Saturday, December 13, 2014

মই অসমীয়া ৱিকিপেডিয়াত কিয় লিখোঁ-এক ব্যক্তিগত চিন্তন

চাৰি বছৰ মান আগৰ কথা, মই অসমীয়া ৱিকিপেডিয়া বুলি বস্তু এটা আছে বুলি জনা নাছিলো, বিভিন্ন উপায়েৰে কম্পিউটাৰত অসমীয়া লিখিবলৈ চেষ্টা কৰি থাকোতে অসমীয়া ৱিকিপিডিয়াত অসমীয়া লিখাৰ সহায় বুলি শিতান এটা পালোঁ গুগলৰ যোগে। বৰ কামত আহিল, লাহে লাহে তেতিয়া থকা প্ৰৱন্ধ বিলাকত চকু ফুৰালোঁ। সেই সময়ৰ মাত্ৰ দুই তিনিজন ৱিকিপেডিয়ানে অশেষ পৰিশ্ৰমে ৰে সৰু সৰু প্ৰৱন্ধ লিখি অসমীয়া ৱিকিপেডিয়া গঢ়ি তুলিবলৈ চেষ্টা কৰি আছিল। কামটো দেখি বৰ ভাল লাগিল, কিন্তু কিমান প্ৰয়োজনীয় সেইটো কথা অনুভৱ কৰিব নোৱাৰিলোঁ। মোৰ ধাৰণা আছিল, ইংৰাজী ৱিকিত লিখিব লাগে, যিমান পাৰি, কাৰণ তেতিয়াহে অসমৰ কথাবোৰ ৰাইজে বাহিৰত জানিব পাৰিব। গতিকে যি পাৰো সহায় কৰোঁ বুলি ৱিকিৰ সদস্য হৈ ললোঁ। লগে লগে ৱিকিপেডিয়াই মোক আদৰণি জনালে, আৰু সকলোৱে উৎসাহ জনাই ৱিকিত কেনেদৰে কাম কৰিব লাগে শিকাই দিলে। সম্পাদনা আৰম্ভ কৰিলোঁ, চেগা চোৰোকাকৈ। মাজতে কিছুদিন বাদ দিলোঁ, ৱিকিপেডিয়াৰ কঠোৰ স্বত্বাধিকাৰ নীতিৰ বাবে  মোৰ কেইবাটাও মেডিয়া ফাইল তেঁওলোকে আঁতৰাই দিলে। চেগা চোৰোকাকৈ সম্পাদনা চলি থাকিল। কিন্তু আজি এটা কথা কৈ মোৰ ভাল লাগে, দিনটোত এশাৰী হলেও ৱিকিপেডিয়াত লিখিব নোৱাৰিলে কিবা ডাঙৰ কাম থাকি যোৱা যেন লাগে।

শুদ্ধ অসমীয়া ভাষা (অক্টোবৰ-২০১৪, সাহিত্য ডট অৰ্গ আলোচনীত প্ৰকাশিত)

অকবত নেলাগে বাতৰি কাকত, আলোচনীত প্ৰায়ে শুনিবলৈ/ পঢ়িবলৈ পাঁও আজিকালি বোলে কোনেও শুদ্ধ অসমীয়া নকয় বা কব নোৱাৰে। সাধাৰণতে সংবাদ মাধ্যম আৰু নৱ প্ৰজন্মক উদ্দেশ্য কৰিয়েই এনে মন্তব্য বিলাক কৰা হয়। তাকে দেখি শুণি ভাৱিলোঁ, মই নিজে শুদ্ধ অসমীয়া কও নে নকও? 

কথাটো লৈ অলপ চিন্তা চৰ্চা আৰম্ভ কৰিলোঁ। মই চাকৰিৰ কাৰণত প্ৰায়ে হিন্দী আৰু ইংৰাজী ভাষা ব্যৱহাৰ কৰিব লগা হয়, এতিয়া মন কৰিছো মই অসমীয়া কওঁতেও মাজত ইংৰাজী হিন্দী শব্দই ভীৰ কৰেহি। দেবেন দত্ত চাৰে কথা কোৱা শুনিলে বুজি পাঁও মইয়ো এই গৰিহণাৰ পাত্ৰ বজৰুৱা অসমীয়া ভাষাই ব্যৱহাৰ কৰোঁ, লিখোতেই হওক বা কওঁতেই হওক। গতিকে প্ৰথমতেই নিজকে ৰাইজৰ গৰিহণা পোৱাৰ যোগ্য বুলি ঘোষণা কৰি ললোঁ।

ঋতু (কেইটিমান আধাসিজা হাইকুৰ দৰে অনুভৱ :-))

 গ্ৰীষ্ম

আমজোপাৰ তলতে অকণমান শাঁত,
ভাগৰুৱা পখিলা। 

 বৰ্ষা  

গছৰ গাৰে বগাই নামিল বৰষুণ,
খিৰিকীত মুখ। 

 শৰৎ 

গৰ্ভৱতী সেউজী ধাননি পথাৰ,
চাৰিআলিত পূজাৰ আয়োজন। 

হেমন্ত 

ৰাঙলী আকাশে গিলি থলে বেলি,
ধুলিময় বাট।

শীত

সৰি পৰে গুলচৰ শেষখিলা পাত,
পূৱাৰ কোমল ৰ’দ।

 বসন্ত  

দুৰণিত কৰবাত ঢোলৰ চেও,
সলাজ উৎকণ্ঠিত হৃদয়।

জলদস্যু ভাষ্কো আৰু মিচৰ নন্দিনী

মৰমৰ ভাষ্কো দাদা, 

আপুনি মোক চিনি নেপাব, আচলতে মইয়ো আপোনাক আগতে চিনি পোৱা নাছিলো, কিন্তু আজি হঠাৎ ফেচবুকত আপোনাৰ প্ৰফাইল ফটোখন দেখি মোৰ এনে লাগিল, যেন, যেন, আপুনিয়েই সেই সহৃদয় , মৰমীয়াল, বিশ্বাসী, হাঁহিমুখীয়া মানুহজন; যাৰ অপেক্ষা মই জন্ম জন্মান্তৰৰ পৰাই কৰি আহিছিলো। মোৰ সৰল অন্তৰৰ এই নিবেদন ক আপুনি হয়তো বাতুলতা বুলিয়েই ভাবিব, তথাপি মই আপোনাক এই কথাখিনি কোৱাৰ পৰা নিজকে বিৰত কৰিব নোৱাৰিলোঁ, ভুল হ’লে ক্ষমা কৰিব।

দো টকীয়ে কী নৌকৰী

চাইটৰ পৰা লৰালৰিকে ঘৰমূৱা হৈছো, নিশা দহ বাজো বাজো। বাটতে ফোন বাজিল .. শ্ৰীমতীৰ হিমশীতল কণ্ঠ– “আজি আহিবানে? নে আমি শুই থাকো?” – “ এই পালোহিয়েই” বুলি কৈছো যদিও মনতে চিন্তা, আজি জাৰ্মানী আৰু পৰ্তুগাল খনৰ শেষৰ খিনিও যেনেতেনে পালেগৈয়ো হব। দুৱাৰ খোলোতেই গম পালোঁ অহাকালিৰ পৰা ছোৱালীৰ কিবা টাৰ্ম পৰীক্ষা নে কিবা- কাইলৈ হিন্দী আছে। ছোৱালীও এনে আকোৰগোজ- টিভি থকা কোঠাটোৰ খোৱা মেজখনতহে পঢ়িব। মাকে আই এ এচ পৰীক্ষাৰ্থীৰ উদ্বিগ্নতাৰে জীয়েকক পঢ়ুৱাই আছে। [ইসসস্ .. নিজে পঢ়োতে যদি ইমান চিৰিয়াচ হ’লহেঁতেন, বহুত ডাঙৰ মানুহ হব পাৰিলেহেঁতেন, মই ঢুকিয়েই নেপালোহেঁতেন – (ৰীড এজ “বাচি গলোহেঁতেন!!!”)]। জীয়েকেও সৰ্বশক্তিৰে সৰস্বতী মাৰ লগত যুঁজি আছে...লিখাতে সমস্যা..হিন্দী ‘ন’ ৰ লগত অসমীয়া ‘ত’ যোগ কৰি নিত্যনতুন যুক্তাক্ষৰ উদ্ভাৱন কৰি দিয়ে... মাকৰ টেম্পাৰ সপ্তমত উঠিছেগৈ।

Tuesday, October 28, 2014

ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ

ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ, ন’ ৱি ডিদন্ট লাইট ইট, বাট ৱি ট্ৰাইড টো ফাইট ইট,
ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ ইট হেজ বিন অলৱেইজ বাৰ্ণিং চিন্‌চ ডা ৱৰ্ল্ড ইজ টাৰ্ণিং !!
তৰুন গগৈ, বিসম্বাদ, চাই বাবাৰ আশীৰ্বাদ,
পৰেশ বৰুৱা, চালফা, ইনকম টেক্স, প্ৰতিবাদ;
আইনাম, বিয়ানাম, বিদ্যুতৰ নাটনি,
এডিডাচ, বাইক ষ্টাণ্ট, অপহৰণ, ডাইনী
বেইজিং, ইব’লা, অবামা, আইচিচ,
দূৰ্নীতি, মিলিটেৰী, দ্ৰ’ন আৰু ব্ৰাহমচ,


বৰবৰুৱাৰ পুনৰাগমন



 ত প্ৰকাশিত






আগকথা: ৰসৰাজৰ কৃপাবৰ বৰবৰুৱা অসমীয়া ব্যংগ সাহিত্যৰ উৎকৃষ্টতম নিদৰ্শন। সেই লিখনিৰ ধাৰাক অনুসৰণ কৰাৰ এক নিঃকিন প্ৰচেষ্টা, ৰসৰাজৰ ন্মানাৰ্থে আগবঢ়ালোঁ



আসামবাসী ৰাইজ, ৰাইজ মানে, সেই নদাই ভদাইৰ পৰা ধৰি একেবাৰে মন্ত্ৰী মুদাগৰ গোটেই সোপাকে জাকৈয়াই খালৈত পুথি খলিহনা, শিঙৰা, চেলকণা, চেঙেলীৰ পৰা গংগাটোপলৈকে ভৰাই লোৱাৰ দৰে, একেলগ কৰি ,মাতষাৰ মাতি, দুটামান কথা কবলৈ মুখ মেলিলোঁ। হওতে বৰবৰুৱাৰ এই কেলেহুৱামখাৰ বা-বাতৰি লোৱাৰ মন মেজাজ একেবাৰে নাই। নোৱাৰাতহে আজি আহি আসামৰ ৰাইজৰ মুখামুখি হ’ব লগাত পৰিল। ৰাইজে জানেই, যোৱাবেলি স্বৰ্গফেৰৎ বৰবৰুৱাই আসাম মুলুকৰ ৰাইজৰ হিতাৰ্থে অনেক আঁচনি দি যোৱাৰ লগতে অসমীয়াক চকু ফালি নিজৰ ভুল বিলাক দেখুৱাই তাৰ সমিধানৰ উপায়ো দি নোযোৱা নহয়। পিছে “গালো বালো খোলাকটিৰ তাল” , বৰবৰুৱাৰ হিতোপদেশক বুঢ়া আঙুলি দেখুৱাই এই মুলুকৰ ৰাইজে মনখুচি কামত লাগিল, দুখতে বৰবৰুৱাই ‘পুনৰ’মুচিকো ভবঃ’ বুলি শাওপাত দি ঘৰৰ ল’ৰা ঘৰলে যোৱাদি স্বৰ্গলৈ গ’লগৈ।

Sunday, April 6, 2014

পশ্চিমীয়া অপসংস্কৃতি আৰু আমাৰ আওপুৰণি মূল্যবোধ

(We often forget that the prime purpose of our life is to ENJOY it)


মুল আলোচনালৈ অহাৰ আগতে শিৰোণামটোত থকা দুটা ভুল ধাৰণাৰ কথা আলোচনা কৰিম। প্ৰথম, পশ্চিমীয়া সংস্কৃতিক আমি অপ-সংস্কৃতি নাম দিবলৈ ক’ত অধিকাৰ পালোঁ? হয়, বহুতো পশ্চিমীয়া দেশত সকলোৱে মুকলিমূৰীয়াকৈ যৌন-জীৱন উপভোগ কৰে, বৰ বেছি মাক –দেউতাক, ল’ৰা ছোৱালী আদি কথা ভাৱি সময় নষ্ট নকৰে, ব্যক্তিগত সিদ্ধান্ত বিলাকত আপোন লোকৰ মতো গ্ৰাহ্য নকৰে, কথাই প্ৰতি বিবাহ বিচ্ছেদ কৰে, কিন্তু তাৰ লগতে তেঁওলোকে নিজৰ দেশ-জাতিক অন্তৰৰ পৰা ভাল পায়, ভণ্ডামি নকৰে, সৰল ভাবে ভালক ভাল বুলি কয়, শ্ৰমক সন্মান দিয়ে, শিশুখাদ্য ভেজাল কৰি উপৰুৱা পইচা নঘটে। আমাৰ চকুত যেনেকে মুক্ত যৌনজীৱন এটা অপ-সংস্কৃতি, তেঁওলোকৰ মতেও ভগৱানৰ নামত লোকক ভয় দেখুৱাই ধন অৰ্জন কৰাটো এক অপ-সংস্কৃতি। আমাৰ সংস্কৃতিহে ভাল, তেঁওলোকৰটো অপ-সংস্কৃতি বুলি কোৱাটো আমাৰ ঠেক মনোবৃত্তিৰ পৰিচায়ক।
দ্বিতীয়তে আওপুৰণি মূল্যবোধ, সমাজ এখনৰ সামগ্ৰিক মূল্যবোধ কেতিয়াও আওপুৰণি নহয়, আৰু ই সদা গতিশীল। আজি যদি সমাজৰ এক বৃহৎ অংশই ৰেইন ডেন্স বেয়া বুলি কৈছে, সেয়া আধুনিক সমাজৰে মূল্যবোধ। আমি ব্যক্তিস্বাধীনতাৰ দোহাই দি ইয়াক আওপুৰণি বুলি ইতিকিং কৰিলে আচলতে আমি যে সমাজ খনক নুবুজো, সেইকথাটোহে প্ৰতিফলিত হব।

Tuesday, March 18, 2014

চিকিৎসক আৰু আমি ‍( সাহিত্য ডট অৰ্গত প্ৰকাশিত)

চিকিৎসা বিদ্যা একমাত্ৰ এনে এটা পেছা যি পৃথিৱীৰ প্ৰতিজন মানুহৰ জীৱনতে কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ থাকে, আৰু প্ৰতিজন মানুহৰে চিকিৎসা বা চিকিৎসক সম্পৰ্কীয় কিবা এটা ব্যক্তিগত কবলগীয়া কাহিনী থাকেই। এটা সময়ত বা আজিকালিও চিকিৎসকক ভগৱানৰ লগত তুলনা কৰা হয়, আৰু ই যুক্তিসংগততো। জন্ম, মৃত্যু আৰু জীৱনৰ গুৰুত্ব পূৰ্ণ এনে কিছুমান সন্ধিক্ষণত চিকিৎসকজনেই সকলোতকৈ গুৰুত্বপূৰ্ণ লোক হৈ পৰে। চিকিৎসাৰ সময়ত চিকিৎসক আৰু আমি সাধাৰণ মানুহৰ মাজত এটা অদ্ভূত সম্পৰ্কই গঢ় লৈ উঠে, সেই সম্পৰ্কটোৰ বিষয়ে দুটামান অনুভৱ কব বিছাৰিছো।

Tuesday, March 4, 2014

শগুন

চাৰিওফালে শগুন,
মাজতে মোৰ অৰ্ধগলিত মৃতদেহ

চিনাকী শগুণ, অচিনাকী শগুন,
ধনী ,দুখীয়া,
ক’লা , বগা, তাম বৰণীয়া,
সকলো ধৰণৰ শগুন |

Tuesday, February 18, 2014

ড’ৰেমন আৰু জিয়া (অকবত প্ৰকাশিত)

সেইদিনা স্কুল বন্ধ আঠাইছ নৱেম্বৰ,
ৰেমন পুৱাতে আহি ওলাল আমাৰ ঘৰ;
ফোঁপাই জোপাই ঘট ঘটকে পানী গিলাছ খাই,
সুধিলে সি দেশৰ খবৰ গম পাৱনে নাই?
মই কলো এইকেইদিন ওলোৱা নাই ভাই,
পৰীক্ষা আহি আছে, পঢ়া হোৱা নাই।