Tuesday, March 18, 2014

চিকিৎসক আৰু আমি ‍( সাহিত্য ডট অৰ্গত প্ৰকাশিত)

চিকিৎসা বিদ্যা একমাত্ৰ এনে এটা পেছা যি পৃথিৱীৰ প্ৰতিজন মানুহৰ জীৱনতে কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ থাকে, আৰু প্ৰতিজন মানুহৰে চিকিৎসা বা চিকিৎসক সম্পৰ্কীয় কিবা এটা ব্যক্তিগত কবলগীয়া কাহিনী থাকেই। এটা সময়ত বা আজিকালিও চিকিৎসকক ভগৱানৰ লগত তুলনা কৰা হয়, আৰু ই যুক্তিসংগততো। জন্ম, মৃত্যু আৰু জীৱনৰ গুৰুত্ব পূৰ্ণ এনে কিছুমান সন্ধিক্ষণত চিকিৎসকজনেই সকলোতকৈ গুৰুত্বপূৰ্ণ লোক হৈ পৰে। চিকিৎসাৰ সময়ত চিকিৎসক আৰু আমি সাধাৰণ মানুহৰ মাজত এটা অদ্ভূত সম্পৰ্কই গঢ় লৈ উঠে, সেই সম্পৰ্কটোৰ বিষয়ে দুটামান অনুভৱ কব বিছাৰিছো।
এৰিক চিগালৰ “Doctors” উপন্যাসত যেতিয়া নায়ক নায়িকাই মেডিকেল কলেজত প্ৰথম ক্লাছটো কৰে প্ৰফেচাৰ জনে নাটকীয় ভাৱে কয় “ পৃথিৱীত মানুহে জনা প্ৰায় ২০০০ মান ৰোগ আছে, আৰু তাৰ ভিতৰত ২৫ টাৰ পোনপটীয়া চিকিৎসা আছে।আশাকৰোঁ তোমালোকে হয়তো আৰু কিছুমান ৰোগৰ চিকিৎসা উদ্ভাৱন কৰিবা, আৰু হয়তো এনে এটা দিনো আহিব যিদিনা তোমালোকে পানী লগা জ্বৰ (Common Cold) ৰো ঔষধ বিছাৰি উলিয়াব পাৰিবা” । আমোদজনক হ’লও কথা খিনিত বৈজ্ঞানিক সত্য নথকা নহয়, গতিকে অনুমান কৰিব পাৰি এজন চিকিৎসকে ৰোগীক চাঁওতে কি এটা পৰিস্থিতিৰ মাজেৰে যাব লগা হয়। মোৰ এজন চিকিৎসক বন্ধুৱে কেতিয়াবা কয় “তুমি পৃথিৱীৰ আটাইতকৈ জটিল কাৰিকৰী ব্যৱস্থাটোৰ সমূখত বহি থাকিবা, আৰু তাৰ সমস্যা তুমি সমাধান কৰিব লাগিব, লগতে তুমি গম পোৱা যে সেইজনে তোমাক আধাখিনি সত্য লুকুৱাই হে কথা কৈছে, লগতে তোমাৰ সকলো খুলি মেলি চোৱাৰো উপায় নাই, আৰু প্ৰায়বিলাক সমস্যাৰে কোনো ষ্টেণ্ডাৰ্ড সমাধান নাই। কি কৰা কৰা এতিয়া।“
এজন চিকিৎসকে চিকিৎসা কৰিবলে যাওতে চিকিৎসা বিদ্যাৰ জ্ঞানৰ লগতে সামাজিক ব্যৱহাৰ, পৰিবেশ, ৰোগীৰ মানসিকতা, অৰ্থনৈতিক অৱস্থা, ৰোগীৰ ইতিহাস, আদি সকলো বিষয় চালিজাৰি চোৱাৰ প্ৰয়োজন হয়। তাকো সীমিত সময়ৰ ভিতৰত। সেয়ে চিকিৎসক জনক সথিক তথ্য জনোৱাৰ দ্বায়িত্ব ৰোগীজনৰ ওপৰতো থাকে, আৰু তাৰে ওপৰত চিকিৎসাৰ সফলতা বহুখিনি নিৰ্ভৰ কৰে। লগতে এটা প্ৰয়োজনীয় কথা হ’ল চিকিৎসক জনৰ ব্যক্তিত্ব আৰু তেঁওৰ অভিজ্ঞতা। বাক্তিগত অভিজ্ঞতাৰ পৰা এজন ৰোগী হিচাপে কেইটামান চিকিৎসকক জনোৱা অতি প্ৰয়োজন বুলি মই ভাৱো

১। ৰোগৰ ইতিহাস:- ৰোগীজনৰ ৰোগৰ ইতিহাস জনাতো চিকিৎসকৰ বাবে অতি প্ৰয়োজনীয়। পাৰিলে আগতে হোৱা ৰোগৰ লক্ষণ, কি ঔষধ ব্যৱহাৰ কৰা হৈছিল, কিমান দিন চিকিৎসা চলিছিল আদি লিখি ৰাখিব পাৰিলে ভাল। বিশেষকৈ সৰু ল’ৰা ছোৱালীৰ বাবে এই কামটো কৰা প্ৰয়োজনীয়। আজিকালি যেনেকৈ প্ৰতিষেধক চিটাৰ ৰেকৰ্ড ৰখা হয় তেনেদৰে অলপ চেষ্টা কৰি ৰোগৰ ইতিহাস লিখি ৰাখিব পাৰিলে ভৱিষ্যত চিকিৎসাত যথেষ্ট সহায় হব।
২। সথিক তথ্য:- এইটো বৰ প্ৰয়োজনীয় কথা, কেতিয়াবা আমি চিনাকী চিকিৎসক হ’লে কিছুমান কথা কবলে স্বাভাৱিকতে সংকোচ কৰো। এইটো বৰ সমস্যাৰ কথা। গতিকে পাৰিলে এনে এজন চিকিৎসকৰ ওচৰলে যাব লাগে, যাৰ আগত সকলো কথা খুলি কব পাৰি।
৩। সময়:- কোনো কোনো ক্ষেত্ৰত চিকিৎসাৰ বাবে দীৰ্ঘ সময়ৰ প্ৰয়োজন হয়, চিকিৎসা আৰম্ভ হোৱাৰ লগে লগে নাটকীয় ভাৱে কিবা উন্নতি হব বুলি আশা কৰা ভুল। এই বিষয়টো লৈয়ো চিকিৎসকৰ লগত আগতীয়াকৈ আলোচনা কৰিব লাগে।
৪। বিশ্বাস :- “বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ” এই কথাটো চিকিৎসাৰ ক্ষেত্ৰত সম্পূৰ্ণ সত্য। চিকিৎসাৰ ওপৰত বিশ্বাস ৰাখিলে শৰীৰটোৱেও চিকিৎসাত সহযোগীতা কৰে। চিকিৎসক জনক পৰীক্ষা কৰিব খোজাতো মাৰাত্মক কথা। যাৰ ওপৰত আপোনাৰ বিশ্বাস আছে, আপুনি সেইজন চিকিৎসকৰ ওচৰলেহে যাব। কিছুমান সাধাৰণতে দেখা পোৱা ৰোগক Psycho-Somatic ৰোগ বুলি কোৱা হয়, অৰ্থাৎ এইবিলাকত শাৰীৰিক আৰু মানসিক দুয়ুটা কাৰকৰে প্ৰভাৱ থাকে।
৫। স্ব-চিকিৎসা:- আজিকালিৰ বোধহয় আটাইতকৈ কঠিন ব্যাধি। ৰোগ বা লক্ষণ একে হলেও চিকিৎসা প্ৰণালী ৰোগী ভেদে বেলেগ হব পাৰে। টি ভি ত দেখি বা আগৰ অভিজ্ঞতাৰ পৰা দীৰ্ঘসময়ৰ বাবে ঔষধ ব্যৱহাৰ কৰিলে ভয়ংকৰ পৰিনাম হবগৈ পাৰে। ৰোগীৰ যিমানেই চিকিৎসা শাস্ত্ৰৰ জ্ঞান নেথাকক কিয়, তেঁও জনা উচিৎ কেৱল দৰৱ কেইটামান দিয়াই চিকিৎসা নহয়, ই এক জটিল শাৰীৰিক আৰু মানসিক প্ৰক্ৰিয়া, আৰু ইয়াত সকলোতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হ’ল চিকিৎসক জন। এই ক্ষেত্ৰত অধুনা জনপ্ৰিয় অগতানুগতিক চিকিৎসা প্ৰণালী বিলাকৰ বিষয়েও উনুকীয়াব পাৰি। এইবিলাক কোনো কোনো ক্ষেত্ৰত সফল নোহোৱা নহয়, কেতিয়াবা সাধাৰণ চিকিৎসাতকৈ বহু বেছি ভাল ফলাফল দেখুৱাৰ প্ৰমাণো আছে। কিন্তু ইয়াৰ প্ৰায়বিলাক উপাদানেই চিকিৎসাশাস্ত্ৰৰ মানক পৰীক্ষাবিলাক নকৰাকৈ ব্যৱহাৰ কৰা হয়। এটা নতুন ঔষধ আৱিস্কাৰ হোৱাৰ লগে লগে তাক ৰোগীক খুৱাই দিব নোৱাৰি, বিভিন্ন পৰীক্ষণৰ মাজেৰে ইয়াৰ কাৰ্যকৰীতা আৰু পাৰ্শ্চক্ৰিয়া বহুদিন ধৰি পৰীক্ষা কৰা হয়, বিভিন্ন জন্তু আৰু শেষত স্বেচ্ছাসেৱকৰ গাত ব্যৱহাৰ কৰি; তাৰ পাছতহে এইবিলাক ৰোগীৰ বাবে মুকলি কৰা হয়। কিন্তু বজাৰত মাইক বজাই বিক্ৰী কৰি থকা বিষৰ তেলবিধ বা ওলোটা বাঁহৰ চুঙাত ভৰাই দিয়া জণ্ডিছৰ “গাৱলীয়া ঔষধ” পালি ব্যৱহাৰ কৰাৰ আগতে এই কথাখিনি ভাৱি চোৱা প্ৰয়োজন।
৬। ডাক্তৰে কৰিবলৈ দিয়া পৰীক্ষাবিলাক:- এইটো এটা জটিল বিষয়, প্ৰায়ে অভিযোগ শুনা যায়, এই ডাক্তৰজন বেয়া, কমিছনৰ বাবে এগাল মান টেষ্ট কৰায়। অভিযোগবোৰ হয়তো অলপ অচৰপ সত্যতাও নথকা নহয়, কিন্তু এটা কথা ঠিক, যিমানে বেছি পৰীক্ষা কৰিব, ৰোগীজনৰ অৱস্থাৰ বিষয়ে ডাক্তৰে সিমানে বেছি কথা গম পাব, ফলত চিকিৎসা সহজ হব। বহু ক্ষেত্ৰত দেখা যায় আমাৰ ইয়াত চিকিৎসা কৰি কৰি ভাগৰি পৰা ৰোগী, এপ’ল’ বা মেক্সত গৈ একেবাৰতে ভাল হৈ অহাৰ মুল কাৰণ এইটোহে। তাত উন্নত পৰীক্ষণৰ ব্যৱস্থা আছে, আৰু আমি যাওতেও মানসিক ভাৱে পইচা খৰছ কৰিবলৈ সাজু হৈ যাও, সেয়ে চিকিৎসা ভাল হয়। 
এনে দুটামান কথাৰ প্ৰতি লক্ষ্য ৰাখিব পাৰিলে চিকিৎসক আৰু ৰোগীৰ সম্পৰ্কটো সহজ হয় আৰু যাৰ বাবে চিকিৎসাও সজহসাধ্য হয়। কিন্তু সাম্প্ৰতিক পৰিস্থিতিত ইয়াৰ বিপৰীত কিছু কথাহে দেখা পোৱা গৈছে, যি শুভলক্ষণ বুলি কব নোৱাৰি। বিশেষ একো নজনাকৈয়ে চিকিৎসক জনক ব্যক্তিগত ভাৱে আক্ৰমণ কৰা, সমগ্ৰ চিকিৎসা ব্যৱস্থাটোৰ প্ৰতিয়েই বিৰোধ ভাৱ কৰা, ই কেতিয়াও ভাল কথা হব নোৱাৰে। যোৱাবাৰ প্ৰান্তিকত ভৃংগেশ্বৰ শৰ্মাৰ ‘গাফিলতি’ গল্পটোৱে এই বিষয়টো ওপৰত এক সামগ্ৰিক অৱলোকন কৰিছে।
মোৰ চিকিৎসা বিদ্যাৰ জ্ঞান একেবাৰে সীমিত, কিন্তু বিভিন্ন ৰোগীৰ লগত সহায়কাৰীৰ ভূমিকা পালন কৰিব লগা হওতে মোৰ জ্ঞানে বুজি পোৱা দুটামান কথা লিখিলোঁ, ভুল হোৱা সম্ভাৱনা প্ৰচুৰ। শেষত এটা অভিজ্ঞতাৰ কথা লিখি সামৰিব বিছাৰিছো। যোৱা ৫ জানুৱাৰীত আমাৰ প্ৰকল্পত এটা ভয়ংকৰ দুৰ্ঘটনা হ’ল, প্ৰায় ৩০ জন লোক গুৰুতৰ ভাৱে আহত, চিকিৎসক মাত্ৰ এগৰাকী, পেৰা-মেডিক’জ চাৰিজন। এনে ৰোগীৰ চিকিৎসাৰ সুবিধা থকা আটাইতকৈ ওচৰৰ ঠাই হ’ল গুৱাহাটি, ইয়াৰ পৰা সাত ঘণ্টাৰ বাট। এম্বুলেন্স দুখনেই। বাকীসকলক বলেৰ’ , চুম’ আদি গাড়ীত পথাব লগা হ’ল। এজনে বাটতে শেষ নি‍শ্বাস ত্যাগ কৰিলে। সেই সাত ঘণ্টা মোৰ জীৱনৰ কঠিনতম সময়ৰ অন্যতম। প্ৰায় সকলোৰে হেড ইনজুৰি, কাৰোবাৰ মুৰ ফাটি তেজ ওলাই থকা অৱস্থাতে লৈ যাব লগা হ’লে। সেইদিনাহে গম পালোঁ, মুৰত দুখ পোৱা লোকক তেজ বন্ধ হোৱা বেজী সহজে দিব নোৱাৰি, মগজুৰ ভিতৰত তেজ গোট মাৰিলে আগতেই মৃত্যুৰ আশংকা আহি পৰে। এই সকলোবোৰ সিদ্ধান্ত এগৰাকী চিকিৎসকে লব লগা হৈছিল, কোন বেছি ক্ৰিটিকেল, কাক কি চিকিৎসা দিব পাৰি..আৰু লগতে চিলাই, চেলাইন, দৰৱ ..কাক কি লাগিব, কোনটো সকলোতকৈ ভাল হব? সকলো সিদ্ধান্ত। সীমিত জ্ঞানেৰে উপলদ্ধি কৰিবলৈ চেষ্টা কৰিছিলো, এজন চিকিৎসকৰ সমস্যা আৰু সীমাবদ্ধ সুবিধাৰ বিষয়ে। আৰু তাৰেই পৰিণতি এই প্ৰচেষ্টা।
বি. দ্ৰ. আৰু দুটামান কথা লিখাৰ মন আছিল, যেনে এণ্টিবায়টিকৰ অপব্যৱহাৰে কিদৰে মানৱসমাজৰ ক্ষতি কৰে, পিছে মোৰ দক্ষতা নাই বুলি এৰিলো, অকবত থকা চিকিৎসক সকলে এই বিষয়ত আলোকপাত কৰিলে সূখী হম।

No comments:

Post a Comment