Sunday, April 6, 2014

পশ্চিমীয়া অপসংস্কৃতি আৰু আমাৰ আওপুৰণি মূল্যবোধ

(We often forget that the prime purpose of our life is to ENJOY it)


মুল আলোচনালৈ অহাৰ আগতে শিৰোণামটোত থকা দুটা ভুল ধাৰণাৰ কথা আলোচনা কৰিম। প্ৰথম, পশ্চিমীয়া সংস্কৃতিক আমি অপ-সংস্কৃতি নাম দিবলৈ ক’ত অধিকাৰ পালোঁ? হয়, বহুতো পশ্চিমীয়া দেশত সকলোৱে মুকলিমূৰীয়াকৈ যৌন-জীৱন উপভোগ কৰে, বৰ বেছি মাক –দেউতাক, ল’ৰা ছোৱালী আদি কথা ভাৱি সময় নষ্ট নকৰে, ব্যক্তিগত সিদ্ধান্ত বিলাকত আপোন লোকৰ মতো গ্ৰাহ্য নকৰে, কথাই প্ৰতি বিবাহ বিচ্ছেদ কৰে, কিন্তু তাৰ লগতে তেঁওলোকে নিজৰ দেশ-জাতিক অন্তৰৰ পৰা ভাল পায়, ভণ্ডামি নকৰে, সৰল ভাবে ভালক ভাল বুলি কয়, শ্ৰমক সন্মান দিয়ে, শিশুখাদ্য ভেজাল কৰি উপৰুৱা পইচা নঘটে। আমাৰ চকুত যেনেকে মুক্ত যৌনজীৱন এটা অপ-সংস্কৃতি, তেঁওলোকৰ মতেও ভগৱানৰ নামত লোকক ভয় দেখুৱাই ধন অৰ্জন কৰাটো এক অপ-সংস্কৃতি। আমাৰ সংস্কৃতিহে ভাল, তেঁওলোকৰটো অপ-সংস্কৃতি বুলি কোৱাটো আমাৰ ঠেক মনোবৃত্তিৰ পৰিচায়ক।
দ্বিতীয়তে আওপুৰণি মূল্যবোধ, সমাজ এখনৰ সামগ্ৰিক মূল্যবোধ কেতিয়াও আওপুৰণি নহয়, আৰু ই সদা গতিশীল। আজি যদি সমাজৰ এক বৃহৎ অংশই ৰেইন ডেন্স বেয়া বুলি কৈছে, সেয়া আধুনিক সমাজৰে মূল্যবোধ। আমি ব্যক্তিস্বাধীনতাৰ দোহাই দি ইয়াক আওপুৰণি বুলি ইতিকিং কৰিলে আচলতে আমি যে সমাজ খনক নুবুজো, সেইকথাটোহে প্ৰতিফলিত হব।