Thursday, November 29, 2012

মোৰ প্ৰেমৰ গল্প



আজি লিখিমেই লিখিম, লিখিবই লাগিব, ......পিছে লিখোঁ  কি ? চাল্লা মগজটো গোবৰ হৈ গল নেকি?  যিয়েই লিখো, অলপ জমনি টাইপ হবই লাগিব ..নহলে কোনেও নপঢ়ে... এনেই লাইক মাৰি থৈ দিব...অলপ ফাণ্ডাও ভৰাব লাগিব..এইচি বুলি কলেই হাইফাণ্ডা দুটামান দিব মন যায় চোন..কি কৰিম? বহুদিনীয়া হেবিট!!!! কিন্তু লিখো কি??

 ..........মহ,  মাখি, মজবুত??ধুৰ একেবাৰে ষ্টেৰিঅ'টাইপ হৈ যাব,..... টেঙা আম এবাৰ হে বেছিব পাৰি??

Hmmmmmmmmmm.......
 
বাদেই দিও নেকি? বাদ দিলে কিন্তু এই কেইটাই জীনা হাৰাম কৰি দিব...‌ফেচবুকলে অহা বন্ধ কৰি দিব! লেতেৰা গালি কেইটা বাৰু হজম কৰি লম। কিন্তু চেন্তি বোৰ..উসস..অসহ্য!!!! নাই নাই, এইচিয়া ব্লগ, এইচিৰ ইজ্জতৰ কথাও আছে...., লিখিবই লাগিব। কিন্তু??????????

Hmmmmmmmmmmmmm……..




অ’ কে...প্ৰেম কাহিনী!! কাহিনীৰ প্ৰি ৰিকুয়াৰমেণ্ট কেইটা এনেকুৱা, একেবাৰে সঁচা ঘটনা লিখিম, লগতে আপীটোৰ বি‍ষয়ে কেইটামান তেন্তেলাইজিং হিণ্ট...পঢ়ি চবে ভাবিব  কোন হয় ছোৱালী জনী?? আৰু অনুমানহে কৰিব পাৰিব, চাৰ্টেইন হব নোৱাৰিব, জমনি লেংগুৱেজ থাকিব, আৰু ফাইনেলী এটা ড্ৰেমেটিক আৰু চাৰপ্ৰাইজ এণ্ড। গুলী!! চুপাৰ হিট মাৰিব। এনেয়েও ৰাইজে  চিনাকী বস্তু বা মানুহৰ কথা পঢ়িব পালে ভালেই পায়, তাতে এইচি, তাৰো ওপৰত এইচিৰ ছোৱালী!! চব মচলা আছে তাত, এইচিয়ান ব্লগত হিট মাৰিবৰ কাৰণে। আই এম এ জিনিয়াচ!!



এক মিনিট!!!!!! শ্ৰীমতী ফেক্টৰ টো?? উপচচ্ ....পাহৰিছিলোৱেই। ডেকা কালৰ প্ৰেম কাহিনী লিখিলে আকৌ ঘৰত কি লংকাকাণ্ড  হয়? এনেই মোৰ স্বভাৱ চৰিত্ৰৰ ওপৰত মানুহজনীৰ বৰ এটা বিশ্বাস নাই। সেইদিনা কিবা ষ্টেটিচ্‌টিকচ কৰি দেখুৱাইছে  বোলে মোৰ ফেচবুক ফ্ৰেণ্ড চাৰ্কলৰ ফিমেল  টু  মে’ল  ৰেচিঅ’ এলাৰমিংলি হাই, আৰু এই বয়সত বোলে সেইবোৰ বঢ়াতো ভাল লক্ষণ নহয়”।  নাই নাই সেইটো ৰিস্ক লব নোৱাৰি! মই জানো নহয়, খাই দিব কলিজা। ধুৰ ....কি কৰা যায়, ইমান হিট আইডিয়াটো আহিছিল!! 
Hmmm….

ৱেল...এইটো গল্পহে, মানুহজনীক কব লাগিব....দিগন্তৰ প্ৰেম কাহিনী এইটো। লিখিছোহে ফাৰ্ষ্ট পাৰ্চনত! আগতেই কৈ লম, এনেকুৱা গল্প এটা লিখিম বুলি। যি ৰিয়েকচন হয় আগতেই চাই লব লাগিব! তাৰ পাছত একৰ্ডিংলি গল্পটো মডিফাই কৰিব লাগিব, তেঁও সঁচা কথাটো ধৰিব নোৱাৰাকৈ। হৈ যাব........

“ হেৰা শুণিছানে?.......................................

*********************

উফফ্ কেনেবাকৈ কিবা এটা মেনেজ হলগৈ, তাৰ বাবে ধেৰ কাহিনী সাজিব লগা হ’ল।

---- “ জমনি কথা এটা তোমাক কোৱাই নাই নহয়, আমাৰ লগৰ যে দিগন্ত যে”.....

-----“ কোন দিগন্ত?”-   (চকু টিভিত)
---“ দিগন্ত আকৌ, সেই যে ৰঙা চুইফট্ খন আছে” ( আমাৰ এও আকৌ গাড়ীৰ নামেৰেহে মানুহ চিনি পায়)
---“ অ’ .... কি হ’ল তাৰ??”
---- “ একো  হোৱা নাই। কলেজত তাৰ নন্দিতাৰ লগত বাম্পাৰ প্ৰেম আছিল নহয়, যি লাট খালে বেচেৰাই”

ছোৱালীৰ নাম শুণি টিভিৰ পৰা চকু তুলি মোলে চালে। বুকুখন ধিপিং কৰি গ’ল। নামতো সলাই কৈছো যদিও কিবা বুজি পালে নেকি বাৰু??

----- “ তোমাৰ ফেচবুকত আছে ছাগে??” (ফেচবুকৰ খুফীয়া তালাচীৰ ফল)

---“কোন? নন্দিতা??  জানো আছে ছাগে,.......... মই এইচিৰ চবকে এড কৰো। আফটাৰ অল মোৰ কলেজ, ইমান ভাল লাগে এইচিৰ মানুহবোৰক লগ পালে। কি মস্তি টাইম আছিল সেইবোৰ। তোমাৰো নিজৰ কলেজৰ মানুহক পালে ভাল নেলাগে জানো? কি মজা কলেজৰ দিন, কেয়াৰফ্ৰী লাইফ...” (মানে মই অকল এইচিৰ স্মৃতি ৰোমন্থন কৰিবলেহে ছোৱালীবিলাকৰ লগত বন্ধুত্ব কৰোঁ।)

----“ মই ৰামজাচ কলেজৰ গ্ৰুপটোতে নাই” ( পাক্কা খিলাড়ী, ইমান সহজে নোৱাৰি, অলপ তেৱৰ দেখুৱাব লাগিব)

--- “ তোমাৰ কথা নেজানো, বাট, এইচি লাইফ ৱাজ ড’ বেষ্ট ফেজ অফ মাই লাইফ, এণ্ড আই ৱাণ্ট টু ৰিলিভ ডেট” (মানে মই তোমাৰ নিচিনা ইনচেনজিটিভ মানুহ নহয়)

(নীৰৱতা......................., মানে খং উঠিলেই!!!! উঠক,.............এই খঙৰ ওপৰতে কেপিটেলাইজ কৰিব লাগিব, এবাৰ গালি দি, শুই থাকো বুলি ক’লে ভালেই  হব, আৰামত কিবা এটা লিখিব পাৰিম নহলে আকৌ “ইমান ৰাতি কাৰ লগত চাট কৰি আছা বুলি বিছনাৰ পৰাই চিঞঁৰটো লগাব নহয়)

--“হব বাৰু, তোমাৰ এক্সপ্লেইনেচন বুজিলোঁ, ( ইমান ক’ল্ড মাত কেনেকে উলিয়াব পাৰে?) , চুইফটৰ কি হ’ল কোৱা?”

--“চুইফট? মানে দিগন্ত?? অ’.......... তাৰ মানে কলেজত থাকোতে নন্দিতাৰ লগত বৈদ্য প্ৰেম, ৰাম লাট খালে লাষ্টত”

( আকৌ নীৰৱতা, ....উসস্...  কি বা ভাৱি আছে মানুহজনীয়ে??)

বহুদেৰিৰ মূৰত মাত দিলে

--কি হ’ল তাতে??

--মই এইবাৰ এইচিয়ান ব্লগত তাৰ গল্পটোকে লিখিম বুলি ভাৱিছো বুজিছা, মজা লাগিব, জমনি হব 
( আকৌ অসহ্যকৰ নীৰৱতা)
--“এতিয়া মানে তুমি এইচিৰ সৰু সৰু ল’ৰা ছোৱালী বোৰক প্ৰেমৰ কাহিনী শুনাবা? কিমানক ক’বা এইটো বেলেগৰ কাহিনী বুলি??  ৰিমিয়ে দেখোন এইচিত পঢ়িয়েই আছে! তাইতো ব্লগ পঢ়িবই, আৰু  তোমাৰ নিজৰ কথা বুলিয়েই ভাবিব। মোক বেইজ্জত কৰিহে এৰিবা তুমি, মোৰ ঘৰৰ মানুহৰ আগত  ন’?”

--“ধুৰ, তুমিও যে আৰু, গল্প, গল্পই! ৰিমিয়ে তাকে সঁচা বুলি ভাবি কাৰোবাক কিবা ক’লে মই তাইক সুদাই এৰিম নেকি? এনেকুৱা গালি দিম, গম পাই যাব।  ৰবা,  ৰিমিক এতিয়াই ফোন কৰি কৈ দিও!”

--“ঘড়ী দেখিছানে কেইটা বাজিলে?? এতিয়া ৰিমিক ফোন কৰিবা??”

অহহ্ ....বাৰ বাজিলেই দেখোন! ফোন তোন বাদ, কিন্তু লিখিম  কেতিয়া???

 --------------------

“দে’তা............................................”

এইবাৰ জুনিঅ’ৰ চৰকাৰ!! 

--কি হ’ল মাজনী ??
-- “মোৰ টোপনি অহা নাই, ভৰিটো বিষাইছে, পিতিকি দিয়া না!”
(খা বাপেকে ভীমকলটো...এইটো প্ৰব্লেম এভইড কৰিব নোৱাৰি, গ্ৰ’থ পেইন, কিন্তু ৰাতি দুটালৈকে পিতিকিবই লাগিব। নহলে “ইৰেস্পন্সিবল বাপেক” ,.... আৰু মাক জীয়েক ফস্তি মৰি শুব। পিতিকিবলে এৰিলেই  “দে’তা..................বিষাইছে.....”)
-     -  “ঠিক আছে বাৰু, মই পিতিকি দিছো। তই টোপনি যোৱাৰ চেষ্টা কৰ সোণমণি”
-     -  “তুমি নোশোৱা”??
-      - “শুম মা, মোৰ অলপ কম্পিউটাৰৰ কাম আছে”
-       -“আকৌ ফেচবুক”? 
-     -  “ধুৰ, কোনে ক’লে মই ফেচবুক কৰিম বুলি? মোৰ বেলেগ অফিচৰ দৰকাৰী কাম আছে”
-      - “গধুলি নকৰিলা কিয়? মইতো পূৰা গধূলি তোমাক ফেচবুক কৰি থকা দেখিছোঁ”
-     -  “হেই, মই এটা গল্প লিখিম আজি, তাৰ কাৰণে মূড আহিব লাগিব। তঁহতৰ  চিঞঁৰ বাখৰ শুণি  লিখিব নোৱাৰি নহয়কি বুজিবি তই গল্প লিখা কিমান টান কাম
-      - “গল্প মানে কি দেতা”?
-       -“গল্প মানে সাধু! সেইটোকে নেজান, ধুৰ ... কি ডাঙৰ মানুহ হবি তই”??
-      - “তুমি সাধু লিখিবা?? প্লীজ মোকো এটা সাধু কোৱানা? তুমি আজিকালি সাধু নোকোৱাই, মই তোমাক বেয়া পাইছো,তুমি আজিকালি মোক পাত্তাই নিদিয়া! আজি কিন্তু কবই লাগিব.......ব্লা..ব্লা..ব্লা..নহলে তোমাক কেতিয়াও নেমাতো..........ব্লা..ব্লা..ব্লা..তুমি চবকে সাধু কব পাৰা, মোকহে নোকোৱা.........ব্লা..ব্লা..ব্লা..”
( ব্লেকমেইলিং এট ইটচ বেষ্ট)
-       -“অ’কে অ’কে, কম বাৰু...মাত্ৰ এটা কম, আৰু তই শুব লাগিব! হবনে? সাধু শেষ হোৱাৰ লগে লগে তই নুশুলে, কিন্তু মই তোৰ ভৰিও পিতিকি নিদিও, আৰু ৰাতিপুৱা উঠিব নোৱাৰিলে গালিও দিম, হবনে’??
-       -“হব..... কোৱা। তুমি সাধু শেষ কৰা আগতেই মই টোপনি যাম” ( মাকৰ ফালে চালো, ইতিমধ্যে নাকৰ সুমধুৰ সংগীত বাজিব আৰম্ভ কৰিছে) 

-       -“শুন, তই  তেজীমলাৰ সাধু শুণিছ’”?? 
-       -“নাই। কি তেজীমলা”?


-       -“তেজীমলা এজনী ছোৱালীৰ নাম”
-       -“ছোৱালীৰ নাম?? ইয়াক!! ইমান বেয়া নাম নে??সেইটো তাইৰ ঘৰত মতা নাম নে স্কুলৰ নাম?”
-       -“চুপ! যি কৈছো তাকে শুন, তেজীমলা এজনী ছোৱা্লী আছিল, দেখিবলৈ বৰ ধুনীয়া আছিল, তোৰ নিচিনা ক’লী মলী নহয়,  আৰু তাইৰ এজনী মাহীমাক আছিল, বহুত বদমাছ”
-       -“মাহীমাক?? মানে?? মাহী বিলাক দেখোন ভাল! মোক মাহীয়ে ইমান মৰম কৰে”
-       “ধেই....সেই মাহী নহয় ঔ, মাহীমাক, মানে আচল মাক মৰাৰ পাছত বাপেকে আকৌ বিয়া পাতিলে, ..মৰা বুলি কব নেপায় নহয় দে’তা........ঢুকুৱা বুলি কব লাগে......অ’ হয় দে,  মাক ঢুকুৱাৰ পাছত........সেই মানুহজনী... মাহীমাক ..... ব্লা....ব্লা..ব্লা..... ঢেকী মানে কি দে’তা..ব্লা ..ব্লা..তুমিও কেতিয়াবা মাহীমা আনিবা নেকি..ব্লা..ব্লা..........তেজীমলা কেনেকেনো গছ হৈ গ’ল??.......পদুম ফুল মানে ল’টাচ নহয় জানো??.....ব্লা..ব্লা...ব্লা..........চি: কটা..মুখৰ পৰা ওলোৱা তামোল........ সাধু শুনিবিনে, ঢকা খাবি??.........ব্লা..ব্লা...ব্লা.............”
লাহে লাহে তাইৰ চকু  মুদ খাই  আহিল, প্ৰশ্নবোৰো কমি গ’ল।মনতো লাহে লাহে ভাল লাগি আহিল, য়েচ,..এতিয়াই শুব আৰু মই লিখিম........সাধু কোৱা, ভৰি পিতিকাৰ লগতে আনখন হাতেৰে তাইৰ পিঠিখন মোহাৰি আছিলোঁ...হয়..সঁচাকে টোপনি আহিছে তাইৰ...............লাহেকে ভৰি পিতিকা বন্ধ কৰিলোঁ..পিঠি মোহাৰি থকা হাত খনৰ স্পীডো কমাই আনিলোঁ....এই শুলে..শুলে..........শুলেই আৰু...................
--“ দে’তা....পিঠি মোহাৰি থাকা..নহলে মোৰ টোপনি ভাঙি যাব”
লগে লগে আকৌ ষ্টাৰ্ট। তই শুবই লাগিব বেটি......যিকোনো প্ৰকাৰে, আজি মোৰ গল্প লিখাৰ প্লেন.......
চকু কেইটা টানি আনিছিল..জোৰকে মেলি মবাইলটোত সময় চালোঁ , এক বাজি গ’ল!! তিনি মান বজালৈকে একেৰাহে লিখিব পাৰিলে এইচিয়ানৰ বাবে গল্পটো ৰেডি হৈ যাব..মোৰ সঁচা প্ৰেমৰ গল্প, একেবাৰে আনবায়াচ হৈ লিখিম....নিজকো ক্ষমা নকৰোঁ...একদম নিৰ্মম..নিৰ্মোহ। এইচিয়ান হিলাই দিম মই। দৰকাৰ হ’লে কাইলে অফিচলৈ অলপ দেৰিকে যাম...বছক কৈ দিম গা বেয়া  ।

ফাইনেলী শুলেগৈ!! শান্তি। ঘড়ীত এটা পঞ্চল্লিছ! দৰজা খন খুলি বাহিৰলৈ ওলাই গ’লো,  অলপ ঠাণ্ডা বতাহ লবলৈ। মূড আনিব লাগিব, নহলে ভাল কোৱালিটিৰ গল্প নোলাব। দীঘলকৈ উশাহ দুটামান ল’লো.....hmmmm….কেনেকে আৰম্ভ কৰা যায়?? চাডেন ষ্টাৰ্ট এটা দিব লাগিব.....ছুটি গল্পত চাডেন ষ্টাৰ্ট  লাগে। যাও..আৰম্ভ কৰোগৈ....

“ পেঁ পেঁ পেঁ  .. পেঁ পেঁ পেঁ  .. পেঁ পেঁ পেঁ  .. পেঁ পেঁ পেঁ’ 
জীয়ৰীৰ ফেভৰিট দিক্ষুৰ গানটো মবাইলত বাজি উঠাত চক খাই গ’লো...কেনেকে বাজিল...অঃহহহহ্..তেখেতে কোনতলকত এই গানটো মোৰ ৰিংট’ন কৰি থলে গমেই নেপালোঁ। স্ক্ৰীনত দেখিলো 
Central Control Room Calling…….
বুকুখন চিৰিং কৰি গ’ল.........এই ৰাতি মোৰ স্বাস্থ্যৰ খবৰ লবলৈ নি‍শ্চয় ফোন কৰা নাই!
-“হেল্ল’”
-“ চাৰ, মই অংকুৰে কৈছো, তিনি নম্বৰ ষ্টীম টাৰ্বাইনৰ  Vacuum চাডেনলী বহুত ডাউন হৈ গ’ল চাৰ, আৰু অলপ গ’লেই ট্ৰিপ কৰিব..গ্ৰীডত ফুল ডিমাণ্ড চাৰ..আপুনি আহিলে ভাল আছিল...আমি একো বিছাৰি পোৱা নাই....কি জানো হ’ল!”
- "মই গৈ আছো ৰবা.....ডায়েফ্ৰাম কেইটা চেক কৰা, ওপৰত উঠি নিজে ভালকে চোৱা।"
লেপটপটোলৈ চালো, মোৰ গল্পৰ মাত্ৰ দুটা শাৰীহে লিখা হ’ল!! বুকুখন বিষোৱা যেন লাগিল..আকৌ কেতিয়া লিখিব পাৰিম চাগে.....নাই, যি কৰোঁ আজিয়েই কৰিব লাগিব ...নহলে নহব...আজিয়েই শেষ... আজিয়েই.....লৰালৰিকৈ টাইপ কৰিলোঁ...
-       “ছ’ৰি অংশুমান! মোৰ আৰু একো লিখা নহব, বেয়া নেপাবা!”




No comments:

Post a Comment