Saturday, April 21, 2012

উত্তৰণ

(ৰঙালী বিহু সংখ্যা সাহিত্য ডট অৰ্গত প্ৰকাশিত)

“পল্টন বজাৰ , লাষ্ট ষ্টপেজ, লাষ্ট ষ্টপেজ, নামি লওক নামি লওক !”

নাইট চুপাৰৰ হেণ্ডিমেনৰ চিঞৰত খক-মক কৈ সাৰ পাই উঠিলোঁ ৷  ওৰে ৰাতি বাছত টোপনি নধৰিলে, যোৰাবাটৰ পাছত কেতিয়ানো ক’ব নোৱাৰাকে টোপনি আহিল ক’বই নোৱাৰিলোঁ ৷ লৰালৰিকৈ বাংকাৰৰ পৰা বেগটো লৈ নামি আহিলোঁ ৷ হেণ্ডিমেনে অলপ পোন্দোৱাকৈ চোৱা যেনো লাগিল এবাৰ ৷

আজি কিবা নহয় কিবা এটা কৰিমেই বুলি মন বান্ধি আহিছোঁ, কামটোৰ বাবে গুৱাহাটীলৈ এই বছৰ মোৰ চাগে’ নৱম বাৰ আগমন ৷ ইমান বাৰ অহাৰ অভিজ্ঞতাৰ লগতে মোৰ কমনচেন্স বোলা বস্তুটোৰ সংমিশ্ৰণ ঘটাই, সমাধান এটা পাইছোঁ, গতিকে  আজি কৰিমেই ৷ নকৰিলে নহ’ব, ইতিমধ্যে বহু দেৰি হৈ গৈছে৷
পেটটো কৰকৰাই উঠিল;  বন্ধ দোকান এখনৰ সমুখতে এজনে ‘ মোগলাই পৰঠাৰ বেহা মেলিছে, বতাহত ফুৰফুৰীয়া গোন্ধ ৷ তাতে কালি ৰাতি আঠ বজাতে ঘৰত ভাত খোৱা, খায়েই দিওঁ নেকি? পিছে খালে দিনৰ ভাতসাঁজৰ বাবে বাজেট কমি যাব, চাহ আৰু ক্ৰীম ৰ’লেৰে চলাব লাগিব ৷ এহ যি হয় হ’ব যা, পিছত দেখা যাব ৷ মোগলাইৰ আহ্বান অস্বীকাৰ কৰিব পৰা মানসিক প্ৰস্তুতি এতিয়া নাই ৷

মহৰ জিন(Gene)

           (প্ৰান্তিক, সাহিত্য ডট অৰ্গ আৰু অসমীয়া সাহিত্যৰ e-সঁফুৰাত প্ৰকাশিত)


-          যাও মাহী । একো নহয়, মই এনেকে ৰাতি গৈয়েই থাকো । একো নাই, মোৰ টোপনিও ধৰা নাইঢেৰ কিবা কিবি এগাল মান কৈ বিয়াঘৰৰ পৰা ওলাই আহিলো । মানুহবোৰেও বিয়া বোৰ যে পাতে, এনে বেয়া সময়ত পাতিব লাগে নে?  মাৰ্চ এণ্ডিং , তাতে আকৌ অডিট, পুৱা দহ বজাতে ‍শগুন কেইটাৰ লগত বহিব লাগে । ইফালে মাহীৰ একমাত্ৰ ছোৱালী জনীৰ বিয়া। অফিচত মৰিবলৈয়ো ছুটি নিদিয়ে। মোৰ ছোৱালীজনীৰো পৰীক্ষা ছলি আছে। গতিকে থিক হল,  মই অফিচ ছুটীৰ পাছত অকলে গৈ মৰাণত বিয়া খাই ঘুৰি আহিম । যিমান পাৰো সোনকালে আহিম। 

           পিছে কত হব। গৈ পোৱাৰ লগে লগে দেখো মাহীৰ মুৰ গৰম হৈ আছে, গাত লাগি কাম কৰি দিয়া মানুহ এটা নাই। দৰা আহিবৰ হল ।  মোক কইনাই ভালকে নেমাতিলেই। না, যি হয় হব , অলপ সহায় কৰি দিও।

            সেই সহায় শেষ হৈছেগৈ এই শেষ নি‍শা।  ঘড়ীলে চালো ৩ বাজিছে ৰাতিপূৱাএতিয়া আৰম্ভ কৰিলে ৬ বজাত ঘৰ পামগৈ। দুঘণ্টা শুই লব পাৰিম । কোমল বিছনা খন আৰু গাৰুটোলৈ মনত পৰিল। ওলাই আহিলো  ।

-       ভালকে যাবি দেই”- যাকে লগ পালোঁ সকলোৰে মুখত এটাই কথা। মই আৰু জানি-শুনি বেয়াকে যাম নে??
××××××××××××××××