অনায়াসে কাঢ়ি লৈছিল মোৰ পুৰ্বপুৰুষে, কাম শেষ হোৱাৰ পাছত, স্বাৰ্থ পুৰণ হোৱাৰ পাছত। আৰু সেই আত্মাৰ অভিশাপ বহন কৰিব লগা হৈছে আমি।

মোৰ দেউতাৰ কাইৰোৰ ওচৰে পাজৰে ৫৯ টা সোণৰ খনি আছিল, আৰু মই এই অপৰম্পাৰ সম্পতিৰ একমাত্ৰ উত্তৰাধিকাৰী। কিন্তু ১৯৯৫ চনত উগ্ৰপন্থীয়ে মোৰ দেউতাক অপহৰণ কৰি নিয়ে আৰু আজি পৰ্যন্ত দেউতাৰ কোনো খবৰ নাই। মই সেই সময়ত সৰু আছিলো, গতিকে আমাৰ শুভাকাংক্ষী সকলে মোক ইউৰোপ লৈ পলুৱাই পঠিয়াই।


আজি মোৰ ১৮ বছৰ সম্পূৰ্ণ হ’ল, আৰু মই মোৰ দেউতাৰ সম্পত্তিৰ ন্যায় সংগত অধিকাৰ লাভ কৰিলোঁ আৰু মিছৰলৈ ঘুৰি আহিলোঁ। কিন্তু আহি দেখিলোঁ, সেই অতৃপ্ত আত্মাৰ অভিশাপ এতিয়াও মোৰ পাছ এৰা নাই, উগ্ৰপন্থী, ৰাজনৈতিক মাফিয়াৰ পৰা মোক বাৰম্বাৰ ভীতি প্ৰদৰ্শন কৰা হৈছে, মোৰ পূৰ্বপুৰুষৰ সম্পত্তি মোৰ পৰা কাঢ়ি নিয়াৰ চেষ্টা চলিছে অহৰহ, আৰু সেয়ে মই আত্মগোপন কৰিব লগা হৈছে।
সেয়ে মই মোৰ চলিচিটৰ তথা শুভাকাংক্ষী সকলৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছো যে মই মোৰ প্ৰায় ৪৫৬ মিলিয়ন আমেৰিকান ডলাৰ মানৰ সম্পত্তি দেশৰ পৰা বাহিৰলৈ পঠাই দিম। আৰু সেয়ে, হয়তো ভগৱানৰ ইচ্ছা অনুসাৰে মই আপোনাক লগ পালো।আপুনি মোক সহায় কৰক!! মই সকলো ধন সম্পত্তি আপোনাৰ দৰে এজন বিশ্বাসযোগ্য আৰু মানৱীয়তা সম্পন্ন মানুহৰ হাতত তুলি দিব বিছাৰিছো!!! অনুগ্ৰহ কৰি আপুনি মোক আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ, ক্ৰেডিট কাৰ্ড নম্বৰ,আপোনাৰ অফিচিয়েল জন্মদিন, এটিএমৰ নম্বৰ আৰু পিন, মেইল কৰি দিব। ১৫ দিনৰ ভিতৰত মোৰ সকলো সম্পত্তি আপোনাৰ একাউণ্টত জমা কৰি দিয়া হব।


যদি কেতিয়াবা মই ইয়াৰ পৰা বাচি ওলাই যাব পাৰো, তেন্তে সেই পইচাৰ পৰা আপোনাৰ যি ইচ্ছা মোক দিব, মোৰ কোনো দাবী নাই তাত। যদি আপোনাক এই জীৱনত লগ কৰিব নোৱাৰোঁ, তেন্তে আপুনি এই অভাগিণীক মাথোঁ কেতিয়াবা মনত পেলাব ! বিদায় ..শুভৰাত্ৰি

ইতি

মাচাবা কাঁহিবা পাদিবা ফুৰ্‌ৰ্‌ৰ্‌ৰুৎফা !
কাইৰো,

No comments:

Post a Comment