Saturday, February 25, 2017

=২০০ কবিৰ লিষ্টত নাম সুমুৱাৰ চেষ্টাত লিখা কবিতা==

তুমি কিয় নুবুজা?
মোৰ কুমলীয়া হৃদয়ৰ
অবুজ ভাষা?
পাষাণী তুমি!
নিৰ্দয়ী তুমি,
মোৰ কবিতাক ভুলুণ্ঠিত কৰি
অশ্ৰুৰ সাগৰত মোক ডুবাই দিয়া,

== আগতে চাউল কঠা, তাৰ পিছতহে হৰি কথা==


এই কথাটো মই মনে প্ৰাণে বিশ্বাস কৰো আৰু সদায় মানি চলিবলৈ চেষ্ট কৰো।
কিছুলোকে এই কথাটো নমনাৰ বাবেই মোৰ শৈশৱ বোলা সময়চোৱাৰ একো সুখকৰ সোঁৱৰণি আজি মোৰ ওচৰত জমা নাই। সোণালী শৈশব বোলা শব্দটো মোৰ বাবে সদায়েই এটা ' অহৌবলীয়া কবিৰ অহেতুক সাহিত্য" হৈয়েই থাকিল। সেয়ে এই বিষয়টোত মই জোখতকৈ অলপ বেছি সংবেদনশীল। মোক বেয়া পাব খোজা সকলক নকও, কিন্তু ভাল পাব খুজিও বেয়া পোৱা সকলক কথাটো জনাই থলো।
হতাশ হে ভাগি পৰিব খোজা সময়চোৱাতে মই 'বিন্দাছ' হোৱাৰ কৌশলটো কেনেবাকে শিকি পেলালো, গতিকে চলি থাকিলো, চলাই থাকিলো আৰু চলি যাম বুলিও বিশ্বাস এটা গঢ়ি তুলিলো। 

== শংকৰদেৱ কেতিয়া জগৎগুৰু হবগৈ==


মই নিজে অসমীয়া, ভাৰতীয় আৰু আনকি মানুহ হিচাপে গৌৰৱবোধ কৰাৰ যিকেইটা প্ৰধান কাৰণ আছে তাৰ ভিতৰত অন্যতম হ’ল মহাপুৰুষ শংকৰদেৱ। গুৰুজনাৰ বিষয়ে যিমানকণেই জানিছো, দিনে দিনে মুগ্ধ হৈ পৰিছো। কিন্তু এটা কথা, মিছা মাতি লাভ নাই, সামগ্ৰিক ভাৱে আজি আমি নিজেই গুৰুজনাৰ বিষয়ে বিশেষ নেজানো, তেওৰ আদৰ্শ অনুসৰণ নকৰো, আনকি আন্তৰিক শ্ৰদ্ধাও বৰ বেছি নাই, আৰু তেওৰ বিষয়ে আমি আনক একো বিশেষ জনাব পৰা নাই। জনাবলৈ যিবিলাক উপায়ৰ কথা আমি চিন্তা কৰিছো ব্যৱহাৰ কৰিছো, সেইবিলাক একেবাৰে ফলপ্ৰসু হোৱা নাই। তাৰে এটা উদাহৰণ দিও, ১৯৮৮ চনত যেতিয়া সত্যজিত ৰায়ক শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল, তেতিয়া তেও এনেধৰণৰ কিবা এটা কোৱা মনত পৰে-

“কোন শংকৰদেৱ? মোক এই বঁটাৰ বাবে কিয় মনোনীত কৰা হ’ল?” 

== সকলো শুভলক্ষ্মী সুৰক্ষিত হওক==

শুভলক্ষ্মী কোন দলৰ সমৰ্থক, কোন ষ্টুডেণ্ট ফেডাৰেচনৰ সভ্য, তেওৰ বন্ধুসকলৰ ৰাজনৈতিক ভাৱধাৰা কেনে, এই গোটেইবোৰ একেবাৰে অপ্ৰাসংগিক কথা। প্ৰথম কথা, তেও আমাৰে এজনী ভগ্নী, তেওৰ সৈতে আমি সকলো থিয় হব লাগে, কোনো মহিলাৰ ওপৰতে এনে ব্যৱহাৰৰ প্ৰতিবাদ হব লাগে। 


আৰু এইখিনি হৈছিল ও। তেওৰ আপডেটটোৰ পিছতে লক্ষ লক্ষ জনতা তেওৰ সপক্ষে ঠিয় হৈছিল, আৰু প্ৰত্যেকজন সংবেদনশীল মানুহ আজিও সেই স্থানতে আছে। আমাৰ দৰে প্ৰায়বোৰ লোকেই বিচাৰিছিল, কেৱল এই ঘটনাই নহয়, এনেধৰণৰ সকলো ঘটনাকে দৃঢ়মুষ্ঠিৰে নিঃশেষ কৰিব লাগে। এনে অত্যাচাৰৰ বিৰূদ্ধে মাত মতাৰ সাহসখিনিৰ বাবে সেই সৰু ছোৱালীজনীক আমি কৃতজ্ঞতা জনাইছিলো- আৰু আশা কৰিছিলো পুলিচ প্ৰশাসনে লগে লগে দৃঢ় পদক্ষেপ লব। (মই এই বিষয়ক প্ৰতিটো আপডেটতে এইটো কথা লিখিছিলো- যে চিন্তা কৰিব নেলাগে, একচন হবই এইবাৰ) 

Monday, February 20, 2017

== মিউটাণ্ট ক্ৰনিকলচ==



আজিৰ দিনৰ ইণ্ডিয়ান টীমটোত যদি গাভাস্কাৰ, দুলীপ চৰদেশাই, বিজয় হাজাৰে, মনচুৰ আলি খান পাটাউডী, আন নেলাগে কপিল দেৱ আদিও থাকে.. আদি থাকে তেন্তে পুৰা খেলখন ৰোহিত আৰু বিৰাটেই খেলিব লাগিব তাত কোনো সন্দেহ নাই। তাৰিণী দা, প্ৰতিভূ দা, অগ্নি এই সকলোবোৰ এসময়ৰ বিখ্যাত কিন্তু আজিৰ ৰিটায়াৰ্ড প্লেয়াৰ। গতিকে দিগন্ত দা আৰু ময়েই ৰোহিত, বিৰাটৰ ভাৱত অৱতীৰ্ণ হৈছো। কিমান চিক্স ফৰ কোনফালে গৈছে তাৰ হিচাপ নোহোৱা হৈছে।

এইখন খেলৰ 'থীম' কি সোধাতকৈ, কি বাকী থাকিল সেইটো সোধাহে ভাল হব। GST ৰে আৰম্ভ কৰি পেপাৰ মিল, নুমলীগড় চুই, দীপা কৰ্মকাৰক লগ ধৰি এতিয়া আয়ুৰ্ৱেদত জমি উঠিছে এতিয়া।

কিডনীৰ কাম হল দেহৰ পৰা টক্সিন বিলাক পানীৰ লগত মিহলাই বাহিৰ কৰা। সেয়াই মূত্ৰ। তেন্তে সেই মূত্ৰ দেহৰ কাৰণে উপকাৰী হল কেনেকৈ?

==সাঁচিপাত ==


আজি ৰঞ্জিত হাজৰিকাদেৱৰ ফেচবুক আপডেট এটাই বহু কথা ভাবিবলৈ বাধ্য কৰি দিলে, আপডেটটো আছিল হাতেৰে লিখা লিখনি সম্পৰ্কীয়। পিছে, আন এটা কথাহে কবলৈ বিছাৰিছো। 

বিবৰ্তনৰ কালছোৱাত নিজকে আনতকৈ অলপ বুদ্ধিমান বুলি আৱিষ্কাৰ কৰাৰ লগে লগেই 'লিখনি' ৰ প্ৰয়োজন উপলব্ধি কৰিছিল। গুহাবাসী মানৱৰ পুৰ্বপুৰুষে শিলত ছৱি আঁকি নিজৰ অভিজ্ঞতাক পিছৰ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ প্ৰচেষ্টা কৰিছিল, আৰু আচৰিত ভাৱে এই কথাটো সকলো প্ৰাথমিক মানৱ সভ্যতাৰ ক্ষেত্ৰতে শুদ্ধ। গতিকে এই লিখা নামৰ কাৰ্যটোক আমি মানুহ হিচাপে পৰিচিত হোৱাৰ অন্যতম কাৰণ তথা উদাহৰণ বুলি কব পাৰো। 

কামৰূপী লিপি নামেৰে জনাজাত আমাৰ এই অঞ্চলটোৰ আদিলিপি, যি অসমীয়া, বাংলা, মৈথিলী, আনকি উড়িয়া লিপিৰো উৎস বুলি মানি লোৱা হয়, সেই লিপিৰ প্ৰথম আৱিষ্কৃত পৰিচয়, গোলাঘাট জিলাৰ সৰুপথাৰত পোৱা ৫ম শতিকাৰ মাজভাগৰ নাগজৰী-খনিকৰ শিলালিপিৰ জৰিয়তে পোৱা হয়। কিন্তু এই লিখনি লিপিৰ বিষয়ে নহয়, লিখাৰ উপায় সমূহৰ বিষয়েহে। প্ৰথমৱস্থাত মানুহে গুহাৰ উলম্ব শিলৰ দেৱাল বিলাকত লিখা আৰম্ভ কৰিছিল। ই হয়তো এক প্ৰাকৃতিক প্ৰক্ৰিয়া, কাৰণ আজিকালিও প্ৰায় সকলো শিশুৱে ঘৰৰ দেৱালতেই প্ৰথম লিখা বা অঁকাৰ প্ৰচেষ্টা চলায়। শিশু মনস্তত্ত্ববিদ সকলেও ঘৰৰ দেৱালৰ এটা অংশ শিশুৱে আঁক-বাক কৰি 'লেতেৰা' কৰিবলৈ এৰি দিয়াৰে পোষকতা কৰে। আদিম মানৱেও আন আন বহু ঠাইত লিখাৰ প্ৰচেষ্টা কৰি কৰি শেষত বুজি পালে শিলৰ উলম্ব দেৱালত লিখিলেহে সেই লিখনি স্থায়ী হব। তাৰ পাছত ক্ৰমে ফলিৰ আকৃতিৰ শিলত লিখিবলৈ ল'লে, লিখাৰ সুবিধাৰ লগতে 'লেখনি' ইঠাইৰ পৰা সিঠাইলৈ লৈ যোৱাৰো সুবিধা হ'ল। কিন্তু লিখাৰ আৰু উন্নত সাধনৰ বাবে মানৱৰ প্ৰচেষ্টা অব্যাহত থাকিল, আৰু আধুনিক যুগত 'কাগজ' ৰ আৱিষ্কাৰ হ'লগৈ। মধ্যৱৰ্তী সময়চোৱাত মানুহে গছৰ পাতত, বাকলিত লিখিলে, নানান উপায় উলিয়ালে, মিছৰীয় সকলে পেপিৰাছৰ উদ্ভাৱন কৰিলে। 

==এনিথিং বাট খামোছ ==



শত্ৰুঘ্ন সিনহা কোনো কালে মোৰ প্ৰিয় অভিনেতা নাছিল, তেওৰ ‘খামোছ’ নামৰ বিখ্যাত ডাইলগটোৱেও কোনোদিনে মোক প্ৰভাৱিত কৰা নাছিল। তেওৰ চিনেমাবোৰো বৰ বেছি ভাল নেপাইছিলো। তাৰ বিপৰীতে লেখক বা বক্তা শত্ৰুঘ্ন জন আকৌ মোৰ বৰ প্ৰিয় আছিল। তেওৰ অগতনানুগতিক কথন ভংগী আৰু প্ৰত্যেকটো বাক্যৰ পাছত লুকাই থকা প্ৰচণ্ড আত্ম বিশ্বাসে মোক সদায় আকৰ্ষিত কৰি আহিছিল। লেখক হিচাপে বোধকৰো তেওক প্ৰথম লগ পাইছিলো  'ফিল্মফেয়াৰ' নামৰ আলোচনীখনৰ এটা প্ৰশ্নোত্তৰ শিতানত। সেইসময়ৰ সকলোতকৈ বুদ্ধিদীপ্ত আৰু হাস্যৰসযুক্ত প্ৰশ্নোত্তৰ শিতান আছিল সেইটো। 

এইবাৰ ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত তেওক নিমন্ত্ৰণ কৰালৈ বহু তৰ্ক বিতৰ্ক চলি আছে, সেইবোৰত মাত মাতিবলৈ নেযাও, কিন্তু ব্যক্তিগত ভাৱে তেওৰ কথা শুনিবলৈ পোৱাতো মোৰ বাবে বৰ সৌভাগ্যৰ কথা হ’ল। 

যদিও অভিনেতাৰূপেহে তেও বেছি প্ৰখ্যাত, কিন্তু তেওক এই উৎসৱলৈ নিমন্ত্ৰণ কৰা হৈছিল তেওৰ সদ্য প্ৰকাশিত জীৱনী “এনিথিং বাট খামোচ” ৰ বিষয়ে কথা পাতিবলৈ হে। তেওৰ সৈতে আছিল জীৱনীখনৰ লেখিকা ভাৰতী এচ প্ৰধান আৰু তাৰ সম্পাদক জন (নামটো পাহৰিলো)।