Tuesday, March 20, 2012

Water Audit and it’s Role in Preservation of Water Resources


Published in Water Awareness Week- 2011 Souvenir, by Oil India Ltd. Duliajan

Abhijit  Kalita
Manager (E/M)
Steam Turbine & Aux.
AGBP: NEEPCO Ltd.
Bakuloni- Dibrugarh - Assam

 
Introduction
Water covers 70.9% of the Earth's surface, and is vital for all known forms of life. On Earth, it is found mostly in oceans and other large water bodies, with 1.6% of water below ground in aquifers and 0.001% in the air as vapor, clouds (formed of solid and liquid water particles suspended in air), and precipitation. Oceans hold 97% of surface water, glaciers and polar ice caps 2.4%, and other land surface water such as rivers, lakes and ponds 0.6%. A very small amount of the Earth's water is contained within biological bodies and manufactured products.
As a result of growth in Industrialization and population explosion with a tendency of urbanization, there is a tremendous increase in water consumption both in Industrial and domestic level, and the sources of water are not being able to meet up this demand. So the sources are depleting and the results are obvious. Already in quite a few cities particularly in developing nations, are facing severe water crisis. And the problem is more or less evident in almost all of the industrialized places.

To counter this the need of regulating, controlling use of water  and reducing   wastages , i.e. using the available water more efficiently, the concept  of water management has come. Now, before we plan and manager our water resources, it’s required to know our water usage exactly.  That is where water audit system plays its part. A comprehensive water use audit will examine the major areas in which a facility uses water, including sanitation, maintenance, mechanical systems, building processes and irrigation. For each of those areas, the water use audit will provide breakdown of the how, when and where of water use. In addition, water use audits will take into consideration the water quality. Some of the large potential savings that can be achieved is through the recycling of water and the use of rain water. Water audits can help identify potential uses and optimization of water use.

ঘৰ


আহাৰ মহীয়া দেপোৰা পথাৰখনত
দেখিছানে এমুঠি শিৰিশপতীয়া ছাঁ?
সেয়া মোৰ ঘৰ;
তাৰ ঠিকনা
গাঁও, পোস্ট অফিচ, ৰাজ্য, পিন নম্বৰ,
এক অপ্ৰয়োজনীয় সত্য |

পথক্লান্ত আবেলিৰ নিবিড় আশ্ৰয় মোৰ ঘৰ,
দেওবাৰে ৰাতিপুৱাৰ,  অকাৰণ অৱসাদ মোৰ ঘৰ;
ভালপোৱাৰ অকনমান ভাললগা  বিৰক্তি, মোৰ ঘৰ
তাৰ ঠিকনা
পথ নং,  চহৰ, জিলা , মহানগৰ,
এক অপ্ৰয়োজনীয় সত্য |

 ঘৰ,
মদালসা ৰাতিৰ মোৰ
নিষিদ্ধ অভিসাৰৰ নীৰৱ সাক্ষী,
মোৰ উন্মাদনাৰ আঁচোৰেৰে ক্ষত বিক্ষত
মোৰ ঘৰৰ দেৱাল;
মোৰ বন্ধু , মোৰ সহচৰ,

মোৰ দোষ-গূণ , মোৰ অত্যাচাৰ,
মোৰ প্ৰেম, মোৰ ঘৃণা,
মোৰ খং , মোৰ আমনিৰে,
মোক গ্ৰহন কৰি,
মোক আবৰি ৰাখে যি,
সি মোৰ ঘৰ,

মোৰ প্ৰয়োজনতহে মই ঘৰলৈ যাঁও;
নহলে,  
মোৰ ঘৰে মোলৈ বাট চাই ৰয়, অকল‍শৰে।
মোৰ স্বাৰ্থপৰতাক আশাৰ ডেউকাৰে ঢাকি,
ধুলিময় বাটতোৰ কা‍ষতে ৰৈ থাকে,
মোৰ ঘৰ।

যাৰ ঠিকনা,
লেন, বাইলেন, লেণ্ডমাৰ্ক কিম্বা জিপ
এক অপ্ৰয়োজনীয় সত্য

ভ্ৰষ্ট দেৱতা=(ডিচেম্বৰ ২০১২ সংখ্যা সাহিত্য ডট অৰ্গত প্ৰকাশিত)


            হঠাতে তেজ এসোতা মূৰলৈ উজাই যোৱা যেন লাগিল  শ্যামলীৰ | কাণ দুখন গৰম গৰম হৈ গ, নাকৰ পাহিত এটোপ ঘাম বিৰিঙি উঠা যেনো লাগিল তাইৰ | নপঢ়ো নপঢ়ো বুলি ভাবিও, চাবি দিয়া পুতলাৰ দৰে তাই বাতৰিটো পঢ়িব ধৰিলে | কাকত খনৰ দ্বিতীয় পৃষ্ঠাত চপা হৈছে খবৰটো, ছবিৰে সৈতে| কাজিৰঙাৰ বিলাসী ৰিজৰ্টত কম বয়সীয়া ছোৱালীৰ সতে ধৃত  ভাৰত  চৰকাৰৰ উচ্চ পদস্থ বিষয়া | লগতে প্লাবনৰ ছবি, দুজন পুলিচে দুফালৰ পৰা ধৰি আছে| সি ৰুমালেৰে মুখখন লুকুৱাবৰ চেষ্টা কৰিছিল ছাগে | পুলিচ এজনে জোৰকৈ মুখ খন উলিয়াই দিছে|  মুখ খন ঢাকি থাকিলেও তাই তাক ঠিকেই চিনি পালেহেঁতেন | তেনেকুৱা উজ্জল চকু তাৰ বাদে আৰু আন কাৰ থাকিব পাৰে| অলপ বয়সৰ চাপ পৰিছে , কিন্তু  একেই আছে সেই বুদ্ধিদীপ্ত চকুদত জিলিকি থকা তাৰ শুভ্ৰ মুখ, তাৰ জোখতকৈ অলপ বেছি পুৰুষ পুৰুষ লগা ব্যক্তিত্ব | সাংবাদিক জনে বৰ আবেগিক বাবে ৰিপৰ্টিং কৰিছে- শ্যামলীয়ে পঢ়িবৰ চেষ্টা কৰিলে   এই বিলাসী ৰিজৰ্টখনত বিষয়া জনে আগতে বহুবাৰ এনে কাৰ্য্যত লিপ্ত হোৱা স্থানীয় লোকৰ চকুত পৰিছিল| এইবাৰ তেঁও তাত সোমাওতে ওচৰৰ ৰাইজে ৰিজৰ্ট খন বেৰি ধৰে আৰু তেওক ওলাই আহিবলৈ বাধ্য কৰে| তেঁও সেই সময়ত সম্পুৰ্ণ সুৰামত্ত অবস্থাত আছিল , আৰু তেঁও ৰাইজক অশ্লীল ভাষাৰে গালি পাৰিবলৈ আৰম্ভ কৰে | লগে লগে  ৰাইজ উত্তেজিত হৈ  তেওক লপা থপা দিয়াৰ লগতে ৰিজৰ্ট খনৰো যঠেষ্ট ক্ষতিসাধন কৰে| ইতিমধ্যে ৰাইজে পুলিচক খবৰ দিয়াত পুলিচে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু শ্ৰীপ্লাবন বৰঠাকুৰক জেল হাজোতলৈ প্ৰৰণ কৰে| উল্লেখযোগ্য যেলগত উদ্ধাৰ হোৱা ছোৱালী  জনী এটি দুখীয়া পৰিয়ালৰ আৰু তাতোতকৈ  তাৎপৰ্য্যপুৰ্ণ কথা যে ছোৱালীজনী আপ্ৰাপ্তবয়স্ক; অবশ্যে পুলিচে ছোৱলীজনীকো নিজৰ জিম্মাত লয়|  শ্যামলীৰ ওকালি অহা যেন লাগিল | ছি: | যেনেতেনে তাই বাতৰিতোৰ পিছৰ অংশ পঢ়াৰ চেষ্টা কৰিলে | পুলিচে ইতিমধ্যে অনুসন্ধান কৰি, ছোৱালী জনীক যোগাৰ কৰি দিয়াৰ অভিযোগত  গুৱাহাটীৰ মন্মথ ডেকা নামৰ এজন ঠিকাদাৰকো গ্ৰেপ্তাৰ কৰে| পুলিচৰ জেৰাত সকলো কথা স্বীকাৰ কৰি মন্মথ ডেকাই কয় যে তেও এই বিভাগটোৰ এজন ঠিকাদাৰ হিচাপে কাম পাবৰ কাৰণে ছোৱা্লী জনী যোগাৰ কৰি দিয়াতো সত্য| তেও আৰু কয় যে শ্ৰীবৰঠাকুৰৰ লগত  কাম টো দিয়াৰ বিনিময়ত এনেকুৱা সুবিধা দিব লাগিব বুলি আগৰ পৰাই বুজাপৰা আছিল| তেও আগতেও বহুবাৰ শ্ৰীবৰঠাকুৰক এনে কাম কৰি দিছে বুলিও ডেকাই  নিজৰ স্বীকাৰোক্তিত কয়|  আৰু পঢ়িব নোৱাৰিলে তাই ,তাৰ মানে সি সদায়? কিয় এনে কৰিলে সি?  দুয়ুহাতেৰে মুৰতো খামুছি , স্থানুৰ দৰে বহি ৰল শ্যামলী


শৰ্বৰী


ৰঙচুৱা আবেলি এটাত,
আমি বহিছিলো, শুক্লেশ্বৰ ঘাটৰ সেউজীয়া চিৰিত |
তোমাৰ কোলাত মুখ গুজি  সুধিছিলিো,
 - “মোক ভাল পোৱা?”  কিয়?”
- “কাৰণ , তুমি যে মোৰ কেছুৱা,  
আৰু উস্!!!!!,
তুমি বৰ দুষ্ট কেছুৱা |”

আবেলিতো, সন্ধিয়া সন্ধিয়া হৈ ,
তীব্ৰ  বেগে গুছি ঘৰ্মাক্ত  কেন্টাৰ,
কষ্টাৰ্জিত পাপৰ বোজা বিগ্ৰহক গতাই,
যাবলে ওলাল মন্দিৰৰ দৰ্শনাৰ্থী |
আৰু ওঁঠত লিপস্টিক সানি সাজু বেশ্যাকেইজনী ,
এৰাতি নতুন পাপ গোটাবৰ বাবে|

আৰু , তেনেতে..
তোমাৰ দুবাহুত গজি উঠিল দুখনি শুভ্ৰ পাখি,
তোমাৰ গাৰ ইভানাৰ সুগন্ধ,  শেৱালী শেৱালী হৈ ,
তুমি এজনী পৰী হৈ লামোৰ পৰী;
তোমাৰ হাতত ধৰি, ওপঙি উঠিলো মই ;
তলত অভিসাৰ নিশাৰ গুৱাহাটীৰ |


ব্ৰহ্মপুত্ৰখন শুবলে ওলাইছিলেই,
বালিবোৰেহে খেলি আছে তৰাৰ পোহৰত,
এখন দুখনকৈ বন্ধ  উজান বজাৰৰ দুৱাৰ ;
হোস্টেলত সোমাৱাৰ সময় ,   কাৰোবাৰ প্ৰেয়সীৰ  |
স্ট্ৰীট লাইটবোৰ জ্বলিছে আপোনমনে ,
এন্ধাৰ আঁতৰোৱাৰ কি হা্স্যকৰ প্ৰচেষ্টা |

ভৰলূৰ পৰা অনুৰাধালৈকে অগবাঢ়ি লো আমি  ,
গনেশগুৰি তেতিয়া মৃত |
জালুকবাৰীত অলপ অচৰপ যৌবনৰ বতাহ তেতিয়াও আছিল,
যেতিয়া,
পল্টন বজাৰৰ পৰা ওলাই শেষখন নাইট চুপাৰ |

বলানা আৰু অলপ  উঁৰো,
জী লও শেৱালী শেৱালী উশাহ
অকণমান যেন কাজলসনা বিৰক্তি তোমাৰ দুচকুত,
দেৰি  বহুত, মই এতিয়া যাও  আৰু অনুৰোধ নকৰিবা প্লীজ
তুমিতো আৰু মোৰ দৰে দ্বায়িত্বজ্ঞানহীন নহয় |  

তুমি যাবলে ওলালা, আৰু ক্ৰমান্বয়ে
মোৰ চাৰিওকাষে গজি উঠিল , চাৰিখন কদৰ্য্য দেৱাল |
লগতে প্ৰাচীন সেই কেচেমা কেচেম গোন্ধ |
তুমি উঠি লা,  খাৰুৰ জনজননি তুলি
তোমাৰ ওৰ্ণাখনে আঁচুৰি  মোৰ মুখ,

বিদায় বেলাৰ উপহাৰ,
ৰাতিতো জীয়াই থকাৰ সমল;


কালিলৈ আহিবানে ??”
-      আহিম , কিন্তু ;
দিনত আকৌ তুমি কেছুৱা হৈ নেথাকা নহয়|”
 চিৰন্তন সেই আভিযোগ |

তুমি যোৱাৰ ফালে চাই,
মলিয়ন কম্বলখন গাত মেৰিয়াই ললোঁ,

শৰ্বৰী !!!!
তুমি আঁতৰি গলেই নিস্ব হৈ যাও কিয়???


(বি. দ্ৰ.   তেতিয়া শুক্লেশ্বৰ ঘাটত চিলড্ৰেন পাৰ্ক নাছিল,
 আছিল আন বহু কিবা কিবি ;   যিবোৰ  এতিয়া নাই)